অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তুলা আৰু তেজা

তুলা আৰু তেজা

এটা চহকী খেতিয়কৰ দুজনী ঘৈণীয়েক আছিল;

বৰজনী এলাগী,

সৰুজনী লাগী৷

এলাগীৰ এজনী ছোৱালী আৰু এটি ল’ৰা,

নাম তেজা আৰু কানাই৷

লাগীৰ মুঠেই এজনী নাম তুলা৷ তুলা তেজাতকৈ বয়সে ডাঙৰ আছিল৷ লাগীজনীয়ে এলাগী আৰু তাইৰ ল’ৰাটোক আৰু ছোৱালীজনীক বৰ দুখ দিছিল৷ তিৰোতাসেৰুৱা গিৰিয়েকেও লাগীৰ ভয়ত সিহঁতক মৰম কৰিব নোৱাৰিছিল৷ সিহঁতে ভাল খাব-পিন্ধিবলৈ নাপায়, ৰাতিপুৱা তেজা আৰু আৰু কানায়ে কৰ্কৰা পঁইতা ভাত এগাল খাই গৰু ৰখিবলৈ গুচি যায় কিন্তু তুলাই মাকে সৈতে তিনি-তেলানি মাৰি খায়,ভাল কাপোৰ-কানি মহা সুখে থাকে৷ গিৰিয়েকে হাল-কোৰ বাই দুপৰীয়া ঘৰলৈ আহিলে, লাগী সৰুজনী ঘৈণীয়েকে গিৰিয়েকক তপত ভাত,তপত আঞ্জা, নানা ৰকমৰ ভজা, খৰিকাত দিয়া আদি খাবলৈ দি আল ধৰে ;

কিন্তু কেতিয়াবা এলাগীয়ে গিৰিয়েকক কাবৌ-কোকালি কৰি খাবলৈ মাতি নি নিজৰ ভঙা ছালিত পঁইতা ভাত, পোৰা মাছ খাবলৈ দিয়ে আৰু গিৰিয়েকে লাগীৰ ভয়ত লুকাই-চুৰকৈ খায় আৰু বৰ তৃপিতি পায়৷ বাস্তৱিকতে দুপৰীয়া হাল-কোৰ বাই তাৰ পঁইতা ভাত পোৰা মাছ যেনে ভাল লাগে, লাগীৰ তপত ভাত, তপত আঞ্জা তেনে ভাল নালাগে৷ লাগীয়ে দেখিলে যে লাহে লাহে গিৰিয়েকে পথাৰৰপৰা আহি এলাগীৰ ঘৰত ভাত খোৱাটো বাঢ়ি আহিবলৈ ধৰিছে৷ সেইদেখি তাই এলাগীক কেনেকৈ গিৰিয়েকৰ চকুৰপৰা আঁতৰাব এই কথা ভাবিবলৈ ধৰিলে৷

এদিন লাগীয়ে এলাগীক জকাই বাবলৈ মাতি লৈ গ’ল৷ লাগীৰ জকাইত কেকোৰা,কুচিয়া,আঙ্গুলিচেপা আদি উঠিল, এলাগীৰ জকাইত কুঢ়ি,চেনি,লাচোন,ভাঙোন আদি ভাল ভাল মাছ উঠিল৷ এনে হোৱা দেখি এলাগীৰ ওপৰত লাগীৰ নথৈ খং উঠিল৷ জকাই বাই উঠি দুয়ো গা-ধুবলৈ বুলি এটা বৰ পুখুৰীৰ দলঙত বহিল৷

লাগীয়ে এলাগীক ক’লে,

“বাই, মোৰ পিঠিখন ভালকৈ ঘঁহি দিয়া, বোকা আৰু মলিৰে টাটৰি বান্ধিছে৷ মোৰ ঘঁহা হৈ গ’লে তোমাৰ পিঠিখনো মই ঘঁহি দিম৷”

লাগীৰ কথা শুনি এলাগীয়ে লাগীৰ পিঠি ঘঁহি দিয়াৰ পিচত লাগীয়ে এলাগীৰ পিঠি ঘঁহিবলৈ ধৰিলে আৰু ঘঁহি থাকোতেই

“বৰকাছ হগৈ”

বুলি তাই মন্ত্ৰ মাতি এলাগীক হেঁচা মাৰি পুখুৰীত পেলাই দিলে৷ তাৰ পিচত এলাগীৰ জকাইখন তাই গচকি ভাঙি হাবিলৈ দলিয়াই পেলাই দি ঘৰলৈ গুচি আহিল৷ এই কথা কোনেও নেদেখিলে, কোনেও নাজানিলে৷

মাকক নেদেখি এলাগীৰ ল’ৰা-ছোৱালী হালে সুধিলে,

“মাহী, মাহী, আমাৰ আই কলৈ গ’ল দেখিছিলা নে?”

মাহীয়েকে সিহঁতক জোকোৰা মাৰি ক’লে,

“মই কেনেকৈ কম? তহঁতৰ মাৰ ক’লৈ যায় কিবা মোক সুধি যায় নে?”

গিৰিয়েকেও লাগীৰ ভয়ত এলাগীৰ বৰকৈ বিচাৰ নকৰিলে৷ সি ভাবিলে তাই মাকক বিচাৰি বিচাৰি কতো নাপাই কান্দিকাটি থাকিল৷ পিছদিনা পুৱা সিহঁতে নিয়মমতে গৰু ৰখিবলৈ গ’ল, কাৰণ নগৈ বহি থাকিলে লাগীৰ হাতত সিহঁতে গালি আৰু মাৰ খাবই লাগিব৷

এইদৰে সিহঁতে মাকৰ বেজাৰত কান্দিকাটি গৰু ৰখি ফুৰোঁতে এদিন ৰ’দত সিহঁতৰ বৰ পিয়াহ লাগিল, সেই বৰ পুখুৰীটোৰ পৰা পানী খাবলৈ গ’ল৷ ভৰ দুপৰীয়া সকলো নিমাত আৰু পুখুৰীৰ পাৰ নিজান৷ এনেতে সিহঁতৰ মাক বৰ কাছজনীয়ে পানীৰপৰা বামলৈ উঠি আহি সিহঁতক মাতিলে,

“মোৰ মইনা তেজা আৰু কানাই, মাহীয়েৰে মোক ইয়াতে গতা মাৰি পেলাই বৰ কাছ হ বুলি বৰ কাছ কৰি গুচি গ’ল৷ তহঁতৰ মুখ শুকাই আছে, তহঁতে একো খোৱা নাই৷ মই জল-কুঁৱৰীৰপৰা পৰমান আনিছোঁ, তহঁতে কচুপাত দুটা ছিঙি আনি এই পৰমান খা৷ কিন্তু এই কথা তহঁতে কাকো নকবি৷ মাহীয়েৰ গম পালে মোক মাৰি পেলাব৷ দিনৌ দুপৰীয়া মই তহঁতক পৰমান খাবলৈ দিম, তহঁতে আহি এইদৰে খাই যাবিহি৷”

মাকৰ কথা শুনি দুয়ো কচুপাত দুটা ছিঙি আনি পাতি এই পৰমান খাই গৰু চৰাই অঁতাই ঘৰলৈ গুচি আহিল৷  সিহঁতে নিতৌ এইদৰে পুখুৰীৰ পাৰত পৰমান খাই চিকুণ হৈ উঠিল৷ মাহীয়েকে সিহঁতে শ্ৰী দেখি ভাবিলে,

“মই ইহঁতক ভালকৈ খাবলৈ নিদিওঁ অথচ ইহঁত দিনে দিনে চিকুণ হৈহে আহিছে৷ ইহঁতৰ মুখৰ বৰণ কেচা সোণ যেন হৈছে৷ মোৰ তুলাক ইমানকৈ খুৱাওঁহে খুৱাওঁ তেও দেখোন তাই এনে হব নোৱাৰে৷ ইয়াৰ কাৰণ কি? ইহঁতে গৰু চৰাবলৈ যাওঁতে নিশ্চয় কৰবাত কিবা খায়৷ ”

ইয়াকে ভাবি তাই পিছ দিনা তুলাক সিহঁতৰ লগত গৰু চৰাবলৈ পঠিয়াই দিলে, তেজা আৰু কানায়ে ক’ত কি খায় চাই থাকিবলৈ মনে মনে শিকায়ো দিলে৷ সেইদিনা তেজা, কানাই আৰু মাক বৰ কাছ মহা আহুকালত পৰিল; কাৰণ তুলাই তেজা আৰু কানাইৰ লগকে নেৰে৷ তেজাই এবাৰ বুধি কৰি তুলাক দূৰৰপৰা এটা গৰু খেদি আনিবলৈ ক’লত, তুলাই গৰুটো খেদি আনিবলৈ গল৷ তুলা আঁতৰি গলতে তৎক্ষণাৎ বৰ কাছজনী ওলাই সিহঁত দুয়োকো খাবলৈ দি গুচি গ’ল আৰু সিহঁতে লৰালৰিকৈ খাই পাত দুখন দলিয়াই পেলালে৷ ঠিক এনে সময়তে তুলাই দূৰৰপৰা সিহঁতে কিবা খোৱা যেন দেখি লৰি আহি কলে,

“তহঁতে কি খালিহঁক, মই কাবৌ কৈ মাতিছোঁ, মোক দে৷”

তুলাৰ কাবৌ এৰাব নোৱাৰি সিহঁতে তুলাক কলে,

“আৰু তো একো নাই বাৰু তই সেই পাতখনকে চেলেক; কিন্তু এই কথা মাৰৰ আগত নকবি; কলে আৰু তোক কেতিয়াও খাবলৈ নিদিওঁ৷”

তুলাই পাত দুখন বুটলি আনি চেলেকিবলৈ ধৰিলে৷ সেইদিনা তুলা ঘৰলৈ উভতি আহিলত, মাকে তুলাৰো মুখখন পকা সুমথিৰা টেঙাটো যেন হৈ অহা দেখি বুজিলে যে তায়ো সিহঁতৰ লগতে আজি কিবা খালে৷ তুলাক মাকে লৰালৰিকৈ ভিতৰলৈ মাতি নি সুধিলে-

“সিহঁতৰ লগত তই কি খালি ক?”

তুলাই কোনোমতে নকয়, শেহত মাকে তাইৰ চকুত মৰিচ সানি দিবৰ ভয় দেখুৱালত, তাই সে কাঢ়ি সকলো কথা কৈ দিলে৷ মাকে তেতিয়া বুজি উঠিল যে বৰকাছ হোৱা তাইৰ সতিনীয়েকেহে পুতেক-জীয়েকক কিবা খাবলৈ দিয়ে৷ ইয়াকে বুজি তাই বৰকাছজনী মাৰিবলৈ বুধি পাতিলে৷ তাই শোৱাপাটীৰ তলত খোলাকাটি কিছুমান থৈ তাইৰ নৰিয়া হৈছে বুলি শুই থাকিল৷ গিৰিয়েকে কি হৈছে বুলি সুধিলত, তাই উস-আস কৰি ইকাতি-সিকাতি কৰে আৰু কোলাকাটি বোৰ মেৰ মেৰাই উঠে৷

গিৰিয়েকে অনেককৈ সুধিলত তাই ক’লে,

“ উস্ ! মোৰ বৰ নৰিয়া৷ মোৰ হাড়ে-মূৰে ভাঙি যাবলৈ ধৰিছে৷ মোৰ প্ৰাণ যাব৷”

ঘৈণীয়েকৰ অৱস্থা দেখি গিৰিয়েকে বৰ ভয় খাই মঙ্গলতী বুঢ়ীক মাতি আনি, ঘৈণীয়েকৰ নৰিয়া কি কৰিলে ভাল হব সুধি মঙ্গল চোৱালে৷ মঙ্গলতীক লাগীয়ে আগেয়েই ৰূপ-বান খুৱাই শিকাই থৈছিল যে,

“তোক মোৰ গিৰিহঁতে মঙ্গল চাবলৈ মাতিলে তই কবি যে, বৰপুখুৰীত বৰ কাছজনী মাৰি খুৱালেই মোৰ নৰিয়া ভাল হব৷”

মঙ্গলতীয়ে সেই শিকনিমতেই মঙ্গল চাই কলত, গিৰিয়েকে সকলো ৰাইজক বৰপুখুৰীৰ কাছজনী ধৰি দিবৰ নিমিত্তে ভাৰসা কৰি কলে৷ ৰাইজে সন্মত হৈ পল, জুলুকি, জাল লৈ কাছ ধৰিবলৈ আহিল৷ ৰাইজ অহাৰ আগেয়েই এই কথা ভু পাই ল’ৰা-ছোৱালীহালে মনে মনে কান্দি কান্দি মাক বৰকাছক সেই বাতৰি ক’লত, মাকে সিহঁতক কলে-

“মই কাৰো জাল পলত নমৰোঁ৷ সিহঁতে যেতিয়া মোক ধৰিব নোৱাৰি ভাগৰি উঠি যাব,তেতিয়া তহঁতে ভগা জকাই এখন লৈ আহিবি, মই তাতে উঠিম৷ কিন্তু মোক মাৰি যেতিয়া মোৰ মঙহ ৰান্ধি তহঁতক খাবলৈ দিব, তহঁতে নাখাবি;

তহঁতে সেইদিনা তেল-খাৰণীৰে ভাত খাই থাকিবি৷ মোৰ আগ-হাতোৰা দুটা তহঁতে কাছ বাছোঁতাক খুজি লৈ এই পুখুৰীৰ পাৰতে পুতি থবি, তাতে মই এজোপা জবা ফুলৰ গছ হৈ থাকিম৷ সেয়ে তহঁতক দুখত তাৰিব৷”

এই বুলি সিহঁতক বুজনি দি মাকে পঠিয়াই দিলে৷

কাছ ধৰিবৰ মনেৰে গঞা মানুহ গৈ পুখুৰীৰ নামিল৷ পল,জুলুকি, জাল বাই পানী ঘোলা কৰিলে; কিন্তু কোনেও কাছ ধৰিব নোৱাৰিলে৷ শেহত ভাগৰি সকলো পাৰত উঠিলত তেজা আৰু কানায়ে ভগা জকা এখন লৈ গৈ ৰাইজক কলে যে

“ আমি এই জকাইৰেই কাছ ধৰি দিব পাৰোঁ৷”

ৰাইজে সিহঁতৰ কথা শুনি হাঁহি খিকিন্দালি মাৰি কলে,

“বাৰু অ’ ভেটোগুটি দুটাই কাছ ধৰে হেনো ! বাৰু ধৰচোন চাওঁহক৷”

ইয়াৰ পিচত তেজাই জকাই খনেৰে দুচাব কি চাৰি চাব মাৰিলতে কাছ জকাইত উঠিল৷ ৰাইজে দেখি আচৰিত মানিলে৷

ইফালে লাগীয়ে যেতিয়াই সেই বৰকাছ ধৰা পৰিছে বুলি শুনিলে তেতিয়াই গা ভাল পাইছোঁ বুলি শোৱাপাটীৰপৰা উঠি বহিল৷ বৰকাছজনী চোতালত পেলাই কাটি থাকোতেই ল’ৰা-ছোৱালীহালে কাছ কাটোতাক খুজি আগ-হাতোৰা দুটা লৈ মনে মনে পুখুৰীৰ পাৰত পুতি থলেগৈ৷ সকলোৱে কাছৰ আঞ্জাৰে ভাত খালে, কিন্তু তেজা আৰু কানায়ে ভাতৰ পাতৰ তলত গাঁত খান্দি লৈ সেইবোৰপুতি থৈ তেল-খাৰণী খুজি লৈ তাৰে ভাত খাই উঠি গুচি আহিল৷

সিহঁতে পুখুৰীৰ পাৰত য’ত সেই হাতোৰা দুটা পুতি থৈছিল, তাতে এজোপা জৰাটেঙা আৰু এজোপা জবাফুলৰ গছ হ’ল৷ জবা গছজোপা সুন্দৰ মনোমোহা জৱা ফুলেৰে জক্‌মকাবলৈ ধৰিলে আৰু জবাজোপাতো সুন্দৰ জৰাটেঙা উপচি লাগিল৷ তেজা আৰু কানায়ে নিতৌ গৰু চৰাবলৈ গৈ সেই গছ দোজোপাৰ তলতে বহি জিৰাই মাকৰে সৈতে কথা পাতি থাকে৷

এদিন সেই দেশৰ এজন ৰজাই দোলা হাতী ঘোঁৰাৰে সেইপিনে যাওঁতে জৰাগছজোপাত জৰাটেঙা লাগি থকা দেখি তেওঁৰ খাবৰ মন গলত আৰু সুন্দৰ জবাফুল গোটাচেৰেক আনি পিন্ধিবৰ মন গলত, তেওঁ সেইখিনিতে দোলা হাতী ৰখাই মন্ত্ৰীক ফুল আৰু টেঙা আনিবলৈ পঠিয়াই দিলে৷ ল’ৰা-ছোৱালীহালে মন্ত্ৰীক দেখি কলে যে

“জৰা আৰু জবা আমাৰ৷ ৰজাই নিজে আহি আমাক খুজিলেহে আমি দিম৷ ”

মন্ত্ৰীৰ মুখৰপৰা ৰজাই এই কথা শুনি সুন্দৰ ল’ৰা-ছোৱালীহাল দেখি সিহঁতলৈ মৰম লাগি নিজে দোলাৰপৰা নামি আহিল৷ কানায়ে ৰজাৰ আগত আঠু লৈ কলে-

“যদি স্বৰ্গদেৱে মোৰ এই তেজা বাইদেউক বিয়া কৰি নিয়ে, তেনেহলে হে আমি স্বৰ্গদেৱক টেঙা আৰু ফুল দিম৷”

ছোৱালীৰ সুন্দৰ ৰূপ দেখি ৰজাৰ মোহ লাগিছিল, সেইদেখি তেওঁ কলে,

“বাৰু একো কথা নাই, মই তোমাৰ তেজা বাইদেয়েৰাক বিয়া কৰি নিম, কিন্তু তেওঁ এতিয়া সৰু ছোৱালী, তেওঁ ডাঙৰ হওক, হলে নিশ্চয় বিয়া কৰাই লৈ যামহি৷”

তেজাই এটা মইনা চৰাই পোৱালী পুহিছিল; গৰু চৰাওঁতে সদায় তাক লগত লৈ পোক, পৰুৱা, ফৰিং খুৱাই ফুৰে৷ কানায়ে এটা ডালিম-পুলি আৰু সেই মইনা চৰাইটো ৰজাক দি কলে,

“স্বৰ্গদেউ, আমি দুখীয়া মানুহলৈ স্বৰ্গদেৱে কিজানি পাহৰি যাব, সেইদেখি এই ডালিম পুলিটি আৰু মইনা চৰাইটো স্বৰ্গদেৱক দিলোঁ, স্বৰ্গদেৱে লৈ যাওক;

ডালিম গছজোপাত যেতিয়া ডালিম পকিব আৰু মইনা চৰাইটোৱে মাত লব, তেতিয়া স্বৰ্গদেৱে আহি তেজাক বিয়া কৰাই লৈ যাব লাগিব৷”

ৰজাই সেই কথাত মান্তি হৈ জৰাটেঙা জবাফুল, ডালিমৰ পুলি আৰু মইনা চৰাইটো লৈ নিজৰ নগৰলৈ গুচি গ’ল৷ ওপৰত কোৱামতে ৰজাক কবলৈ তেজা আৰু কানাইৰ মাকে আগেয়ে কানাইক শিকাই থৈছিল৷ সেইদেখি কানায়ে সেইদৰে কব পাৰিছিল৷ ৰজাই ডালিম পুলিটো তেওঁৰ শোৱা ঘৰৰ ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিতে আঁৰি দিলে৷

এইদৰে কিছুকাল গ’ল৷ লাহে লাহে ডালিম পুলি ডাঙৰ হল৷ ডালিমে ফুল ধৰিলে; কলি পেলালে আৰু আজিকালিকৈ ডালিম কলি ডাঙৰ হল, হৈ পকিল৷ ইপিনে তেজাও গাভৰু হল৷ মইনাইয়ো কলকলালে; তাৰ পিচত মাত ললে৷ তথাপি তেজাৰ কথা ৰজাৰ মনত নপৰে৷ এদিন ৰজাই খাই-বই উঠি তামুলীচ’ৰাত বহি জিৰাইছে এনেতে সেই মইনাটোৱে মাত লগালে-

“এজাৰ নিজাৰ পৰিল

ডালিম পকি সৰি গ’ল৷

মইনায়ো লগালে মাত৷

কিনি ৰজা ভোল গ’ল৷

তেজা বাই গাভৰু হল৷”

ৰজাই কিহে মাতিছে বুলি ঘূৰিপকি চাই একো নেদেখি, বহি থাকিল৷ এনেতে আকৌ মইনাই মাত লগালে-

“ডালিম পকি সৰি গল৷

তেজা বাই গাভৰু হল৷

তেওঁ ৰজাৰ মনত নহল৷৷”

এইবাৰ ৰজাই পদ কেইফাঁকি শুনি চাঁতকৰে তেজাৰ কথা তেওঁৰ মনত পৰিল৷ উঠি গৈ ৰজাই দেখিলে ডালিম গছত ডালিম পকি আছে৷ তেতিয়াই ৰজাই সাজ-পাৰ পিন্ধি টেকেলা-বেঙেনা,লগুৱা-লিকচৌ লগত লৈ তেজাক বিয়া কৰাই আনিবলৈ গ’ল কিন্তু ৰজাই তেওঁৰ ৰাণীক এই কথাৰ একো নোকোৱাকৈ গল৷ ৰজা ওলাই গলতে ৰাণীয়ে নিজৰ বুঢ়ী বেটীজনীক সুধিলে,

“বাই, ৰজা কলৈ গল, তই কব পাৰ নে?”

বুঢ়ীয়ে উত্তৰ দিলে,

“পাৰোঁ তো৷ ৰজাই কি কৰে, কলৈ যায়, তুমি হে ভু নোপোৱা, আমি ভু পাওঁ৷ বোলো ভেলেকী আই, ৰজাই তোমালৈ সতিনী আনিবলৈ গৈছে৷ শুনিছোঁ চহকী খেতিয়ক এটাৰ তেজা নামৰ ছোৱালী এজনী আছে, তাইকে ৰজাই আনিবলৈ গৈছে৷ ”

বুঢ়ী বেটীৰ কথা শুনি ৰাণীয়ে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷

বুঢ়ীয়ে  কুঁৱৰীক বুজনি দি কলে,

“আই তুমি নাকান্দিবা, মই বুধি দিওঁ শুনা, তুমি সেই মতেই কাম কৰা৷ কাইলৈ যেতিয়া ৰজাই তেজাক লে নৈৰ ঘাটত নাও চপাব, তেতিয়া তুমি সেইটো ঘাটতে বহি থাকি সেই বাটে তেজাক নামিব নিদিবা আৰু তাই যেনিয়েই নামিবলৈ খুজিব তেনিয়েই বাধা দিবা৷ তথাপি কিজানি নামি আহে সেইদেখি আজিয়েই আৰু এটা বুধি কৰি লোৱা,-ঘৰৰ দুৱাৰমুখতে দুটা কলপুলি ৰুই দুইটাৰ গুৰি কাটি এনেকৈ সেই দুটা থিয় কৰি থবা যেন তেজাৰ গাৰ কাপোৰ বা হাত লাগিলেই দুইটা পৰি যায়৷ ঘৰৰ দুৱাৰৰ পোলাব-গাঁথি এনেকৈ কাটি থবা যেন তেজাই ছুলেই সি সুলকি যায়৷ বহা পীৰাৰ খুৰা এনেকৈ ভাঙি থবা, তেজা তাৰ ওপৰত বহিলেই যেন খুৰা ভাঙি যায়, শোৱা চালপীৰাৰ খুৰাও সেইদৰে ভাঙি লগাই থবা যেন ৰজা তেজাৰ সৈতে তাত শুবলৈ গলেই সি ভাঙি পৰে৷ ইয়াকে কৰিলে, ৰজাই তেজাক অমঙ্গলীয়া তিৰোতা বুলি খেদি দিব৷”

বুঢ়ীৰ বুধি শুনি ৰাণীয়ে তাকে কৰিলে৷ সিফালে ৰজাই গৈ তেজাক বিয়া কৰালে৷ তেজাই বাপেকৰ ঘৰৰ পৰা ওলাই আহিবৰ সময়ত বাপেকক বিনাই বিনাই এইদৰে বস্তু খুজিলে-

“আইৰে দিনৰে ছকুৰি জপা,

তাৰে তিনিকুৰি মইহে পাওঁ ৷

আইৰে দিনৰে ছকুৰি পেৰা,

তাৰে তিনিকুৰি মইহে পাওঁ৷

আইৰে দিনৰে ছকুৰি বাটি,

তাৰে তিনিকুৰি মইহে পাওঁ৷

আইৰে দিনৰে ছকুৰি গৰু,

তাৰে তিনিকুৰি মইহে পাওঁ৷

আইৰে দিনৰে ছকুৰি ম’হ,

তাৰে তিনিকুৰি মইহে পাওঁ ৷”

তেজাই এইদৰে বিনাই থাকোতে মাহীয়েকে তেজাক ভেকাহি মাৰি কলে,

“মই কুটা এগছকে তোক নিদিওঁ৷ ”

তাৰ পিচত ৰজাই তেজাক লৈ নিজৰ নগৰলৈ গুচি আহিল৷ আহিবৰ সময়ত মনত বেজাৰ লাগি তেজাই কাকো নামাতি মাথোন ভায়েকক এইদৰে মাতি লগত লৈ আহিল-

“আইৰে দিনৰে একেটি ভাই,

সিও কোৰ লগতে যায় ৷ ”

তেজাই পিচলৈ নোচোৱাকৈ আহিবলৈ ধৰিলে৷ যেতিয়াই তেজাই পিচলৈ নোচোৱাকৈ গুচি আহিল, তেতিয়াই তেজাৰ বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু তেজাৰ পিছে পিছে আহিবলৈ ধৰিলে৷ বাপেকে দেখিলে সৰ্ব্বনাশ৷ তেতিয়াই বাপেকে বিনাই তেজাক মাতিলে-

“হেৰ মোৰ মৰমৰ তেজা৷

এবেলি পাছলৈ চা৷

হেৰ মোৰ লাহৰী তেজা৷

এবেলি পাছলৈ চা৷”

বাপেকৰ বিননি শুনি অলপ কেৰাহি কৰি চালত, চাৰি ভাগৰ এভাগ বস্তু তেজাৰ লগত আহিল৷ এইদেখি আজিও জীয়ৰী ছোৱালী উলিয়াই দিওঁতে তাই বাপেক-মাকৰ ফালে উলটি চাই যায়; নাচালে বাপেকৰ ঘৰৰ সকলোবোৰ বস্তু হেনো তাইৰ লগতে যায়৷

বুঢ়ীয়ে আগেয়ে শিকাই থোৱা দৰে ৰাণী গৈ নাও চপা ঘাটতে বহি আছিল৷ তেজাৰ নাও যেতিয়া ঘাট চাপিলহি, তেতিয়াই ৰাণীয়ে মাত লগালে-

“এইপিনে নুঠিবি শাঁখিনী তেজা,

ৰজাই গা ধোৱা ঘাট৷

এই কথা শুনি তেজাই আন এটা ঘাটে উঠিবলৈ গ’লত,ৰাণীয়ে আকৌ মাত লগালে-

“এইপিনে নুঠিবি শাঁখিনী তেজা,

ৰজাৰ চাউল ধোৱা ঘাট৷”

এইদৰে যেনিয়েই তেজা উঠিবলৈ যায় তেনিয়েই ৰাণীয়ে বাধা দিবলৈ ধৰিলে৷ এনেতে ৰজা আহি পালেহি৷ ৰজাক দেখি তেজাই বিনাই কলে-

“শুনা শুনা নৃপতি ৰজা,

ৰাণী বাই বুলিছে শাঁখিনী তেজা৷”

ৰজাই কলে-

“বোলকে বোলক শাঁখিনী তেজা৷

তুমি হবা মাদৈ, মই হম ৰজা৷৷”

এইবুলি ৰজাই তেওঁৰ গা ধোৱা ঘাটেদিয়েই তেজাক তুলি আনিলে৷ ইপিনে কুঁৱৰীও লৰালৰিকৈ আহি ঘৰ সোমাল৷ তেজাই ঘৰৰ দুৱাৰমুখ পাই কলপুলিৰ তলত থিয় হওঁতেই তেজাৰ গাৰ কাপোৰৰ আচল লাগি কলপুলি দুটা পৰি গ’ল৷ তাকে দেখি কুঁৱৰীয়ে মাত লগালে-

“ক’ৰপৰা আহিলি শাঁখিনী তেজা৷

আহিয়েই ভাঙিলি কলপুলি দুটা৷৷”

তাৰ পিচত তেজা ঘৰ সোমাওঁতেই ঘৰৰ দুৱাৰৰ পোলাত তেজাত হাত লাগি পোলোঢা সুলাক পৰি ডাল ডাল হল৷ কুঁৱৰীয়ে মাত লগালে-

“কৰপৰা আহিলি শাঁখিনী তেজা,

আহিয়েই ভাঙিলি দুৱাৰৰ পোলা৷”

ইয়াৰ পিচত তেজা বৰপীৰাত বহোঁতেই বৰপীৰাৰ খুৰা ভাগি পৰিলত, কুঁৱৰীয়ে মাত লগালে-

“ক’ৰপৰা আহিলি শাঁখিনী তেজা,

আহিয়েই ভাঙিলি বৰপীৰাৰ খুৰা৷৷”

ৰাতি তেজাই চালপীৰাত শুবলৈ যাওঁতে সেইদৰে চালপীৰাৰ খুৰা ভাগি পৰিল আৰু চালপীৰা ভগাৰ শব্দ শুনি কুঁৱৰীয়ে মাত লগালে-

“ক’ৰপৰা আহিলি শাঁখিনী তেজা,

আহিয়ে ভাঙিলি চালপীৰাৰ খুৰা৷৷”

এইবোৰ কথা শুনি তেজাৰ বৰকৈ বেজাৰ লাগি তেজাই বিনাই বিনাই ৰজাক কলে-

“শুনা শুনা শুনা নৃপতি ৰজা৷

ৰাণী বাই বুলিছে শাঁখিনী তেজা৷৷”

ৰজাই পেটে পেটে এইবোৰ ৰাণীৰ দুষ্টালি বুলি ভালকৈ বুজিব পাৰি উৰাই দি তেজাক কলে-

“বোলকে বোলকে শাঁখিনী তেজা৷

তুমি হবা মাদৈ, মই হম ৰজা৷৷”

ইয়াৰ পিচত তেজা ৰজাৰ কুঁৱৰী হৈ ৰজাৰ ঘৰ শুৱাই থাকিল৷ ইপিনে মাহীয়েকৰ হিংসাত টোপনি নাই যে তেজা ৰজাৰ কুঁৱৰী হ’ল আৰু তাইৰ নিজৰ জীয়েক তুলা হব নোৱাৰিলে৷ মাহীয়েকে সেইদেখি পেটে পেটে এটা বুধি সাজি এদিন ৰজাৰ ঘৰলে গৈ ৰজাৰ আগত তেজালৈ বৰ মৰম দেখুৱাই কলে-

“ইমান দিন হল ছোৱালীজনী মাক-বাপেকৰ ঘৰলৈ যাবলৈ পোৱা নাই, বপুৰীৰ চাগৈ বৰ হেঁপাহ লাগি আছে৷ বাপেকে দিনে ৰাতিয়ে খেতি বাতিয়েই মন পুতি থাকে, ঘৰৰ আন কথাৰ খবৰকে নকৰে৷ ছোৱালীজনী দেখিবলৈ নাপাই মোৰো মনটো হমহমাই আছিল, সেই দেখি মই নিজেই আজি তাইক দিনচেৰেকলৈ লৈ যাবলৈ আহিলোঁ৷”

তেজাৰ মাহীয়েকৰ কথা শুনি ৰজাই তেজাক মাহীয়েকৰ লগত পঠিয়াই দিলে৷ তেজাক লগত লৈ মাহীয়েকে নিজৰ ঘৰ পালেহি৷ আহিবৰ সময়ত তেজাই ৰজাৰ ঘৰতে জালি-তাঁত এখন এৰি থৈ আহিছিল৷

তেজাক যদিও মাহীয়েকে বৰকৈ আতৌ-পুতৌ কৰি খুৱাই-বুৱাই ৰখিছিল কিন্তু দিনে-ৰাতিয়ে তাই চেলু নিবিচাৰি নাছিল৷

এদিন মাকৰ শিকনিমতে তুলাই তেজাক কলে,

“ভনীটি, তোমাক ৰজাই দিয়া খাৰু,মণি,থুৰিয়াবোৰ কেনে ধুনীয়া, এবাৰ মোক পিন্ধি চাবলৈ দিবানে?”

তেজাই কথাষাৰ ভাল ভাবে বুজি কলে,

“পিন্ধা, পিন্ধি চোৱা, কিনো হল পিন্ধিলে৷”

এই বুলি তেজাই নিজৰ হাতৰ-কাণৰ অলঙ্কাৰবোৰ সোলোকাই তুলাক পিন্ধাই দিলে৷ এনেতে মাহীয়েকে ওচৰলৈ আহি তেজাক কলে,

“আই আহচোন, তোৰ ওকণী চাওঁ আৰু মূৰটো আঁচুৰি দিওঁ৷”

এইবুলি মাহীয়েকে তেজাক লৈ ওকণী চাবলৈ বহিল৷  ওকণী চাই থাকোতে হঠাৎ এবাৰ মাহীয়েকে এডাল সৰু লোৰ শলা লৈ মন্ত্ৰ মাতি তেজাৰ মাজ মূৰতে মাৰি দি কলে,

“তই  শালিকী চৰাই হ৷”

তেতিয়া তেজা শালিকী এটা হৈ উৰি ঘৰৰ চালত পৰিলগৈ৷

এই ঘটনাৰ পিচদিনা ৰজাই তেজাক লৈ যাবলৈ দোলা মানুহ পঠিয়াই দিলত, তেজাৰ মাহীয়েকে তুলাকে তেজাৰ ৰিহা-মেখেলা, কাপোৰ-কানি, অলঙ্কাৰ-পাতি পিন্ধাই দি ঠিক তেজা যেনকৈ সজাই ৰজাৰ ঘৰলৈ পঠিয়াই দিলে৷ তুলাও দেখিবলৈ অনেক গুণে তেজাৰ নিচিনা আছিল৷ সেইদেখি ৰজাৰ চকুত সেইটো বৰকৈ উভঁহা যেন নেলাগিল৷ আৰু যি অলপ অচৰপ লাগিছিল ৰজাই ভাবিলে, যে মাকৰ ঘৰত এই কেইদিন মুকলিমূৰীয়া হৈ খাই থাকি তেজা তেনে হৈছে৷ শালিকা চৰাইটিও ৰজাঘৰীয়া দোলা-মানুহৰ লগতে উৰি গৈ ৰজাৰ ঘৰ পাই ৰজাৰ ঘৰৰ চালতে বাহ ললে৷

তেজাই বাপেকৰ ঘৰলৈ যাওঁতে এখন পাটৰ কাপোৰ লগাই অলপ বৈ তাঁততে এৰি গৈছিল৷ তুলাই আহি তেতিয়া সেই তাঁত বব লগীয়াত পৰিল৷ কিন্তু তুলাই ভালকে কাপোৰ বব নাজানে৷ এদিন তাঁতৰ পাটত বহি তুলাই তাঁত ববলৈ গৈ বব নাজানি সূতাবোৰ ছিঙি-ভাঙি একাকাৰ কৰিছে দেখি শালিকা চৰাইটিয়ে উৰা মাৰি আহি তাঁতশালৰ চালিত পৰি কবলৈ ধৰিলে-

“নিছিঙিবি নাভাঙিবি মোৰ জালি তাঁত,

ভালে ভালে তুলি থ৷”

ৰজাই ওচৰতে বহি আছিল৷ এই কথা শুনি ৰজাই শালিকাটোৱে কি কয় বুলি কৈ একো ভাবি নাপাই মনে মনে থাকিল৷

আন এদিন দুপৰীয়া ৰজা খাই-বৈ উঠি তুলাৰে সৈতে বহি পাশা খেলিছে৷ এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰত পৰি মাতিবলৈ ধৰিলে-

“কিনো ৰজা তুমি আভোল-ভোলা হলা৷

জেশাহুৰে সৈতে পাশা খেলিলা৷৷”

ৰজাই শালিকাৰ কেল্‌কেলনিলৈ প্ৰথমতে  বৰকৈ কাণ নকৰি একান্তমনে পাশা খেলিছিল৷ কিন্তু চৰাইটোৱে আকৌ এবাৰ সেইদৰে মাতিলে-

“কিনো ৰজা তুমি আভোল-ভোলা হলা৷

জেশাহুৰে সৈতে পাশা খেলিলা৷৷”

ৰজাই শালিকাৰ কথা শুনি কথাষাৰ মনতে অলপ পৰ গুণিবলৈ ধৰিলে৷ ৰজাই লাহেকৈ ভিতৰলৈ উঠি গৈ ওলাই আহি এহাতে এটা ভোক লাৰু আৰু এহাতে এটা পিয়াহ লাৰু লৈ শালিকাৰ ফালে চাই কলে-

“যদি তই আন কোনোবাহে, তেন্তে উৰি আহি মোৰ হাতৰপৰা এই পিয়াহ লাৰুটো লৈ গুচি যাবি আৰু যদি মোৰ কোনোবা আপোন মানুহ হে তেন্তে মোৰ হাততে পৰি এই ভোক লাৰুটো খাহি৷”

এই বুলি ৰজাই কলত, শালিকাটি উৰি আহি ৰজাৰ হাততে পৰি ভোক লাৰুটো খাবলৈ ধৰিলে৷ ৰজাই চৰাইটোক মৰম কৰি মূৰত হাত ফুৰাওঁতে তেওঁৰ আঙুলিৰ মূৰত এটা কিবা খহটা বস্তু লাগিলত, তেওঁ ভালকৈ চাই দেখিলে যে সেইটো এডাল সৰু লোৰ শলা৷ ৰজাই টানি শলাডাল উলিয়াই আনিলতে শালিকাটি শালিকা গুচি তেজা হল৷ ৰজা অবাক৷

তাৰ পিছত ৰজাই তেজাৰ মুখৰপৰা, আগৰেপৰা গুৰিলৈকে তেজাৰ মাহীয়েক আৰু তুলাৰ সকলোবোৰ বৃত্তান্ত শুনি তেতিয়াই চাওডাঙক হুকুম দিলে যে সি তুলাক কাটি তাইৰ মঙহ এটা টোমত, হাত ভৰি মূৰ এটা টোমত ভৰাই আৰু এটা চুপিত তেজ ভৰাই আনি ৰজাক দিব লাগে৷

ৰজাৰ হুকুম মতে কাম হল৷ ৰজাই দুটা মানুহৰ হাতত সেই টোম দুটা আৰু চুপিটো তুলাৰ মাকৰ ঘৰলৈ পঠিয়াই দি মানুহ দুটাক শিকাই দিলে যে সিহঁতে তাত কব যে ৰজাই মিতিৰৰ ঘৰলৈ সেই টোম পহুৰ মঙ্গহ পঠিয়াই দিছে আৰু যিটো টোমত তুলাৰ মূৰ আৰু হাত ভৰি আছে সেইটো টোম সিহঁতে নিদি সেই দিনা ৰাতি লগতে ৰাখি পিছদিনা দোকমোকালিতে দুৱাৰ মুখত থৈ গুচি আহিব৷

ৰজাৰ মানুহে সেই দৰেই কাম কৰিলে৷ তেজাৰ মাহীয়েকে বস্তু পাই ৰঙত উধাও হৈ আপোনা-আপুনি কবলৈ ধৰিলে-

“মোৰ জী গৈয়েই মোলৈ টোপোলা পঠিয়ালে আৰু সিজনীয়ে ইমান দিন কুটা এগছকে পঠিওৱা নাছিল৷”

ৰাতি তুলাৰ মাকে আৰু ঘৰৰ সকলোৱে মঙহৰ আঞ্জাৰে হেপাহ পলুৱাই ভাত খালে আৰু চুপিৰপৰা তেল উলিয়াই চাকি লগালে ৷ ৰজাঘৰীয়া মানুহ দুটাই সেই ৰাতি একো নাখাই শুই থাকিল৷ তুলাৰ মাকে সিহঁত খাবলৈ বৰকৈ ধৰিছিল, কিন্তু সিহঁতে সিহঁতৰ বৰকৈ জ্বৰ উঠিছে বুলি কৈ একো নাখালে৷ ইফালে ৰাতি সকলোবোৰৰে খোৱা হলত, মানুহ দুটাই শোৱাপাটীৰপৰা ৰাগ দি গাবলৈ ধৰিলে-

“কুটুমে ৰান্ধিলে,কুটুমে বাঢ়িলে,কুটুমে কুটুমক খালে৷

কুটুমৰ তেজেৰে বন্তি জ্বলালে, মজিয়া ভকেভকালে৷৷”

ভিতৰৰপৰা তুলাৰ মাকে সিহঁতক সুধিলে,-

“তহঁতে কি গাইছহঁক ঐ? ”

সিহঁতে কলে,-

“এ আই, জ্বৰৰ তাপত আমাৰ গিয়ান নাই, কিবা মুখত আহিছে,কিবা গাইছো৷”

পিছদিনা পুৱাই তুলাৰ মাক শোৱাপাটীৰপৰা উঠি আহি দেখিলে যে ৰজাৰ ঘৰৰ মানুহ দুটা গুচি গ’ল, আৰু দুৱাৰমুখতে এটা টোম পৰি আছে৷ তাই টোমটো মেলি চাই তাৰ ভিতৰত তুলাৰ মূৰ আৰু হাত ভৰি দেখি চিনি পাই আগ ৰাতি খোৱা মঙহবোৰ কিহৰ সেইটো ভালকৈ বুজি হুৰাওৰাৱে কান্দিবলৈ ধৰিলে৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 12/4/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate