অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তেজীমলা

তেজীমলা

এক সাউদৰ দুজনী ঘৈণীয়েক আছিল| বৰজনীৰ এজনী মাথোন ছোৱালী আছিল, তাইৰ নাম তেজীমলা| সৰুজনীৰ কোনো ল’ৰা-ছোৱালী নাছিল| তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল, সেইদেখি মাহীমাকে তুলিতালি ডাঙৰ দীঘল কৰিছিল| ঘৰখনত একেজনী ছোৱালী তেজীমলা বাপেকৰ বৰ চেনেহৰ অছিল; কিন্তু মাহীয়েকে হ’লে পেটে পেটে তেজীমলাক সমূলি দেখিব নোৱাৰিছিল; কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিবলগীয়াত পৰিছিল|

আজি কালিলৈ তেজীমলা দহ-এঘাৰ বছৰীয়া হ’ল| সেই গাঁৱৰে ভাল মানুহ এঘৰৰ সমনীয়া ছোৱালী এজনীৰে সৈতে বাপেকে সখী বন্ধাই দিলে|

তেজীমলাৰ বাপেক বেপেৰুৱা মানুহ; বেহা-বেপাৰলৈ নগ’লে নচলে| সেইদেখি সততে তেওঁ চাৰিওফালে বেহাই ফুৰিবলগীয়াত পৰে| এইবাৰ ৬/৭ মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাবলগীয়াত পৰিল| সেইদেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰুৱা তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক’লে যে, “এইবাৰ মই ৬/৭ মাহলৈ বিদেশলৈ যাওঁ| তোৰ হাতত মোৰ তেজিমলাক গতালোঁ| তাই আদৰুৱা ছোৱালী; তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি|”

সাউদনীয়ে ভাবিলে, “এইবাৰ মোৰ বেছ সুবিধা হৈছে, এই কেইমাহৰ ভিতৰতে মই মোৰ চকুৰ কুটা, দাঁতৰ শালটো গুচাব পাৰিম| তাইক ঠেকেচি ঠেকেচি মোৰ মনৰ হেঁপাহ পলুৱাম|” আৰু তাই ভাবিলে, “অকল ঠেকেচিয়ে নেৰোঁ, সেইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হাই-উৰুমিৰহে বাহ হ’ব| এই আপদৰ একেবাৰেই জইন মাৰিম| এইক বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এইৰ লগত উলিয়াই দিব লাগিব| এই হ’ল মোৰ সতিনীৰ জী| মোৰ কপালততো কোনো ল’ৰা-ছোৱালী নহ’লেই, সতিনীৰ এইটোকনো পোহ-পাল কৰি নিৰ্বাহ কৰি মোৰ লাভ কি হ’ব? বাপেকে এইৰ লগত যিখিনি ধন বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালে উপকাৰ দিব| হেনেজানি এইৰ দেউতাক উভতি অহাৰ আগতেই এটা বুধি কৰি এইৰ ওৰ পেলাব লাগিব|” ইয়াকে মাহীয়েকে ভাবি, সাউদে নাও মেলি যোৱাৰ দিনাৰে পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিবলৈ ধৰিলে আৰু যিমান পাৰিলে তেজীমলাক অকলে পাই দুখ দিবলৈ ধৰিলে|

ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল| পৰহিলৈ বিয়া| সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে| বিয়াৰ তিনি চাৰি দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং-ধেমালি কৰি নোৱাই-ধোৱাই সখীয়েকক বিয়া দিব লাগে| তেজীমলাৰো বৰ হেঁপাহ য বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং-ধেমালি কৰি তাই বিয়া খাব|

মাহীয়েকে অনেক দিনৰে পৰা আলচা কথা সিদ্ধি হবৰ আগন্তুক হৈছে ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দি লোকক দেখুৱাই উৰুক-মৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াই ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে, “এইযোৰ কাপোৰ আমাৰ আইটি তোলৈ ভাল হ’ব নে?” “এইখন ৰিহা সেইখন মেখেলাই তোক শুৱাব নে?” এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিবলৈ ধৰিলে| মাহীয়েকৰ ভাল পাটৰ ৰিহা-মেখেলা এযোৰ আৰু এখন উত্তম গুনাৰ পাৰি দিয়া খনীয়াকাপোৰ আছিল; শেহত তাকে মাহীয়েকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক’লে-“আইটি, এই কাপোৰযোৰ আৰু খনীয়াকাপোৰখনকে তোক পিন্ধিবলৈ টোপোলা বান্ধি দিওঁ| তই এতিয়া তোৰ গাত থকা কাপোৰ যোৰেৰেই সখীয়েৰৰ ঘৰলৈ যা, সখীয়েৰৰ ঘৰৰ ওচৰ পালেই টোপোলাত দিয়া ৰিহা-মেখেলা আৰু কাপোৰ পিন্ধিবি, ইয়াৰ পৰা সেই কাপোৰ পিন্ধি গ’লে খোজকাঢ়ি যাওঁতে বাটত ধুলি-মাকতি লাগি ক’লা হ’ব|” ইয়াকে কৈ মাহীয়েকে পাটৰ ৰিহা-মেখেলা বোৰৰ ভিতৰত মনে মনে  এটা নিগনি সুমাই দি আৰু পাৰি দিয়া খনীয়াকাপোৰখনৰ ভিতৰত এটা আঙঠা বান্ধি দি টোপোলা এটা কৰি তেজীমলাৰ হাতত দিলে|

সখীয়েকৰ ঘৰ পাওঁ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা-মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলতে কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰ যোৰৰ ভিতৰৰ পৰা এটা আঙঠা সৰকি পৰিল| তেজীমলাই দেখি বিচূৰ্তি হ’ল যে ৰিহা-মেখেলা যোৰ নিগনিয়ে কুটি থকা-সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখন ঠায়ে ঠায়ে পুৰিলে| ভয়ত তেজীমলাৰ মুখ শুকাই গ’ল, তাই ঠক্‌ ঠক্‌ কৰে কঁপি ফেকুৰি কান্দিবলৈ ধৰিলে| লগত যোৱা মানুহেও এই কাণ্ড দেখি আচৰিত হৈ, শেহত তেজীমলাক অনেক বুজাই-বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰ পৰা এযোৰ ৰিহা-মেখেলা আৰু এখন কাপোৰ খুজি তাইক পিন্ধাই বিয়া চাবলৈ দিলে| বিয়াৰ পাছত তেজীমলা নিজৰ ঘৰলৈ উভতি আহিলত, মাহীয়েকে তাইক কাপোৰৰ কথা সুধিলত তাই ভয়ত কঁপি কঁপি সেই পোৰা আৰু কুটা কাপোৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে| মাহীয়েকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি পকি তেজীমলাক নথৈ গালি-শপনি পাৰি মাৰি তাও কৰিলে| ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল| পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰে ঢেঁকী দিবলৈ লাগিল| মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাৎ চাব মাৰি ঢেঁকীটো পেলাই দি তেজীমলাৰ সোঁহাত খন খুন্দি পেলালে| সোঁ হাত খন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞৰি কান্দিবলৈ ধৰিলত, বাঢ়নি মাৰিডালেৰে মাহীয়েকে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাঁওহাতেৰে খুবলিত ধান বঢ়াই দিবলৈ হুকুম দিলে| বাওঁহাতেৰে তেজীমলাই ধান বঢ়াই থাকোঁতে মাহীয়েকে সোঁহাতৰ দৰে তেজীমলাৰ বাওঁহাতখনো খুন্দিলে, বাওঁহাত খুন্দি তাৰ পিছত মাহীয়েকে তেজীমলাক সোঁভৰিৰে ধান বঢ়াবলৈ কৈ সোঁভৰিখনো খুন্দিলে আৰু তাৰ পিছত সেইদৰে বাওঁভৰি খনো খুন্দিলে| শেহত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটোও খুন্দি পেলালে| তেজীমলা মৰিল|

এইদৰে গিৰিয়েকৰ আলাসৰ লাডু, চেনহৰ তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰিকৈ নি ঢেঁকীশালৰ পানীপোতাতে গাঁত এটা খান্দি পুতি থলে|

তেজীমলাক পোতা ঠাই ডোখৰত কিছুদিনৰ মূৰত এজোপা লাওগছ গজি লহ-পহ কৰে ডাঙৰ হ’ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিল| ইফালে ওচৰ-চুবুৰীয়া মানুহে ভালেমান দিন তেজীমলাক দেখিবলৈ নাপায়, মাহীয়েকক তাইৰ বাতৰি সুধিলত মাহীয়েকে উত্তৰ দিলে,-“তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহাই নাই|”

এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক’লে-“আই মোক লাও এটি দিয়ক|” তেজীমলাক মৰাৰ দিনৰ পৰাই মাহীয়েকে ঢেঁকীশালৰ ফালে যোৱা নাছিল দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল| সেই দেখি তাই মাগনী বুঢ়ীক উত্তৰ দিলে,-“মই তোক লাও দিবলৈ ক’ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই|” মাগনীয়ে ক’লে,-“কিয় আই এনেকৈ কয়, আপোনাৰ ঢেঁকীশালৰ চালতে দেখোন লাও ভৰি লাগি আছে|” বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে-“মই হ’লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি নে গৈ|” বুঢ়ীয়ে এই কথা শুনি লাও গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোতেই লাওজোপাই বিনাই মাত লগালে-

“হাতো নেমেলিবি লাৱো নিছিঙিবি, ক’ৰে মগনীয়া তই|

পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে তেজীমলাহে মই|”

লাওগছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি সাউদনীক ক’লে-“আই, লাও ছিঙিবলৈ হাত মেলোঁতেই মোক এইদৰে লাওজোপাই মাত লগালে| মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ|” এই বুলি মাগনী বুঢ়ী গুচি গ’ল| তেতিয়া সাউদনীয়ে কথাটোৰ আচল মানে ভালকৈ বুজিব পাৰি, কটাৰি এখন লৈ গৈ লাওগছজোপা কাটি টানি নি পিছফালে পেলাই দি গুচি আহিল|

লাওজোপা কাটি য’তে পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ মূৰত এজোপা জৰাটেঙা হৈ ডালভৰি জৰাটেঙা লাগিল| গছজোপাত জৰাটেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দোঁ-খাই পৰিছিল| এদিন কিছুমান গৰখীয়া ল’ৰাই গৰু চৰাওঁতে সেই জৰাগছত জৰাটেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক’লে-“আই আমাক গোটাচেৰেক জৰাটেঙা খাবলৈ দিবানে?” সাউদনীয়ে, “মই ক’ত জৰাটেঙা পাম?” বুলি ক’লত সিহঁতে কলে,-“কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰাগছত জৰাটেঙা দেখোন ভৰি লাগি আছে| সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক’লে-“মই হ’লে ক’ত জৰাটেঙা লাগিছে দেখা নাই, তহঁতে দেখিছ যদি কিমান লাগে পাৰি নে গৈ|”

সাউদনীৰ হুকুম পাই গৰখীয়া ল’ৰা কেইটাই জৰাটেঙাৰ কাষলৈ গৈ জৰাটেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে-

“ভাইও বোলো মই, ককাইও বোলো মই, গাঁৱৰে গৰখীয়া|

হাতো নেমেলিবি, জৰাও নিছিঙিবি, ঘৰলৈ উভতি যা|

পাট কাপোৰৰ লগতে মাহী আই খুন্দিলে, মইহে তেজীমলা|”

গৰখীয়া ল’ৰাহতে এই বিননি শুনি কিবা দেও ভুত গছজোপাত আছে বুলি জৰাটো নিছিঙি তাৰ পৰা আহি সাউদনীক এই কথা কৈ গুচি গ’ল| সাউদনীৰ চাটকৰে মনত পৰিল যে তাই লাওগছজোপা কাটি সেইখিনিতে পেলাইছিল| এই কথা মনত পৰিলত তাই বুজিলে যে তেজীমলাইহে জৰা হৈ আছে| ইয়াকে ভাবি সাউদনীয়ে জৰাগছজোপা কাটি নৈত উটাই দিলে|

জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘুলি এটাত ৰৈ এজোপা পদুম হৈ এটা সুন্দৰ ফুলেৰে জক্‌মকীয়া হ’ল| কিছুদিনৰ মূৰত বেহা-বেপাৰ কৰি সেই নৈয়েদিয়েই তেজীমলাৰ বাপেক নাৱেৰে আহো৬তে নৈৰ ঘুলিত গছজোপাত সুন্দৰ পদুম ফুল এটা ফুলি থকা দেখি তেজীমলালৈ সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলটো ছিঙি আনিবলৈ ক’লে| নাৱৰীয়াটোৱে ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে,-

“হাতো নেমেলিবি, ফুলো নিছিঙিবি, ক’ৰে নাৱৰীয়া তই|

পাট-কাপোৰৰ লগতে মাহী আই খুন্দিলে, তেজীমলাহে মই|”

ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক’লত, সাউদে সেইটো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে ফুলে বিনাই মাতিলে,-

“হাতো নেমেলিবা, ফুলো নিছিঙিবা, চেনেহৰ পিতাদেউ এ|

পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই|”

বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰে পৰা জানি থৈছিল, সেই কাৰণে ভাবিলে যে, “এইজনী নিশ্চয় তেজীমলা|” ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাঁওহাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁহাতত এটা লাডু লৈ ক’লে যে, “যদি তই মোৰ তেজীমলাহে হয়, তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চোবাটি খাবি; আৰু যদিহে নহয়, আন কোনোবাহে হয় তেন্তে লাডুটো নিবি|”

এইবুলি তেওঁ ক’লতে পদুম ফুলটি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতৰ পৰা চোবাটি খালে| বাপেকে তেতিয়া সেইটি তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমাই লৈ আহিল|

সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে,-“তেজীমলা ক’লৈ গ’ল?” ঘৈণীয়েকে ক’লে-“মোমায়েকৰ ঘৰলৈ গ’ল|” সদাগৰে ঘৈণীয়েকক ঘুকুটি ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে| ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানীগামোছাখন তেওঁ পেলাই দি ক’লে-“যদি তই মোৰ তেজীমলা হে আৰু যদি মোলৈ তোৰ মৰম আছে, এই গামোছাখন পিন্ধি তই মানুহ হবি|” এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ’ল আৰু সাউদে ঘৈণীয়েকক ঘৰৰ পৰা তেতিয়াই খেদাই দিলে|

লেখক: লক্ষ্মীনাথ বেজবৰুৱা

উৎস: বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate