অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দীঘল ঠেঙীয়া

দীঘল ঠেঙীয়া

এজনী বুঢ়ী আছিল| তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক্‌-টুক্‌ টাক্‌-টাক্‌কৈ খাই আছিল| তাই শোৱা ঘৰটো বৰ পুৰণি| তাৰ চালৰ খেৰবোৰ উৱঁলি গৈছে দেখি উৰুখি বৰষুণত পানী পৰে| এদিন ডাৱৰীয়া ৰাতি তাই খাই বৈ উঠি শুবলৈ ধৰোতে-“এ প্ৰভু, দীঘল ঠেঙীয়াই নেপায় যেন” এই বুলি চাঙত উঠি শুই থাকিল|

সেইদিনা ৰাতি এটা চোৰে বুঢ়ীৰ গৰু এটা চুৰ কৰি নিবলৈ বুলি আহি গোহালিৰ কাষতে লুকাই বহি, বুঢ়ী শুৱালৈ বাট চাই আছিল| এটা বাঘেও বুঢ়ীৰ গৰু খাবলৈ মন কৰি এন্ধাৰে-মুন্ধাৰে মনে মনে আহি গোহালিৰ গৰু জাকৰ মাজত সোমাই বুঢ়ী শুৱালৈ বাট চাই আছিল| বাঘ আৰু চোৰ দুয়ো বুঢ়ীয়ে কোৱা সেই কথাষাৰ শুনিলে| কিন্তু দীঘল ঠেঙীয়া মানে কি সিহঁতে বুজিব নোৱাৰি ভাবিবলৈ ধৰিলে, “দীঘল ঠেঙীয়াটো বা কি?”

বুঢ়ীৰ ভাত-ঘুমতি আহিল| চোৰে গৰু চুৰ কৰিবলৈ গোহালিত সোমাল| চোৰে ভাবিলে, “কোনটো গৰু ভাল কোনটো গৰু বেয়া| এন্ধাৰে-মুন্ধাৰে কেনেকৈ চিনিম| এতেকে যিটো গৰুৱে তাৰ টিকাত হাত দিলেই জপিয়াই উঠিব সেইটোৱেই নিশ্চয় চেঙা আৰু ভাল হ’ব|” ইয়াকে সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ টিকাত হাত ফুৰাবলৈ ধৰিলে| সেইদৰে সি হাত ফুৰাই চাই ফুৰোতে বাঘটোৰ টিকাত হাত পৰিলত বাঘটো জপিয়াই উঠিল| চোৰে ভাবিলে, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিব| ইয়াকে ভাবি সি বাঘটোৰ নেজডাল পকাই দি তাক খেদি লৈ যাব খোজোতেই বাঘে ভাবিলে, এইটো বুঢ়ীয়ে কোৱা কিবা দীঘল ঠেঙীয়াইহে মোক পালে| এই ভাবি বাঘে আকৌ জাপ মাৰি উঠিল| চোৰে ভাবিলে, “ই কম গৰু নহয়, ইয়াৰ পিঠিত নুঠিলে ইয়াক লৈ যাব নোৱাৰিম|” ইয়াকে ভাবি জাপ মাৰি বাঘৰ পিঠিত উঠিলতে, বাঘে ঠিক তাক দীঘল ঠেঙীয়াই ভালকৈয়ে পালে বুলি থিৰ কৰি গোহালিৰ পৰা ওলাই চেকুৰি লৰ মাৰিলে| চোৰেও গৰুটোৰ কেৰামতালি দেখি বুজিলে, “সি গৰু নহয়, কিবা দীঘল ঠেঙীয়াহে| আজি মোক সঁচাকৈয়ে দীঘল ঠেঙীয়াইহে পালে|” দুইও দুইকো দীঘল ঠেঙীয়া বুলি ভাবি ভয়ত তৎমৎ এৰিলে|

চোৰক পিঠিত লৈ বাঘে ঢাপলি মেলি হাবিত সোমাবলৈ ধৰোতেই চোৰে মৰোঁ-জীওঁকৈ বাঘৰ গলধনটো মোটোকাই ধৰিলে| তেতিয়া বাঘে ভাবিলে, ‘অ ই দীঘল ঠেঙীয়া নহয়, ঘাৰ মোকোটোৱাহে|’ বাঘে ভয়ত আৰু বেগেৰে লৰ দিবলৈ ধৰিলে| চোৰে বাঘক ঘাৰ-মোটোকায়ো ৰাখিব নোৱাৰি শেষত বাঘৰ নেগুৰত হাত পৰিলত বাঘৰ লৰ আৰু চৰিল| লৰৰ কোবত চোৰটোৰ বাঘৰ পিঠিত আৰু ৰব নোৱাৰি বাগৰি মাটিত পৰিল| কিন্তু সি বাঘৰ নেগুৰডাল ইমান বজ্ৰপেল মুঠিৰে ধৰিছিল, যে নেগুৰডাল চোৰৰ হাতৰ মুঠিতে পেপা-কাঢ়ি ৰ’ল| বাঘ লৰ মাৰি সাৰিল| সি হাবিৰ ভিতৰ পাই অলপ উশাহ লৈ উশাহ লৈ ভাবিলে, তাক ঘাৰ-মোকোটোৱাই নহয়, পেঁপা-কঢ়াইহে পাইছিল| ইফালে চোৰে হাতত নেগুৰডাল পিটিকি-চিটিকি চাই দেখিলে যে সেইডাল গৰুৰ কি আন জন্তুৰ নেজ নহয়, বাঘৰহে নেজ| তেতিয়াহে তাৰ ভয় লাগিবলৈ ধৰিলে| ৰাতি তেতিয়া ভালেমান আছিল| সেইদেখি সি ৰাতিটোৰ বাকীডোখৰ কটাবলৈ ওচৰৰে ওখ আম গছ এজোপাত উঠিল|

ইফালে বাঘ হাবিত সোমাই তাক পেপা-কঢ়াই পোৱা কথা তাৰ লগৰীয়া ভাই বন্ধুহঁতক ক’লত, সিহঁতে গুণি গাঠি থিৰ কৰিলে যে “এইটো বৰ লাজৰ কথা হ’ল| সিহঁত বনৰ ৰজা| এতেকে সিহঁতৰ লগৰীয়া ভাই ৰজা এজনক পেপা-কঢ়াই এনে লঘু-লাঞ্ছনা কৰিব ই বৰ অসহনীয় কথা| ইয়াৰ প্ৰতিকাৰ নকৰিলে, পেপা-কঢ়াই পোৱা সেই বাঘটোৰ মাথোন নেজডালহে গৈছে, সিহঁতৰ কিন্তু অপমানত নাক-কাণ সোপাই যাব আৰু তাৰ বাহিৰেও পেপা-কঢ়া বুলি যদি কোনো জন্তু সিহঁততকৈ বলী হৈ ওলায়, তেন্তে সিহঁত ৰজাৰ শাৰীৰ পৰা গৈ খৰি-ভাৰী, পানী-ভাৰীৰ শাৰীত পৰিবগৈ|” সেইদেখি সকলোবোৰ বাঘে লৰালৰিকৈ মেল পাতি ইয়াকে আলচ কৰিলে যে অলপো পলম নকৰি তেতিয়াই সিহঁতে পেপা-কঢ়াৰ বিৰুদ্ধে যুদ্ধ যাত্ৰা কৰি যোৱাটো উচিত|

দুকুৰিমান বাঘে পেপা-কঢ়াক বিচাৰি চলাথ লগালে, কিন্তু ক’তো সিহঁতে পেপা-কঢ়াক নেদেখিলে| শেহত এটা বাঘৰ চকু সেই আম জোপাৰ আগত পৰিলত, সি পেপা-কঢ়াক তাত বহি থকা দেখিলে| সেইটো পেপা-কঢ়া বুলি আঙুলিয়াই দেখুৱালত এটাইবোৰ বাঘে একেবাৰে হাউৰি মাৰি উঠিল| কিছুপৰ সিহঁতে ভাবি-চিন্তি বুধি এটা সাজিলে| পেপা-কঢ়াক ঢুকি পাবলৈ সিহঁতে এটাৰ পিচত এটা, আকৌ সেইটোৰ পিঠিত আন এটা, সেইদৰে উঠি উঠি ওখ হৈ গ’ল| চোৰে ভাবিলে যে এতিয়া সৰ্বনাশ| এতিয়াহে বিপাঙে মৰিলোঁ| তৎক্ষণাৎ চোৰেও এটা বুধি উলিয়ালে| সি দেখিলে যে, নিচেই তলত পেপা-কঢ়াই পোৱা বাঘটো| সেই নেগুৰখৰা বাঘটোক চোৰটোৱে গল্‌গলীয়া মাতেৰে মাত লগালে,-“খৰা, চাবি, চাবি, চাবি|” খৰা বাঘে ভাবিলে, “আকৌ পেপা-কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি?” ইয়াকে ভাবি সি সুৰ্ত্তি-বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে| সি তেনে কৰিলত, তাৰ পিঠিত এটা এটাকৈ উঠি ওখ হৈ যোৱা আটাইবোৰ বাঘ ঠল্‌ ঠল্‌ কৰে মাটিত সৰি পৰিল| সিহঁতেও “আমাকো পেপা-কঢ়াই পালে” বুলি ভাবি বৰকৈ ভয় খাই তৰা নৰা চিঙি লৰি হাবিলৈ পলাই গুচি গ’ল|

চোৰে ৰাতিটো তাতে থাকি ৰাতি পুৱাতে গছৰ পৰা নামি তাৰ ঘৰলৈ গুচি আহিল; আৰু তেতিয়াৰেপৰা সি চুৰ নকৰো বুলি শপত খালে|

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস: বুঢ়ী আইৰ সাধু

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate