অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুই ৰাজপুত্ৰ

দুই ৰাজপুত্ৰ

এক ৰজাৰ দুজনী ঘৈণীয়েক আছিল৷ বৰজনীৰ দুটা ল’ৰা৷ সৰুজনীৰ ল’ৰা-ছোৱালী একো নাছিল৷ ল’ৰা দুটা ওপজাৰ কিছু দিনৰ পিছতে বৰ কুঁৱৰী মৰিলত সিহঁতক ডাঙৰ-দীঘল কৰাৰ ভাৰ সৰু কুঁৱৰীৰ গাত পৰিল৷ সৰু কুঁৱৰীয়ে ল’ৰা দুটাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল যদিও, পেটে সমন্বিতে সিহঁতক তেওঁ দেখিব নোৱাৰিছিল; সেইদেখি সদায় সিহঁতৰ দায়-জগৰৰ কথা বাপেকক লগাই আছিল৷

এদিন ৰজাই পহু মাৰিবলৈ গ’ল৷ ল’ৰা দুটিয়ে সেই কথা শুনি

“দেউতাই পহু মাৰিবলৈ গৈছে, খাম ঔ খাম”

বুলি দেও দি নাচি ফুৰিছিল৷ কিন্তু দুৰ্কপালৰ গুণে ৰজাই সেইদিনা এটাও পহু মাৰিব নোৱাৰিলে৷ ৰজাই উভতি আহি সেই কথা ঘৈণীয়েকৰ আগত ক’লত,

ঘৈণীয়েকে ক’লে

“নেপাব তো আপোনাৰ যিহে খকুৱা ল’ৰা, আপুনি যোৱাৰে পৰা সিহঁতে

‘খাম ঔ! খাম ঔ!’কৰি আছে! এনেকুৱা আপদীয়া ল’ৰাই খেদাই দিয়া হে উচিত৷”

পহু নেপাই আৰু ওৰে দিনটোৰ পৰিশ্ৰমৰ ভাগৰত ৰজাৰ মনটো বেয়া লাগি আছিল; সেইবাবে অনেক বেয়া-বেয়িকৈ ঘৈণীয়েকে ল’ৰা দুটাৰ বিৰুদ্ধে লগালত ৰজাই খপ্ কৰে ক’লে, “দিম কাইলৈ সিহঁতক খেদাই৷” বাপেকৰ মুখৰ এই কথাষাৰ সৰু ল’ৰাটিয়ে কেনেবাকৈ শুনি তাৰ মনত বৰ বিৰক্তি লাগিল৷

সি ৰাতিয়েই তাৰ ককায়েকক ক’লে,

“ককাইদেউ, দেউতাই মাহীৰ কথা শুনি কাইলৈ আমাক ঘৰৰপৰা খেদাই দিব খুজিছে৷ আমি যেন ইয়াত কি কেলেহুৱা চপনীয়া হে৷ মই কওঁ, আমি ইয়াত আৰু থকাটো উচিত নহয়; আমাক খেদোৱাৰ আগতেই আমি গুচি যাওঁগৈ আহাঁ৷”

ভায়েকৰ কথাতে ককায়েকে হয় দিলত দুয়ো সেই ৰাতিয়েই পলাই গুচি যোৱাকে থিৰ কৰি, ঘোঁৰাশালৰ পৰা দুটা ঘোৰা লৈ আৰু হাতত দুখন তৰোৱাল লৈ ওলাই গ’ল৷

সিহঁতে গৈ থাকোঁতে গৈ থাকোঁতে এঠাইত ৰাতি পুৱাল৷ ভায়েক ককায়েকক ক’লে,

“ককাইদেউ, মোৰ বৰ পিয়াহ লাগিছে, ইয়াত ক’ৰবাত পানী পায় নে চোৱাঁচোন৷ পিয়াহত মোৰ অন্তেকণ্ঠে শুকাই নিছে; এটোপা পানী নাখালে মই আৰু যাবই নোৱাৰোঁ৷”

ককায়েক গছ এজোপাৰ ওপৰত উঠি চাৰিওফালে চাই অলপ দূৰৈত এখন নৈ দেখা পালে৷ তেতিয়া সি গছৰপৰা নামি আহি, ভায়েকক তাতে থাকিবলৈ কৈ পানী আনিবলৈ গ’ল৷

ককায়েকে গৈ নৈৰ কাষ পাওঁতেই দেখিলে যে বাটতে শুকুলী হাতী এজনী শুই আছে৷

সি হাতীজনীক ক’লে,

“হেৰ উঠ!

মোক বাট এৰি দে!

মোৰ ভাইটিৰ বৰ পিয়াহ লাগিছে, বেগতে মই পানী এটোপা আনি তাক খাবলৈ দিওঁ৷”

শুকুলী হাতীজনীয়ে উত্তৰ দিলে,

“কত বাটৰুৱা মানুহ মোৰ ওপৰেদিয়েই ডেই গৈছে, তুমিও যোৱাঁ, তুমি নো গ’লে কি হ’ল? মই উঠিব নোৱাৰোঁ, মোৰ বৰ ভাগৰ লাগিছে দেখি শুই আছোঁ৷”

হাতীৰ কথা শুনি ৰজাৰ বৰটো ল’ৰাই আগ-গুৰি নাভাবি হাতীজনী ডেই যাবলৈ বুলি তাইৰ পিঠিত ভৰি দিলতে হাতীজনীয়ে তাক পিঠিত লৈ থিয় হ’ল আৰু লৰি যাবলৈ ধৰিলে৷ বৰ কোঁৱৰে তাক পিঠিৰপৰা নমাই দিবলৈ হাতীজনীক ক’লে হে ক’লে, তথাপি হাতীয়ে ননমাই তাক লৈ গুচি গ’ল৷

সেই দেশৰ ৰজাজন দুদিনমানৰ আগেয়েই হঠাৎ ঢুকাইছিল৷ ৰজা অপুত্ৰক আছিল দেখি ৰাজপাটত বহিবলৈ কোনো নথকা বাবে পাত্ৰ-মন্ত্ৰী সভাসদ সকলে ভাল চাই ৰজাৰ ল’ৰা এজন বিচৰাই চাৰিওফালে মানুহ পঠিয়াইছিল৷ ৰজাৰ শুকুলী হাতীয়েও ৰজাৰ ল’ৰা বিচাৰি আহি সেইদৰে বাটতে পৰি আছিল৷ সেইদেখি তাই এই সৰ্ব্ব-সুলক্ষণীয়া ৰজাৰ ল’ৰাটি দেখি পিঠিত তুলি লৈ গুচি গ’ল৷

বৰকোঁৱৰে যেতিয়া দেখিলে যে হাতীজনীয়ে তাৰ কাকূতি-মিনতি একোলৈকে কাণ নিদি তাক লৈ গৈছে, নিৰুপায় হৈ তাৰ গাৰ চেলেং কাপোৰখন ডোখৰ ডোখৰকৈ ফালি তাৰে একোডোখৰ বাটে বাটে পেলাই যাবলৈ ধৰিলে,যাতে তাৰ ভায়েকে সেই চিনে চিনে গৈ তাৰ ওচৰ ওলাবগৈ পাৰে৷

শুকুলী হাতীয়ে বৰকোঁৱৰক লৈ গৈ ৰাজপাটত তুলি দিলত পাত্ৰ-মন্ত্ৰীসকলে তাক ৰজা পাতি সেৱা কৰিলে৷

ইফালে ভায়েকে বাট চাই চাই ককায়েকক নেদেখি ঘোঁৰাত উঠি বিচাৰি আগবাঢ়ি আহি নৈ পালেহি৷ নৈতে সি পানী খাই পিয়াহ গুচাই লৈ ককায়েকৰ চেলেঙৰ খুটুৰাবোৰ দেখি সেই চিনে চিনে গৈ ৰজাৰ নগৰ পালেগৈ৷ সি নগৰ সোমালতে ৰজাৰ চহিচে তাক ঘোঁৰা-চোৰ বুলি ধৰি ঘোঁৰাটো কাঢ়ি লৈ, তাক মাৰি-কিলাই খেদাই দিলে৷ সৰু কোঁৱৰে কান্দি-কাটি এজনী মালিনীৰ ঘৰত আশ্ৰয় ললেগৈ৷ মালিনীৰ তালৈ মৰম লাগি তাই খুৱাই-বুৱাই তাক ৰাখিলে৷

ইয়াৰ দিনচেৰেকৰ পিছত, সৰু কোঁৱৰে বাটত ফুৰোঁতে বামুণৰ গৰখীয়া ল’ৰা এটাই গধূলি অকলে গৰু লৈ অহা দেখি, হাতৰ লাখুটি ডালেৰে টাঙোন মাৰি গৰখীয়া ল’ৰাটো মাৰি গৰখীয়াৰ কাণৰ কেৰু জোৰ আৰু গাৰ কাপোৰখন সোলোকাই লৈ নিজে পিন্ধি গৰু লৈ বামুণৰ ঘৰত ওলালহি৷

গধূলি মুনি-চুনি বেলিকা সি বামুণৰ ঘৰৰ আগচোতাল পাই মাত লগালে, “আই, মোৰ জ্বৰ উঠিছে, গৰু কেইটা চাওক, মই শুই থাকোঁ৷”

এইবুলি সি ঘৰৰ চুকতে সোমাই শুই থাকিল৷ বামুণ-বামুণীয়ে খাই-বৈ শুলত ৰাতি উঠি সি বামুণৰ ঘৰত ক’ত কি কি বস্তু আছিল সোপাকে চাই ল’লে৷ সেইদেখি বামুণ-বামুণীয়ে তাক যিহকে আগৰ নিজৰ গৰখীয়া ভাবি যি বস্তুকে আনিবলৈ কয়, যিহকে কৰিবলৈ কয়, তাকে সি আনিব আৰু তাকে কৰিব পৰা হ’ল৷ সি যিটো বস্তু আনিব নোৱাৰিছিল, সেইটো সি বৰ জ্বৰৰ তাপত পাহৰিলো বুলি কৈ গা সাৰিছিল; আৰু হোজা বামুণীয়ে সেইদেখি তাক একো সন্দেহ নকৰিছিল৷

এদিন সি নৈত তাৰ গাটো ভালকৈ ঘঁহি-পিহি ধুবলৈ বুলি বামুণীক খুজি খাৰণী এটোপা লৈ গা ধুই আছিল; এনেতে ওচৰতে ৰজাৰ ঘাটত ৰজাৰ ভনীয়েকেও গা ধোৱে৷ সৰু কোঁৱৰে খাৰণী ঘঁহি নৈত গা ধুলত তাৰ গাটোৰ মলি গুচি বৰণ কেঁচা-সোণৰ বৰণ যেন হ’ল৷ ৰজাৰ ভনীয়েকে তাক তেনেকুৱা দেখি ৰজাৰ কোঁৱৰ বুলি চিনি পাই, পানীত বুৰ মাৰি আহি তাৰ কাণৰ কেৰুজোৰ চুৰ কৰি লৈ গ’ল, আৰু নিজৰ মনতে তাক স্বামী বুলি বৰিলে৷

ইয়াৰ পিছত গৰখীয়া সৰু কোঁৱৰ ঘৰলৈ আহিলত,

বামুণীয়ে তাৰ “কেৰুজোৰ কলৈ গ’ল”

বুলি তাক সুধিলত, সি “পানীত পৰি হেৰাল” বুলি কলে৷

কিছুমান দিনৰ মূৰত ৰজাই ভনীয়েকৰ সয়ম্বৰ পাতিলে৷ বামুণে গৰখীয়াক ক’লে,

“হেৰ আজি ৰজাৰ ভণীয়েকৰ সয়ম্বৰ, আহচোন আমিও চাবলৈ যাওঁহক৷”

এইবুলি বামুণ গৰখীয়াৰে সৈতে সেই সয়ম্বৰলৈ গ’ল৷ ৰজাৰ ভনীয়েকে সয়ম্বৰ সভালৈ আহিয়েই বামুণৰ গৰখীয়াক দেখি সেই তেওঁ গা ধোঁওতে দেখা ল’ৰাটোৱেই বুলি চিনি পাই তাৰ ডিঙিত মালা দিলে৷

দেশ-বিদেশৰ পৰা অহা আনবোৰ ৰাজকোঁৱৰে ৰজাৰ ভনীয়েকৰ পৰা মালা পাবলৈ আশা কৰি মুৰ দোঁৱাই থাকোঁতেই গ’ল৷ ৰজাৰ ভনীয়েকে গৰখীয়াৰ মূৰত মালা দি গৰখীয়াক স্বামী বৰা দেখি সকলোৱে লাজত তললৈ মূৰ কৰি ৰ’ল৷ আৰু ৰজাই বৰকৈ অপমান পাই ভনীয়েকক খেদাই দিলে৷

গৰখীয়া ল’ৰা ঘৈণীয়েকেৰে সৈতে হাবিৰ ফালে গুচি গৈ হাবিত ঘৰ এটা সাজি থাকিল৷ ইফালে ককায়েক ৰজাই ভায়েকৰ শোকত পাটীৰপৰা উঠিবই নোৱাৰা হ’ল৷ তেওঁৰ ভায়েকটি অৰ্থাৎ সৰু কোঁৱৰ দেখিবলৈ হৰিণা পহুটি যেন আছিল৷ আৰু ভনীয়েক অৰ্থাৎ তেওঁ যিজন ৰজাৰ ৰাজপাটত বহি ৰজা হৈছিল সেই ৰজাৰ জীয়েকেও(যাক গৰখীয়াই লৈ গ’ল)দেখিবলৈ এজনী হৰিণা পহু যেন আছিল৷ সেইদেখি তেওঁ এহাল হৰিণা পহু চাই থাকি মন জুৰাবলৈ ইচ্ছা কৰি পহু এহাল ধৰি আনিবলৈ হাবিলৈ মানুহ পঠিয়ালে৷ সেই মানুহৰে এজোৰা এদিন সৰু কোঁৱৰ তেওঁৰ ঘৈণীয়েকেৰে সৈতে থকা হাবিত ওলালগৈ৷ তেওঁলোক ক’ৰ মানুহ কিয় হাবিলৈ আহিছে বুলি সৰু কোঁৱৰে পহু বিচৰা মানুহজোৰাক সুধিলত সিহঁতে ক’লে যে আমাৰ ৰজাৰ বৰ নৰীয়া৷ সেইদেখি তেওঁ হৰিণাপহু চাবৰ মন কৰি এহাল হৰিণাপহু বিচাৰি লৈ যাবলৈ আমাক হাবিলৈ পঠিয়াইছে৷ সৰুকোঁৱৰৰ ঘৈণীয়েকে তেওঁৰ গিৰিয়েকৰ পৰা ককায়েক-ভায়েকৰ আঁতিগুৰি আৰু পিছৰ সকলো বৃত্তান্ত শুনি থৈছিল৷ সেইদেখি তেওঁ ৰজাকে গিৰিয়েকৰ সেই হেৰোৱা ককায়েক বুলি বুজিছিল৷ এতিয়া সুবিধা বুজি তেওঁ সেই মানুহজোৰাক ক’লে যে

“তোমালোক কাইলৈ পুৱাই ইয়ালৈ আহিবা, আমাৰ এহালি হৰিণাপহু আছে, আমি তাকে দিম৷”

এই কথা শুনি মানুহজোৰা উভতি গ’ল৷ ৰাতি পুৱালত মানুহজোৰাই আহি তেওঁলোকক হৰিণাপহু খুজিলত, তেওঁ সিহঁতক কলে, “তোমালোক আগ বাঢ়া আমি এতিয়া তোমালোকৰ পিছে পিছে হৰিণাপহু লৈ যাব লাগিছোঁ৷”

সৰুকোঁৱৰৰ ঘৈণীয়েকে বেশচন কৰি, আৰু গিৰিয়েকক মূৰে গায়ে কাপোৰ দি ঢাকি লৈ ৰজাৰ ঘৰ ওলালগৈ৷ তেওঁ গৈয়েই ৰজাৰ ওচৰ পাই ৰজাক ক’লে,

“মই হৰিণাপহু আনিছোঁ, এটা ঘৰৰ ভিতৰত এখন আঁৰ-কাপোৰ তৰাই দিয়ক আৰু ওচৰতে এটা চাকি লগোৱাই দিয়ক৷ মই আঁৰ-কাপোৰৰ ভিতৰত আষাৰ চেৰেক কথা কৈ স্বৰ্গদেৱৰ আগত পহু উলিয়াই দিম৷”

এইবুলি ক’লত ৰজাই সেইদৰেই দিহা কৰাই দিয়ালে৷ ইয়াৰ পিছত সৰু কোঁৱৰৰ ঘৈণীয়েকে আঁৰ-কাপোৰৰ ভিতৰত সোমাই চাকিটোক সম্বোধন কৰি কবলৈ ধৰিলে-

“শুনিছা বন্তি!-আই আছিল পাটমাদৈ, বোপাই আছিল ৰজা!

পাটৰ কাপোৰ ঘিণত নিপিন্ধিলোঁ, এতিয়া হঁলোহি প্ৰজা৷৷

এক এনেকৈ কুটীল মাহীয়ে এনেকৈ দিলে খেদি৷

এক এনেকৈ ৰাতিয়েই হালিয়ে ঘোৰাত আহিলো উঠি৷৷

এক এনেকৈ বাটত আহোঁতে ভাইৰ পিয়াহ লাগিলে৷

পানী বিচাৰি আহোঁতে ককাইক ভুৱা দি শুকুলী নিলে৷ ৷

এক এনেকৈ ওৰে বাটটোৱে ককায়ে চেলেং ফালে৷

এক এনেকৈ চিনে চিনে আহি ভায়েকে ওচৰ পালে৷৷

এক এনেকৈ ঘোঁৰা-চহিচে ঘোঁৰা-চোৰ বুলি ধৰি৷

এক এনেকৈ মাৰিকিলাই ঘোঁৰাটো ললে কাঢ়ি৷৷

এক এনেকৈ বামুণৰ ঘৰত গৰুৰ গৰখীয়া হ’লা৷

এক এনেকৈ সয়ম্বৰ পাই ডিঙিত পালে মালা৷৷

এক এনেকৈ হৰিণা বুলি টেকেলাই আনিছে ধৰি৷৷”

সৰু কোঁৱৰৰ ঘৈণীয়েকে বিনাই বিনাই এইখিনি গালতে ৰজাই একে চাবেই উঠি আঁৰ-কাপোৰৰ ভিতৰত সোমাল আৰু ভায়েকক দেখি চিনি পাই ডিঙিত গবা মাৰি ধৰিলে৷ ভনীয়েককো ৰজাই চিনি পাই ডিঙিত ধৰি হুক হুককৰে কান্দিবলৈ ধৰিলে৷ তেতিয়াই ৰজাৰ নৰীয়া ভাল হ’ল৷ ৰজাই তেতিয়া নগৰত ঢোল পিটি শুনাই দিলে যে আজিৰপৰা কোনো মানুহে বিদেশী মানুহক ৰজাৰ ওচৰলৈ ননাকৈ নামাৰিব নিকিলাব৷ ভায়েকক কিলাই যি চহিচটোৱে ঘোঁৰাটো কাঢ়ি লৈ গৈছিল তাক ধৰাই আনি চামতাৰে কোবাবলৈ আজ্ঞা দিলে৷ আৰু ভায়েকক উঠি ৰজা পাতি তেওঁ বহি-ৰজা হ’ল৷ ভণীয়েককো বৰ মৰম কৰি নিজৰ দোষ ক্ষমা মাগিলে৷

ইয়াৰ পিছত দুই ভায়েকে বাপেকৰে সৈতে দেখা কৰিবলৈ বাপেকৰ ৰাজ্যলৈ গ’ল৷ পুতেকহঁত ৰজা হৈ মহাপয়োভৰেৰে আহিছে শুনি বাপেকে বৰ ৰং পাই সিহঁতক সাদৰি সাদৰি নি ঘৰত সুমালে৷ মাহীয়েকেও বাহিৰে দেখুৱাই সিহঁতক তেতিয়া মৰম কৰিবলৈ ধৰিলে৷

গধূলি ৰজাই পুতেকহঁতেৰে সৈতে ভাত খাবলৈ বহিল৷ কিন্তু বৰটো ল’ৰাই বুজিছিল যে যদিও মাহীয়েকে তেওঁলোকক মুখেৰে মৰম কৰি আদৰ দেখুৱাইছে, আচলতে মাহীয়েকৰ বুকুত সাঁতকুৰা জুই জ্বলিছে৷ গতিকে মাহীয়েকে তেওঁলোকৰ অনিষ্ট কৰিবলৈ খুব যত্ন কৰিব৷ সেইদেখি ককায়েকে ভাত খাবলৈ যোৱাৰ আগতে ভায়েকক মনে মনে ক’লে,

“মই নকলে তুমি ভাতৰ গৰাহ মুখত নুতুলিবা৷”

ভাতৰ পাতত দুই ভায়েকে হাত দি বহি থকা দেখি বাপেকে তেওঁলোকক সুধিলে,

“কি হ’ল? ভাত নাখাৱহঁক কিয়?”

বৰ কোঁৱৰে ক’লে,

“দেউতা আমি ভাত খাব নোৱাৰো, ভাতত বিহ দিয়া আছে৷”

ৰজাই সেইটো ভয় মিছা বুলি উৰাই দিলত, ককায়েকে তাৰে এগৰাহ ভাত ওচৰতে থকা মেকুৰীজনীক খাবলৈ দিলত, মেকুৰীজনীয়ে ভাত গৰাহ খাই থিতাতে মৰি থাকিল৷ বাপেকে তেতিয়া কুঁৱৰীক কাটিবলৈ হুকুম দিলে৷

ইয়াৰ পিছত কিছুমান দিন বাপেকৰ ৰাজ্যতে দুই কোঁৱৰে মহাসুখে খাই-বৈ থাকি নিজৰ ৰাজ্যলৈ উভতি আহি ৰাজ্য পালন কৰিবলৈ ধৰিলে৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- ককাদেউতা আৰু নাতিল’ৰা

শেহতীয়া উন্নীতকৰণ: : 12/1/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate