অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নোমল আৰু সোণপাহী

নোমল আৰু সোণপাহী

এখন গাঁৱত এহাল মতা-মাইকী আছিল৷ মতাটোৰ নাম ৰূদাই আৰু মাইকীজনীৰ নাম ডাবহী৷ সিহঁতহাল বৰ মিলা-প্ৰীতিৰে ঘৰ-বাৰী কৰি আছিল৷ ঘৈণীয়েকে পুৱাই উঠি ঘৰ-চোতাল সাৰি-মছি বৰ পৰিষ্কাৰকৈ ৰাখি ৰন্ধা-বঢ়া কামত লাগে;

ইপিনে গিৰিয়েকটোৱেও সেইদৰে পুৱাতে উঠি বাহী-ঘৰ চিকুণাই বতৰৰ খেতিত লাগে৷ দুয়ো বহি-শুই নাথাকি মাইকীয়ে মাইকীৰ বন আৰু মতাই মতাৰ বন কৰি থাকে৷ বাৰীত সকলো বিধৰ শস্য ৰুই লৈছিল; আম, কঁঠাল, লেটেকু, পনিয়াল, পাণ, তামোল, টেঙা, কল আদি একো নোহোৱা নাছিল৷ হাঁহ, পাৰ, গৰু-গাই, ম’হ, ছাগলী সকলো ৰাখি দুয়ো সুখে-সন্তোষে গৃহবাস কৰিছিল৷ মুগা-এড়ি পুহি কাপোৰ কানিৰ ফালেও লেহেৰা নাছিল; কাৰণ মাইকীজনী বোৱা-কটাত বৰ পাৰ্গত আছিল৷ মুঠতে ক’বলৈ গ’লে ৰূদাইক তাৰ গাঁৱত চহকী বুলিব লাগে; তাৰ ভাতে-ভঁৰালে সম্পূৰ্ণ আছিল৷

সিহঁতহালৰ ছটা ল’ৰা হ’ল,-সিহঁতৰ নাম ৰহাই, ৰঙাই, ৰসাই, ৰঞ্জয়, ৰণু আৰু নোমল৷ ছোৱালী হোৱা নাছিল৷ সিহঁত কেউটাও মাক-বাপেকক দেখি বৰ বনুৱা হৈছিল৷ নোমল পেট-মোছা বাবে সকলোৰে মৰমৰ আছিল; সি ইকিটা ল’ৰাতকৈ দেখনিয়াৰও আছিল৷ সেইবাবে মাক-বাপেক আৰু ককায়েকহঁতে তাক বন-বাৰি কৰিবলৈ নিদি ৰজাৰ কোঁৱৰৰ দৰে তুলিছিল৷ মাক-বাপেকে ক্ৰমে পাচোঁটালৈ বিয়া কৰাই ছোৱালী আনিলে৷ বাপেকে নোমলৰ জোখাই ছোৱালী বিচাৰি অনেক গাঁৱলৈ গৈ শেহত সোণপাহী নামে ছোৱালী এটি পাই নোমললৈ বিয়া কৰালে৷ সোণপাহী যি সোণপাহীয়েই-নামত যেনে গুণতো তেনে৷ পাঁচোটা পুতেকে আৰু সিহঁতৰ ঘৈণীয়েকহঁতে ঘৰৰ বাজৰ সকলো ধন-বাৰি কৰি দোপত্‌দোপে ঘৰখন ওপৰলৈ তুলিলে৷ তেওঁলোকে নোমলক যেনেকৈ এডাল কুটা দুডাল কৰিবলৈ নিদি অতি আলসুৱা কৰিছিল সেইদৰে তাৰ ঘৈণীয়েক সোণপাহীকো শাহুৱেক আৰু জাক কিজনীয়ে মূৰৰ ফুলৰ দৰে ঘৰৰ ভিতৰত ৰাখিছিল; তাই মাথোন ৰোৱা-কটাত হে লাগিছিল; কাৰণ তাই এজনী তাঁত-সূতত বৰ কাজী আছিল৷

লাহে লাহে ৰুদাই-ডাবহী পো-বোৱাৰী নাতি-পুতিৰে একুৰি ষোল্লটা হ’ল৷ এনে স্থলত মানুহে ভাবিব পাৰে যে ৰুদাই-ডাবহীয়ে ৰজা-ৰাণীৰ দৰে বহি থাকি পো-বোৱাৰীৰ ওপৰত খাবলৈ ধৰিলে; কিন্তু ৰুদাই-ডাবহী তেনে বিধৰ মানুহ নাছিল৷ বয়স হৈছিলো বুলিও সিহঁতে আগৰ দুখ কৰা স্বভাৱ এৰা নাছিল৷ সকলো কামতে বুঢ়া-বুঢ়ী হে আগ, ডেকা গাভৰুসকল তেওঁলোকৰ পাছে পাছে হে গৈছিল৷ এদিন ৰুদায়ে হাঁহ-পাৰ মৰাই ৰৌ-চিতল অনাই, গাখীৰ-গুড় গোটাই ল’ৰাকিটাৰে দেখা-শুনাকৈ সুন্দৰ ৰূপে ভাত এসাঁজ খাবৰ আয়োজন কৰি ঘৈণীয়েকক ৰান্ধিবলৈ দিলে৷ ঘৈণীয়েকৰ নানা ৰকমৰ মচলা দি ভজা-পোৰা মাছ-মঙহ, মাহ, আদখৰীয়া, টেঙাদিয়া আদি সুন্দৰৰূপে ৰান্ধি ৰুদাই আৰু পুতেকহঁতক খুৱাই, শেহত বোৱাৰীয়েকহঁতৰ লগত নিজে খালে৷ ইপিনে ৰুদায়ে চ’ৰাঘৰত বহি তামোলৰ বঁটা আগত লৈ সকলোটিকে গোটাই সুধিলে,

“বোপাহঁত! মই আজি কিয় এইদৰে ভোজ খালোঁ, তহঁতে ইয়াৰ কিবা জাননে?”

সিহঁতে ক’লে,

“পিতাদেউ!আমি ইয়াৰ একো সম্ভেদ নাপাওঁ;আপুনি ক’লেহে জানিব পাৰিমহঁক৷”

ৰুদায়ে ক’লে,

“মই তহঁতক যি সুধিম সেই কথা ভালকৈ গমি সঁচা কবি৷ বোপা ৰহাই, কচোন বাৰু, তই কাৰ যহত নো চাউল-কঠা খাইছ?”

সি ক’লে,

“পিতা! মই ঠিককৈ কৈছোঁ, আপোনাৰ যহত হে খাইছোঁ৷”

এইদৰে তাৰ পিছৰ চাৰিটাক সুধিলত সিহঁতেও ৰহায়ে কোৱা কথাকে ক’লে৷ সেই উত্তৰত ৰুদায়ে বৰ সন্তোষ পালে৷ শেহত নুমলীয়া পুতেক নোমলক ৰুদায়ে সুধিলে,

“বোপা!তই কচোন, কাৰ বলত নো চাউল-কঠা খাইছ?”

নোমলে একে আষাৰে কৈ উঠিল,

“পিতাদেউ, কোনে কাৰ বলত নো খাব পাৰে? সকলোৱে আপোন বলতহে খায়৷”

তাৰ ঘৈণীয়েক সোণপাহীয়েও গিৰিয়েকে কোৱা কথাকে ক’লে৷ তেতিয়া ৰুদাইৰ মূৰত বজ্ৰপাত হোৱাৰ দৰে হৈ সি কিছুমান পৰ তবধ লাগি থাকি বৰ বেজাৰেৰে ডাবহীৰ ফালে চাই ক’লে,

“হেৰ! ভাল পো ফুকাইছিলি !আৰু ভাল পোলৈ ভাল বোৱাৰী বাছি বাছি আনিছিলি !ইহঁতে হালে হেনো আপোন বলতহে খাইছে ! সিহঁতক আমি লেদেনা উকটি ডাঙৰ-দীঘল মিছাতেহে কৰিলোঁ৷ এতেকে হেৰ বোপা নোমল৷ তই এতিয়াই ঘৈণীয়েৰৰ সৈতে মোৰ ঘৰৰপৰা ওলাই যা, আৰু এখন্তেকো তহঁতৰ মুখ চাব নোখোজোঁ৷ তহঁত বৰ অগুণকাৰী! অতি অকৃতজ্ঞ!!”

বাপেকৰ হুকুম শুনি সিহঁত পিন্ধি থকা সাজেৰেই বাহিৰ হ’ল৷ মাক আৰু ককায়েকহঁতে সেইপিনে মৰা-মুছা হৈ থাকি সিহঁতক একো হকা-বধা নিদি যাবলৈ দিলে, কাৰণ ভাবিছিল সিহঁত ক’লৈ যাব?এতিয়াই উভতি আহিব৷

নোমল সোণপাহী ঘৰৰ বাহিৰ ওলাই বাট পালেগৈ; এনেতে নোমলে ঘৈণীয়েকক ক’লে,

“তুমি কোনো দিন ঘৰৰ ভিতৰৰপৰা বাহিৰ ওলোৱা নাছিলা, দুখ কাক বোলে তাক নাজানা৷ মই কবলৈ হ’লে তুমি তোমাৰ মাৰা-বাপেৰাৰ ঘৰলৈকে যোৱাঁ৷ মই মতা মানুহ, মোলৈ একো চিন্তা নকৰিবা৷ ভালে কুশলে থাকিলে দুইৰো পুনৰ দেখাদেখি হব৷”

সোণপাহীয়ে চকুলো টুকি ক’লে-

“বোপাই আয়ে মোক তোমাৰ চৰণৰ তলত মৰিবলৈ বুলিয়েই দিলে, এতিয়া তোমাৰ যি গতি মোৰো সেয়ে গতি৷ এনে সঙ্কটত মই তোমাক এৰি যাব নোৱাৰোঁ৷”

নোমলে বোলে,

“ক’ত হাবিয়ে-বননিয়ে দেশে-বিদেশে মই ফুৰিব লাগিব, তুমি মোৰ সহায় নহৈ মহা বিপদ হে ঘটাবা৷ এতেকে মই আকৌ তোমাক কৈছোঁ, তুমি মাৰা-বাপেৰাৰ ঘৰলৈ গৈ সুখেৰে থাকাগৈ৷”

সোণপাহীয়ে বোলে

“তোমাৰ লগত থাকি তোমাৰ শুশ্ৰুষা কৰিবলৈ পালে মোৰ মনত অৰণ্যই অমৰাৱতী; মোৰ নিমিত্তে তুমি একো ভাবিব নালাগে; তুমি যি খোৱা ময়ো তাকে খাম, তুমি য’ত শোৱা ময়ো তাতে শুম৷ মাথোন তোমাৰ দৰ্শন পাই থাকিলেই মোৰ সন্তোষ আৰু সেই সন্তোষ অন্য কোনো ঠাইতে পাব নোৱাৰোঁ৷”

নোমলে অনেক বুজালে তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে আৰু বুজালে তথাপি সোণপাহীৰ মন ঘূৰাব নোৱাৰিলে৷ শেহত সি আন উপায় নেদেখি ঘৈণীয়েকক লগত নিয়াই যুগুত ভাবি দুয়ো খোজ ল’লে; কিন্তু ক’লৈ কি মনেৰে একো থিৰ নাই৷

এইদৰে হাবিয়ে হাবিয়ে অকলশৰে মতা-মাইকীহাল গৈ বেলি পৰিবৰ সময়ত নৈ এখনৰ পাৰত থকা বৰগছ এজোপাৰ তলত বহিলগৈ৷ বহা মাত্ৰকে নোমলৰ টোপনি আহিল৷ সোণপাহীয়ে নৈত হাত-মুখ ধুবলৈ গৈ মানুহৰ খোজ দেখা পাই খোজৰ চিনে চিনে গৈ নৈৰ দাঁতিৰ হাবিৰ মাজত ঘৰ এটা পালেগৈ৷ তাতে বুঢ়া-বুঢ়ী এহাল থাকে৷ তাত সিহঁতে মাটি ভাঙি খেতি পথাৰ কৰি খাই বৈ আছে৷ এনেতে বুঢ়ীয়ে ঘৰৰ বাহিৰলৈ ওলাই সোণপাহীক দেখি ঠৰ লাগি ৰ’ল, আৰু হাতযোৰ কৰি ক’বলৈ ধৰিলে,

“হেৰি বনৰ মাতৃ!আপুনি কিয় দৰ্শন দিছেহি? আমি নিৰাশ্ৰয় বুঢ়া-বুঢ়ী হাবিৰ মাজত পৰি আছোঁ৷ আপোনাক কি দি সন্তোষ লগাম!”

সোণপাহীয়ে লাহেকৈ মাত লগালে,

“আই, মই দেও ভূত একো নহওঁ, ভয় নাখাব, মানুহৰ পোৱালী হে; গিৰিহঁতেৰে সৈতে আহি এমাহমান হাবিয়ে হাবিয়ে ফলমূল খাই আহি বৰগছজোপাৰ তলত জিৰাওঁতে, গিৰিহঁতৰ ভোকে ভাগৰে তাতে টোপনি আহিল; মই নৈত হাত-মুখ ধুবলৈ আহোঁতে মানুহৰ খোজ দেখি চিনে চিনে আহি এইখিনি পাইছোঁহি৷ খাবৰ কিবা আছে যদি অলপ দি আমাৰ প্ৰাণৰক্ষা কৰক৷”

বুঢ়ীয়ে অতি সুন্দৰী গাভৰু ছোৱালীটি দেখি তাইলৈ মৰম লাগি তাইক ঘৰৰ ভিতৰলৈ মাতি নি বহুৱালে; আৰু ক’লে,

“আমাৰও কেও-কিছু নাই৷ আমাক বইবস্তু ভাতে-ভঁৰালে ঈশ্বৰে সকলো দিছে; কিন্তু আমাৰ অবিহনে খাওঁতা হে নিদিলে৷ এতিয়া তোমালোকো নিৰাশ্ৰয় হৈ আহিছা, এতেকে আমাৰ লগতে থাকা, একো দুখ নোপোৱা৷”

সোণপাহীয়ে ক’লে,

“সেইবোৰ কথা পিছে পাতিম, সম্প্ৰতি জা-জলপান এটা দিয়ক মই লৈ গৈ গিৰিহঁতক খুৱাওঁ৷ তেওঁ ভোকত লালকাল হৈ পৰি আছে৷”

বুঢ়ীয়ে লৰালৰি কৰি জলপান এটা যতাই সোণপাহীৰ হাতত দিলত সোণপাহীয়ে লৈ গৈ গিৰিয়েকক জগাই খুৱাই বুঢ়ীয়ে কোৱা কথাবোৰ ক’লে৷ তেতিয়া নোমল-সোণপাহী দুয়ো বুঢ়া-বুঢ়ীৰ ঘৰত ওলালহি৷ বুঢ়া-বুঢ়ীয়ে দুইকো আঁকোৱাল মাৰি ধৰি ক’লে,

“তোমালোকক ইয়ালৈ ঈশ্বৰে পঠাইছে৷ তোমালোকেই আমাৰ ল’ৰা-ছোৱালী হ’লা, আৰু তোমালোকেই আমাৰ মুখত পানী এটোপা দি মাৰিবা বুলি আশা কৰিলোঁ৷”

বহি শুই আমনি লাগি সোণপাহীয়ে এদিন বুঢ়াক ক’লে যে তেওঁ বব-কাটিব জানে, এতেকে তাঁত ববলৈ ঘৰ এটা সাজি দিব লাগে৷ বুঢ়াই পাছদিনাই তাঁতৰ ঘৰ সাজি দি বুঢ়ীৰ তাঁতশাল জোৰকে সোণপাহীক দিলে৷ সোণপাহীয়ে তাঁত বাটি কৰি এখন অপূৰ্ব্ব পাটৰ কাপোৰ লগালে৷ কাপোৰখন ছমাহে বৈ এটালে আৰু তাক বাঁহৰ চুঙা এটাত সুমাই থলে৷ বাৰিষা হ’লে সেইখন নৈয়েদি দুখন এখন বেহেৰুৱা নাও সেইপিনে যায়; সেই বাৰো এখন আহি সিঁহতৰ নাও সেইপিনে যায়; সেই বাৰো এখন আহি সিহঁতৰ ঘাটতে বান্ধিলে৷ তেতিয়া সোণপাহীয়ে নোমলক ক’লে যে

“কাপোৰখন লৈ গৈ ৰজাক বেচিলে ভাল দাম পোৱা যাব৷ এতেকে এই নাৱতে উঠি মুদৈৰ লগত যোৱা, নাঁৱৰ যি ভেৰোণ লাগিব কাপোৰ বেচি ধন পালে পিছত তাক দিবা৷”

ঘৈণীয়েকৰ কথামতে নোমলে মুদৈক ক’লত মুদৈয়ে তাতে সন্মত হৈ নোমলক নাঁৱত তুলি ল’লে৷

ৰজাৰ নগৰ তাৰপৰা তিনি দিন তিনি ৰাতিয়ে পোৱা যায়৷ নগৰ পাই ঘাটত নাঁও বান্ধিলত ভাত-পানী খাই-বৈ নোমল ৰজা ঘৰলৈ গ’ল;

কিন্তু ৰজাঘৰৰ আওভাও নজনা গতিকে সি তিনি দিন অহা-যোৱা হে কৰিলে৷ শেহত তাৰ ওপৰত ৰাজবিষয়া এজনৰ চকু পৰিলত নোমলক তেওঁ মতাই নি সি ক’ৰপৰা আহিছে, কি লাগে বুলি সুধিলে৷ তেতিয়া নোমলে ৰাজযোগ্য কাপোৰ এখন বেচিবলৈ আনিছোঁ বুলি ক’লত তাক তেওঁ ৰজাৰ ওচৰলৈ লৈ গ’ল৷ ৰজাই কাপোৰখন দেখি সুধিলে,

“কাপোৰ কোনে বৈছিল?”

নোমলে বোলে

“কাপোৰ কোনে বৈছিল মই কব নোৱাৰোঁ; মাথোন বোপাইৰ সম্পত্তি ভাগ কৰোঁতে মোৰ ভাগত মই সেই কাপোৰখন পাইছিলোঁ৷”

তেতিয়া ৰজাই কাপোৰখন লৈ তাক সোণ এচৰু আৰু ৰূপ এচৰু দি বিদায় দিলে৷ নোমলৰ ৰজাৰ নগৰ চাবলৈ দিনাদয়েক তাতে থাকিল৷

ৰজাই কাপোৰ কিনোতে যুৱৰাজ সভাতে আছিল৷ তেওঁ কাপোৰখন দেখি ভাবিলে যে শিপিনীজনী কি মাৰাত্মক মাইকী৷ নোমলে শিপিনীৰ কথা ক’ব নোৱাৰে বুলি কৈছে জানি যুৱৰাজে নাৱৰীয়াক মতাই আনি অলপ বঁটা দি মনে মনে সুধিলত নাৱৰীয়াই ক’লে যে নোমলৰ ঘৈণীয়েকেই সেই কাপোৰ বৈছে৷ তেতিয়া যুৱৰাজে তাক ক’লে,

“সেই মানুহজনী মোক আনি দিব পাৰিলে তোক উপযুক্ত বঁটা দিম৷”

নাৱৰীয়াই, সোণপাহীয়ে নোমলক আহিবৰ সময়ত আঙঠি এটা দি যি কথা কৈছিল সেই কথা শুনি আছিল; সেইদেখি এতিয়া যুৱৰাজক ক’লে, যে সেই আঙঠিটো নোমলৰ হাতৰপৰা আনি তাক দিলেই সি সোণপাহীক আনি দিব পাৰিব৷ ৰজাৰ ল’ৰাই অনেক প্ৰৱন্ধ কৰি নোমলৰ হাতৰপৰা আঙঠি নাৱৰীয়াক দি সোণপাহীক আনিবলৈ পঠিয়াই দিলে৷

নাৱৰীয়াই গৈ সোণপাহীক আঙঠি দিলত তাই জানিলে যে গিৰিয়েকৰ কিবা হৈছে৷ এতেকে বুঢ়া-বুঢ়ীৰ ওচৰত বিদায় লৈ তাই নাৱৰীয়াৰ লগত নাৱত উঠি গ’ল৷ ইপিনে নোমলেও ৰজাৰ নগৰ চাই অঁতাই নাঁও মেলি দিলে৷ সোণপাহী গৈ ৰজাৰ নগৰ পালত তাইক যুৱৰজাৰ ওচৰলৈ লৈ যোৱা হ’ল৷ যুৱৰাজে তাইৰ ৰূপ দেখি মোহ গৈ ক’লে,

“হেৰা গাভৰু! তুমি ভিকহুৰ যোগ্য বস্তু নোহোৱা!৷ তুমি ৰজাৰ যোগ্য হে; এতেকে মোৰ লগত মহাসুখে থাকা৷”

সোণপাহীয়ে তেতিয়া ঠগত পৰিলোঁ বুলি জানি কি কৰিম ক’লৈ যাম লগাই, পিছত ধৈৰ্য্য ধৰি সতীত্ব ৰাখিবৰ নিমিত্তে ঈশ্বৰৰ চৰণত শৰণ লৈ ক’লে,

“যুৱৰাজ!মই আপোনাৰ বেটীৰ যোগ্যও নহওঁ, তদুপৰি এজনৰ বিবাহিতা তিৰুতা৷ এতেকে পৰস্ত্ৰীলৈ চকু দিয়া আপোনাৰ উচিত কাম নহয়৷”

যুৱৰাজে সেইবোৰ যুক্তিলৈ আওকাণ কৰি সোণপাহীক হাতত ধৰি নি নিজৰ কোঠালিত সুমালেগৈ৷ তেতিয়া সোণপাহীয়ে ধৈৰ্য্য ধৰি কুহুলিয়াই কুহুলিয়াই তেওঁৰপৰা নোমলৰ কথাবোৰ জানি ল’লে৷ সোণপাহীয়ে লগত দৰব-জাতি লৈ আহিছিল; তাৰে দৰবৰ তেল যুৱৰাজৰ গাত ঘঁহি দিয়াত যুৱৰাজৰ দুৰ্ঘোৰ টোপনি আহিল৷ সোণপাহীয়ে দুপৰ নিশাৰ পাছত লাহেকৈ খিড়িকী মেলি বাহিৰলৈ ওলাল; কিন্তু বাটৰ একো দিহা নজনা বাবে পিৰালিতে মনে মনে বহি থাকিল৷ শেষপৰ নিশাত চোৰ সাতোটাই চুৰ কৰিবলৈ তালৈকে আহিছিল৷ সিহঁতক দেখি সোণপাহীয়ে সিহঁতৰ ফালে আগবাঢ়ি গ’ল৷ চোৰহতে সিহঁতক কোনোবাই ধৰিবলৈ অহা ভাবি বিম্বাশবদে লৰ মাৰিলে৷ সোণপাহীও সিহঁতৰ পাছে পাছে লৰি গ’ল৷ পুৱতি নিশা হ’লত চোৰহঁতে উভতি চাই দেখে যে মতা মানুহ নহয়; এজনী দিপ্‌লিপ গাভৰুহে৷ তেতিয়া সিহঁত সাতোটাই উভতি এটাই বোলে মই নিওঁ, ইটোৱে বোলে মই নিওঁ, সিটোৱে বোলে মই নিওঁ, এই বুলি তাইক কঢ়া-আজোৰা লগালে৷ সোণপাহীয়ে অলপো ভয় নাখাই সিহঁতক ক’লে,

“তহঁতে মিছাতে দন্দ-হাই কৰি মৰিছ কেলৈ? মই কওঁ শুন,-কেউটাই লৰ মাৰি গৈ সৌ ৰিণিকি ৰিণিকি দেখা বৰগছজোপা যেয়ে আগেয়ে ছুৰি মই তালৈকে যাম৷”

সিহঁত সেই কথাত মান্তি হৈ লৰ মাৰিলে৷ ইপিনে সোণপাহী সাউত কৰে হাবিৰ মাজত সোমাই পলাল৷ সিফালে ৰজাৰ ল’ৰাই সাৰ পাই দেখে যে সোণপাহী নাই৷ তেতিয়া চাৰিওফালে তেওঁ পিত-পিতকৈ বিচাৰিও সোণপাহীক নাপাই নাও লৈ বিচাৰি ওলাল৷ চোৰহঁতেও উভতি আহি মাইকীজনীক নাপাই তাই সিহঁতক ইমান ফাঁকি দিলে বুলি নিজকে ধিক্কাৰ দি নাঁও লৈ তাইক বিচাৰি ওলাল৷

গিৰিয়েক নোমলে বুঢ়া-বুঢ়ীৰ ঘৰ পাই দেখে যে সোণপাহীও নাই, বুঢ়া-বুঢ়ীও নাই৷ ঘৰ-বাৰী নি:পাল৷ সোণপাহী নাৱৰীয়াৰ লগত যোৱাৰ পাছদিনাই হাইজা হৈ বুঢ়া-বুঢ়ী হালিয়েই মৰি আছে৷ নোমলে কান্দি-কাটি ঘৈণীয়েকক বিচাৰি সেই নাৱতে আকৌ উঠিল৷

ইপিনে সোণপাহীয়ে হাবিয়ে হাবিয়ে গৈ গৈ এখন নৈৰ পাৰত ওলাই দেখে যে মুদৈ এটাই নাৱৰ পৰা নামি ধপাত খাই বালিতে বহি আছে আৰু নাৱৰীয়াকিটা নাৱৰ ভিতৰত শুই আছে৷ মুদৈয়ে ঘূৰি চাই দেখে যে এজনী চিকুণ গাভৰু ছোৱালী৷ তাইক সি সুধিলে

“তুমি কোন? এনে অৱস্থাৰে হাবিৰ মাজত কিয় ফুৰিছা?”

তাই ক’লে,

“মই অনাথিনী, মোৰ গিৰিহঁতক বিচাৰি ফুৰিছোঁ৷”

মুদৈয়ে ক’লে,

“তেন্তে ভালেই হ’ল; মোৰ নাৱত বলা, মোৰে সৈতে গৃহবাস কৰি থাকিবা৷”

সোণপাহিয়ে ভাবিলে, আৰু অকলশৰে হাবিয়ে হাবিয়ে ফুৰা বৰ টান; এতেকে মুদৈয়ে ক’লে যে তাইৰ ব্ৰত এটা আছে, সেই ব্ৰতৰ কাৰণে উপহাৰ বস্তু গোটাই আনি দি যেয়ে কাৰ্য্য কৰাই দিয়াব তাই তেওঁলৈকে যাব, এই বুলি অঙ্গীকাৰ কৰা আছে৷ মুদৈয়ে ক’লে,

“সেইটো একো টান কথা নহয়; মই এতিয়াই মানুহ এটা লৈ গাঁৱলৈ যাওঁ, গধূলিকৈ ঘূৰি আহিম, তুমি নাৱতে থাকা৷”

মুদৈ গ’লত সোণপাহীয়ে নাৱত সোমাই দেখিলে যে মুদৈটো ডকাইত, তাৰ নানাৰকমৰ সাজ-পাৰ আছে৷ তাই তাৰে এটা উলিয়াই পিন্ধি, নাৱৰীয়াকেইটা শুই উঠিলত সিহঁতক নাও মেলি দিবলৈ ক’লে৷ সিহঁতে ভাবিলে যে মুদৈয়ে হে নাও মেলিবলৈ কৈছে৷ গধূলি মুদৈ আহি ঘাটত নাও নাপাই, মাইকী এজনীয়ে তাক ইমান ছল কৰিলে বুলি জানি মূৰে-কপালে হাত দি বহিল৷ কিছুপৰ সি এইদৰে থাকি অইন এখন বেহেৰুৱা নাৱত উঠি সোণপাহীক বিচাৰি ওলাল৷

ইপিনে সোণপাহীয়ে মতাৰ সাজ পিন্ধি মুদৈৰ ভাও জুৰি নাৱেদি ভটীয়াই এক ৰজাৰ নগৰ পালেগৈ আৰু ৰজাৰ ঘাটত নাও বন্ধালে৷ সেই দেশত এজন ৰজা আৰু তেওঁৰ এজনী ভনীয়েক আছিল৷ সোণপাহীয়ে নিজকে আন দেশৰ ৰজাৰ কুমাৰ বুলি প্ৰচাৰ কৰি মাজে সময়ে ৰজাৰ লগত দেখা কৰিবলৈ গৈছিল৷ পাছে ক্ৰমে ভাওজোৰা ৰাজকুমাৰেৰে সৈতে ৰজাৰ বৰ বন্ধুতা হ’ল৷ তাতে সেই দেশৰ ৰজাই তেওঁৰ ভনীয়েকটীক ৰাজকুমাৰলৈ বিয়া দিবৰ প্ৰস্তাৱ কৰিলে৷ ভাও জোৰা ৰাজকুমাৰ সন্মত হোৱাত মহাসমাৰোহেৰে বিয়া হৈ গ’ল৷ তেওঁলোক থাকিবৰ নিমিত্তে উপযুক্ত ঘৰ-দুৱাৰ সজাই দিয়া হ’ল৷ ৰাতি হ’লত ৰজাৰ ভনীয়েকক ক’লে,

“বুজিছা নে মই তোমাক কথা এটা ক’ব খোজোঁ, তুমি প্ৰকাশ নকৰোঁ বুলি শপত খালে কব পাৰোঁ৷”

ৰজাৰ ভনীয়েকে কাকো নকওঁ বুলি তেতিয়াই শপত খালত সোণপাহীয়ে ক’লে যে তেওঁ মাইকী৷ স্বামীক হেৰুৱাই বিপদত পৰি পুৰুষৰ সাজ পিন্ধি কোনোমতে তেওঁ পৰিত্ৰাণ পাইছে৷

“এতিয়া আমি যি আছোঁ সেয়ে থাকোঁ৷ মোৰ স্বামীও অতি সুশ্ৰী সুবেশ; তেওঁক বিচাৰি উলিয়াবলৈ আমি দুয়ো বিশেষ যত্ন কৰিব লাগে৷”

এইদৰে দুইও পৰামৰ্শ কৰি হুবহু সোণপাহীৰ নিচিনা মাটিৰ মূৰ্ত্তি এটা কৰাই, সাজপাৰ পিন্ধাই নাও বন্ধা ঘাটত থোৱাই পহৰীয়া ৰাখি পহৰীয়াক ক’লে যে, যি যি মানুহে মূৰ্ত্তিটোৰ ওচৰলৈ আহি মূৰ্ত্তিটোক ধৰি দুখ-বেজাৰ কৰে সেই সেই মানুহক তেওঁলোকৰ ওচৰলৈ লৈ যাব৷ ইয়াৰ কিছুদিনৰ পাছত সেই যুৱৰাজে ঘাটত নাও লগাই মূৰ্ত্তিটো দেখি চকুৰ লো টোকা দেখি পহৰীয়াই সোণপাহীৰ ওচৰলৈ তেওঁক লৈ আহিল৷ সোণপাহীয়ে তেওঁক বন্দীশালত নি পৃথক ঘৰত থ’বলৈ ক’লে আৰু দুখ কৰিবলৈ নিদি বহুৱাই থৈ মজলীয়াৰূপে খুৱাই-বুৱাই ৰাখিবলৈ দিলে৷ তাৰ পাছত চোৰ সাতোটাক আনি দিলত সিহঁতক নি খচি বন কৰাবলৈ আৰু কৰ্দয্যৰূপে খুৱাই বন্দীশালত থবলৈ তেওঁ ক’লে৷ ইয়াৰ কিছুদিনৰ পিছত সদাগৰ পালেহি৷ তাকো আনি হাজিৰ কৰিলত ৰজাৰ ল’ৰাৰ দৰে পৃথক ঘৰত ৰাখি বনবাৰী কৰাবলৈ সোণপাহীয়ে ক’লে৷ এইদৰে এমাহমানৰ পিছত ফকীৰৰ বেশেৰে মানুহ এটা লৰমাৰি আহি মূৰ্ত্তিটোৰ ওচৰত ঢাঁচ কৰে পৰি মুচ্ কচ্ গ’ল৷  পহৰীয়াই তাক সেই অৱস্থাৰে দাং-দোলাকৈ নি সোণপাহীৰ আগত উলিয়ালেগৈ৷ তেওঁ ততালিকে তাক চিনি পাই ভিতৰলৈ নিয়াই নিজে অনেক যত্ন কৰি সজ্ঞান কৰালে আৰু উত্তমৰূপে সেৱা-শুশ্ৰুষা কৰাই খাবলৈ শুবলৈ দি বিশেষ তদাৰক কৰিলে৷ সোণপাহীয়ে নিত্যে সেই মানুহটোৰ ওচৰত বহি তেওঁৰ কথাবোৰ খুচৰি উলিয়াই শুনি থাকে৷ ফকীৰে মাথোন মাজে মাজে দীঘল হুমমিয়াহ কাঢ়ি চকুলো টোকে;-নোমলেই যে সেইবোৰ কথা সোণপাহীকে কৈছে সেই কথা নোমলে জনা নাই; কাৰণ সময়ে দুইৰো অৱস্থাৰ পৰিৱৰ্ত্তন কৰিলে৷ সোণপাহীয়ে মনে মনে ৰজাৰ ভনীয়েকক ক’লে,

“এয়ে মোৰ হেৰোৱা স্বামী; যাক ধৰাবৰ নিমিত্তে এই বুধি সজা হৈছিল৷”

তেতিয়া দুয়ো নানা প্ৰকাৰে নোমলৰ সেৱা-শুশ্ৰুষা কৰিবলৈ ধৰি তাৰ গা অনেক গুণে ভাল কৰালে৷

পাছে এদিন সভা পাতি ভাও জোৰা ৰাজকুমাৰ সিংহাসনত বহি ৰজাৰ ভনীয়েকক নিজৰ বাওঁফালে বহুৱাই পাত্ৰ-মন্ত্ৰীক মাতি সভা কিয় পতা হৈছে কৈ পোনতে বন্দীশালৰপৰা যুৱৰাজক আনিবলৈ কোটোৱালক পাচিলে৷ যুৱৰাজক আনিলত তেওঁ কি বাবে মূৰ্ত্তিৰ ওচৰলৈ আহি বেজাৰ কৰি মূৰ্ত্তি ছুইছিল তাৰ কাৰণ সোধা হ’ল৷ যুৱৰাজে ক’লে যে

“মই অমুক দেশৰ ৰজাৰ ল’ৰা, মোৰ তিৰোতা ৰাতি পাটীৰপৰা নাইকীয়া হোৱাত মই দেশে-বিদেশে বিচাৰি ফুৰি, সেই মূৰ্ত্তিটো মোৰ তিৰোতাৰ নিচিনা দেখি তাৰ ওচৰলৈ গৈছিলোঁ, মূৰ্ত্তি বুলি জনা নাছিলোঁ৷”

সোণপাহীয়ে ক’লে বোলে

“তোমাৰ প্ৰকৃত বিবাহিতা তিৰুতা হোৱা হ’লে তেওঁ তোমাক নেৰিলেহেঁতেন৷ তুমি ভাওনা কৰি সঁচা কথা গোপন কৰিছা৷ যদি তোমাৰ নিৰাপদে স্বদেশলৈ যাবৰ মন আছে তেন্তে তুমি সকলো কথা সভাৰ আগত ভাঙি কব লাগে৷”

যুৱৰাজে কিছুমান পৰ টভক মাৰি থাকি সোণপাহীক কেনেকৈ অনাইছিল, কেনেকৈ তাই অন্তৰ্দ্ধান হ’ল সকলো আগগুৰি ভাঙি ক’লত সভাসদসকলে সোণপাহীক আচল সতী বুলি শলাগি ৰজা-ল’ৰাক কিছু সজ-গৰিহণা কৰি বাট-খৰচা দি নিজৰ দেশলৈ যাবলৈ এৰি দিলে৷ তাৰ পাছত ডকাইতকিটাক সভালৈ আনিলে৷ সিহঁতেও কেৰ্ জেৰ্ কৰি সঁচা কথা ক’লত সিহঁতক চমতা মৰাই এৰি দিলে৷ শেহত সদাগৰক আনি সকলো কথা সুধি উলিয়াই পৰস্ত্ৰীত বিশ্বাস কৰা বাবে যথেষ্ট শাস্তি হ’ল বুলি বিদায় দিলে৷ সেইদিনা গধূলি সোণপাহীয়ে আগৰদৰে কাপোৰ-কানি পিন্ধি নোমলৰ গুৰিলৈ গ’ল; নোমলে সোণপাহীক দেখি সাবট মাৰি ধৰি হুক্ হুক্ কৰে কান্দিবলৈ ধৰিলে আৰু দুয়ো দুইৰো কথা কৈয়ে ৰাতিটো কটালে৷ পাছদিনা সোণপাহীয়ে নোমলেৰে সৈতে ৰজাৰ ওচৰলৈ গৈ সকলো বৃত্তান্ত কোৱাত ৰজাই সোণপাহীৰ সাহস আৰু বুদ্ধিক নথৈ শলাগিলে আৰু নিজৰ ভনীয়েকক নোমললৈ ৰীতিমতে বিয়া দিলে৷

এইদৰে নোমল আৰু সোণপাহী সেই ৰাজ্যত থাকোতে অন্য এখন দেশৰ ৰাজবংশ লোপ হৈ ৰাজপাট খালি হ’লত পাত্ৰ-মন্ত্ৰী সভাসদসকলে উপযুক্ত ৰাজকোঁৱৰ এটি বিচৰাই দেশে দেশে মানুহ পঠালে৷ সেই ৰজাৰ ওচৰলৈকো মানুহ আহিছিল৷ ৰজাই নোমলকে ৰজা পাতিবলৈ লেখি পঠালে৷ তেতিয়া সকলোৱে নোমলক দুইজন কোঁৱৰাৰে নি সেই ৰাজ্যৰ সিংহাসনত বহুৱাই আঁঠু ল’লে৷

ইপিনে ৰুদাই-ডাবহী, নোমল-সোণপাহী ঘৰৰপৰা ওলাই যাবৰেপৰা জলকা লাগিল; বন কৰিবলৈ নালাগে সিহঁতে খাবলৈকে পাহৰা হ’ল৷ ক্ৰমে ঘৰত নানা অমঙ্গল হবলৈ ধৰিলে;-আজি কাৰো নৰীয়া, কালি গৰুটি, পশুটি, মহটি, এইদৰে মৰিবলৈ ধৰিলে আৰু দিনকদিনে বিপদৰ উপৰি বিপদ হৈ ঘৰখন লাং-লাং-ঠাং-ঠাং হ’ল৷ শেহত ৰুদাই ডাবহীয়ে মাগিব লগাত পৰিল৷ পাছে ইটোৰ মুখে সিটোৰ মুখে সিহঁতে শুনিবলৈ পালে যে দেশত নতুন ৰজা হৈছে আৰু তেওঁৰ বৰকুঁৱৰীয়ে দুখীয়াক বৰকৈ পুতৌ কৰি দান-দক্ষিণা দিয়ে৷ তেতিয়া ৰুদায়ে পাঁচোটা পুতেকেৰে সৈতে অতি দুখীয়াভাৱে ৰজাৰ সিংহদুৱাৰত থিয় হৈ নিজৰ দুখ বেজাৰৰ কথা ৰাণীলৈ কৈ পঠিয়ালে৷ ৰাণীয়ে ওপৰ-মহলাৰপৰা শহুৰেক আৰু বৰজনাহঁতক দেখিয়েই চিনি পালে আৰু লিগিৰী পঠিয়াই মতাই নি সিহঁতক বাহিৰঘৰ এটাত ঢাৰি-কঠ দ বহুৱাবলৈ ক’লে৷ তাৰ পাছত তামোল-পাণ কাটি ৰূপৰ বটাত দি সিহঁতলৈ পঠালে৷ ৰুদাইৰ ভয়ত তত নাই, কিবা জগৰ হে লগালোঁ ভাবি৷ তাৰ পাছত সিহঁতক হাত-মুখ ধুবলৈ পানী দি জলপান খাবলৈ ভিতৰলৈ মাতিলে৷ ৰুদায়ে ল’ৰাকেইটাৰ ফালে চাই ক’লে,

“বোপাহঁত!আৰু সৰহ বেলি নাই, জলপান নহয়, মূৰ কটাৰহে ব্যৱস্থা৷ দুখীয়া মগনিয়াৰক কোনে সোধ-পোছ কৰে?আগৰ বুঢ়ালোকে কৈছিল বোলে কটাৰ আগেয়ে হে ৰজাঘৰত খুৱাই-বুৱাই লয়৷ পলাবৰো উপায় নাই৷  একেবাৰে টোলৰ ভিতৰত সুমাই লৈছে৷”

যিহক, মৰণত শৰণ দি কোনোমতে সিহঁতে জলপান খালে৷ তাৰ পাছত কুঁৱৰীয়ে কৈ পঠালে যে গধূলি সিহঁতে ভাত এসাজ খাই ৰজাঘৰতে শুই থাকিব লাগিব৷ মাইহেঙত মান অনুসৰি ভাত বাঢ়ি থৈ ৰুদাই আৰু পুতেকহঁতক ৰাণীয়ে গা ধুবলৈ পঠিয়ালে৷ গা-ধুই পাতৰ ধূতি-কাপোৰ পিন্ধিবলৈ দিয়াত সিহঁতৰ গাত থৰজুগুতি নোহোৱা হ’ল৷ ৰান্ধনিঘৰ সোমাই মাইহেং আৰু ৰহা আসন দেখি সিহঁতৰ ধাতু এৰি গ’ল; তেতিয়া দিঠক নে সমাজিক থিৰ কৰিব নোৱাৰি সিহঁতে হোহোঁকা-পিছলা কৰিছিল৷ পোনতে ৰুদাইক বহিবলৈ দি মান অনুসাৰে ইকিটা ল’ৰাক বহুৱাই শেহৰ মাইহেঙত নোমলক ঘৰৰপৰা পিন্ধি অহা কাপোৰ পিন্ধাই বহুৱাই বঁটা আগত লৈ, তাই ঘৰত পিন্ধি থকা কাপোৰেৰে ওলালত ৰুদাইৰ মনত পৰি সি নোমলৰ ডিঙিত ধৰি হুক্ হুক্ কৰে কান্দিবলৈ ধৰিলে৷ ৰাতিটো থাকি পাছদিনা নোমলে মাক আৰু বৌৱেকহঁতক ল’ৰা-ছোৱালী মখাৰে সৈতে আনিবলৈ হাতী-দোলা মানুহ পঠালে৷ এইদৰে তেতিয়া সকলোটি এক পৰিয়াল হৈ মহা সুখে-সম্পদে থাকিবলৈ ধৰিলে৷ তেতিয়াহে ৰুদায়ে বোলে নোমল-সোণপাহীৰ কথা সঁচা, কোনে কাৰ জহত খায়, সকলোৱে আপোন বলতেহে খায়৷

লেখক:- লক্ষ্মীনাথ বেজবৰুৱা

উৎস:- ককাদেউতা আৰু নাতিল’ৰা

শেহতীয়া উন্নীতকৰণ: : 2/22/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate