পৃথিৱীৰ প্ৰথমখন গ্ৰন্থমেলা ক’ত কেতিয়া হৈছিল সেই বিষয়ে নিশ্চিত তথ্য আমাৰ হাতত নাই যদিও প্ৰতি বছৰে জাৰ্মানীৰ ফ্ৰেংকফুৰ্টত অক্টোবৰ মাহৰ মাজভাগত অনুষ্ঠিত হোৱা ফ্ৰেংকফুৰ্ট গ্ৰন্থমেলাখনেই পৃথিৱীৰ আটাইতকৈ বৃহৎ গ্ৰন্থ মেলা সেই বিষয়ে কাৰো দ্বিমত নাই।
১৭ শ শতিকাত ফ্ৰেংকফুৰ্ট চহৰৰ কাষতে থকা মেইন্জ্ চহৰত জোহান্ছ গুটেনবাৰ্গে ছপাশাল আবিষ্কাৰ কৰিছিল আৰু ঠিক তাৰ পিছতে কেইজনমান স্থানীয় কিতাপ বিক্ৰেতাই ফ্ৰেংকফুৰ্ট চহৰত নিচেই সৰুকৈ এখন গ্ৰন্থমেলাৰ আয়োজন কৰিছিল।
সেই সৰু গ্ৰন্থমেলাখনেই কালক্ৰমত আহি আহি আজি বিশ্বৰ আটাইতকৈ বিশাল, আটাইতকৈ সন্মানীয় আৰু সবাতোকৈ বেছি অংশগ্ৰহণকাৰী থকা গ্ৰন্থমেলালৈ পৰিণত হৈছেহি।
ভাৰতৰ ভিতৰতে পুৰনি আৰু সৰহ সংখ্যক অংশগ্ৰহণকাৰী থকা গ্ৰন্থমেলা বুলি ক’লে আমি দিল্লীত ১৯৭২ চনত আৰম্ভ হোৱাৰে পৰা প্ৰতিবছৰে অনুষ্ঠিত হৈ থকা “নতুন দিল্লী ৱৰ্ল্ড বুক ফেয়াৰ”ৰ নাম ল’ব পাৰো।
মোৰ জীৱনৰ প্ৰথম মনত থাকি যোৱা গ্ৰন্থমেলাখন আছিল ১৯৯৩ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনৰ গ্ৰন্থমেলাখন।
পিঠিত কিতাপৰ বেগ একোটা লৈ সেই গ্ৰন্থমেলাৰ বিপনীসমূহত আমি ঘূৰি ফুৰিছিলো। নিজৰ পচন্দৰে সেইবাৰেই প্ৰথম সৰহকৈ কিতাপ কিনিছিলো।
সেই গ্ৰন্থমেলাতেই আমি অসমৰ কেইজনমান সন্মানীয় সাহিত্যিকক প্ৰথমবাৰ ওচৰৰ পৰা দেখিছিলো। গ্ৰন্থ বিপনীসমূহৰ ক্ৰেতাৰ অভাৱ নাছিল। তাৰ পিছত অসমৰ কেইবাঠাইতো কেইবাখনো গ্ৰন্থমেলাত উপস্থিত থকাৰ সৌভাগ্য মোৰ হৈছে।
অতি দুখেৰে আজি আমি স্বীকাৰ কৰিব লগাত পৰিছে যে অসমত পাঠকৰ সংখ্যা যিটো গতিত বাঢ়িব লাগিছিল সেইটো গতিত বঢ়াতো বাদেই, বৰং দিনে দিনে কমিহে আহিছে যেন ভাৱ হয়।
কিতাপ মানুহৰ সৰ্বশ্ৰেষ্ঠ বন্ধু বুলি প্ৰায় সকলোৱে মানি লয়, কিন্তু কিতাপ কিনি পঢ়িবলৈ বিচৰা বা কিতাপৰ প্ৰতি যিটো টান থাকিব লাগে সেই টানটো থকা অসমীয়া মানুহৰ সংখ্যা দিনে দিনে কমি আহিছে – এইটো সত্য আমি অস্বীকাৰ নকৰাই ভাল।
ঘৰত সন্তানৰ পাঠ্যপুথিৰ বাদে আন এখনো কিতাপ/আলোচনী নথকা, অথচ উচ্চশিক্ষিত, উচ্চপদাধিকাৰী আৰু আৰ্থিকভাৱে সক্ষম মানুহৰ সংখ্যা কম নহয়। এয়া দুৰ্ভাগ্যজনক কথা।
আমি মানি লোৱা ভাল যে আমাৰ মানসিক ক্ষুধাখিনি পুৰণ কৰিবলৈ কিতাপতকৈ উপযুক্ত আৰু একো নাই।
নিজৰ মানসিক জগতখন বিচাৰি পাবলৈ বা সেই জগতখন আবিস্কাৰ কৰিবলৈ, এক কথাত নিজকে নিজে আবিস্কাৰ কৰিবলৈ কিতাপ পঢ়াৰ বাদে আন সহজ উপায় নাই। আমাৰ সকলোৰে যে একো একোখন নিজা মানসিক জগত আছে সেই কথাটো সকলোৱে বুজি পায়নে?
সকলোৱে নিজৰ মাজত সেই জগতখনৰ অৱস্থিতি অনুভৱ কৰেনে? সকলোৱে নকৰে, কিন্তু যিমান বেছি সংখ্যক মানুহে নিজৰ মাজত থকা মানসিক জগতখনৰ অৱস্থিতি অনুভৱ কৰি থাকে আৰু সেই জগতখনক জীয়াই ৰাখে সিমানেই মংগল।
কৰ’বাত পঢ়িছিলোঁ প্ৰতিজন মানুহৰ মাজত অন্তত: আৰু এজন মানুহ লুকাই থাকে। বহুত মানুহ আছে যি বাহিৰে-ভিতৰে সকলো সময়তে, সকলো কথাতে একেই। তেওঁলোক ভাগ্যৱান। কিন্তু বহুত ক্ষেত্ৰত বাহিৰৰ পৰা দেখা পোৱা মানুহজন সম্পূৰ্ণ মানুহজন নহয়।
সকলোৰে অলক্ষিতে তেওঁৰ মাজত আন এজন মানুহৰ অৱস্থিতি থাকিব পাৰে। বাহিৰৰ পৰা দেখা পোৱা মানুহজন, তেওঁৰ মাত-কথা, আচাৰ-ব্যৱহাৰ আদি হয়তো সময়ৰ সৈতে, পৰিস্থিতিৰ সৈতে সালসলনি হৈছে বা আগলৈও হোৱাৰ সম্ভাৱনা আছে।
কিন্তু তেওঁৰ ভিতৰত লুকাই থকা মানুহজন সকলো সময়তে প্ৰায় একেই থাকে যেন লাগে। বাহিৰৰ মানুহজনতকৈ ভিতৰত লুকাই থকা মানুহজনৰ স্বভাৱ-চৰিত্ৰ, আৱেগ-অনুভূতি বেলেগ (বেলেগ মানে ভাল বা বেয়া দুয়োটাই) হ’ব পাৰে।
কিন্তু জীৱনৰ ধামখুমীয়াই বেছিভাগ মানুহক ইমানেই ব্যস্ত (নে ব্যতিব্যস্ত?) কৰি তোলে যে তেওঁ নিজৰ ভিতৰৰ সেই মানুহজনৰ অৱস্থিতিৰ কথা মনত পেলাবলৈ সময় নাপায়। লাহে লাহে সেই ভিতৰৰ মানুহজন তেওঁৰ বাবে ধূসুৰ হৈ হেৰাই যায়।
আৰু পৰিস্থিতিয়ে বাধ্য কৰা এটা পৰিবেশত জীয়াই থাকিবলৈ লৈ তেওঁ পৰিস্থিতিয়ে বিচৰা বা দাবী কৰাৰ দৰেই নিজকে গঢ় দি লয়। আনকি বহুতে নিজৰ ভিতৰতে আন এজন মানুহৰ অৱস্থিতিৰ কথাটোকেই বুজি নাপায়।
কিন্তু আমি বিশ্বাস কৰোঁ পৰিস্থিতিৰ দাস হৈ জীয়াই থাকি আজিৰ যুগৰ তথাকথিত সফলতাৰ মাপদণ্ডৰে জীৱনত সফল হোৱাৰ পিছতো, প্ৰতিস্থিত হোৱাৰ পিছতো বেছিভাগ মানুহে নিভৃতে নিজক বিচাৰি ফূৰে। কিবা এটা হাহাকাৰে অনবৰতে তেওঁলোকক আমনি দি থাকে।
এই হাহাকাৰেই হয়তো এজন মানুহক টানি লৈ যায় তেওঁৰ নিজা এনে এখন মানসিক জগতলৈ য’ত তেওঁ প্ৰতিনিয়ত জীৱন নিৰ্বাহৰ বাবে চলাই যোৱা সংগ্ৰামখনৰ পৰা কিছু সময়ৰ বাবে অব্যাহতি লয়। এই হাহাকাৰটো প্ৰয়োজনীয়।
সেই মানসিক জগতখনলৈ সোমাই যাবলৈ মানুহজনে হয়তো আশ্ৰয় লয় এখন কিতাপৰ, এটা গানৰ, এখন ছবিৰ বা প্ৰকৃতিৰ। সেই জগতখনত মানুহে নিজকে নিজে আবিস্কাৰ কৰে।
প্ৰতিজন মানুহৰ এটা নাম থাকে যিটোৰে তেওঁক মানুহে চিনি পায়। কিন্তু তেওঁৰ ভিতৰত থকা মানুহজনৰ নাম থাকেনে? থাকে।
সেই নামটো হ’ব পাৰে বিবেক, বিচাৰ-বুদ্ধি ইত্যাদি। বাহিৰৰ মানুহজনে কৰা সকলো কাম ভিতৰৰ মানুহজনে লক্ষ্য কৰি থাকে।
কেতিয়াবা প্ৰয়োজনবোধ কৰিলে ভিতৰৰ মানুহজনে বাহিৰৰ মানুহজনক প্ৰশ্নও কৰে, খঙো কৰে। এই ভিতৰৰ মানুহজনক, সেই মানুহজন বাস কৰা মানসিক জগতখনক জীয়াই ৰখাটো মানৱতাৰ বাবে অতি প্ৰয়োজনীয়। সেই ভিতৰৰ মানুহজনক জীয়াই ৰাখিবলৈ কিতাপ হ’ব পাৰে মানুহৰ সৰ্বোত্তম আশ্ৰয়।
প্ৰায় সকলো সময়তে কিতাপৰ মাজতেই মই নিজৰ মানসিক জগতখন বিচাৰি পাওঁ। এই মানসিক জগতখন, এই জগতখন বিচাৰি যাবলৈ আশ্ৰয় লোৱা কিতাপখিনি, সেই জগতখনত বিচাৰি পোৱা নি:সংগতাখিনি আৰু এই সকলোৰে মাজত বাৰে বাৰে নিজকে নিজে আবিস্কাৰ কৰি থকাতো মোৰ বাবে প্ৰয়োজনীয়।
আৰু সেয়ে মই কিতাপৰ প্ৰতি সদায় এটা অদ্ভূত টান অনুভৱ কৰি থাকো। (প্ৰাথমিক বিদ্যালয়ত থাকোতেই পঢ়া “ৰাইট ভাতৃদ্বয়” নামৰ কিতাপখন বোধহয় মোৰ জীৱনৰ প্ৰথম মনত থাকি যোৱা কিতাপ আছিল।
উইলবাৰ আৰু অৰভিলৰ কথা পঢ়ি পঢ়ি সেই তেতিয়াই মনটো আকাশলৈ উৰা মাৰিছিল।) এতিয়াও এখন ভাল কিতাপে মোক বাহিৰৰ পৃথিৱীখন পাহৰাই ৰাখে।
কোনে জানো কৈছিল – যি কোনো এটা পৰিস্থিতিৰ সন্মুখীন হওঁতে কিতাপ পঢ়া আৰু কিতাপ নপঢ়া দুজন মানুহে বেলেগ বেলেগ আচৰণ কৰিব পাৰে।
আচলতে যিকোনো এটা পৰিস্থিতিত এজন মানুহে স্বত:স্ফূৰ্তভাৱে যিটো প্ৰতিক্ৰিয়া দেখুৱায়, সেই প্ৰতিক্ৰিয়াটোতে মানুহজনৰ মানসিক জগতখন প্ৰকাশ পায়।
কিতাপে এজন মানুহৰ মানসিক জগতখন এনেকৈ গঢ় দিয়ে যে যিকোনো এটা পৰিস্থিতিৰ প্ৰতি তেওঁৰ প্ৰতিক্ৰিয়া কিতাপ নপঢ়া আন এজন মানুহতকৈ বেলেগ হয়।
আমি কিতাপ পঢ়ো আহক।
লেখক: প্ৰতিম প্ৰতাপ বৰুৱা
উৎস: সাহিত্য.অৰ্গ
শেহতীয়া উন্নীতকৰণ: : 6/5/2020