অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমত কিশোৰ-কিশোৰীৰ শিক্ষা প্ৰকল্পঃ

অসমত কিশোৰ-কিশোৰীৰ শিক্ষা প্ৰকল্পঃ

গ্ৰাম্য বিকাশ মঞ্চৰ দ্বাৰা ৰূপায়িত এটা প্ৰধান প্ৰকল্প হৈছে- অসমত কিশোৰ-কিশোৰীৰ শিক্ষা প্ৰকল্প| এই প্ৰকল্পটো আৰ্থিক সহযোগিতা দিছে টাটা এডুকেশ্বন ট্ৰাষ্ট আৰু প্ৰকল্পটো ১ম মাৰ্চ ২০১৩ – ২৯ ফেব্ৰুৱাৰী ২০১৬|

প্ৰকল্পৰ মূল লক্ষ্যঃ

‘প্ৰতিখন গাৱঁতে এখন শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সমতপূৰ্ণ আৰু শোষণমুক্ত সমাজ প্ৰতিষ্ঠা কৰা’

প্ৰকল্পৰ তাত্‍ক্ষণিক লক্ষ্যঃ

‘পাঁচ বছৰৰ ভিতৰত ৫ শতাধিক বঞ্চিত কিশোৰ-কিশোৰীক আৰ্থ-সামাজিক পৰিৱৰ্তন প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহন কৰোৱা’

নিৰ্দিষ্ট লক্ষ্যঃ

১) পাঁচ বছৰৰ ভিতৰত ৫০০ গৰাকী আধাতে বিদ্যালয় এৰা তথা একেবাৰে বিদ্যালয়লৈ নোযোৱা কিশোৰ-কিশোৰীক পুনৰ আনুষ্ঠানিক শিক্ষাৰ যোগেদি গুণগত আৰু মূল্যবোধৰ শিক্ষা প্ৰদান প্ৰক্ৰিয়াত জড়িত কৰোৱা |

২) এই বঞ্চিত কিশোৰ-কিশোৰী সকলক সৱলীকৰণ-ৰ যোগেদি এক মৰ্যদাপূৰ্ণ জীৱন তথা আত্মবিশ্বাসী কৰি তোলা |

৩) এই প্ৰকল্পটোৰ যোগেদি দহ হাজাৰ অভিভাৱক, শিক্ষক তথা সচেতন ব্যক্তিৰ এখন উমৈহতীয়া মঞ্চৰে একগোট কৰি সমাজৰ সকলো শ্ৰেণীৰ ল’ৰা-ছোৱালীকে গুণগত শিক্ষা প্ৰদান কৰাতো সুনিশ্চিত কৰিবলৈ তেওঁলোকৰ মাজত অধিক সজাগতা আৰু অনুপ্ৰাণিত কৰা তথা শৈক্ষিক কাৰ্যসূচী-ত সক্ৰিয় অংশগ্ৰহন বৃদ্ধি কৰা |

৪) প্ৰায় দহ হাজাৰ শিশু-কিশোৰ-কিশোৰীৰ অভিব্যক্তি আৰু সদাচাৰ গঠন তথা জ্ঞানৰ পৰিসৰ বৃদ্ধি বাবে প্ৰচেষ্টা কৰা |

৫) কিশোৰ কিশোৰী সকলৰ মাজত জ্ঞান, সৃজনীশীলতা তথা উদ্ভাৱনী চিন্তাৰ উদ্ৰেককাৰী উপযুক্ত পৰিৱেশ সৃষ্টি কৰা আৰু তেওঁলোকৰ মাজত যোগাত্মক মনোভাৱ সৃষ্টি কৰিব পৰা বিভিন্ন উণ্ণয়ণ, তথ্য প্ৰযুক্তি তথা সমল সামগ্ৰীৰ যোগান ধৰা |

৬) শৈক্ষিক কাৰ্যসূচীত সকলো অংশীদাৰৰে সক্ৰিয় অংশগ্ৰহন সুনিশ্চিত কৰা; বিশেষকৈ সমাজৰ বঞ্চিত আৰু শোষিত শ্ৰেণীৰ মাজত মূল্যবোধৰ শিক্ষাৰ সুনিশ্চিত কৰিবলৈ তেওঁলোকৰ মাজত যোগাত্মক পৰিৱেশ তথা সামাজিক বাতাৱৰন সৃষ্টি কৰা |

এই প্ৰকল্পৰ জৰিয়তে কৰি বিভিন্ন কাৰ্যসূচী সমুহ হৈছেঃ

• সভা-সমিতি

• গাঁওৰ পৰা প্ৰাৰম্ভিক তথ্য সংগ্ৰহ

• কিশোৰ-কিশোৰী সকলৰ মাজত শৈক্ষিক পৰ্যালোচনা অনুষ্ঠান

• শিক্ষক-অভিভাৱকৰ সভা

• জ্ঞান-সংযোগ শিৱিৰ

• জ্ঞান-কেন্দ্ৰ – পুথিভঁড়াল, শিল্প-কলা কেন্দ্ৰ, বিজ্ঞান কেন্দ্ৰ,

• শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰৰ বাবে কম্পিউটাৰ সামগ্ৰী প্ৰদান

• গাঁও সমূহত শিশু-মঞ্চ, যুৱ-মঞ্চ আৰু মাতৃ-গোট গঠন

• ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিভা বিকাশ আৰু অনুপ্ৰেৰণাৰ অৰ্থে বিভিন্ন কাৰ্যসূচী

• শিক্ষক-শিক্ষয়িত্ৰী সকলৰ মাজত শিক্ষাত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী

• শিক্ষামূলক ভ্ৰমণ

• কিশোৰ-কিশোৰী সকলৰ দ্বাৰা পৰিচালিত বিভিন্ন কাৰ্যসূচী

• শিক্ষা নিয়মীয়াকৈ চলাই নিয়াৰ আৰ্থে কিশোৰ-কিশোৰী সকললৈ জলপানি

• যুটিয়া-পৰ্যালোচনা আৰু পৰিকল্পনা সভা


উৎসঃ আই.এন.ডি.জি দল

শেহতীয়া উন্নীতকৰণ: : 12/27/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate