মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়
স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ
ভাৰত চৰকাৰ
ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় সাক্ষৰতা অভিযান প্ৰাধিকাৰীয়ে সাক্ষৰতা আৰু দক্ষতা বিকাশৰ দিশত কৰ্মৰত প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰাৰ বাবে সাক্ষৰ ভাৰত বঁটা প্ৰদানৰ ব্যৱস্থা কৰিছে। ৮ ছেপ্টেম্বৰ, ২০১৭ত আন্তঃৰাষ্ট্ৰী্য সাক্ষৰতা দিৱস উপলক্ষে এটা বঁটাসমূহ প্ৰদান কৰা হয়।
১. ৰাজ্য- ৰাজ্যিক সাক্ষৰতা অভিযান প্ৰাধিকাৰীসমূহ(এছএলএমএ সমূহ)
২. জিলা- জিলা লোক শিক্ষা সমিতিসমূহ(জেড এলএছএছ সমূহ)
৩. গাঁও পঞ্চায়ত- গ্ৰাম লোক সেৱা সমিতিসমূহ(জিএলএছএছ সমূহ)
৪. বিশ্ববিদ্যালয়ৰ প্ৰাপ্তবয়স্ক আৰু ধাৰাবাহিক শিক্ষা বিভাগ, এছ আৰ চি সমূহ, জেএছএছ সমূহ আৰু অন্যান্য সংস্থা সমূহক ধৰি ৰিছৰ্চ ছাপ’ৰ্ট সংগঠন।
সাক্ষৰ ভাৰত বঁটাৰ বাবে আবেদন পত্ৰসমূহ বিশেষভাৱে গঠন কৰা জুৰীসকলে সঠিক পুনৰীক্ষণৰ অন্তত চূড়ান্ত কৰিব। বঁটাৰ প্ৰতিটো শাখাৰ বাবে সুকীয়া সুকীয়াকৈ আৱেদন কৰিব লাগিব। নিৰ্দ্ধাৰিত আৱেদনপত্ৰৰ প্ৰ-পত্ৰ এছএনডিটি মহিলা বিশ্ববিদ্যালয়ৰ ৱেবছাইট: sndt.ac.in ত সহজেই উপলব্ধ হ’ব।
ক্ৰমিক নং ১ৰ পৰা ৩ লৈকে উল্লেখিত বঁটাৰ বাবে যথাযথভাৱে পূৰণ কৰা আৱেদনপত্ৰৰ হাৰ্ডকপি প্ৰয়োজনীয় সমৰ্থিত নথি-পত্ৰ, প্ৰমান পত্ৰ আৰু ফটোগ্ৰাফসহ এছএলএমএৰ জৰিয়তে আগবঢ়াব লাগিব। ক্ৰমিক নং ৪ৰ বঁটাৰ বাবে আবেদনপত্ৰ ‘ৰিছৰ্চ ছাপ’ৰ্ট সংস্থাসমূহে(বিশ্ববিদ্যালয়ৰ প্ৰাপ্ত বয়স্ক আৰু ধাৰাবাহিক শিক্ষা বিভাগ, এছ আৰ চি সমূহ, জে এছ এছ সমূহ আৰু অন্যান্য সংগঠন) পোনপটীয়াকৈ পঠিয়াব পাৰিব। প্ৰেৰণ কৰা খামৰ ওপৰত বঁটাৰ শাখাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
আৱেদন পত্ৰসমূহ নিম্নোক্ত ঠিকনাত ৩ আগষ্ট ২০১৭ৰ বিয়লি ৪.০০ বজা অথবা তাৰ আগতে পোৱাকৈ স্পীডপ’ষ্ট(ভাৰতীয় ডাক সেৱা)ৰ জৰিয়তে প্ৰাপ্ত হ’ব লাগিব। নিৰ্ধাৰিত তাৰিখৰ পাছত প্ৰাপ্ত আৱেদনপত্ৰ বিবেচনা কৰা নহয় আৰু যিকোনো প্ৰকাৰে প্ৰভাৱিত কৰাৰ প্ৰচেষ্টা চলালে অযোগ্য হিচাপে গণ্য কৰা হ’ব।
ডিৰেক্টৰ, ডিপাৰ্টমেন্ট অব কন্টিনুয়িং এণ্ড এডাল্ট এডুকেচন এণ্ড এক্সটেনচেন ৱৰ্কছ, এছ এন ডি টি উইমেনছ ইউনিভাৰ্ছিটি, ফাষ্ট ফ্ল’ৰ, পাটকাৰ হ’ল বিণ্ডিং, ১ নাথিবাই থেকাৰ্ছে ৰোড, মুম্বাই-৪০০০২০, ভাৰত।
উৎস:অসমীয়া প্ৰতিদিন
শেহতীয়া উন্নীতকৰণ: : 3/12/2020