ইংৰাজী ভাষাৰ ‘ডেম’ক্ৰেচী’ শব্দটো গ্ৰীক ভাষাৰ ‘ডেমচ’ আৰু ‘ক্ৰাচিয়া’ শব্দ দুটাৰ পৰা ওলাইছে। গ্ৰীক ভাষাত ‘ডেমচ’ মানে জনসাধাৰণ আৰু ‘ক্ৰাচিয়া’ মানে শাসন। ডেম’ক্ৰেচী শব্দৰ অৰ্থ হ’ল- জনসাধাৰণৰ শাসন। ‘গণতন্ত্ৰ’ শব্দটো ইংৰাজী ‘ডেম’ক্ৰেচী’ শব্দৰ সমাৰ্থক বুলি ধৰা হয়। গণতন্ত্ৰ মানে হ’ল- ৰাইজৰ শাসন বা জনগণৰ শাসন। প্ৰায় দুই শতিকা জুৰি ভাৰত ইংৰাজসকলৰ অধীনত আছিল। সেই সময়ত দেশৰ শাসন ব্যৱস্থা ইংৰাজসকলৰ ইচ্ছামতেই চলিছিল। ১৯৪৭ চনৰ ১৫ আগষ্টৰ দিনা ভাৰত স্বাধীন হয়। ইংৰাজ শাসনৰপৰা মুক্ত হোৱাৰ লগে লগে আমাৰ দেশত গণতান্ত্ৰিক শাসন-ব্যৱস্থাৰ সূচনা হয়। ভাৰত বৰ্তমান বিশ্বৰ ভিতৰতে বৃহত্তম গণতান্ত্ৰিক দেশ। গণতন্ত্ৰক দুটা ভাগত ভগাব পাৰি- প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ। প্ৰত্যক্ষ গণতন্ত্ৰত দেশৰ সমূহ জনসাধাৰণে পোনপটীয়াকৈ শাসনকাৰ্যত অংশ গ্ৰহণ কৰে। এনে গণতন্ত্ৰ পুৰণিকালত সৰু সৰু ৰাষ্ট্ৰবোৰত চলিছিল। বৃহৎ আকাৰৰ ৰাষ্ট্ৰবোৰত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন সম্ভৱ নহয়। সেইবাবে এনে ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিমূলক গণতন্ত্ৰৰহে প্ৰচলন দেখা যায়। পৰোক্ষ গণতন্ত্ৰত জনসাধাৰণৰ মাজৰপৰা কিছুসংখ্যক প্ৰতিনিধি নিৰ্বাচন কৰা হয় আৰু এনে প্ৰতিনিধিসকলক ৰাইজৰ হৈ শাসন কাৰ্য চলাবলৈ দিয়া হয়। গতিকে জনসাধাৰণে পৰোক্ষভাৱে দেশ শাসন কাৰ্যত জড়িত হয়। বিভিন্ন পণ্ডিতে ভিন ভিন দৃষ্টিভংগীৰে গণতন্ত্ৰৰ সংজ্ঞা আগবঢ়াইছে। এই সংজ্ঞাসমূহৰ ভিতৰত ভূতপূৰ্ব মাৰ্কিন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ সংজ্ঞাটোৱেই অধিক জনপ্ৰিয়। তেওঁৰ মতে গণতন্ত্ৰ হৈছে- ‘ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ চৰকাৰ’। গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দেশত ৰাইজ বা জনসাধাৰণক যথেষ্ট সন্মান আৰু গুৰুত্ব প্ৰদান কৰা হয়। গণতন্ত্ৰৰ বাহিৰে আন শাসন ব্যৱস্থাত জনসাধাৰণক এনে সন্মান বা গুৰুত্ব দিয়া নহয়। সেইবাবে সম্প্ৰতি পৃথিৱীৰ অধিকাংশ ৰাষ্ট্ৰত গণতান্ত্ৰিক চৰকাৰৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে। আমাৰ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাসমূহ তলত উল্লেখ কৰা হ’ল-
(১) গণৰাজ্য
সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন গণৰাজ্য বুলি অভিহিত কৰা হৈছে। গণৰাজ্যত ৰাষ্ট্ৰৰ মুৰব্বীজনো ৰাইজৰ নিৰ্বাচিত প্ৰতিনিধি। আমাৰ ৰাষ্ট্ৰপতিক পৰোক্ষভাৱে জনসাধাৰণৰ মাজৰপৰা প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচিত কৰা হয়।
(২) গণতন্ত্ৰ
সংবিধানৰ প্ৰস্তাৱনাত ভাৰতক এখন গণতান্ত্ৰিক দেশ বুলি উল্লেখ কৰা হৈছে। তদুপৰি গণতন্ত্ৰক ভাৰতীয় সংবিধানৰ মৌলিক গাঁথনিৰ ভিতৰত ধৰা হৈছে। ভাৰতত অ-গণতান্ত্ৰিক শাসন প্ৰণালীৰ ব্যৱস্থা নাই।
(৩) সংসদীয় গণতন্ত্ৰ
সংসদীয় গণতন্ত্ৰ আৰু সাংবিধানিক ৰাজতন্ত্ৰ- গণতন্ত্ৰৰ দুটা উল্লেখযোগ্য ভাগ। সংসদীয় গণতন্ত্ৰৰ ঠাইত কোনো ৰাষ্ট্ৰত ৰাষ্ট্ৰপতীয় গণতন্ত্ৰও থাকিব পাৰে। সংসদীয় গণতন্ত্ৰত ৰাষ্ট্ৰপতি গৰাকী ৰাষ্ট্ৰৰ মুৰব্বী হ’লেও প্ৰকৃততে সংসদেহে প্ৰশাসন চলায়। মন্ত্ৰী পৰিষদ সংসদৰ অবিচ্ছেদ্য অংগ। প্ৰধান মন্ত্ৰীগৰাকী হ’ল মন্ত্ৰী পৰিষদৰ নেতা(বা নেতৃ) আৰু প্ৰশাসনৰ মুৰব্বী।
(৪) মৌলিক অধিকাৰ
গণতান্ত্ৰিক দেশসমূহত নাগৰিকসকলক কেতবোৰ অতি প্ৰয়োজনীয় অধিকাৰ উপভোগ কৰিবলৈ দিয়া হয়। এনে অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। আমাৰ সংবিধানত ছয়বিধ মৌলিক অধিকাৰৰ উল্লেখ আছে। এই ছয়বিধ মৌলিক অধিকাৰ হ’ল-
নাগৰিকসকলে মৌলিক অধিকাৰসমূহ ভোগ কৰিবলৈ নাপালে গণতন্ত্ৰ অৰ্থহীন। অৱশ্যে এই অধিকাৰসমূহ ভোগৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে বাধা-নিষেধ আৰোপ কৰিব পাৰে।
(৫) মৌলিক কৰ্তব্য
আমাৰ সংবিধানত দহবিধ মৌলিক কৰ্তব্যৰ উল্লেখ আছে। এই মৌলিক কৰ্তব্যসমূহ হ’ল-
ভাৰতীয় সংবিধানৰ ৪২তম সংশোধন অনুসৰি মৌলিক কৰ্তব্যসমূহ সংবিধানত সংযোজন কৰা হয়। সংবিধান ৰচনা কৰা সময়ত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হোৱা নাছিল।
(৬) নিৰ্দেশাত্মক নীতি
আমাৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কেতবোৰ নীতি সন্নিৱিষ্ট কৰা হৈছে। এনে ধৰণৰ নীতিসমূহক নিৰ্দেশাত্মক নীতি বোলে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহে এই নীতিসমূহ মানি লৈ কাৰ্য সম্পাদন কৰিব লাগে। এইবোৰ প্ৰকৃততে কিছুমান সৎ উপদেশমূলক নীতিহে। দেশত গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাত এনে নীতিসমূহৰ বিশেষ তাৎপৰ্য আছে।
(৭) স্থানীয় স্বায়ত্তশাসন ব্যৱস্থা
গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ এক উল্লেখযোগ্য দিশ হ’ল- ক্ষমতাৰ বিকেন্দ্ৰীকৰণ। ভাৰতৰ দৰে এখন বিশাল দেশত কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰসমূহে দেশৰ সকলো অঞ্চলৰ উন্নয়নত সমানে দৃষ্টি ৰখা সম্ভৱ নহয়। সেইবাবে দেশখনক কিছুমান সৰু সৰু গোটত ভাগ কৰি প্ৰতিটো গোটৰ বিকাশৰ দায়িত্ব স্থানীয়ভাৱে নিৰ্বাচিত প্ৰতিনিধিসকলৰ ওপৰত ন্যস্ত কৰা হয়। এই ব্যৱস্থাটোকে স্থানীয় স্বায়ত্তশাসন বোলা হয়। ভাৰতত গ্ৰাম্য আৰু চহৰ বা নগৰ আটাইবোৰ অঞ্চলতে স্থানীয় স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰচলন আছে।
(৮) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ
ভাৰতীয় সংবিধানত দেশৰ প্ৰাপ্তবয়স্ক নাগৰিকসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰা হৈছে। দেশৰ ১৮ বয়সৰ নাগৰিকসকলক প্ৰাপ্তবয়স্ক বুলি গণ্য কৰা হয়। এই প্ৰাপ্তবয়স্ক নাগৰিকসকলে ভোটদানৰ দ্বাৰা নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি দেশৰ শাসন কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে। নাগৰিকসকলৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিসকলে চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰে। ভোটাধিকাৰ নাগৰিকসকলৰ এবিধ তাৎপৰ্যপূৰ্ণ ৰাজনৈতিক অধিকাৰ। প্ৰতিজন নাগৰিকে সৎ আৰু সুস্থ বিবেচনাৰ দ্বাৰা পৰিচালিত হৈ ভোটাধিকাৰ সাব্যস্ত কৰিব লাগে।
গণতন্ত্ৰৰ সফলতা প্ৰধানকৈ নিৰ্ভৰ কৰে জনসাধাৰণৰ সন্মতি আৰু সমৰ্থনৰ ওপৰত। জনসাধাৰণৰ সন্মতি আৰু সমৰ্থন অবিহনে গণতন্ত্ৰ বৰ্তি থাকিব নোৱাৰে। দেশৰ অধিক সংখ্যক নাগৰিকে যদি গণতান্ত্ৰিক শাসন নিবিচাৰে তেন্তে গণতন্ত্ৰ সফল হ’ব নোৱাৰে। উদাহৰণস্বৰূপে আমি ভাৰত আৰু পাকিস্তানৰ কথা উল্লেখ কৰিব পাৰোঁ। ভাৰতৰ ষাঠি বছৰৰো অধিককাল গণতান্ত্ৰিক চৰকাৰ চলি আছে। এনে শাসন ব্যৱস্থা ভৱিষ্যতেও চলি থাকিব বুলি আশা কৰিব পৰা যায়। কিন্তু পাকিস্তানত বিগত কেইবছৰমানত গণতন্ত্ৰ মষিমূৰ হোৱা দেখা গৈছে। সেই দেশত কেইবাবাৰো সামৰিক শাসন চলা পৰিলক্ষিত হৈছে। ৰাজনীতি বিজ্ঞানৰ এগৰাকী বিশিষ্ট পণ্ডিত জে.এছ. মিলৰ (J. S. Mill) মতে গণতন্ত্ৰ মূলত: তিনিটা চৰ্তৰ ওপৰত বৰ্তি থাকে। এই চৰ্তকেইটা হ’ল-
(ক) জনসাধাৰণ এনে শাসন ব্যৱস্থা মানি চলিবলৈ ইচ্ছুক হ’ব লাগিব।
(খ) গণতন্ত্ৰই আৰোপ কৰা কৰ্তব্যসমূহ সম্পাদন কৰাৰ বাবে জনসাধাৰণ ইচ্ছুক আৰু সমৰ্থবান হ’ব লাগিব।
(গ) তেওঁলোকে গণতন্ত্ৰ ৰক্ষাৰ বাবে নিজৰ নিজৰ দায়িত্বসমূহ পালন কৰিবলৈ ইচ্ছুক আৰু সমৰ্থবান হ’ব লাগিব।
গণতন্ত্ৰৰ সফলতাৰ বাবে ভালেমান চৰ্তৰ প্ৰয়োজন। প্ৰথমে, জনগণ ৰাজনৈতিকভাৱে সক্ৰিয় হৈ থাকিব লাগে আৰু নাগৰিকৰ দায়িত্ববোধ থাকিব লাগে। যদি নাগৰিকসকলে ৰাজনৈতিক কাম-কাজ একো বুজি নাপায় আৰু নাগৰিক হিচাপে নিজৰ দায়িত্ব পালন নকৰে তেতিয়া গণতন্ত্ৰ বৰ্তি থাকিব নোৱাৰে।
দ্বিতীয়তে, গণতন্ত্ৰৰ অতি প্ৰয়োজনীয় চৰ্ত হ’ল শিক্ষা। শিক্ষাৰ প্ৰয়োজন হয় জনগণৰ মাজত ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰিবৰ বাবে। সেইবাবে শিক্ষাক গণতন্ত্ৰৰ পূৰ্ব চৰ্ত বুলিব পাৰি।
তৃতীয় চৰ্ত হ’ল, এখন গণতান্ত্ৰিক সংবিধান। দেশত গণতান্ত্ৰিক শাসন সুনিশ্চিত কৰিবৰ বাবে সহজতে সংশোধন কৰি অগণতান্ত্ৰিক প্ৰক্ৰিয়া যাতে কোনেও আৰম্ভ কৰিব নোৱাৰে তাৰ বাবে লিখিত আৰু লংঘন কৰিব নোৱাৰা এখন সংবিধানৰ প্ৰয়োজন। উদাহৰণস্বৰূপে ভাৰতৰ সংবিধানৰ কথা ক’ব পাৰি। ভাৰতীয় সংবিধানত গণতন্ত্ৰক ইয়াৰ মৌলিক গাঁথনিত অন্তৰ্ভুক্ত কৰা হৈছে আৰু কোৱা হৈছে যে, কোনো সংশোধনে সংবিধানৰ মৌলিক গাঁথনি পৰিৱৰ্তন কৰিব নোৱাৰে। শেষত ক’ব পাৰি গণতন্ত্ৰত ৰাইজক অতি প্ৰয়োজনীয় ক্ষেত্ৰত কিছুমান অধিকাৰ আৰু স্বাধীনতা দিব লাগে। গণতন্ত্ৰৰ ভিত্তি হ’ল সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ। সেয়েহে এই সকলো অধিকাৰ গণতন্ত্ৰৰ উপাদানস্বৰূপ। এনে স্বতন্ত্ৰতা নাথাকিলে গণতন্ত্ৰ অৰ্থহীন। মুঠতে গণতন্ত্ৰ এবিধ চৰকাৰেই নহয়- ই জীৱন নিৰ্বাহৰ এটা পদ্ধতিও।
গণতন্ত্ৰৰ ভালেমান গুণ আছে আৰু সেইবাবে ইয়াক সৰ্বোকৃষ্ট চৰকাৰ বুলি গ্ৰহণ কৰা হৈছে। ইয়াৰ প্ৰধান গুণসমূহ হ’ল-
উপৰোক্ত গুণসমূহৰ উপৰিও গণতন্ত্ৰৰ আন ভালেমান গুণ আছে। এই সমস্ত গুণৰ বাবেই গণতন্ত্ৰক সৰ্বোকৃষ্ট শাসন ব্যৱস্থা বুলি গণ্য কৰা হয়।
গণতন্ত্ৰ দোষমুক্ত নহয়। ইয়াৰ প্ৰধান আৰু প্ৰথম দোষটো হ’ল ই সংখ্যাগৰিষ্ঠৰ চৰকাৰ। আজিকালি গণতান্ত্ৰিক চৰকাৰ বুলিলে দলীয় চৰকাৰকহে বুজায়। যিটো দলে বিধায়িনী সংস্থাত সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। গতিকে গণতান্ত্ৰিক চৰকাৰ বুলিলে সাধাৰণতে দলীয় চৰকাৰকে বুজায়। কোনো এটা দলে চৰকাৰ চলালে সৰ্বসাধাৰণৰ মতামততকৈ দলেহে অগ্ৰাধিকাৰ পায়, গতিকে ই ৰাইজৰ চৰকাৰ হোৱাতকৈ দলৰ চৰকাৰহে হয়।
দ্বিতীয়, গণতান্ত্ৰিক চৰকাৰ ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনা থাকে। কিয়নো কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে বহুদল একগোট হৈ চৰকাৰ গঠন কৰিব লাগে। তেনে ক্ষেত্ৰত স্থায়ী চৰকাৰ আশা কৰা মিছা। অতি সোনকালে চৰকাৰ পতন হ’ব পাৰে আৰু নতুন নিৰ্বাচনৰ প্ৰয়োজন আহি পৰিব পাৰে। সেয়েহে এনে চৰকাৰত ৰাইজৰ ৰাজহুৱা নিধি অবাবত খৰচ হোৱাৰ সম্ভাৱনা বেছি। ক্ষণস্থায়ী চৰকাৰে দেশৰ উন্নতি সাধন কৰিব নোৱাৰে।
গণতন্ত্ৰৰ আন এটা দোষ হ’ল, কোনো বিশেষ দলে সংখ্যা গৰিষ্ঠতাৰ গইনা লৈ একদলৰ স্বেচ্ছাচাৰী শাসন প্ৰতিষ্ঠা কৰিব পাৰে। সাম্যবাদী দলবিলাকে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰচলিত নিৰ্বাচন আদিত অংশ গ্ৰহণ কৰি সংখ্যাগৰিষ্ঠতা পালেই নিজ দলৰ স্বেচ্ছাচাৰী শাসন চলায়। গতিকে সেই দোষ গণতন্ত্ৰৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। এনে ধৰণৰ দোষ-ত্ৰুটি থাকিলেও বৰ্তমান কালত পৃথিৱীৰ বিভিন্ন দেশত এই দোষবোৰ আঁতৰ কৰি গণতন্ত্ৰক উৎকৃষ্ট চৰকাৰ কৰি গঢ়ি তোলাত যত্নপৰ হোৱা দেখা যায়।
গণতন্ত্ৰ জনমতৰ ওপৰত বৰ্তি থাকে বুলিলে বঢ়াই কোৱা নহয়। সেয়ে গণতন্ত্ৰৰ এটা অতি প্ৰয়োজনীয় কথা হ’ল জনমত- ইয়াৰ গঠন আৰু প্ৰকাশ বা কাৰ্যত পৰিণতকৰণ। কাৰণ গণতন্ত্ৰ বুলিলেই ৰাজনৈতিক দলৰ শাসন বুজায়। প্ৰতিদলে নিজ নিজ মতবাদৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জনমতৰ সহায় ল’ব লাগে। কোনো দলৰ বিৰুদ্ধে প্ৰবল জনমত গঠিত হ’লে সেই দল নিৰ্বাচনত জয়ী হ’ব নোৱাৰে।
জনমত কি- জনমত বা গণমতক জনসাধাৰণৰ মতামত বুলি সাধাৰণতে ধাৰণা হ’লেও প্ৰকৃতপক্ষে ই সকলো জনসাধাৰণৰ মতামত নহয়। সকলো জনসাধাৰণ একগোট হৈ কোনো এটা বিষয়ত মতামত প্ৰকাশ কৰা সহজো নহয় আৰু সম্ভৱো নহয়। গতিকে গণতন্ত্ৰত জনমত বুলিলে সাধাৰণতে সামূহিক কল্যাণৰ অৰ্থে অধিকাংশ লোকে গ্ৰহণ কৰা এক নিৰপেক্ষ মতামতকে বুজায়। সমাজৰ কেৱল এটা অংশৰ হিতসাধন কৰিব পৰা মত জনমত হ’ব নোৱাৰে। তদুপৰি ইয়াক সৰ্বসাধাৰণে মানি লোৱা-নোলোৱাৰ ওপৰতো নিৰ্ভৰ কৰে। আনকি ই সকলোৰে উমৈহতীয়া মতামতো নহ’ব পাৰে। ই কেতিয়াবা মুষ্টিমেয় জ্ঞানীলোকৰো মতামত হ’ব পাৰে।
জনমতৰ প্ৰয়োজনীয়তা
গণতান্ত্ৰিক চৰকাৰ যিহেতু ৰাইজৰ প্ৰতিনিধিৰে গঠিত হয়, সেইবাবে ৰাইজে সদায় সতৰ্ক হৈ থাকিব লাগে যাতে দেশৰ শাসন ৰাইজৰ ভালৰ বাবে হয়। তেওঁলোকে তেওঁলোকৰ প্ৰতিনিধিৰ কাম-কাজ সদায় সতৰ্কভাৱে নিৰীক্ষণ কৰি থাকিব লাগে। কথিত আছে যে সতৰ্ক আৰু বুদ্ধিযুক্ত জনমতেই গণতন্ত্ৰৰ প্ৰথম আৰু প্ৰয়োজনীয় সম্পদ। জনমতে চৰকাৰ চলোৱাত সহায় কৰে। ৰাইজৰ প্ৰতিনিধিসকলে জনমত অধ্যয়ন কৰি দেশৰ শাসন কাৰ্য চলাব লাগে। ৰাইজৰ মতামতৰ বিপৰীতে গ’লে ৰাইজ বিক্ষুদ্ধ হয় আৰু দেশত বিদ্ৰোহে দেখা দিয়ে। এইবোৰ কাৰণতে গণতন্ত্ৰত জনমতৰ বিশেষ প্ৰয়োজন।
জনমত গঠনৰ অভিকৰণসমূহ
জনমত বিভিন্ন ধৰণে বিভিন্ন অভিকৰণৰ মাধ্যমেৰে গঠিত হ’ব পাৰে। সেই অভিকৰণসমূহৰ ভিতৰত-
বাতৰি কাকত
বাতৰি কাকত আটাইতকৈ প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ অভিকৰণ আৰু অতি সহজলভ্যও। বাতৰি কাকতত কেৱল বাতৰিয়েই নাথাকে। ইয়াত ব্যক্তি বিশেষৰ চিন্তাধাৰাও প্ৰকাশিত হয়। ইয়াত দৈনন্দিন ঘটনাসমূহৰ বাতৰিৰ লগতে তাৰ সন্দৰ্ভত মতামতো প্ৰচাৰ কৰা হয়। ইয়াৰ দ্বাৰা সৰ্বসাধাৰণ মানুহে জ্ঞান লাভ কৰিব পাৰে। বিভিন্ন পণ্ডিত, বিভিন্ন দলৰ নেতা নাইবা নিৰপেক্ষ ব্যক্তিয়ে বাতৰি কাকতৰ যোগে সাম্প্ৰতিককালৰ ঘটনাৰাজিৰ ওপৰত মন্তব্য তথা মতামত আগবঢ়ায়। সেইবোৰৰপৰা সাধাৰণতে একোটা জনমত গঢ়ি উঠে।
ৰাজহুৱা মঞ্চ
ৰাজহুৱা মঞ্চসমূহেও জনমত গঠনত অৰিহণা আগবঢ়ায়। ৰাজহুৱা সভা-সমিতি হ’লে তাত বেলেগ বেলেগ বক্তাই বক্তৃতাৰ মাধ্যমেৰে নিজা মতামত প্ৰচাৰ কৰে। এনেধৰণৰ মতামতে জনসাধাৰণক জনমত গঠন কৰাত সহায় কৰে। এনে বক্তৃতাই লিখিব-পঢ়িব নজনা মানুহকো কোনো এটা বিষয় বুজি পোৱাত সহায় কৰে আৰু এইদৰে জনমত গঠনত সহায় কৰে।
শিক্ষানুষ্ঠান
স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিয়েও জনমত গঠনত অৰিহণা যোগায়। শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন বিষয়ত শিক্ষা লাভ কৰে আৰু ছাত্ৰ-ছাত্ৰীসকলে একোটা বিষয়ৰ ওপৰত মতামত গঠন কৰিব পাৰে। শিক্ষা জীৱনত পোৱা জ্ঞানৰপৰাই পিছলৈ তেওঁলোকে জনমত গঠন কৰাত সফল হ’ব পাৰে।
ৰেডিঅ’, দূৰদৰ্শন আদি
আজিকালি বাতৰি কাকতৰ লগতে ৰেডিঅ’, দূৰদৰ্শন আদিয়ে মানুহৰ মাজত বাতৰি আৰু বিভিন্ন অনুষ্ঠান প্ৰচাৰ কৰে। বাতৰি কাকতৰ দৰে জনসাধাৰণৰ মাজত দৈনন্দিন ঘটনাৰ উপৰিও সেইবিলাকৰ বিষয়ে বিভিন্ন জনৰ মতামতো প্ৰচাৰ কৰা হয়। সেইবোৰে জনসাধাৰণৰ মাজত একোটা মতামত গঠিত হোৱাত সহায় কৰে।
ৰাজনৈতিক দল
ৰাজনৈতিক দলৰ সদস্যসকলে বিশেষকৈ নেতাসকলে ৰাইজৰ মাজত নিজৰ দলৰ নীতি আদৰ্শ আদিৰ বিষয়ে প্ৰচাৰ কৰে। গতিকে ৰাজনৈতিক দলৰ জৰিয়তে মানুহে বিভিন্ন দলৰ নীতিসমূহ জনাৰ উপৰিও ৰাজনীতিৰ গতিৰ বিষয়ে জানিব পাৰে। সেইবাবে ৰাজনৈতিক বিষয়ত জনমত গঠন হোৱাত ৰাজনৈতিক দলৰ কাম-কাজ অতি শক্তিশালী উপাদান। গণতান্ত্ৰিক দেশত সাধাৰণতে ৰাজনৈতিক দলসমূহেই জনমত গঠন কৰাত অগ্ৰণী ভূমিকা লয়।
বিধায়িনী সংস্থাসমূহ
আইন প্ৰণয়নৰ বাবে থকা সংস্থাসমূহ যেনে- বিধানসভা, সংসদ আদিত জাতীয় জীৱনৰ প্ৰায় সকলো বিষয়ৰ আলোচনা-বিলোচনা কৰা হয়। আজিকালি বিধানসভা, সংসদ আদিৰ কাৰ্যাৱলী বাতৰি কাকতত প্ৰকাশ হোৱাৰ উপৰিও দূৰদৰ্শনৰ মাধ্যমেৰে সকলো লোকে দেখা পোৱাকৈ প্ৰচাৰ কৰা হয়। ফলত একোটা বিষয়ৰ ওপৰত আলোচনা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় যিবোৰ জনমত গঠন কৰাত সহায় কৰে। সেইবাবে বৰ্তমান কালত বিধায়িনী সংস্থাসমূহক শক্তিশালী গণ-মাধ্যম বুলি ধৰিব পাৰি। ৰাইজৰ প্ৰতিনিধিসকলে বিভিন্ন দৃষ্টিভংগীৰপৰা এই সংস্থাসমূহত জনমত দাঙি ধৰিবলৈ চেষ্টা কৰে। তাৰপৰাই একো একোটা জনমতে বেছি বহলভাৱে জনপ্ৰিয়তা অৰ্জন কৰিব পাৰে।
গণতন্ত্ৰ আৰু নিৰ্বাচন
গণতন্ত্ৰত নিৰ্ধাৰিত সময়ৰ অন্তৰে-অন্তৰে জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰি সংসদ বা বিধানসভালৈ পঠিয়ায়। এই বাছনি কৰা প্ৰক্ৰিয়াকে নিৰ্বাচন বোলে। বৰ্তমান কালত প্ৰত্যক্ষ গণতন্ত্ৰ কোনো দেশতে প্ৰচলিত নহয়। সেইবাবে গণতন্ত্ৰ বুলিলে পৰোক্ষ গণতন্ত্ৰকহে বুজায়। পৰোক্ষ গণতন্ত্ৰত ৰাইজে নিৰ্বাচিত কৰা প্ৰতিনিধিয়ে দেশৰ শাসনভাৰ লয়। গতিকে গণতন্ত্ৰ আৰু নিৰ্বাচনৰ মাজত ওতপ্ৰোত: সম্পৰ্ক আছে। নিৰ্বাচন দুই ধৰণে সম্পন্ন কৰিব পাৰি, প্ৰথম, মুক্তভাৱে অৰ্থাৎ সকলোৱে জনাকৈ মতামত প্ৰকাশ কৰি আৰু দ্বিতীয়, গোপনে মতদান-পত্ৰ(বেলট পেপাৰ)ৰ জৰিয়তে। বৰ্তমান মতদান বা ভোটদান গোপন বেলট প্ৰথাৰে সম্পন্ন কৰা হয়। নিৰ্বাচন দুই প্ৰকাৰৰ- প্ৰত্যক্ষ বা পোনপটীয়া আৰু পৰোক্ষ। পোনপটীয়া বা প্ৰত্যক্ষ নিৰ্বাচনত ভোটাধিকাৰ পোৱা নাগৰিকসকলে নিজৰ প্ৰতিনিধি নিজে নিৰ্বাচন কৰে। আকৌ পৰোক্ষ নিৰ্বাচনত প্ৰথমে নাগৰিকসকলে কিছুসংখ্যক নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰে, পিছত সেই প্ৰতিনিধিসকলে চূড়ান্ত প্ৰতিনিধিসকলক নিৰ্বাচন কৰে। মতদান বা ভোট দিয়াৰ অধিকাৰ কেনেধৰণৰ ব্যক্তিক দিয়া হ’ব, সেই বিষয়ে ভালেমান চিন্তা-চৰ্চা কৰা হৈছিল। বিভিন্ন কালত আৰু বিভিন্ন দেশত বেলেগ বেলেগ ধৰণে এই অধিকাৰ দিয়া হৈছিল। কিছুমান দেশত নিৰ্দ্দিষ্ট পৰিমাণৰ সম্পত্তি থকা আৰু দেশৰ বাবে কৰ-কাটল দিয়া লোকক এই অধিকাৰ দিয়া হৈছিল। কিছুমানত স্কুল-কলেজত শিক্ষা লাভ কৰা লোককহে ভোটাধিকাৰ দিয়া হৈছিল। আকৌ কিছুমান দেশত পুৰুষসকলকহে এই অধিকাৰ দিয়াৰ নিয়ম আছিল। এনে ধৰণে চৰ্ত সাপেক্ষে ভোটাধিকাৰ দিয়াটো শুদ্ধ পন্থা নহয় বুলি বৰ্তমান ধাৰণা কৰা হৈছে। আজিকালি বেছিভাগ দেশতে প্ৰাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰ নীতি মানি এক নিৰ্দ্দিষ্ট বয়সত পুৰুষ-মহিলা সকলোকে এই অধিকাৰ দিয়া হয়। ইয়াৰ অৰ্থ এয়ে যে, নিৰ্দ্দিষ্ট বয়সপ্ৰাপ্ত হ’লে অন্য সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়া হয়। আমাৰ দেশত ভোটাধিকাৰৰ ন্যূনতম বয়স ১৮ বছৰ। গণতন্ত্ৰৰ সফলতা মুক্ত আৰু নিকা নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰে। দেশৰ শাসনভাৰ ল’ব লগা নিৰ্বাচিত প্ৰতিনিধিসকল সৎ আৰু উপযুক্ত হ’লেহে প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা সম্ভৱ হয়। উপযুক্ত প্ৰতিনিধি নিৰ্বাচিত হ’লেহে চৰকাৰ শক্তিশালী আৰু কাৰ্যক্ষম হয়। নিৰ্বাচনক সেইবাবে গণতান্ত্ৰিক চৰকাৰৰ চালিকা শক্তি বুলি ক’ব পাৰি।
গণতন্ত্ৰ আৰু ৰাজনৈতিক দল
বৰ্তমান কালত গণতান্ত্ৰিক চৰকাৰ বুলিলে ৰাজনৈতিক দলৰ প্ৰাধান্য থকা চৰকাৰকহে বুজায়। কাৰণ, সংসদ বা বিধানসভাসমূহত সংখ্যাগৰিষ্ঠ দলৰপৰাহে চৰকাৰ গঠিত হয়। তদুপৰি নিৰ্বাচনবিলাকো দলীয় ভিত্তিত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মাজতহে হয়। অৱশ্যে দুই এক নিৰ্দলীয় সদস্যও থাকে। কিন্তু সংখ্যাগৰিষ্ঠ দল থাকিলে নিৰ্দলীয় সদস্যৰ চৰকাৰ গঠনত বিশেষ কোনো ভূমিকা নাথাকে। এইবোৰ কাৰণতে গণতন্ত্ৰ আৰু ৰাজনৈতিক দলৰ ওতপ্ৰোত: সম্পৰ্ক আছে। ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক তিনিটা ভাগত ভগাব পাৰি-
(ক) একদলীয়,
(খ) দ্বি-দলীয় আৰু
(গ) বহুদলীয় চৰকাৰ।
যি চৰকাৰত কেৱল এটা দলহে থাকে তেনে চৰকাৰক একদলীয় চৰকাৰ বোলা হয়। তেনে একদলীয় চৰকাৰ থকা দেশত এটাৰ বাহিৰে অন্য দলক স্বীকৃতি দিয়া নহয়। এনে ব্যৱস্থা সাম্যবাদী দেশসমূহত চলে। ইয়াৰ বিপৰীতে কোনো দেশত দুটা ৰাজনৈতিক দলক স্বীকৃতি দিয়া হয়। তাৰে যিটো দলে সংখ্যাগৰিষ্ঠ আসন দখল কৰিবলৈ সমৰ্থ হয়- সেই দলে চৰকাৰ গঠন কৰে আৰু বাকী দলে চৰকাৰৰ বিপক্ষ দল বা বিৰোধী দল হিচাপে কাম কৰে। উদাহৰণস্বৰূপে ব্ৰিটেইনৰ কথা ক’ব পাৰি। ইয়াত মূল দল হিচাপে মাত্ৰ দুটা ৰাজনৈতিক দল আছে। সংসদত পোৱা আসন অনুসৰি চৰকাৰৰ দল আৰু বিৰোধীপক্ষ হিচাপে প্ৰশাসনৰ কাৰ্যভাৰ চলায়। সেইদৰে ভাৰত আদি কিছুমান দেশত বহুদলৰ স্বীকৃতি দিয়া হয় আৰু সেই দলসমূহৰ যিটো দলে সংখ্যাগৰিষ্ঠতা পায় সাধাৰণতে সেই দলেই চৰকাৰ গঠন কৰে। অন্যান্য সকলো দলে বিৰোধী দলৰ ভূমিকা লয়।বহুদলীয় ব্যৱস্থাত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে একাধিক দল সমবেত হৈ চৰকাৰ গঠন কৰিব পাৰে। এনে চৰকাৰক সন্মিলিত বা সংযুক্ত চৰকাৰ বোলা হয়। একদলীয় চৰকাৰত বিৰোধী পক্ষ নাথাকে। গতিকে শাসন কাৰ্য চলাওঁতে সাধাৰণতে এটা দলৰ স্বেচ্ছাচাৰী শাসন চলে বুলি ক’ব পাৰি। কিয়নো কোনো ধৰণৰ ভুল-ত্ৰুটি দেখুৱাবৰ বাবে কোনো বিৰোধী দল নাথাকে বাবে একেটা দলৰ মতামত বা নীতি ভুল বা শুদ্ধ হ’লেও চৰকাৰে প্ৰয়োগ কৰিবলৈ দ্বিধাবোধ নকৰে। দ্বি-দলীয় চৰকাৰত যি দলে সংসদত সংখ্যাগৰিষ্ঠ আসন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে। বাকী দলটোৱে বিৰোধী দলৰ ভূমিকা লয়। বিৰোধী দলটোৱে একোখন ‘ছায়া মন্ত্ৰী সভা’ গঠন কৰে। তাত অন্তৰ্ভুক্ত সদস্যসকলে একো একোজন মন্ত্ৰীৰ দপ্তৰৰ কাম-কাজ পুংখানুপুংখৰূপে অধ্যয়ন কৰে আৰু সংসদত সেই মন্ত্ৰীৰ কাৰ্য-কলাপৰ ভুল-ত্ৰুটি সমালোচনা কৰে। যদি কিবা কাৰণত শাসকীয় দলৰ পতন ঘটে তেতিয়া বিৰোধী দলে চৰকাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰে আৰু ছায়া মন্ত্ৰী সভাৰ মন্ত্ৰীসকলে প্ৰকৃত মন্ত্ৰীৰ কাৰ্যভাৰ চলাবলৈ লয়। বহুদলীয় প্ৰথাত সংসদত সংখ্যাগৰিষ্ঠতা পোৱা দলে চৰকাৰ গঠন কৰে। এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰিলে সংযুক্ত চৰকাৰ গঠন কৰিব পাৰে। যদি দলীয় নীতিৰ বিভিন্নতা হেতু একাধিক দল লগলাগি চৰকাৰ গঠন কৰিব নোৱাৰে তেন্তে সেই সংসদ ভংগ কৰি নতুন নিৰ্বাচনৰ ব্যৱস্থা কৰিব লাগে। বহুদলীয় চৰকাৰৰ ক্ষেত্ৰত এটা দলে গঠন কৰাই হওক বা একাধিক দলৰ সংযুক্ত চৰকাৰেই হওক চৰকাৰৰ বাহিৰত থকা দলসমূহ বিৰোধী দল হিচাপে পৰিগণিত হয়। বিৰোধী দলে একোজন দলপতি নিৰ্বাচন কৰি ল’ব পাৰে।
বিৰোধী দলৰ ভূমিকা
গণতন্ত্ৰত বিৰোধী দলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰী পক্ষই নিজা মতামত আৰু নীতি অনুসৰি চৰকাৰ চলায় আৰু বিৰোধী দলে চৰকাৰৰ কাম-কাজ চলোৱাত ঘোঁৰাৰ লেকামৰ নিচিনা কাম কৰে। বিৰোধী পক্ষই চৰকাৰক সঠিকভাৱে কাৰ্যনিৰ্বাহ কৰাত সহায় কৰে আৰু তেওঁলোকৰ নীতি আদিৰ ভুল-ত্ৰুটি দেখুৱায়। প্ৰকৃতপক্ষে গণতন্ত্ৰত বিৰোধী দল নাথাকিলে প্ৰশাসন ব্যৱস্থা অৰ্থহীন হৈ পৰে। আন কথা ক’বলৈ হ’লে ই স্বেচ্ছাচাৰী শাসনত পৰিণত হয়। বিৰোধী দলে যুক্তিযুক্তভাৱে চৰকাৰৰ গুণাগুণ বিচাৰ কৰি প্ৰয়োজনীয় ক্ষেত্ৰত সহযোগ কৰিব লাগে আৰু ভুল কৰিলে যথোপযুক্তভাৱে সমালোচনা কৰি শুদ্ধ পথ দেখুৱাব লাগে। আনহাতে চৰকাৰেও যুক্তিপূৰ্ণ নীতিৰে বিৰোধী দলৰ প্ৰস্তাৱ, উপদেশ আদি সাৱধানে বিচাৰ কৰি চাব লাগে। মুঠতে চৰকাৰ আৰু বিৰোধী দলৰ সহযোগতহে গণতান্ত্ৰিক চৰকাৰ কৃতকাৰ্য হ’ব পাৰে। গণতন্ত্ৰত বিৰোধী দলৰ প্ৰধান কাম হ’ল-
(ক) চৰকাৰৰ সকলো কামৰ প্ৰতি সতৰ্ক থকা। যদি চৰকাৰে কোনো ভুল পদক্ষেপ ল’বলৈ যায় তেতিয়া বিৰোধী দলে যুক্তি সহকাৰে সেই দোষ দেখুৱাই দিব লাগে। যদি চৰকাৰে কেৱল নিজ দলৰ বা দেশৰ কোনো এটা বিশেষ অঞ্চলৰহে কাম কৰিবলৈ আগবাঢ়ে তেনে কামত বিৰোধী দলে বাধ্য প্ৰদান কৰিব লাগে।
(খ) মাথোন এটা দলেৰে চৰকাৰ গঠিত হ’লে প্ৰকৃতপক্ষে সমূহ ৰাইজৰ মতামতৰ প্ৰতিনিধিত্ব নহয়। বিৰোধী দলে চকু ৰাখিব লাগিব যাতে চৰকাৰে কেৱল সংখ্যাগৰিষ্ঠসকলৰেই নহয় সংখ্যালঘুৰ মতামতকো উপযুক্তভাৱে সন্মান কৰে। তাকে কৰিলে গণতান্ত্ৰিক চৰকাৰ সফল হ’ব পাৰে।
প্ৰভাৱগোষ্ঠী
গণতান্ত্ৰিক শাসন ব্যৱস্থাত ৰাজনৈতিক দলৰ উপৰিও কেতবোৰ সামাজিক অনুষ্ঠান আৰু সংগঠনে চৰকাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। নিজ শ্ৰেণী স্বাৰ্থ বা সামাজিক স্বাৰ্থৰ হকে চৰকাৰৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে হেঁচা প্ৰয়োগ কৰা বা প্ৰভাৱ বিস্তাৰ কৰা অৰাজনৈতিক ব্যক্তি আৰু অনুষ্ঠানসমূহৰ সমষ্টিক প্ৰভাৱগোষ্ঠী বুলি কোৱা হয়। সাহিত্য সভা, মহিলা সমিতি, ব্যৱসায়ী সংস্থা, মানৱ অধিকাৰ সংৰক্ষণ সমিতি আদি হ’ল প্ৰভাৱগোষ্ঠীৰ কেতবোৰ উদাহৰণ। এই প্ৰভাৱগোষ্ঠীসমূহে জনকল্যাণমূলক দিশ কিছুমানৰ ওপৰত চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি সেইবোৰৰ উন্নয়নত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে।
প্ৰভাৱগোষ্ঠীৰ ভূমিকা
প্ৰভাৱগোষ্ঠীৰ ভূমিকা তলত উল্লেখ কৰা হ’ল-
(ক) এখন বিশাল আয়তনৰ দেশত চৰকাৰে সকলোবোৰ অঞ্চলৰ উন্নয়নত সমানে মনোযোগ দিব নোৱাৰিবও পাৰে। তেনে ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীসমূহে উন্নয়ন নোহোৱা বা উন্নয়নৰ গতি লেহেম হোৱা অঞ্চলবোৰৰ উন্নয়নৰ বাবে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। ইয়াৰ ফলত আঞ্চলিক উন্নয়নৰ বাধাসমূহ দূৰ হয়।
(খ) সমাজত কিছুমান বুদ্ধিজীৱী লোক আছে যিসকলে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ ইচ্ছুক নহয়। এনে লোকসকলেও সমাজ কল্যাণৰ বিভিন্ন কামত জড়িত হৈ দেশৰ সামগ্ৰিক উন্নয়ন হোৱাটো বিচাৰে। এনে ধৰণৰ বুদ্ধিজীৱীৰে গঠিত প্ৰভাৱগোষ্ঠীৰ দিহা-পৰামৰ্শই চৰকাৰী আঁচনিৰ প্ৰস্তুত আৰু ৰূপায়ণত বিশেষ ফলদায়ক হয়।
(গ) নাগৰিকসকলৰ মৌলিক অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত প্ৰভাৱগোষ্ঠীসমূহে চৰকাৰৰ ওচৰত সবল দাবী উত্থাপন কৰিব পাৰে। চৰকাৰে নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিলে প্ৰভাৱগোষ্ঠীসমূহে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি প্ৰবল জনমত গঢ়ি তুলিব পাৰে।
(ঘ) চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত যিটো দলৰ চৰকাৰ থাকে সেই দলৰ নীতি আৰু আদৰ্শৰহে প্ৰাধান্যতা পৰিলক্ষিত হয়। প্ৰভাৱগোষ্ঠীসমূহে নিৰপেক্ষ দৃষ্টিভংগীৰে দেশৰ সামগ্ৰিক বিকাশৰ হকে মতামত ব্যক্ত কৰি চৰকাৰক দলীয় স্বাৰ্থৰ উৰ্দ্ধত কাম কৰিবলৈ হেঁচা প্ৰয়োগ কৰিব পাৰে।
(ঙ) এখন বিশাল আয়তনৰ গণতান্ত্ৰিক দেশত নানা জাতি-উপজাতি আৰু ভাষা সংস্কৃতিৰ লোক বসবাস কৰিব পাৰে। প্ৰত্যেক জাতি-উপজাতিৰে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতিৰ উন্নতিৰ বাবে মাত মতাৰ অধিকাৰ আছে। ভাষা-সংস্কৃতিৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে আওকনীয়া মনোভাৱ প্ৰকাশ কৰিলে প্ৰভাৱগোষ্ঠীসমূহে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ভাষা-সংস্কৃতিৰ উন্নতি সাধন কৰিব পাৰে।
উৎস: সমাজ বিজ্ঞান।
শেহতীয়া উন্নীতকৰণ: : 6/4/2020