অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থা

নিৰ্বাচন আৰু নিৰ্বাচনী প্ৰক্ৰিয়া

আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত ৩২৪ ৰ পৰা ৩২৯ লৈ- এই ছয়টা অনুচ্ছেদ অন্তৰ্ভক্ত  কৰা আছে| এই অনুচ্ছেদ সমুহত ভাৰতৰ নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে| ইয়াৰ উপৰিও ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনতো এই সম্পৰ্কত কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰা আছে| সেয়েহে সংবিধানৰ পঞ্চদশ অধ্যায় আৰু জনপ্ৰতিনিধিৰ আইনকে আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ ভেঁটি হিচাপে বিবেচনা কৰা হয়| নিৰ্বাচন ব্যৱস্থাই হৈছে সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ ভেঁটি| প্ৰাচীন কালত প্ৰত্যক্ষ গণতন্ত্ৰৰ প্ৰচলন আছিল| সেই সময়ত দেশসমুহৰ আকাৰ আছিল সৰু আৰু জনসংখ্যাও আছিল কম| সেয়েহে জনসাধাৰণে কোনো নিৰ্দ্দিষ্ট ঠাইত সমবেত হৈ বিধি-বিধান ৰচনা কৰিব পাৰিছিল| কিন্তু সাম্প্ৰতিক কালৰ দেশসমুহ ডাঙৰ আৰু ইয়াৰ জনসংখ্যাও বহুত বেছি| সেয়েহে সাম্প্ৰতিক কালৰ দেশসমুহত পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমুলক গণতন্ত্ৰৰ প্ৰচলন কৰা হৈছে| পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন থকা দেশত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰা হয়| নিৰ্বাচনত জয়লাভ কৰা দলে দেশ শাসন কৰাৰ অধিকাৰ পায়| নিৰ্বাচনৰ জৰিয়তেই দেশ শাসন কৰাৰ বৈধ অধিকাৰ পোৱা যায়| নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে দেশৰ ভোটাৰ সকলেও নীতি-নিৰ্ধাৰণ কৰাৰ বিষয়ত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰে| নিৰ্বাচনৰ জৰিয়তে ভোটাৰ সকলে চৰকাৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ সুবিধাও পায়| চৰকাৰৰ ওপৰত অসন্তষ্ট ভোটাৰে পিছত নিৰ্বাচনত আন দলক শাসনৰ ক্ষমতা লাভ কৰাৰ সুবিধা দিব পাৰে| নিৰ্বাচনৰ জৰিয়তে জনসাধাৰণৰ সাধাৰণ ইচ্ছা(General Will)ৰ প্ৰকাশ পায়| জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত চৰকাৰে যাতে জনস্বাৰ্থৰ হকে কাৰ্যনিৰ্বাহ কৰে, সেই উদ্দেশ্যে নিৰ্বাচন ব্যৱস্থা দোষমুক্ত হোৱাটো উচিত| নিৰ্বাচনী কাৰ্য স্বাধীন আৰু নিৰপেক্ষ নহ’লে অনুপযুক্ত ব্যক্তি প্ৰতিনিধি হিচাপে নিৰ্বাচিত হ’ব পাৰে আৰু অনুপযুক্ত প্ৰতিনিধিৰে গঠিত চৰকাৰে গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰত গুৰুত্ব নিদিব পাৰে|

আমাৰ দেশৰ নিৰ্বাচনী ব্যৱস্থাৰ বৈশিষ্ট্য

আগতেই উল্লেখ কৰা হৈছে যে আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায়ত নিৰ্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে| আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে| সেইবোৰ তলত দিয়া ধৰণৰ-

১) দেশৰ নিৰ্বাচনৰ দায়িত্ব কাৰ্যপালিকা বা বিধানমণ্ডলক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠনৰ ওপৰত দিয়া হৈছে| নিৰ্বাচন পৰিচালনাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ ওপৰত দিয়া হৈছে| সংবিধানৰ ৩২৪ নং অনুচ্ছেদত এই বিষয়ে উল্লেখ কৰা আছে|

২) সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা অন্যতম বৈশিষ্ট্য| গণতান্ত্ৰিক চৰকাৰে ৰাইজৰ দ্বাৰা গঠিত চৰকাৰক বুজায়; সেয়েহে সীমিত ভোটাধিকাৰ পদ্ধতিৰ জৰিয়তে গঠিত চৰকাৰক ৰাইজৰ চৰকাৰ হিচাপে অভিহিত কৰিব নোৱাৰি| গণতান্ত্ৰিক চৰকাৰত প্ৰাপ্তবয়স্ক সকলো লোকৰে ভোটাধিকাৰ থকা উচিত| আমাৰ দেশৰ সংবিধানে দেশৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিককে ভোটদানৰ অধিকাৰ দিছে| ১৮ বছৰ বয়সৰ যিসকল ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভক্ত কৰা হৈছে, তেওঁলোকৰ আটায়ে নিৰ্বাচনৰ সময়ত ভোটদান কৰিব পাৰে| সংবিধানৰ আৰম্ভণিতে ভোটাৰ সকলৰ বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ কিন্তু সংবিধানৰ ৬১ নং সংশোধনী আইনৰ জৰিয়তে ১৮ বছৰৰ সকলো নাগৰিককে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে| জাতি-বৰ্ণ-ধৰ্ম, জন্মস্থান নিৰ্বিশেষে ১৮ বছৰৰ সকলো পুৰুষ-মহিলাকে ভোটাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে|

৩) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে আমাৰ দেশত প্ৰত্যক্ষ আৰু পৰোক্ষ-এই দুই ধৰণৰ নিৰ্বাচন ব্যৱস্থাৰ প্ৰচলন আছে| লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সদস্য সকলক প্ৰত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়| কিন্তু ৰাজ্যসভাৰ সদস্য সকলক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়| ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে ৰাজ্যসভাৰ সদস্যৰ নিৰ্বাচনত ভোটদান কৰে| ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনো পৰোক্ষ| কেন্দ্ৰীয় বিধানসভাৰ নিৰ্বাচিত সদস্য আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য সকলে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে| আনহাতে কেন্দ্ৰীয় বিধানমণ্ডলৰ সকলো সদস্যই উপ-ৰাষ্ট্ৰ্পতিৰ নিৰ্বাচনত ভোটদান কৰিব পাৰে| কিছুমান ক্ষেত্ৰত সীমিত ভোটাৰৰ জৰিয়তে সদস্য নিৰ্বাচন কৰা ব্যৱস্থাৰো প্ৰচলন আছে| উদাহৰণস্বৰুপে বিধান পৰিষদৰ প্ৰায় ১/৩ অংশ সদস্যক পোৰসভা, জিলা পৰিষদ আৰু আন আন স্বায়ত্ব শাসিত সংগঠন সমুহে নিৰ্বাচন কৰে| প্ৰায় ১/৩ অংশ সদস্য বিধানসভাৰ সদস্যক বিধানসভাৰ সদস্য সকলে নিৰ্বাচিত কৰে| প্ৰায় ১/১২ অংশ সদস্যক তিনি বছৰ বা তাতকৈ আগেয়ে স্নাতক হোৱা লোকসকলে নিৰ্বাচিত কৰে| প্ৰায় ১/১২ অংশ নিৰ্বাচিত হয় শিক্ষক সকলৰ দ্বাৰা| বাকী ১/৬ অংশ সদস্যক ৰাজ্যপালে মনোনীত কৰে|

৪) লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে একেখন ভোটাৰ তালিকাৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য| যিসকল নাগৰিকে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰে তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ লোকসভাৰ সদস্যৰ নিৰ্বাচনতো ভোটদান কৰিব পাৰে|

৫) সমান ভোটাধিকাৰৰ নীতি গ্ৰহণ আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য| আমাৰ দেশত বহু ভোট ব্যৱস্থাৰ প্ৰচলন নাই| প্ৰত্যেক ভোটাৰৰ ভোটৰ মুল্যক সমান হিচাপে বিবেচনা কৰা হয়| অৰ্থাৎ আমাৰ দেশত “এজন মানুহৰ এটা ভোট” এই নীতিৰ প্ৰচলন আছে| সাধাৰণ ভোটাৰ এজনৰ ভোটৰ মুল্য আৰু প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ ভোটৰ মুল্যৰ মাজত প্ৰভেদ নাই|

৬) এলেকাভিত্তিক প্ৰতিনিধি নিৰ্বাচন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য| লোকসভাৰ সদস্যৰ সংখ্যাৰ অনুপাতে দেশখনক নিৰ্দিষ্ট সমষ্টিত ভাগ কৰি প্ৰত্যেক সমষ্টিৰ পৰা এজনকৈ প্ৰাৰ্থীক লোকসভালৈ নিৰ্বাচিত কৰা হয়| সেইদৰে ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা অনুপাতে ৰাজ্যখনক কেইটামান সমষ্টিত ভাগ কৰা হয় আৰু প্ৰতি সমষ্টিৰ পৰা এজনকৈ প্ৰাৰ্থীক বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত কৰা হয়| অনুসূচীত জাতি আৰু জনজাতিৰ লোকৰ কাৰণে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে; কিন্তু সংখ্যালঘু জাতিৰ লোকৰ কাৰণে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা নাই|

৭) ভোটাৰৰ বয়স আৰু বিধানমণ্ডলৰ সদস্যৰ বয়সৰ মাজৰ প্ৰভেদ আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য| সংবিধান গ্ৰহণ কৰাৰ সময়ত ভোটাৰৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ| কিন্তু ১৯৮৮ চনত গ্ৰহণ কৰা ৬১ নং সংবিধান সংশোধনী আইন মতে ভোটাৰৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ১৮ বছৰ| কিন্তু লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ প্ৰাৰ্থীৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছে ২৫ বছৰ| আনহাতে ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছে ৩০ বছৰ|

৮) আইনে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা থাকিলে ভাৰতৰ যিকোনো নাগৰিকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে| ৰাজনৈতিক দলৰ সদস্যৰ উপৰিও ব্যক্তিগত ভাৱেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যায়| নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে প্ৰাৰ্থীৰ কোনো আৰ্থিক নাইবা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই|

৯) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে নিৰ্বাচনৰ বাহিৰে আন কোনো উপায়ে ৰাজনৈতিক পদৱী লাভ কৰাৰ ব্যৱস্থা নাই| বিধানমণ্ডলৰ সদস্য সকল নিৰ্বাচিত সদস্য হ’ব লাগে| অৱশ্যে বিধানমণ্ডলত মনোনীত সদস্যৰ ব্যৱস্থাও আছে| লোকসভাত ২ জন আৰু ৰাজ্যসভাত ১২ জন মনোনীত সদস্য থাকিব পাৰে|

১০) একোজন প্ৰাৰ্থীয়ে এটা নাইবা ততোধিক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে| প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টি সমুহত জয়লাভ কৰিলেও এজন প্ৰাৰ্থীয়ে এটা সমষ্টিকহে প্ৰতিনিধিত্ব কৰিব পাৰে|

১১) নিৰ্বাচনসংক্ৰান্তত বিবাদৰ সৃষ্টি হ’লে এই বিবাদ মীমাংসা কৰাৰ ব্যৱস্থাও আছে| সংবিধান বলবৎ কৰাৰ সময়ত নিৰ্বাচনী আয়োগে গঠন কৰি দিয়া ট্ৰিবুনেলক এই বিবাদ মিমাংসা কৰাৰ দায়িত্ব দিয়া হৈছিল| কিন্তু সাম্প্ৰতিক কালত এই ব্যৱস্থাৰ পৰিৱৰ্তন কৰি উচ্চ আদালতক এনে বিবাদ মীমাংসা কৰাৰ দায়িত্ব দিয়া হৈছে|

১২) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হ’লে ৰাজনৈতিক দলসমুহে নিৰ্বাচনী আয়োগৰ ওচৰত পঞ্জীয়ন কৰিব লাগে| আয়োগে কিছুমান দলক সৰ্বভাৰতীয় ৰাজনৈতিক দল আৰু কিছুমান দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়ে| এই দলসমুহক আয়োগে নিৰ্দ্দিষ্ট প্ৰতীক নিৰ্ধাৰণ কৰি দিয়ে আৰু এই প্ৰতীকত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে| অৱশ্যে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ ব্যৱস্থাও আছে|

১৩) নিৰ্বাচনী প্ৰচাৰ আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য| নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰত্যেক দলে ভৱিষ্যতে গ্ৰহণ কৰিবলগীয়া দলীয় কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ ওচৰত প্ৰচাৰ কাৰ্য চলায়| ক্ষমতাত অধিষ্ঠিত দলে চৰকাৰৰ সদস্যৰ বিষয়ে প্ৰচাৰ কাৰ্য চলায়| প্ৰত্যেক দলেই জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে| নিৰ্বাচনী আয়োগে নিৰ্ধাৰণ কৰি দিয়া নিয়ম মতে কোনো প্ৰাৰ্থী বা দলে ধৰ্ম, জাতি সম্প্ৰদায় আদিৰ নামত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলাব নোৱাৰে| কিন্তু কোনো দলেই এনে ধৰণৰ নিয়মৰ ওপৰত গুৰুত্ব নিদিয়ে| জাতি-ধৰ্ম-সম্প্ৰদায় আদিৰ ভিত্তিত প্ৰাৰ্থী মনোনীত কৰা আৰু নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱা এটা সাধাৰণ নিয়মত পৰিণত হৈছে|

১৪) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলে ১৯৫১ চনৰ জনপ্ৰতিনিধিত্ব আইনে নিৰ্ধাৰণ কৰি দিয়া আচৰণ বিধি মানি চলিব লাগে| প্ৰত্যেক প্ৰাৰ্থীয়ে নিৰ্বাচনত ব্যয় কৰা ধনৰ হিচাপ দাখিল কৰিব লাগে| কিন্তু বাস্তৱ ক্ষেত্ৰত প্ৰাৰ্থীসকলে নিৰ্ধাৰণ কৰি দিয়া ধনতকৈ বহুত বেছি ধন খৰচ কৰে| প্ৰত্যেক দলে খৰচ কৰা ধনৰ হিচাপ ৰাখিব লাগে|

ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ পৰ্যায়সমূহ

ভাৰতৰ নিৰ্বাচন সমূহ তলত উল্লেখ কৰা পৰ্যায়ৰ মাজেদি কাৰ্যকৰি হয়|-

১) নিৰ্বাচনী এলেকা সমূহৰ ঘোষণা:-নিৰ্বাচনৰ প্ৰথম পদক্ষেপ হৈছে নিৰ্বাচনী এলেকা সমূহৰ ঘোষণা| নিৰ্বাচনী এলেকাসমূহ দুই ধৰণৰ-

(ক) সংসদীয় নিৰ্বাচনী এলেকা

(খ) বিধানসভাৰ নিৰ্বাচনী এলেকা| এখন নিৰ্বাচনী এলেকাৰ পৰা এজনে প্ৰাৰ্থী নিৰ্বাচিত হয়| প্ৰয়োজন সাপেক্ষে চৰকাৰে এই নিৰ্বাচনী এলেকা সমূহৰ পুনৰগঠন কৰিব পাৰে|

২) ভোটাৰ তালিকাৰ প্ৰস্তুতকৰণ:- দ্বিতীয় পদক্ষেপ হিচাপে প্ৰতিটো সংসদীয় আৰু বিধানসভাৰ নিৰ্বাচনী এলেকাৰ বাবে ভোটাৰ তালিকা প্ৰস্তুত কৰা হয়| ১৮ বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়| প্ৰতিটো নিৰ্বাচনৰ আগত এই তালিকা প্ৰকাশ কৰা হয়, যাতে নাগৰিক সকলে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে নে নাই সেই সম্পৰ্কে অৱগত হ’ব পাৰে|

৩) নিৰ্বাচনৰ দিন ঘোষণা:- আনুষ্ঠানিক ভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হয়| যেতিয়া ৰাষ্ট্ৰপতিয়ে লোকসভাৰ বাবে আৰু ৰাজ্যপালে বিধানসভাৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা কৰে| লগতে নিৰ্বাচন আয়োগে মনোনয়ন পত্ৰ দাখিল কৰা, পৰীক্ষা কৰা, আৰু মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন ঘোষণা কৰে|

৪) নিৰ্বাচনী বিষয়া সকলৰ নিযুক্তি:- নিৰ্বাচনী প্ৰক্ৰিয়াক নিকা আৰু নিৰপেক্ষ ভাৱে পৰিচালনা কৰাৰ বাবে অস্থায়ীভাৱে নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰী সকলক নিযুক্তি দিয়া হয়| এওঁলোকে নিৰ্বাচনী আয়োগৰ নিয়ন্ত্ৰণত কাৰ্য পৰিচালনা কৰে|

৫) ভোটদান কেন্দ্ৰ স্থাপন:- ভোটাৰ সকলৰ সুবিধাৰ্থে আৰু নিৰ্বাচন প্ৰক্ৰিয়াক সুস্থভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে একেটা নিৰ্বাচনী এলেকাৰ বাবে বহু সংখ্যক ভোটদান কেন্দ্ৰ স্থাপন কৰা হয়|

৬) মনোনয়ন পত্ৰ দাখিল:- নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশ অনুসৰি প্ৰাৰ্থী সকলে নিৰ্দ্দিষ্ট দিন কেইটাত মনোনয়ন পত্ৰ সমুহ তেওঁলোকৰ এলেকাৰ নিৰ্বাচনী বিষয়াৰ হাতত দাখিল কৰে| মনোনয়ন পত্ৰত প্ৰাৰ্থীৰ নিজৰ আৰু লগতে প্ৰস্তাৱক আৰু সমৰ্থক সকলৰ চহীৰ প্ৰয়োজন হয়|

৭) মনোনয়ন পত্ৰ পৰীক্ষা:- নিৰ্বাচনী আয়োগে নিৰ্দ্ধাৰিত কৰা দিনত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰি চায়| সঠিক তথ্য গোপন কৰা হ’লে মনোনয়ন পত্ৰ সমূহ বাতিল কৰা হয়|

৮) মনোনয়নৰ পত্ৰ প্ৰত্যাহাৰ:- মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ পিছত নিৰ্দ্দিষ্ট দিনত কোনো প্ৰাৰ্থীয়ে বিচাৰিলে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰে| নিৰ্বাচনী বিষয়া জনে প্ৰত্যাহাৰ কৰা মনোনয়ন পত্ৰক বাদ দি আন আন প্ৰাৰ্থী সকলৰ তালিকা আৰু লগতে তেওঁলোকৰ নিৰ্বাচনী প্ৰতীক প্ৰকাশ কৰে|

৯) নিৰ্বাচনী প্ৰচাৰ:- যেতিয়া নিৰ্বাচনী বিষয়াৰ দ্বাৰা সম্পুৰ্ণ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হয়, তাৰ পিছতে দল সমুহে নিজৰ নিজৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে| প্ৰতিটো দলে নিজৰ নিজৰ নিৰ্বাচনী ইস্তাহাৰত নিজৰ দলৰ আদৰ্শ, উদ্দেশ্যে আৰু ভৱিষ্যৎ কৰ্মপন্থাৰ বিষয়ে উল্লেখ কৰে|

১০) ভোটদান:- নিৰ্দ্দিষ্ট দিনত এটা এটা নিৰ্বাচনী এলেকাৰ অন্তৰ্ভুক্ত বিভিন্ন ভোট কেন্দ্ৰ সমুহত ভোটদান প্ৰক্ৰিয়া কাৰ্যকৰি হয়| প্ৰতিটো ভোটদান কেন্দ্ৰত এজনে Presiding বিষয়া আৰু আন আন বিষয়া সকল থাকে| তেওঁলোকৰ তত্ত্বাবধানত ভোটদান প্ৰক্ৰিয়া শান্তিপুৰ্ণ আৰু নিৰপেক্ষভাৱে পৰিচালিত হয়|

১১) ভোটগণনা আৰু ফলাফল ঘোষণা:- ভোটদান প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত নিৰ্বাচনী আয়োগে ভোটগণনাৰ বাবে বিষয়া সকলক নিযুক্তি দিয়ে| নিৰ্বাচনী বিষয়াৰ উপস্থিতিত ভোটগণনা কাৰ্য সমাপ্ত হয় আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়|

১২) নিৰ্বাচন সংক্ৰান্ত হিচাপ দাখিল:- নিৰ্বাচন আয়োগে লোকসভাৰ প্ৰাৰ্থী সকলৰ বাবে বৰ্তমানে ১৫ লাখ আৰু বিধানসভাৰ প্ৰাৰ্থী সকলৰ বাবে ৬ লাখ পৰ্য্যন্ত ধন খৰচ কৰাৰ নিৰিখ ধাৰ্য কৰিছে| নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচদিনৰ ভিতৰত প্ৰাৰ্থী সকলে নিৰ্বাচনী আয়োগৰ ওচৰত তেওঁলোকৰ নিৰ্বাচনী খৰচৰ হিচাপ দাখিল কৰিব লাগে| যদি কোনো প্ৰাৰ্থীয়ে ধাৰ্য কৰা ধনতকৈ অধিক ব্যয় কৰে তেনে ক্ষেত্ৰত তেওঁৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰা হয়| নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাঁচদিনৰ ভিতৰত প্ৰাৰ্থী সকলে নিৰ্বাচনী আয়োগৰ ওচৰত তেওঁলোকৰ নিৰ্বাচনী খৰচৰ হিচাপ দাখিল কৰিব লাগে| যদি কোনো প্ৰাৰ্থীয়ে ধাৰ্য কৰা ধনতকৈ অধিক ব্যয় কৰে তেনে ক্ষেত্ৰত তেওঁৰ নিৰ্বাচন অবৈধ বুলি ঘোষণা কৰা হয়|

ভাৰতত প্ৰচলিত নিৰ্বাচনী ব্যৱস্থা সমূহ

তোমালোকে বাৰু জানানে ভাৰতবৰ্ষত কি কি নিৰ্বাচন অনুষ্ঠিত হয়? এই সকলো বোৰ নিৰ্বাচনতে জনসাধাৰণে অংশ গ্ৰহণ কৰে নে? সকলোবোৰ নিৰ্বাচনৰ পদ্ধতি বাৰু একে ধৰণৰ হয়নে?

প্ৰথমতে আমি ভাৰতবৰ্ষৰ গুৰুত্বপুৰ্ণ নিৰ্বাচন সমূহৰ কথা উল্লেখ কৰো আহা-

১) লোকসভাৰ নিৰ্বাচন|

২) বিধানসভাৰ নিৰ্বাচন|

৩) ৰাজ্যসভাৰ নিৰ্বাচন|

৪) ৰাষ্ট্ৰপতিৰ নিৰ্বাচন|

৫) উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন|

৬) স্থানীয় চৰকাৰৰ নিৰ্বাচন|

ইয়াৰ উপৰিও অন্য কেতবোৰ নিৰ্বাচন আছে| যেনে:- লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন তথা বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ নিৰ্বাচন ইত্যাদি|

ওপৰত উল্লেখ কৰা কেতবোৰ নিৰ্বাচনত বাৰু জনসাধাৰণে অৰ্থাৎ ভোটাধিকাৰ লাভ কৰা প্ৰাপ্তবয়স্ক লোকসকলে অংশগ্ৰহণ কৰে| ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত জনসাধাৰণে অংশ গ্ৰহণ কৰে নে?

ওপৰত উল্লেখ কৰা নিৰ্বাচন সমূহৰ ভিতৰত লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনত জনসাধাৰণে পোনপটীয়াকৈ অংশ গ্ৰহণ কৰে| অন্যহাতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচন, উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু ৰাজ্যসভাৰ নিৰ্বাচনত জনসাধাৰণে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধি সকলেহে অংশ গ্ৰ্হণ কৰে| এই কথটোৱে এইটোকে সূচায় যে ভাৰতবৰ্ষত বিভিন্ন পদৱী বা প্ৰতিনিধি নিৰ্বাচনৰ বাবে বেলেগ বেলেগ পদ্ধতি অৱলম্বন কৰা হয়|

নিৰ্বাচনৰ স’তে জড়িত আন এটা গুৰুত্বপুৰ্ণ কথা হ’ল কিমান ভোট লাভ কৰিলে কোনো এজন প্ৰাৰ্থী নিৰ্বাচিত হয়| আমি সাধাৰণতে ভাৱো যে যিজন প্ৰাৰ্থীয়ে কোনো এটা নিৰ্বাচনত সৰ্ব্বোচ্চ ভোট লাভ কৰে তেওঁৱেই নিৰ্বাচিত হয়| উদাহৰণস্বৰুপে ধৰা হওক এখন বিধানসভাৰ সমষ্টিৰ নিৰ্বাচনত মুঠ বৈধ ভোটৰ সংখ্যা ১০০০ আৰু এই সমষ্টিত পাঁচজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে| এই পাঁচজন প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ সংখ্যা হ’ল ক্ৰমে- ৩৫০০, ৩০০০, ২৫০০, ৭০০ আৰু ৩০০| এই নিৰ্বাচনত ৩৫০০ ভোট পোৱা অৰ্থাৎ আটাইতকৈ বেছি ভোট লাভ কৰা প্ৰাৰ্থীজন নিৰ্বাচিত হ’ব| কিন্তু এই নিৰ্বাচন যদি ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হয় তেন্তে ৩৫০০ ভোট লাভ কৰা প্ৰাৰ্থীজনক বিজয়ী বুলি ঘোষণা কৰা হ’ব নে?

ওপৰৰ কথাখিনিৰ পৰা আমি এটা কথাই বুজি উঠিলো যে ভাৰতীয় সংবিধানে বিভিন্ন পদৱী বা সদস্যৰ নিৰ্বাচনৰ বাবে বেলেগ বেলেগ পদ্ধতি বলৱৎ কৰিছে| তলত আমি এই পদ্ধতি সমুহৰ বিষয়ে বহলাই আলোচনা কৰিম|

নিৰ্বাচনত প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ জৰিয়তে কিমান আসন লাভ কৰিছে বা কোনে জয়লাভ কৰিছে তাক ঠিৰাং কৰা পদ্ধতি নিৰ্বাচনী ব্যৱস্থা বুলিব পাৰি| সাধাৰণতে বিভিন্ন ধৰণৰ নিৰ্বাচনী ব্যৱস্থা পোৱা যায় যদিও বহল অৰ্থত সেইসমুহক তিনি ভাগত ভগোৱা হয়| যেনে- সৰল বহুত্ব ব্যৱস্থা, আনুপাতিক প্ৰতিনিধিত্ব আৰু সংখ্যাগৰিষ্ঠ ব্যৱস্থা|

সৰল বহুত্ব ব্যৱস্থা বা প্ৰথম জনেই বিজেতা পদ্ধতি

গ্ৰেট বৃটেইন, ভাৰতবৰ্ষ আদি দেশত প্ৰচলিত এই ব্যৱস্থাৰ যোগেদি স্পষ্ট আৰু সকলোৰে বোধগম্য ৰুপত আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থী জনক বাচি উলিওৱাৰ দিহা কৰা হয়| এনে ব্যৱস্থাত অধিক ভোট লাভ কৰা প্ৰাৰ্থীজনেই আসন লাভ কৰে আৰু গণনাৰ পাছত ভোটৰ পুৰণ বিতৰণৰ প্ৰসংগ নাহে| একক সদস্য সমষ্টিত এই ব্যৱস্থাৰে প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়| একোটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সমুহৰ ভিতৰত যিজনেই অধিক সংখ্যক ভোট লাভ কৰে তেওঁকেই নিৰ্বাচিত বুলি ঘোষণা কৰা হয়| এনে ক্ষেত্ৰত নিৰ্বাচিত হোৱা কাৰণে প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ ভোট অৰ্থাৎ আধাতকৈ অধিক ভোট লাভ কৰাৰ প্ৰয়োজন নাই মাত্ৰ সকলো প্ৰাৰ্থীৰ ভিতৰত বেছি ভোট পালেই হ’ক| সেয়েহে এই ব্যৱস্থাক ‘ফাষ্ট পাষ্ট দ্য পোষ্ট ব্যৱস্থা’ বুলি কোৱা হয়| ইংলেণ্ডৰ কমন্স সভা, ভাৰতৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হয়|

লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়াত সকলো যোগ্য ভোটাৰে অংশগ্ৰহণৰ সুবিধা লাভ কৰে| এনে নিৰ্বাচন যিহেতু প্ৰত্যক্ষ নিৰ্বাচন সেয়েহে একোখন ৰাজ্যক জনসংখ্যাৰ ভিত্তিত এনেদৰে কেইবাটাও লোকসভা সমষ্টিত বিভাজন কৰা হয় যে প্ৰত্যেক সমষ্টিৰ জনসংখ্যা আৰু ৰাজ্যখনৰ লোকসভালৈ প্ৰৰণ কৰিবলগীয়া প্ৰতিনিধি (আসন) সংখ্যাৰ মাজৰ অনুপাত ৰাজ্যজুৰি যতদূৰ সম্ভৱ সমান হয়| আকৌ একোটা লোকসভা সমষ্টিৰ এলেকাৰ মাজতেই জনসংখ্যাৰ ভিত্তিত কেইবাটাও বিধানসভা সমষ্টি থাকে| এনে প্ৰত্যেক লোকসভা সমষ্টি আৰু প্ৰত্যেক বিধানসভা সমষ্টি হ’ল একক সদস্য সমষ্টি| অৰ্থাৎ একোটা সমষ্টিৰ পৰা যিমানজন প্ৰাৰ্থীয়েই প্ৰতিদ্বন্দ্বিতা নকৰক কিয়, নিৰ্বাচনত এজনেহে জয়ী হ’ব| যিজন প্ৰাৰ্থীয়েই অধিক সংখ্যক ভোট লাভ কৰিব তেওঁকেই নিৰ্বাচিত বুলি ঘোষণা কৰা হ’ব| এই ব্যৱস্থাৰ নিৰ্বাচন অতি সৰল যদিও, সংখ্যালঘুৰ প্ৰতি এই ব্যৱস্থাই ন্যায় নকৰে বুলি বহু সময়ত ইয়াক সমালোচনা কৰা হয়, কাৰণ সময়ত জনপ্ৰিয় ভোটৰ বেছ কিছু অংশ লাভ কৰিও বিজয়ী দলৰ লগত সামান্য ব্যৱধানৰ কাৰণে ভোট লাভ কৰা অনুপাতত আসন লাভ কৰাৰ পৰা কোনো দল বঞ্চিত হ’ব পাৰে| উদাহৰণস্বৰুপে কোনো দলে সৰ্বমুঠ জনপ্ৰিয় ভোটৰ ২৫ শতাংশ লাভ কৰি যিমান আসন লাভ কৰিব আন এটা দলে যৎসামান্য অধিক ভোট লাভ কৰি আনটো দলতকৈ বহু বেছি আসন লাভ কৰাৰ সুযোগ লাভ কৰিব| এই ব্যৱস্থাৰ আন এটা আসোঁৱাহ হ’ল যে বহুকেইজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা কোনো সমষ্টিত একোজন প্ৰাৰ্থীয়ে জনপ্ৰিয় ভোটৰ সমান্য অংশ অধিক লাভ কৰিয়েই নিৰ্বাচিত হোৱাৰ অৱকাশ থাকে| উদাহৰণস্বৰুপে ৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এটা সমষ্টিত যদি দুজনে ২৫ শতাংশকৈ, আন এজনে ২০ শতাংশ আৰু আনজনে ৩০ শতাংশ ভোট লাভ কৰে তেন্তে চতুৰ্থ জনে কেৱল ৩০ শতাংশ ভোট লাভ কৰিলেই বিজয়ী হ’ব| অৰ্থাৎ তেওঁ আচলতে সংখ্যালঘুৰ ভোটেৰেই জয়ী হ’ল অথচ সংখ্যাগৰিষ্ঠি অৰ্থাৎ বাকী ৭০ শতাংশই তেওঁক বিচৰা নাই| এনেবিলাক কাৰণতে ভাৰতবৰ্ষৰ লোকসভালৈ আৰু ৰাজ্যসমুহৰ বিধানসভালৈ বহু সময়ত ৰাইজৰ অনাকাঙ্খিত প্ৰাৰ্থী নিৰ্বাচিত হোৱা দেখা যায়| তলৰ তালিকাখনলৈ লক্ষ্য কৰিলে আমি ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম পদ্ধতিটোৰ তাৎপৰ্য বুজিব পাৰিম|

২০০৯ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ফলাফল

অসমত লোকসভাৰ মুঠ আসন-১৪

দল

 

বিভিন্ন দলে লাভ কৰা মুঠ আসন

বিভিন্ন দলে লাভ কৰা আসনৰ শতাংশ

বিভিন্ন দলে লাভ কৰা ভোটৰ শতাংশ

ভাৰতীয় জাতীয় কংগ্ৰেছ

৫০%

৩৪.৮৯%

অসম গণ পৰিষদ

৭.১৪%

১৪.৬০%

ভাৰতীয় জনতা পাৰ্টি

২৮.৫৭%

১৬.২১%

নিৰ্দলীয়

৭.১৪%

উপলব্ধ নহয়

অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা

৭.১৪%

১৬.১০%

ওপৰৰ তথ্যৰ পৰা আমি বুজিব পাৰিলো যে কংগ্ৰেছ দলে মুঠ ভোটৰ ৩৪.৮৯% লাভ কৰাৰ বিপৰিতে ৫০% আসন লাভ কৰিছে| আনহাতে অসম গণ পৰিষদ আৰু অসম সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ ক্ষেত্ৰত ভোটৰ শতাংশতকৈ আসনৰ শতাংশ কমি আহিছে| বি.জে.পি.ৰ ক্ষেত্ৰত ১৬.২১% ভোটৰ বিপৰীতে আসনৰ শতাংশ ২৮.৫৭%| অৰ্থাৎ মুঠ ভোটৰ শতাংশ আৰু লাভ কৰা আসনৰ শতাংশৰ মাজত তাল-মিল নাথাকিব পাৰে|

কেতিয়াবা এই দুয়োটাৰ মাজত ব্যৱধান বহু পৰিমাণে বৃদ্ধি পাব পাৰে| ১৯৮৪ চনৰ ভাৰতবৰ্ষৰ লোকসভাৰ নিৰ্বাচনত ঠিক এনেকুৱা এটা পৰিস্থিতিয়েই হৈছিল| সেই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে মুঠ ভোটদানৰ ৪৮% লাভ কৰিছিল| কিন্তু লোকসভাৰ মুঠ ৫৪৩ খন আসনৰ ভিতৰত ৪১৫ খন আসন, অৰ্থাৎ ৭৬% আসন দখল কৰিছিল| অন্যবোৰ দলে লাভ কৰা ভোটৰ শতাংশতকৈ আসনৰ সংখ্যা কম আছিল|

আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা

আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ কেইবাটাও প্ৰকাৰ দেখা যায়| কিন্তু সকলো ধৰণৰ আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাত সংখ্যালঘু আৰু সংখ্যাগুৰু সকলোৰে প্ৰতিনিধিত্ব সুনিশ্চিত কৰাত গুৰুত্ব দিয়া হয়| সাধাৰণতে বহু আসন সমষ্টিৰ সৃষ্টি কৰি আৰু ভোটাৰ সকলে প্ৰকাশ কৰা পচন্দৰ আনুপাতিক হিচাপত আসন প্ৰদান কৰা হয়| এনে বহু আসন সমষ্টিত অনুষ্ঠিত কোনো নিৰ্বাচনত যদি ‘ক’, ‘খ’ আৰু ‘গ’ তিনিটা দলৰ মাজত ক্ৰমে ৩:২:১ অনুপাতত ভোট ভাগ হয় আৰু দলকেইটাৰ মাজত ৬ খন আসন বিতৰণ কৰিব লাগে তেতিয়া ‘ক’ দলে ৩ খন, ‘খ’ দলে ২ খন আৰু ‘গ’ দলে ১ খন আসন তেওঁলোকে লাভ কৰা ভোটৰ অনুপাতত লাভ কৰিব| কিন্তু সৰল বহুত্ব ব্যৱস্থা গ্ৰহণ কৰিলে ফাষ্ট পাষ্ট দ্য পোষ্ট ব্যৱস্থাৰ আধাৰত এই ক্ষেত্ৰত ‘ক’ দলেই আটাইকেইখন আসন লাভ কৰিলেহেঁতেন| আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ কাৰণে বিশেষকৈ সংখ্যালঘু সকলৰ প্ৰতিনিধিত্ব সম্ভৱ কৰি তুলিবৰ কাৰণে বৃহৎ নিৰ্বাচনী জিলাৰ প্ৰয়োজন হয়| ভাৰতবৰ্ষত ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰত সমানুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থা গ্ৰহণ কৰা হয়| ভাৰতবৰ্ষত ৰাজ্যসভাৰ সদস্য এজনক তেওঁ যিখন ৰাজ্য প্ৰতিনিধিত্ব কৰে সেই ৰাজ্যখনৰ বিধানসভাৰ নিৰ্বাচিত সদস্যসকলে আৰু সদস্য জনে যদি কোনো কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰে তেন্তে সংশ্লিষ্ট কেন্দ্ৰীয় শাসিত অঞ্চলৰ এখন নিৰ্বাচক মণ্ডলীয়ে নিৰ্বাচন কৰিব| এনে নিৰ্বাচন হয় পৰোক্ষ আৰু একক হস্তান্তৰযোগ্য আনুপাতিক প্ৰতিনিধিত্ব ব্যৱস্থাৰ জৰিয়তে| এনে ব্যৱস্থাৰে ৰাজ্যসভাৰ ওপৰিও ৰাষত্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনো অনুষ্ঠিত হয়| ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত এই নীতি গ্ৰহণ কৰাৰ কাৰণ হ’ল সংখ্যালঘু সম্প্ৰদায় আৰু দলক প্ৰতিনিধিত্বৰ সুবিধা দিয়াটো| এই ব্যৱস্থাৰ প্ৰয়োগ সীমিত কাৰণ নিৰ্বাচক মণ্ডলীয়ে সহজে ব্যৱস্থাটো আয়ত্ব কৰিব নোৱাৰে| আকৌ বহু সময়ত এনে ব্যৱস্থাই ৰাজনৈতিক বিভাজন, দল সমূহত বিসম্বাদ সৃষ্টি কৰাত অৰিহণা যোগায়| কিন্তু ভাৰতৰ সমাজ বহুধাবিভক্ত| দেশ খনৰ সমাজৰ বিভিন্ন অংশৰ প্ৰতিনিধিত্ব সুনিশ্চিত কৰাৰ কাৰণে অন্তত: ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ কাৰণে এই ব্যৱস্থা অতিশয় প্ৰয়োজনীয় বুলি বিবেচিত হৈছে|

পৃথিৱীৰ বহুবোৰ দেশত এই আনুপাতিক প্ৰতিনিধিত্বৰ নীতি অনুসৰণ কৰা হয়| এই ক্ষেত্ৰত আমি বিশেষ ভাৱে ইজৰাইল, নেদাৰলেণ্ড, আৰ্জেণ্টিনা অথবা পৰ্তুগালৰ নাম ল’ব পাৰো| অৱশ্যে আনুপাতিক প্ৰতিনিধিত্বৰ ভিতৰতে বেলেগ বেলেগ পদ্ধতিও থাকিব পাৰে| আমি প্ৰথমতে ইজৰাইলৰ আনুপাতিক প্ৰতিনিধিত্বৰ বিষয়ে আলোচনা কৰিব খুজিছো| ইজৰাইলৰ সংসদৰ নাম নেচেট আৰু ইয়াৰ সৰ্বমুঠ সদস্য সংখ্যা ১২০| দেশখনত বহুদলীয় পদ্ধতি প্ৰচলন হৈ আছে| আনুপাতিক প্ৰতিনিধিত্বৰ নিয়ম অনুসাৰে দেশখনৰ প্ৰত্যেকটো ৰাজনৈতিক দলে নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশ অনুপাতে আসন লাভ কৰে| এই পদ্ধতিত কোনো সৰু দলো সংসদত সোমাব পাৰে| কাৰণ সৰ্বমুঠ ভোটৰ ১.৫ শতাংশৰ বেছি ভোট পোৱা যিকোনো দলেই কম পক্ষেও এখন আসন লাভ কৰিব| ইজৰাইলত ভোটাৰে প্ৰাৰ্থী চাই ভোট নিদিয়ে, দল চাইহে ভোট দিয়ে| নিৰ্বাচনৰ পাছত যি দলে যিমান সংখ্যক আসন লাভ কৰে সেই আসন সমূহ ইতিমধ্যে ঘোষণা কৰা প্ৰাৰ্থীৰ তালিকাৰ পৰা  অগ্ৰাধিকাৰৰ ভিত্তিত পূৰণ কৰে| ইজৰাইলত এই বিশেষ পদ্ধতিটোৰ বাবে দেশখনত সাধাৰণতে বহুদলীয় চৰকাৰেই গঠন হৈ আহিছে| কাৰণ কোনো দলেই সাধাৰণতে ৫০% বা তাৰ বেছি ভোট নাপায়|

তলৰ তালিকাত দেশখনত ২০০৯ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত সংসদীয় নিৰ্বাচনৰ ফলাফল আৰু বিভিন্ন দলে লাভ কৰা আসন সমুহ উল্লেখ কৰা হৈছে-

ইজৰাইলৰ সংসদীয় নিৰ্বাচন, ২০০৯

মুঠ আসন ১২০

দলৰ নাম

ভোটৰ শতাংশ

লাভ কৰা আসনৰ সংখ্যা

কাদিমা

২২.৪৭%

২৮

লিকুদ

২১.৬১%

২৭

ইজৰাইল বেতেনু

১১.৭০%

১৫

লেবাৰ পাৰ্টি

৯.৯৩%

১৩

ছাচ্‌

৮.৪৯%

১১

ইউ.টি.জে

৪.৩৯%

 

ইতিমধ্যে উল্লেখ কৰি অহা হৈছে যে আনুপাতিক প্ৰতিনিধিত্বৰ ক্ষেত্ৰটো বেলেগ বেলেগ দেশে বেলেগ বেলেগ পদ্ধতি অনুসৰণ কৰিব পাৰে| এই ক্ষেত্ৰত সাধাৰণতে দুটা পদ্ধতি দেখিবলৈ পোৱা যায়| প্ৰথমটো পদ্ধতি অনুসাৰে গোটেই দেশখনকে এটা সমষ্টি বুলি বিবেচনা কৰা হয়| বিভিন্ন দলে নিজৰ প্ৰাৰ্থী সকলৰ নাম ঘোষণা কৰে আৰু অগ্ৰাধিকাৰৰ ভিত্তিত ঘোষিত তালিকাৰ পৰা লাভ কৰা আসনৰ বিপৰীতে প্ৰাৰ্থী নিয়োগ কৰে| ইজৰাইল আৰু নেদাৰলেণ্ডত এই পদ্ধতি বলৱৎ হৈ আছে|

অন্য কিছুমান দেশত (উদাহৰণস্বৰুপে আৰ্জেণ্টিনা বা পৰ্তুগাল) দেশখনক বহু প্ৰাৰ্থী বিশিষ্ট কেইবাটাও সমষ্টিত বিভক্ত কৰা হয়| অৰ্থাৎ প্ৰতিটো সমষ্টিৰ পৰা কেইবাজনো প্ৰাৰ্থী নিৰ্বাচিত কৰা হ’ব| এই সমষ্টি সমুহৰ বাবেও বিভিন্ন দলে নিজৰ প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰি ঘোষণা কৰে| কোনো দলে প্ৰতিটো সমষ্টিত লাভ কৰা ভোটৰ অনুপাতে প্ৰতিটো সমষ্টিত দলসমুহৰ বাবে আসন ভাগ কৰি দিয়া হয়| ৰাজনৈতিক দলসমুহে সেই আসনসমুহৰ বিপৰীতে ইতিমধ্যে ঘোষিত প্ৰাৰ্থীৰ তালিকাৰ পৰা অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰাৰ্থীক নিযুক্তি দিয়ে| তোমালোকে নিশ্চয় ধৰিব পাৰিছা যে উল্লেখিত দুয়োটা পদ্ধতিৰ মাজত এটাই মাত্ৰ পাৰ্থক্য আছে| প্ৰথমটো পদ্ধতিতে গোটেই দেশখনক এটা মাত্ৰ সমষ্টি হিচাপে ধৰি লয় আৰু দ্বিতীয়টো পদ্ধতিত গোটেই দেশখনক কেইবাটাও সমষ্টিত ভাগ কৰা হয়| কেইবাটাও সমষ্টিত ভাগ কৰাৰ ফলত বিভিন্ন অঞ্চলত বিভিন্ন ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শনৰ সুবিধা লাভ কৰে|

ভাৰতীয় সংবিধানে সীমিত পৰিসৰত পৰোক্ষ নিৰ্বাচনৰ বাবে আনুপাতিক প্ৰতিনিধিত্ব গ্ৰহণ কৰিছে| এই পদ্ধতি অৱশ্যে ইতিমধ্যে উল্লেখ কৰি অহা আনুপাতিক প্ৰতিনিধিত্বতকৈ জটিল| এই পদ্ধতি প্ৰয়োগ কৰি ভাৰতবৰ্ষত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভা তথা বিধান পৰিষদৰ সদস্য সকলক নিৰ্বাচিত কৰা হয়|

ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম আৰু

আনুপাতিক পদ্ধতিৰ নিৰ্বাচনৰ মাজত তুলনা

ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম

আনুপাতিক প্ৰতিনিধিত্বৰ পদ্ধতি

ক) গোটেই দেশখনক সৰু সৰু ভৌগলিক গোটত ভাগ কৰা হয় আৰু ইয়াক সমষ্টি বুলি কোৱা হয়|

খ) প্ৰতিটো সমষ্টিয়ে এজন মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত কৰে|

গ) ভোটাৰ সকলে প্ৰাৰ্থীক ভোট দিয়ে|

ঘ) কোনো দলে নিৰ্বাচনত লাভ কৰা মুঠ ভোটৰ অনুপাততকৈ অধিক বা কম আসন লাভ কৰিব পাৰে|

ঙ) নিৰ্বাচিত প্ৰাৰ্থী জনে সংখ্যাগৰিষ্ঠ ভোট (৫০%+১) ভোট নাপাবও পাৰে|

উদাহৰণ:- বৃটেইন, ভাৰতবৰ্ষ

ক) বৃহৎ এটা ভৌগলিক অঞ্চলক এটা সমষ্টি বুলি ধৰা হয়| গোটেই দেশখনো এটা মাত্ৰ সমষ্টি হ’ব পাৰে|

খ) এটা সমষ্টিৰ পৰা একাধিক প্ৰাৰ্থী নিৰ্বাচিত কৰা হয়|

গ) ভোটাৰ সকলে ৰাজনৈতিক দলক ভোট দিয়ে|

ঘ) প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনত লাভ কৰা ভোটৰ শতাংশৰ অনুপাতে বিধানমণ্ডলত আসন লাভ কৰে|

ঙ) নিৰ্বাচিত প্ৰাৰ্থীয়ে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰে|

উদাহৰণ:- ইজৰাইল, নেদাৰলেণ্ড

ভাৰতবৰ্ষত ৰাজ্যসভাৰ নিৰ্বাচনত কেনেকৈ আনুপাতিক প্ৰতিনিধিত্বৰ পদ্ধতি ব্যৱহৃত হয়?

২০১০ চনত অসম বিধান সভাই ৰাজ্যসভাৰ বাবে দুজন প্ৰতিনিধি নিৰ্বাচিত কৰিছিল| এই নিৰ্বাচন আছিল অতি বিতৰ্কিত নিৰ্বাচন| শাসনাধিষ্ঠিত কংগ্ৰেছ-বি.পি.এফ মিত্ৰ জোটে প্ৰথমতে এজেন প্ৰাৰ্থীহে মনোনীত কৰিম বুলি কৈ দ্বিতীয়খন আসন বিৰোধী দলৰ বাবে এৰি দিয়াৰ ইংগিত দিলে| কিন্তু নিৰ্বাচনী দৃশ্যপট সঘনে সলনি হ’ব ধৰিলে| অৱশেষত শাসনাধিষ্ঠিত মিত্ৰ জোটে দুজন প্ৰাৰ্থী থিয় কৰালে| বিৰোধী দলসমুহেও তেওঁলোকৰ উমৈহতীয়া প্ৰাৰ্থী থিয় কৰালে| এই নিৰ্বাচনত আটাইতকৈ গুৰুত্বপুৰ্ণ সংখ্যাটো আছিল ৪৩-এক যাদুকৰী নম্বৰ| এই সংখ্যাটো কিয় ইমান গুৰুত্বপুৰ্ণ আছিল? কাৰণ ৰাজ্যসভালৈ নিৰ্বাচিত হ’বৰ বাবে সেই বিশেষ নিৰ্বাচনটোত যিকোনো এজন প্ৰাৰ্থীক ৪৩ টা ভোটৰ প্ৰয়োজন আছিল| এতিয়া প্ৰশ্ন হ’ল এই সংখ্যাটো কেনেকৈ নিৰ্ধাৰিত হ’ল?

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা আনুপাতিক প্ৰতিনিধিত্বৰ পদ্ধতিটোক একক হস্তান্তৰ যোগ্য ভোটৰ ব্যৱস্থা (Single Transferable Vote System) নামেৰে জনা যায়| প্ৰত্যেকখন ৰাজ্যৰেই ৰাজ্যসভাত নিৰ্দ্দিষ্ট সংখ্যক আসন থাকে আৰু বিধান সভাৰ সদস্য সকলে ৰাজ্যসভাৰ সদস্য সকলক নিৰ্বাচিত কৰে| প্ৰতিজন ভোটাৰ অৰ্থাৎ বিধানসভাৰ প্ৰতিজন সদস্যই নিজৰ পছন্দ অনুসাৰে প্ৰাৰ্থী সকলক ভোট দিয়ে| অৰ্থাৎ প্ৰতিজন ভোটাৰে প্ৰাৰ্থী সকলক প্ৰথম, দ্বিতীয় বা তৃতীয় পছন্দৰ প্ৰাৰ্থী হিচাপে ভোটদান কৰে|

নিৰ্বাচনত জয়ী হ’বলৈ হ’লে এজন প্ৰাৰ্থীয়ে ভোটৰ ন্যূনতম কোটা লাভ কৰিব লাগিব| এই ন্যূনতম কোটা নিৰ্ণয় কৰা সূত্ৰটো হ’ল-

(সৰ্বমুঠ বৈধ ভোট/নিৰ্বাচন কৰিবলগীয়া প্ৰাৰ্থীৰ সৰ্বমুঠ সংখ্যা)+১

আমি অসম বিধানসভাই ২০১০ চনত ৰাজ্যসভাৰ বাবে নিৰ্বাচন কৰিবলগীয়া দুজন সদস্যক লৈ হোৱা বিতৰ্কৰ কথা উল্লেখ কৰিছিলো| এই কথাও উল্লেখ কৰিছিলো যে সেই নিৰ্বাচনত যাদুকৰী সংখ্যাটো আছিল “৪৩”| ওপৰৰ সূত্ৰ প্ৰয়োগ কৰিলেই আমি এই যাদুকৰী সংখ্যাটো লাভ কৰিম| অসম বিধানসভাৰ সৰ্বমুঠ সদস্য সংখ্যা ১২৬, অৰ্থাৎ ভোটাৰৰ সংখ্যা ১২৬| নিৰ্বাচন কৰিবলগীয়া সদস্য সংখ্যা হ’ল ২| এতিয়া ওপৰৰ সূত্ৰানুসাৰে হিচাপ কৰি চোৱা যাওক:-

(১২৬/২+১)+১=৪২+১=৪৩

এই ক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল ভোট গণনাৰ সময়ত প্ৰথমতে প্ৰত্যেকজন প্ৰাৰ্থীয়ে লাভ কৰা প্ৰথম পছন্দৰ ভোটসমূহ গণনা কৰা হয়| দুয়োজন প্ৰাৰ্থীয়ে যদি প্ৰথম পছন্দৰ ভোট ৪৩ টাকৈ পাইছে তেন্তে দুয়োজন প্ৰাৰ্থীক নিৰ্বাচিত বুলি ঘোষণা কৰা হ’ব| কিন্তু কোনো প্ৰাৰ্থীয়ে যদি প্ৰথম পছন্দৰ এই ন্যূনতম ভোট নাপায় তেন্তে আটাইতকৈ কম সংখ্যক প্ৰথম পছন্দৰ ভোট লাভ কৰা প্ৰাৰ্থী গৰাকীক প্ৰতিদ্বন্দ্বিতাৰ পৰা বাদ দিয়া হয় আৰু তেওঁৰ বেলটত দ্বিতীয় পছন্দৰ বাবে যিসকলক ভোট দিয়া হৈছে তেওঁলোকলৈ সেই ভোট সমুহ হস্তান্তৰ কৰা হয়| যেতিয়ালৈকে নিৰ্বাচিত হ’বলগীয়া দুজন প্ৰাৰ্থীয়ে এই ন্যূনতম সংখ্যক ভোট আহৰণ নকৰে তেতিয়ালৈকে এই ভোট হস্তান্তৰ প্ৰক্ৰিয়া অব্যাহত থাকে| ২০০৩ চনৰ অক্টোবৰ মাহত নতুন দিল্লীত অনুষ্ঠিত সৰ্বদলীয় সভাই জনপ্ৰতিনিধিত্ব (সংশোধনী)আইন, ২০০৩ৰ অধীনত ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ নতুন নিয়ম নীতি গ্ৰহণ কৰে| সংশোধনী আইনখনে প্ৰাৰ্থী এজনৰ সংশ্লিষ্ট ৰাজ্যখনৰ আৱাসী হোৱাৰ যোগ্যতা নীতিটো আঁতৰ কৰিব বিচাৰিছিল আৰু গোপন বেলটৰ পৰিৱৰ্তে মুক্ত ভোট ব্যৱস্থা গ্ৰহণ কৰিছিল|

ভাৰতবৰ্ষই কিয় “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” নিৰ্বাচনী পদ্ধতি গ্ৰহণ কৰিলে?

ভাৰতবৰ্ষই জনসাধাৰণক প্ৰতিনিধিত্ব কৰিবৰ বাবে কি বিশেষ নিৰ্বাচনী পদ্ধতি গ্ৰহণ কৰিব সেই প্ৰশ্নক কেন্দ্ৰ কৰি স্বাধীনতা আন্দোলনৰ সময়ৰে পৰাই যথেষ্ট আলোচনা হৈছিল| ওপৰৰ আলোচনাৰ পৰা আমি বুজি উঠিলো যে ভাৰতবৰ্ষই জন প্ৰতিনিধি নিৰ্বাচনৰ কাৰণে দুটা পদ্ধতি অৱলম্বন কৰিছে| জনসাধাৰণক পোনপটীয়াকৈ প্ৰতিনিধিত্ব কৰা লোকসভা, বিধানসভা আৰু স্থানীয় চৰকাৰৰ নিৰ্বাচনৰ বাবে একক প্ৰতিনিধি সমষ্টিৰ বাবে “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতি অৱলম্বন কৰিছে| অন্যহাতে জনসাধাৰণে পোনপটীয়াকৈ নিৰ্বাচন নকৰা ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সদস্য সকলক নিৰ্বাচনৰ বাবে সীমিত পৰিসৰৰ আনুপাতিক প্ৰতিনিধিত্বৰ পদ্ধতি অৱলম্বন কৰিছে| আমি জানি থোৱা উচিত হ’ব যে ভাৰতীয় গণতন্ত্ৰত পৰোক্ষ ভাৱে নিৰ্বাচিত প্ৰতিনিধি সকলতকৈ জনসাধাৰণৰ দ্বাৰা প্ৰত্যক্ষ ভাৱে নিৰ্বাচিত প্ৰতিনিধিৰ গুৰুত্ব আৰু ভুমিকা অধিক| জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত কৰি পঠিওৱা প্ৰতিনিধি সকলৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টিত যিজন প্ৰাৰ্থীয়ে বেছি ভোট পায় অথবা প্ৰথম স্থান দখল কৰে তেওঁকেই বিজয়ী বুলি ঘোষণা কৰাৰ অন্তৰালত কেতবোৰ গুৰুত্বপুৰ্ণ কাৰণ নিহিত হৈ আছে|

১) বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা আহৰণ কৰা অভিজ্ঞতা

ঔপনিবেশিক শাসন কালতেই বৃটিছ সকলে ভাৰতবৰ্ষত সীমিত হাৰত প্ৰতিনিধিত্বমূলক ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল| এই প্ৰতিনিধিত্বমূলক ব্যৱস্থাও বৃটিছ সংসদীয় ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল| ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ী সকল তথা জনসাধাৰণ বৃটিছ সংসদীয় ব্যৱস্থাটোৰ স’তে পৰিচিত হৈ উঠিছিল| বৃটিছ সংসদীয় ব্যৱস্থাও “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম” পদ্ধতিৰ দ্বাৰা পৰিচালিত|

২) ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰ আৰু তাৰ প্ৰতিনিধিত্ব

আমি সকলোৱে জানো যে ভাৰতীয় সমাজৰ চৰিত্ৰ অত্যন্ত বৈচিত্ৰ্যপুৰ্ণ| ৰাজনৈতিক ক্ষেত্ৰত তথা নিৰ্বাচনী প্ৰক্ৰিয়াটোত তাৰ প্ৰভাৱ পৰিছে| সেয়েহে ভাৰতবৰ্ষই বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছে| এনে ব্যৱস্থাত প্ৰতিটো নিৰ্বাচনত বহুবোৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে| অসমৰ লোকসভা আৰু বিধানসভাৰ নিৰ্বাচনসমুহৰ কথা ভাবাচোন| এনে অৱস্থাত কোনো প্ৰাৰ্থী বিজয়ী হ’বৰ বাবে যদি মুঠ ভোটৰ সংখ্যাগৰিষ্ঠতা বাধ্যতামুলক হয় তেতিয়া বেছিভাগ সমষ্টিতে বাৰে বাৰে ভোট গ্ৰহণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ’লহেঁতেন| নতুবা এই নিৰ্বাচনতো ৰাজ্যসভাৰ নিৰ্বাচনৰ নিচিনাকৈ ভোটদানৰ বেলিকা প্ৰথম, দ্বিতীয়, তৃতীয় পছন্দৰ ভিত্তিত প্ৰাৰ্থী সকলক ভোট দিব লাগিলেহেঁতেন| এই দুয়োটা প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰৰ সঠিক প্ৰতিনিধিত্বত আউল লগালেহেঁতেন|

৩) প্ৰতিনিধি আৰু জনসাধাৰণৰ মাজত প্ৰত্যক্ষ যোগাযোগ

ইজৰাইলৰ সংসদীয় নিৰ্বাচনী ব্যৱস্থাৰ আলোচনা কৰোতে আমি দেখা পালো যে আনুপাতিক প্ৰতিনিধিত্বৰ নীতিয়ে জনসাধাৰণ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন নকৰে| সেই ব্যৱস্থাত ৰাজনৈতিক দলেহে প্ৰাধান্য লাভ কৰে| ফলত কোনো এটা অঞ্চলৰ জনসাধাৰণে নিজৰ অঞ্চলৰ সমস্যা সম্পৰ্কত জনপ্ৰতিনিধিক পোনপটীয়াকৈ জগৰীয়া আৰু দায়বদ্ধ কৰিব নোৱাৰে| কিন্তু ভাৰতবৰ্ষই প্ৰত্যক্ষ নিৰ্বাচনৰ বাবে গ্ৰ্হণ কৰা “ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম”  আৰু এটা সমষ্টিৰ পৰা এজনেই মাত্ৰ প্ৰতিনিধি নিৰ্বাচিত কৰা ব্যৱস্থাই জনসাধাৰণ আৰু জনপ্ৰতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা প্ৰদান কৰিছে| এনে ব্যৱস্থাত জনসাধাৰণ যেনেকৈ নিজৰ প্ৰতিনিধিজনৰ সম্পৰ্কত অৱগত হৈ ৰয় ঠিক সেইদৰে জনপ্ৰতিনিধিজনো নিজৰ সমষ্টি সম্পৰ্কত সজাগ আৰু সচেতন হৈ ৰ’বলৈ বাধ্য|

৪) চৰকাৰৰ স্থায়ীত্ব

ইজৰাইলৰ সংসদীয় ব্যৱস্থাৰ ইতিহাসত যিকোনো চৰকাৰেই নিৰ্ধাৰিত কাৰ্যকালৰ বাবে শাসনত বৰ্তি থকাটো অত্যন্ত কঠিন| কাৰণ আনুপাতিক প্ৰতিনিধিত্বৰ পৰিপ্ৰেক্ষিতত বহুদলীয় ব্যৱস্থা থকা দেশখনত কোনো দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা সাধাৰণতে লাভ নকৰে| সম্প্ৰতি ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো কোনো এটা দলেই নিজাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে| অন্তত: ১৯৯৬   চনৰ পৰা অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ সংসদীয় নিৰ্বাচনত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই| তৎসত্বেও সাময়িক ভাৱে ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰাৰ বাদে সম্প্ৰতি মিত্ৰজোঁটৰ চৰকাৰ সমুহেও নিৰ্ধাৰিত কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে| ইয়াৰ মুল কাৰণ এইয়ে যে ভাৰতবৰ্ষৰ বৰ্তমানৰ নিৰ্বাচনী পদ্ধতিত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও কোনোবা নহয় কোনোবা এটা দলে বৃহৎ সংখ্যক আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে আৰু বৃহৎ সংখ্যক আসন দখল কৰা দলৰ নেতৃত্বতেই মিত্ৰজোঁটৰ চৰকাৰ পৰিচালিত হৈছে| উদাহৰণস্বৰুপে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন জাতীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰ অথবা ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত প্ৰগতিশীল মৰ্চা চৰকাৰৰ কথা উল্লেখ কৰিব পাৰি| আনুপাতিক প্ৰতিনিধিত্ব নীতি অৱলম্বন কৰা হ’লে কোনো এটা দলেই এনেদৰে বৃহৎ সংখ্যক আসন দখল কৰি সেই দলৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন| তেনে পৰিস্থিতিত ভাৰতবৰ্ষৰ চৰকাৰ আৰু অধিক দুৰ্বল আৰু অস্থায়ী হ’লহেঁতেন|

নিৰ্বাচন আয়োগ

স্বাধীন আৰু নিৰপেক্ষ নিৰ্বাচন ব্যৱস্থা অবিহনে গণতন্ত্ৰ বিপদাপন্ন হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে আমাৰ সংবিধান প্ৰণেতাসকলে নিৰ্বাচন পৰিচালনাৰ দায়িত্ব বিধানমণ্ডল নাইবা কাৰ্যপালিকাক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ আয়োগক দিয়াৰ ব্যৱস্থা কৰিছে| নিৰ্বাচন পৰিচালনা কৰাৰ দায়িত্ব দিয়া এই আয়োগক নিৰ্বাচন আয়োগ বোলা হয়|

নিৰ্বাচন আয়োগৰ গঠন

সংবিধানৰ ৩২৪ নং অনুচ্ছেদত নিৰ্বাচন আয়োগ গঠনৰ বিষয়ে উল্লেখ কৰা আছে| এই অনুচ্ছেদত উল্লেখ কৰা মতে এজন মুখ্য নিৰ্বাচন আয়ুক্ত নাইবা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু কেইজনমান আয়ুক্তৰে নিৰ্বাচন আয়োগ গঠন কৰা হ’ব| নিৰ্বাচন আয়োগৰ সদস্য কেইজন হ’ব, সেই বিষয়ে সংবিধানত উল্লেখ কৰা নাই| সদস্য সংখ্যা নিৰ্ধাৰণ কৰাৰ দায়িত্ব ৰাষ্ট্ৰপতিক দিয়া হৈছে| একাধিক সদস্যৰে গঠিত আয়োগত মুখ্য নিৰ্বাচন আয়ুক্তই চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিব| কেন্দ্ৰীয় বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়োগৰ সদস্য নিয়োগ কৰিব লাগে|

সংবিধান বলৱৎ কৰা সময়ৰ পৰা ১৯৯৩ চনলৈ এজন সদস্য বিশিষ্ট আয়োগে নিৰ্বাচন কাৰ্য পৰিচালনা কৰিছিল| কিন্তু সেই সময়ৰ নিৰ্বাচন আয়ুক্ত শেষণৰ কিছুমান সিদ্ধান্তত অসন্তুষ্ট হৈ চৰকাৰে আয়োগৰ সদস্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল| মন্ত্ৰীসভাৰ সিদ্ধান্তৰ ভিত্তিত সেই সময়ৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাই এখন অধ্যাদেশৰ জৰিয়তে একাধিক সদস্যৰে নিৰ্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থা কৰিছিল| শেষণৰ উপৰিও এম্‌.এছ.গিল, আৰ.জি.কৃষ্ণমূৰ্তিক আয়োগৰ সদস্য নিয়োগ কৰা হৈছিল| ১৯৯৩ চনৰ ডিচেম্বৰ মাহত এই অধ্যাদেশখনক আইনত পৰিণত কৰা হৈছিল| সেই সময়ৰ পৰা তিনিজন আয়ুক্তৰে নিৰ্বাচন আয়োগ গঠন কৰাৰ ব্যৱস্থাৰ প্ৰচলন হৈ আহিছে| নিৰ্বাচন কাৰ্য সুকলমে পৰিচালনা কৰাৰ উদ্দেশ্যে আঞ্চলিক নিৰ্বাচন আয়ুক্ত নিয়োগ কৰাৰ ব্যৱস্থা আছে| ইয়াৰ উপৰিও প্ৰত্যেক জিলাৰ কাৰণে জিলাভিত্তিক নিৰ্বাচন আয়ুক্ত গঠন কৰাৰ ব্যৱস্থাও আছে| সাধাৰণতে জিলাধিপতিজনেই জিলাৰ নিৰ্বাচন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰে|

কাৰ্যকাল

নিৰ্বাচনী আয়োগৰ সদস্যসকলৰ কাৰ্যকালৰ বিষয়ে সংবিধানত উল্লেখ কৰা নাই| সংসদে ৰচনা কৰা আইনত এই বিষয়ে উল্লেখ কৰা আছে| ৰাষ্ট্ৰপতিয়ে সংসদে ৰচনা কৰা আইনৰ ভিত্তিত তেওঁলোকৰ কাৰ্যকাল নিৰ্ধাৰণ কৰে| বৰ্তমান নিৰ্বাচনী আয়োগৰ সদস্য সকলৰ কাৰ্যকাল হৈছে ছয় বছৰ| কাৰ্যকাল শেষ হোৱাৰ আগতে তেওঁলোকে পদত্যাগ কৰিব পাৰে| তেওঁলোকক পদচ্যুত কৰাৰ ব্যৱস্থাও আছে| উচ্চতম আদালতৰ বিচাৰপতিসকলক যি পদ্ধতিৰে পদচ্যুত কৰা হয়, মুখ্য নিৰ্বাচনী আয়ুক্তক পদচ্যুত কৰিবলৈ হ’লেও সেই পদ্ধতি অৱলম্বন কৰা হয়| মুখ্য নিৰ্বাচনী আয়ুক্তৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন কৰা হ’লে কেন্দ্ৰীয় বিধানমণ্ডলৰ দুয়োখন সদনে সেই অভিযোগ ভোটত গৃহীত কৰিব লাগে| এনেদৰে গৃহীত অভিযোগ সদনৰ একক সংখ্যাগৰিষ্ঠ ভোটত গৃহীত হ’ব লাগে| এনেদৰে গৃহীত হোৱা প্ৰস্তাৱৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচনী আয়ুক্তক কাৰ্যকাল উকলি যোৱাৰ আগতে পদচ্যুত কৰিব লাগে| আয়োগৰ আন আন সদস্যক মুখ্য নিৰ্বাচনী আয়ুক্তৰ পৰামৰ্শৰ ভিত্তিতহে ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে|

ক্ষমতা আৰু কাৰ্যাৱলী

সংবিধানত নিৰ্বাচনী আয়োগৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বিস্তৃত ভাৱে উল্লেখ কৰা নাই| নিৰ্বাচনী আয়োগে তলত দিয়া দায়িত্ব আৰু কৰ্তব্য সমুহ সম্পাদন কৰিব লাগে:

১) নিৰ্বাচন পৰ্যবেক্ষণ কৰা, নিৰ্বাচনৰ বিষয়ে নিৰ্দেশ দিয়া আৰু নিৰ্বাচন নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ|

২) সংবিধানত উল্লেখ কৰা মতে নিৰ্বাচনৰ কাৰণে ভোটাৰ তালিকা প্ৰস্তুত কৰা আৰু প্ৰয়োজন মতে সংশোধন কৰাৰ দায়িত্ব এই আয়োগে পালন কৰিব লাগে|

৩) কেন্দ্ৰীয় বিধানমণ্ডল, ৰাজ্যিক বিধানমণ্ডল, ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনসংক্ৰান্ত সকলো কাম-কাজ পৰিচালনা কৰা আৰু নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগে বহন কৰিব লাগে|

৪) আয়োগে নিৰ্বাচনৰ দিন স্থিৰ কৰে, মনোনয়ন-পত্ৰ দাখিল কৰাৰ দিন স্থিৰ কৰে, মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ দিন স্থিৰ কৰে আৰু মনোনয়ন-পত্ৰ পৰীক্ষা কৰাৰ দিন স্থিৰ কৰে|

৫) নিৰ্বাচনী আয়োগে ৰাজনৈতিক দলসমুহৰ প্ৰতীক নিৰ্ধাৰণ কৰে| দলীয় প্ৰাৰ্থী সকলে সেই প্ৰতীকত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে| কোনো কাৰণত কোনো দলত বিভাজন হৈ দুটা দলৰ সৃষ্টি হ’লে, কোনটো দলে দলীয় প্ৰতীক ব্যৱহাৰ কৰিব পাৰিব, সেই বিষয়ে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে| সেইদৰে নতুন দলক আয়োগে নতুন প্ৰতীক দিয়ে| নিৰ্দলীয় প্ৰাৰ্থী সকলৰ কাৰণেও আয়োগে প্ৰতীক নিৰ্ধাৰণ কৰি দিয়ে|

৬) ৰাজনৈতিক দলসমুহক স্বীকৃতি দিয়াৰ ক্ষমতাও আয়োগক দিয়া হৈছে| কোনটো দলক সৰ্বভাৰতীয় দল হিচাপে বিবেচনা কৰা হ’ব আৰু কোনটো দলক আঞ্চলিক দল হিচাপে স্বীকৃতি দিয়া হ’ব, সেই বিষয়ে আয়োগে সিদ্ধান্ত গ্ৰহণ কৰে| নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলসমুহে আয়োগৰ ওচৰত পঞ্জীয়ন কৰিব লাগে|

৭) ৩২৪(৬) নং অনুচ্ছেদত উল্লেখ কৰা মতে নিৰ্বাচন পৰিচালনা কৰাৰ কাৰণে প্ৰয়োজনীয় কৰ্মচাৰীৰ বাবে আয়োগে ৰাষ্ট্ৰপতি আৰু ৰাজ্যপাল সকলক অনুৰোধ কৰিব পাৰে আৰু ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালে আয়োগৰ তেনে অনুৰোধ ৰক্ষা কৰিব লাগে|

৮) নিৰ্বাচন শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দল, দলীয় প্ৰাৰ্থী, চৰকাৰী কৰ্মচাৰী আৰু ভোটাৰ সকলৰ কাৰণে আয়োগে আচৰণবিধি প্ৰস্তুত কৰি ঘোষণা কৰিব পাৰে|

৯) আয়োগে প্ৰস্তুত কৰি ঘোষণা কৰা আচৰণবিধি সংশ্লিষ্ট দল, প্ৰাৰ্থী নাইবা ভোটাৰ সকলে মানি চলিছে নে নাই সেই বিষয়ে পৰীক্ষা কৰাৰ উদ্দেশ্যে আয়োগে পৰিদৰ্শক নিয়োগ কৰিব পাৰে| পৰিদৰ্শকৰ প্ৰতিবেদনৰ ভিত্তিত আয়োগে নিৰ্বাচনৰ বিষয়ে উত্থাপন কৰা অভিযোগৰ বিচাৰ কৰে|

১০) নিৰ্বাচনৰ বিষয়ত কোনো ধৰণৰ বিৰোধৰ সৃষ্টি হ’লে তেনে বিৰোধৰ তদন্ত কৰাৰ উদ্দেশ্যে আয়োগে তদন্ত কমিটি গঠন কৰিব পাৰে|

১১) নিৰ্দ্দিষ্ট অভিযোগৰ ভিত্তিত কোনো নিৰ্বাচন কেন্দ্ৰৰ নিৰ্বাচন আয়োগে স্থগিত ৰাখিব পাৰে নাইবা বাতিল কৰিব পাৰে| গ্ৰ্হণযোগ্য অভিযোগৰ ভিত্তিত কোনো কেন্দ্ৰত আয়োগে পুনৰ নিৰ্বাচনৰ ব্যৱস্থা কৰিব পাৰে|

১২) আয়োগে নিৰ্বাচনৰ ফল ঘোষণা কৰে| কোনো নিৰ্বাচনৰ কেন্দ্ৰৰ ভোটগণনা আয়োগে বন্ধ ৰাখিব পাৰে, সেইদৰে কোনো কেন্দ্ৰৰ ফলাফল ঘোষণা আয়োগে স্থগিত ৰাখিব পাৰে|

১৩) কেন্দ্ৰীয় বিধানমণ্ডলৰ কোনো সদস্যৰ অযোগ্যতাৰ বিষয়ত কোনো অভিযোগ উত্থাপিত হ’লে বিষয়টো ৰাষ্ট্ৰপতিৰ ওচৰত উত্থাপন কৰা হয়| ৰাষ্ট্ৰপতিয়ে এই বিষয়ত নিৰ্বাচনী আয়োগৰ পৰামৰ্শৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰে|

১৪) ৰাজ্যিক বিধানমণ্ডলৰ অযোগ্যতা সম্পৰ্কত কোনো প্ৰশ্ন উত্থাপিত হ’লে, এই বিষয়টো ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰাৰ নিয়ম| ৰাজ্যপালে এই বিষয়ে নিৰ্বাচন আয়োগৰ লগত আলোচনা কৰে আৰু আয়োগৰ পৰামৰ্শ মতে ৰাজ্যপালে সিদ্ধান্ত গ্ৰহণ কৰে|

১৫) নিৰ্বাচনৰ আগে আগে কোনো দলীয় প্ৰাৰ্থীৰ মৃত্যু হ’লে, নিৰ্বাচন আয়োগে সংশ্লিষ্ট সমষ্টিৰ নিৰ্বাচন স্থগিত ৰাখিব পাৰে|

নিৰ্বাচন আয়োগৰ স্বাধীনতা

নিৰ্বাচন আয়োগে যাতে স্বাধীন আৰু নিৰপেক্ষভাৱে নিজৰ দায়িত্ব পালন কৰিব পাৰে, সেই উদ্দেশ্যে সংবিধানত কিছুমান ব্যৱস্থা সন্নিবিষ্ট কৰা হৈছে| নিৰ্বাচন আয়োগৰ স্বাধীনতা ৰক্ষাৰ ব্যৱস্থা সমুহ তলত উল্লেখ কৰা হ’ল-

১) মুখ্য নিৰ্বাচন আয়ুক্তক কাৰ্যকাল শেষ হোৱাৰ আগতে ৰাষ্ট্ৰপতিয়ে পদচ্যুত কৰিব পাৰে যদিও, তেওঁক পদচ্যুত কৰাটো সহজ নহয়| উচ্চতম আদালতৰ বিচাৰপতি সকলক যি পদ্ধতিৰে পদচ্যুত কৰিব পৰা যায়, মুখ্য নিৰ্বাচন আয়ুক্তক পদচ্যুত কৰিবলৈ সেই একে পদ্ধতি অৱলম্বন কৰিব লাগে|

২) আয়োগৰ আন সদস্য আৰু আঞ্চলিক আয়ুক্ত সকলক পদচ্যুত কৰিবলৈ হ’লে মুখ্য নিৰ্বাচন আয়ুক্তৰ পৰামৰ্শৰ প্ৰয়োজন|

৩) কেন্দ্ৰীয় বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন আয়ুক্ত আৰু আঞ্চলিক আয়ুক্ত সকলৰ চাকৰিৰ চৰ্ত আৰু কাৰ্যকাল নিৰ্ধাৰণ কৰে| অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডলে ৰচনা কৰা আইনৰ ভিত্তিতহে আয়ুক্ত সকলৰ চাকৰিৰ চৰ্ত আৰু কাৰ্যকাল নিৰ্ধাৰণ কৰিব পাৰে|

৪) নিযুক্ত হোৱাৰ পিছত নিৰ্বাচন আয়োগৰ সদস্য সকলৰ বেতন আৰু অন্যান্য সুবিধা সমুহ তেওঁলোকৰ স্বাৰ্থৰ বিৰুদ্ধে পৰিৱৰ্তন কৰিব পৰা নাযায়|

৫) নিৰ্বাচন আয়োগৰ সদস্য সকলৰ দৰমহা আৰু অন্যান্য খৰচ ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিয়া হয়|

মূল্যায়ন

তত্ত্বীয় দিশৰ পৰা বিচাৰ কৰিলে নিৰ্বাচন আয়োগক এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠন হিচাপে বিবেচনা কৰিব পাৰি যদিও, বাস্তৱ ক্ষেত্ৰত নিৰ্বাচন আয়োগে সম্পুৰ্ণৰুপে স্বাধীন আৰু নিৰপেক্ষ কাৰ্যনিৰ্বাহ কৰাত ভালেমান সীমাৱদ্ধতা আছে| নিৰ্বাচন আয়োগৰ সীমাবদ্ধতা সমুহ তলত উল্লেখ কৰা হ’ল-

১) আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত আৰু আন আন সদস্যক প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে| নিৰ্বাচন আয়ুক্ত সকলৰ অৰ্হতাৰ বিষয়ে সংবিধানত উল্লেখ কৰা নাই| দলত চৰকাৰী পক্ষৰ প্ৰতি আনুগত্য থকা লোকক এই আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়াত বাধা নাই| এনে অৱস্থাত আয়োগে স্বাধীন আৰু নিৰপেক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিব বুলি আশা কৰিব নোৱাৰি|

২) কাৰ্যকাল শেষ হোৱাৰ পিছত আয়োগৰ সদস্য সকলক আন চাকৰিত নিয়োগ কৰাত বাধা নাই| উদাহৰণস্বৰুপে মুখ্য নিৰ্বাচন আয়ুক্ত আৰ.কে.ত্ৰিবেদিক অৱসৰৰ পিছত গুজৰাটৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছিল| সুকুমাৰ সেনক বৰ্ধমান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিয়োগ কৰা হৈছিল| ভি.কে.সুন্দৰম ক আইন আয়োগৰ সভাপতি হিচাপে নিয়োগ কৰা হৈছিল| ভৱিষ্যত নিয়োগৰ সুবিধাৰ কাৰণে আয়োগৰ সদস্য সকলে চৰকাৰৰ প্ৰতি সহানুভূতিসূচক মনোবৃত্তিৰে কাৰ্যনিৰ্বাহ কৰিব পাৰে| সেয়েহে এনেধৰণৰ সদস্যৰ পৰা নিৰপেক্ষতা আশা কৰাটো সম্ভৱ নহয়|

৩) যিসকল নিৰ্বাচন আয়ুক্তৰ সিদ্ধান্ত চৰকাৰৰ মন:পুত নহয়, তেনে আয়ুক্তক অৱসৰৰ পিছত পুনৰ নিযুক্তি নিদিয়াৰ উদাহৰণো আছে| ১৯৮১ চনৰ জুন মাহত লোকসভাৰ নিৰ্বাচনৰ সময়ত গাড়োৱাল কেন্দ্ৰত দুৰ্নীতি হোৱাৰ কাৰণে অভিযোগ উত্থাপন কৰাত সেই সময়ৰ মুখ্য নিৰ্বাচন আয়ুক্ত শাকধৰে এই নিৰ্বাচন বাতিল কৰিছিল| কিন্তু চৰকাৰে শাকধৰৰ এই সিদ্ধান্তক সমৰ্থন কৰা নাছিল| ফলত অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁক কোনো চাকৰিত নিযুক্তি দিয়া নাছিল|

৪) মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি কৰিব পাৰি নে নাই সেই বিষয়ে সংবিধানত উল্লেখ কৰা নাই| ৰাষ্ট্ৰপতিৰ সন্তষ্টিৰ ওপৰতহে মুখ্য নিৰ্বাচন আয়ুক্তৰ কাৰ্যকাল নিৰ্ভৰ কৰে| ফলত চৰকাৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি কৰা আৰু চৰকাৰৰ প্ৰতি আনুগত্য নথকা আয়ুক্তৰ কাৰ্যকাল বৃদ্ধি নকৰাত ৰাষ্ট্ৰপতিৰ বাধা নাই| সুকুমাৰ সেন আৰু ভি.কে.সুন্দৰমে মুখ্য আয়ুক্ত হিচাপে ৮ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল| কিন্তু যোগ্যতা সম্পন্ন ব্যক্তি হোৱা সত্ত্বেও শাকধৰৰ কাৰ্যকাল বৃদ্ধি কৰা হোৱা নাছিল| এনে ধৰণৰ বৈষম্যই প্ৰমাণ কৰে যে ভৱিষ্যত সুবিধাৰ কাৰণে আয়োগৰ সদস্যই চৰকাৰৰ হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰিব পাৰে| তেনে সদস্যই কেতিয়াও নিৰপেক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিব বুলি আশা কৰিব নোৱাৰি|

৫) নিৰ্বাচন আয়োগৰ পৰামৰ্শ সমুহ গ্ৰহণ কৰিবলৈ চৰকাৰ বাধ্য নহয়| আয়োগৰ পৰামৰ্শ চৰকাৰৰ অনুকূলে হ’লে চৰকাৰে তেনে পৰামৰ্শ গ্ৰহণ কৰি কাৰ্যকৰী কৰে; আনহাতে আয়োগৰ পৰামৰ্শ চৰকাৰৰ প্ৰতিকূলে গ’লে চৰকাৰে তেনে পৰামৰ্শ কাৰ্যকৰী কৰাৰ পৰা বিৰত থাকে| ফলত আয়োগে স্বাধীন আৰু নিৰপেক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিব নোৱাৰে|

৬) নিৰ্বাচন আয়োগ গঠন, ইয়াৰ কাৰ্যাৱলী আৰু ক্ষমতা সম্পূৰ্ণৰুপে কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰা আছে| এই বিষয়ত ৰাজ্যিক চৰকাৰৰ সমুহৰ কোনো ক্ষমতা নাই| সেয়েহে এই ব্যৱস্থা যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ লগত সংগতি থকা বিধৰ নহয়| আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজ্যিক চৰকাৰে এনে বিষয়ত আইন ৰচনা কৰিব পাৰে| অৱশ্যে কেন্দ্ৰীয় নিৰ্বাচনৰ বিষয়ে ৰাজ্যিক চৰকাৰে গ্ৰহণ কৰা আইন আমেৰিকাৰ কেন্দ্ৰীয় বিধানমণ্ডলে পৰিৱৰ্তন কৰিব পাৰে|

৭) নিৰ্বাচন আয়োগৰ কাম-কাজৰ ওপৰত ৰাজনৈতিক প্ৰভাৱ পৰাৰ ভালেমান সুবিধা আছে| নিৰ্বাচনৰ দিন ঘোষণা কৰা, নিৰ্বাচন স্থগিত ৰখা আদি বিষয়ত ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ উদাহৰণ নথকা নহয়| সেয়েহে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাৰ বিষয়ত সন্দেহ থকাটো একো অস্বাভাৱিক নহয়|

৮) নিৰ্বাচনৰ বিষয়ত দেখা দিয়া দুৰ্নীতি, নিৰ্বাচন কেন্দ্ৰ দখল, জাল ভোটদান আদি বন্ধ কৰি নিৰ্বাচনক দোষমুক্ত কৰাৰ বিষয়ত নিৰ্বাচন আয়োগ কৃতকাৰ্য হোৱা নাই| কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ইচ্ছাৰ বিৰুদ্ধে আয়োগৰ কাৰণে এনেবোৰ বিষয়ত কৃতকাৰ্যতা লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়|

৯) চৰকাৰৰ আন আন বিভাগৰ কাম-কাজ পৰিচালনা কৰাৰ উদ্দেশ্যে বিভাগবোৰৰ নিজা নিজা কৰ্মচাৰী থাকে| এই বিভাগীয় কৰ্মচাৰীৰ জৰিয়তে বিভাগবোৰে নিজৰ নিজৰ দায়িত্ব সম্পাদন কৰে| কিন্তু নিৰ্বাচন সুচাৰুৰুপে পৰিচালনা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ কোনো নিজৰ কৰ্মচাৰী নাই| আয়োগে এই বিষয়ত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰ কৰিব লাগে| চৰকাৰী কৰ্মচাৰী সকলৰ চৰকাৰী পক্ষৰ প্ৰতি সহানুভূতি থকাটো একো অস্বাভাৱিক নহয়|

১০)  নিৰ্বাচন শৃংখলাবদ্ধ ভাৱে পৰিচালনা কৰাৰ দায়িত্ব নিৰ্বাচন আয়োগক দিয়া হৈছে| নিৰ্বাচনৰ সময়ত আইন-শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব দিয়া হৈছে সংশ্লিষ্ট ৰাজ্যিক চৰকাৰক| কিন্তু ৰাজ্যিক চৰকাৰৰ পুলিচ আৰু অ-সামৰিক বাহিনীয়ে নিৰপেক্ষতাৰে তেওঁলোকৰ দায়িত্ব পালন কৰিব বুলি আশা কৰিব নোৱাৰি|

১১) মহেশ্বৰীৰ মতে ভাৰতীয় গণতন্ত্ৰ যি চাৰিটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত; এই চাৰিটাৰ ভিতৰত নিৰ্বাচন আয়োগেই হৈছে আটাইতকৈ দুৰ্বল| সেয়েহে এই দুৰ্বল স্তম্ভই স্বাধীন আৰু নিৰপেক্ষতাৰে কাম কৰাৰ বিষয়ত অকৃতকাৰ্য হোৱাটো একো অস্বাভাৱিক নহয়|

নিৰ্বাচনী সংস্কাৰ

সাম্প্ৰতিক কালৰ গণতন্ত্ৰৰ নিৰ্বাচন হৈছে এটা অপৰিহাৰ্য অংগ| প্ৰাচীনকালৰ দেশ সমুহৰ জনসংখ্যা আছিল কম; সেয়েহে তেনে দেশত প্ৰত্যক্ষ গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰচলন কৰাটো সম্ভৱ হৈছিল| কিন্তু সাম্প্ৰতিক কালৰ দেশসমুহত হেজাৰ হেজাৰ লোক বাস কৰে| এনে ধৰণৰ জনবহুল দেশত প্ৰত্যক্ষ গণতান্ত্ৰিক পদ্ধতিৰ প্ৰচলন কৰাটো কেতিয়াও সম্ভৱ নহয়| সেয়েহে সাম্প্ৰতিক কালৰ দেশসমুহত পৰোক্ষ গণতন্ত্ৰ বা প্ৰতিনিধিত্বমুলক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন কৰা হয়| পৰোক্ষ বা প্ৰতিনিধিত্বমুলক গণতান্ত্ৰিক শাসন ব্যৱস্থাত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে ভোটাৰ সকলে নিজৰ নিজৰ সমষ্টিৰ পৰা একোজন প্ৰতিনিধি বিধানমণ্ডললৈ নিৰ্বাচন কৰি দিয়ে| এইদৰে নিৰ্বাচিত হোৱা প্ৰতিনিধিসকলৰ সদনে দেশৰ শাসন কাৰ্য পৰিচালনা কৰে| বিধানমণ্ডলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা ৰাজনৈতিক দলে চৰকাৰ গঠন কৰে আৰু বাকী দলীয় সদস্য সকলে বিৰোধী দলৰ ভুমিকা গ্ৰহণ কৰে| কোনো দলে চৰকাৰ গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় হোৱা নিৰ্দ্দিষ্ট আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দল লগ হৈ সংযুক্ত চৰকাৰ বা মৰ্চা চৰকাৰ গঠন কৰে| চৰকাৰৰ কাম-কাজত অসন্তষ্ট হোৱা ভোটাৰ ৰাইজে পিছৰ নিৰ্বাচনত আন দলক চৰকাৰ গঠন কৰাৰ সুবিধা দিব পাৰে|

আমাৰ দেশতো প্ৰতিনিধিমুলক চৰকাৰৰ প্ৰচলন আছে| প্ৰত্যেক পাঁচ বছৰৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে| ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যা এশ কোটিৰো ওপৰ| সেয়েহে ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰত বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে অভিহিত কৰা হয়| কিন্তু আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত কিছুমান আসোঁৱাহ আছে| সেয়েহে নিৰ্বাচনী আয়োগৰ উপৰিও আন আন ৰাজনৈতিক দলেও নিৰ্বাচন ব্যৱস্থাৰ তলত দিয়া ধৰণে আসোঁৱাহ দেখা যায়:-

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত প্ৰাৰ্থীৰ দক্ষতা, অভিজ্ঞতা আৰু ব্যক্তিত্বৰ পৰিৱৰ্তে ধনে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰ্হণ কৰে| সাম্প্ৰতিক কালত প্ৰত্যেক সমষ্টিতে ভোটাৰৰ সংখ্যা বাঢ়ি আহিছে| এনে জনবহুল সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ হ’লে ভালেখিনি ধন খৰচ কৰিবলগীয়া হয়| সেয়েহে যি প্ৰাৰ্থীয়ে বেছি পৰিমাণৰ ধন খৰচ কৰিব পাৰে, তেনে প্ৰাৰ্থীৰহে জয়লাভ কৰাৰ সম্ভাৱনা বেছি| ফলত কেতিয়াবা কেতিয়াবা অনুপযুক্ত প্ৰাৰ্থীও নিৰ্বাচিত হয় আৰু উপযুক্ত প্ৰাৰ্থীয়ো পৰাজিত হ’বলগা হয়|

২) ১৯৫৬ চনৰ কোম্পানী আইন মতে কোম্পানী বোৰে নিজৰ লাভৰ কিছু পৰিমাণৰ ধন ব্যক্তিগত হিচাপে কোনো প্ৰাৰ্থীক নাইবা কোনো ৰাজনৈতিক দল আৰু দলীয় প্ৰাৰ্থীক ৰাজনৈতিক উদ্দেশ্যে দান কৰিব পাৰে| নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল আৰু প্ৰাৰ্থী সকলক আৰ্থিক সাহায্য দি কোম্পানী সমুহে এই সদস্য সকলৰ জৰিয়তে ৰাজনৈতিক বিষয়ত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে| ফলত নিৰ্বাচনত জয়লাভ কৰা সদস্য সকলে নিজৰ সমষ্টিৰ ভোটাৰক প্ৰতিনিধিত্ব কৰাৰ পৰিৱৰ্তে ধনীক শ্ৰেণীৰ লোককহে প্ৰতিনিধিত্ব কৰে| এনে ধৰণৰ প্ৰতিনিধিত্ব গণতান্ত্ৰিক প্ৰমুখ্যৰ লগত সংগতি থকা বিধৰ নহয়|

৩) ধনবলৰ উপৰিও বল প্ৰয়োগেও সুস্থ নিৰ্বাচন অনুষ্ঠিত কৰাত অসুবিধাৰ সৃষ্টি কৰে| অৰ্থাৎ নিৰ্বাচন বেলট যুদ্ধৰ পৰিৱৰ্তে বুলেট যুদ্ধত পৰিণত হয়| কিছুমান প্ৰাৰ্থীয়ে বল প্ৰয়োগ কৰি নিৰ্বাচনত জয়লাভ কৰিবলৈ চেষ্টা কৰে| নিৰ্বাচনৰ দিনত ভোটকেন্দ্ৰ দখল কৰা, কিছুমান দলৰ এজেণ্ট সকলৰ ওপৰত আক্ৰমণ কৰা, দুখীয়া আৰু দুৰ্বল শ্ৰেণীৰ লোকক ভীতি প্ৰদৰ্শন কৰি ভোটদান কাৰ্যত বাধা দিয়া আৰু নিৰ্দিষ্ট প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিবলৈ বাধ্য কৰোৱা আদি ঘটনাৰ সৃষ্টি হোৱা দেখা যায়| আনকি এজনৰ ভোট আন জনে দিয়াৰ উদাহৰণো নথকা নহয়|

৪) নিৰ্বাচনী আয়োগে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অধীনত কাৰ্যনিৰ্বাহ কৰিবলগা হোৱা পৰিস্থিতিকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাপে উল্লেখ কৰা হয়| কিছুমান অঞ্চলত নিৰ্বাচন পৰিচালনা কৰিবলৈ নিযুক্ত হোৱা কৰ্মচাৰী সকলে কোনো নিৰ্দ্দিষ্ট দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটাৰক ভোটদান কৰিবলৈ ইংগিত দিয়াৰ উদাহৰণ পোৱা যায়| যিবোৰ ঠাইত বেলট বাকচ সমুহ ৰখা হয়, তাত পহৰা দিয়াৰ কাৰণে নিৰ্বাচনী আয়োগৰ কোনো বিষয়া-কৰ্মচাৰীক নিয়োগ কৰা নহয়| চৰকাৰে নিযুক্ত কৰা পুলিচ নাইবা কেন্দ্ৰীয় পুলিচ বাহিনীৰ লোককহে পহৰা দিয়া কাৰ্যত নিযুক্ত কৰা হয়| ফলত কৰ্তৃত্ববিহীন লোকেও বেলট বাকচসমুহ খোলাৰ সম্ভাৱনা নথকা নহয়|

৫) প্ৰতিনিধিত্ব আইন মতে কোনো ৰাজনৈতিক দল, দলীয় প্ৰাৰ্থী নাইবা প্ৰাৰ্থীৰ এজেণ্টে জাতি-ধৰ্ম-ভাষা, সম্প্ৰদায় আদিৰ ভিত্তিত কোনো প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন কৰিব নোৱাৰে নাইবা কোনো লোকক ভোটদান কৰাত বাধা দিব নোৱাৰে| কিন্তু ৰাজনৈতিক দল আৰু নেতা সকলে এই নীতিৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে| জাতি-ধৰ্ম-ভাষা-গোষ্ঠী আদিৰ ভিত্তিত প্ৰাৰ্থী মনোনীত কৰা হয় আৰু সেই প্ৰাৰ্থীৰ হকে ভোটদান কৰিবলৈ আৱেদন কৰা হয়| ধৰ্মৰ ভিত্তিত ভোটদান কৰিবলৈ আৱেদন কৰি জয়লাভ কৰা প্ৰাৰ্থী এজেনক উচ্চতম আদালতে অবৈধ হিচাপে নিৰ্বাচিত হোৱা বুলি ৰায় দিয়াৰ উদাহৰণ আছে|

৬) চৰকাৰী ধন খৰচ কৰি ভোট লাভ কৰাৰ চেষ্টাকো সাম্প্ৰতিক কালৰ নিৰ্বাচন ব্যৱস্থাৰ এটা আসোঁৱাহ হিচাপে উল্লেখ কৰা হয়| নিৰ্বাচনী আয়োগে নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰাৰ পিছত চৰকাৰে কোনো নতুন নতুন আঁচনি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব নোৱাৰে যদিও, ইয়াৰ আগৰছোৱা কালত বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰাত বাধা নাই| সেয়েহে চৰকাৰে বিভিন্ন ধৰণৰ জনপ্ৰিয় আঁচনি আৰম্ভ কৰি ধন খৰচ কৰাৰ ব্যৱস্থা কৰে| এনে আঁচনিৰ জৰিয়তে ভোটাৰ সকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰা হয়| ধাৰ দিয়া সভাৰ আয়োজন কৰি বিভিন্ন জনক বেংকৰ পৰা ধাৰ দিয়াৰ উদাহৰণ আছে| সময়ত এনেবোৰ ধাৰ পৰিশোধ কৰিব নোৱাৰাৰ কাৰণে বেংক সমুহ লোকচানৰ সম্মুখীন হ’বলগা হয়| সেইদৰে নিৰ্বাচনৰ আগৰ কালছোৱাত বিভিন্ন ধৰণৰ উন্নয়ন মুলক কাম আৰম্ভ কৰা হয় যদিও, ধনৰ অভাৱত তেনে কাম পিছত বন্ধ কৰিবলগীয়া হয়| ফলত চৰকাৰী ধনৰ অপব্যৱহাৰ হয়| সেয়েহে চৰকাৰী ধন খৰচ কৰি ভোট কিনা ব্যৱস্থা বন্ধ কৰা উচিত|

৭) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা আসোঁৱাহ এই যে চৰকাৰ গঠন কৰাৰ কাৰণে কোনো দলে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ প্ৰয়োজন নাই| অৰ্থাৎ যিমান সংখ্যক ভোটাৰে ভোটদান কৰে; তাৰ আধাতকৈ বেছি ভোট নাপালেও কোনো দলে চৰকাৰ গঠন কৰিব পাৰে| এনে ধৰণৰ নীতি গণতান্ত্ৰিক প্ৰমূল্যৰ লগত সংগতি থকা বিধৰ নহয়|

৮) নিৰ্বাচনৰ আগতে ভোটাৰ তালিকা সংশোধন কৰাৰ নিয়ম যদিও, ভোটাৰ তালিকাত ভালেমান ব্যক্তিৰ নাম নাথাকে, আনহাতে মৃত ভোটাৰৰ নামো সন্নিবিষ্ট থাকে| ফলত ভালেমান লোক ভোটদান কৰাৰ অধিকাৰৰ পৰা বঞ্চিত হয়|

৯) নিৰ্বাচনৰ সময়ত অসৎ উপায় অৱলম্বন কৰা, ভোটৰ বাকচ কাঢ়ি নিয়াৰ চেষ্টা কৰা আদি বিভিন্ন ধৰণৰ অন্যান্য নীতি-নিয়মৰ আশ্ৰয় লবলৈ কিছুমানে চেষ্টা কৰে|

নিৰ্বাচনী সংস্কাৰৰ পৰামৰ্শ:-

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে আমাৰ দেশত নিৰ্দ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে যদিও, এই নিৰ্বাচন ব্যৱস্থাৰ আসোঁৱাহ নথকা নহয়| নিৰ্বাচন ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে তলত দিয়া ধৰণৰ পৰামৰ্শ আগবঢ়াব পাৰি:-

১) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত ধনে গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে| ৰাজনৈতিক দল আৰু দলীয় নেতাসকলে পুঁজিপতিসকলৰ পৰা নিৰ্বাচনৰ কাৰণে ধন সংগ্ৰহ কৰে| ফলত তেওঁলোকে পুঁজিপতিসকলৰ সন্তষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহ কৰিবলগা হয়| এই ব্যৱস্থাই শোষণ আৰু দুৰ্নীতিত অৰিহণা যোগায়| সেয়েহে ক’লা ধনৰ ব্যৱহাৰক নাইকিয়া কৰাৰ উদ্দেশ্যে ৰাজকোষৰ পৰা প্ৰত্যেক দল আৰু প্ৰাৰ্থীক নিৰ্বাচনৰ কাৰণে ধন দিয়াৰ ব্যৱস্থা কৰিব পাৰি| পুঁজিপতি সকলৰ পৰা ধন সংগ্ৰহ কৰা নিয়ম বন্ধ কৰিব পাৰিলে নিৰ্বাচিত সদস্য সকলে স্বাধীন ভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰিব বুলি আশা কৰিব পাৰি|

২) নিৰ্বাচনৰ ফলাফলৰ বিষয়ত ধনৰ ভুমিকা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমুহে প্ৰতিজন প্ৰাৰ্থীৰ কাৰণে কিমান পৰিমাণৰ ধন খৰচ কৰিব পাৰি তাৰ সীমা নিৰ্ধাৰণ কৰা উচিত| প্ৰাৰ্থীয়ে খৰচ কৰিব পৰা ধনৰ সীমা সময়ে সময়ে পুনৰ বিচাৰ কৰা উচিত| প্ৰত্যেক দলে এই বিষয়ত হিচাপ ৰখা উচিত| নিৰ্ধাৰিত পৰিমাণতকৈ বেছি ধন খৰছ কৰা প্ৰাৰ্থীক শাস্তি দিয়াৰ ব্যৱস্থা থকা উচিত|

৩) নিৰ্দ্দিষ্ট আইনৰ জৰিয়তে ৰাজনৈতিক দলসমুহক হিচাপ ৰখাৰ কাৰণে বাধ্য কৰা উচিত| ৰাজনৈতিক দলসমুহে খৰচ কৰা ধনৰ হিচাপ পৰীক্ষকৰ দ্বাৰা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা থকা উচিত| এই ধনৰ হিচাপ নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰাৰ ব্যৱস্থা থকা উচিত| হিচাপ দাখিল নকৰা দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত|

৪) প্ৰতিজন ভোটাৰকে নিজৰ নিজৰ ফ’টো সহ পদৱীৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা উচিত| এই ব্যৱস্থাই জাল ভোটদান কৰা ব্যৱস্থা বন্ধ কৰিব পাৰে| এই ব্যৱস্থাক পৰ্যায়ক্ৰমে প্ৰচলন কৰা উচিত| ভোটাৰ তালিকা সংশোধন কৰাৰ বিষয়তো এই ব্যৱস্থাই সহায় কৰিব পাৰে|

৫) ভোটাৰ সকলৰ ভোটদান কৰাৰ সুবিধাৰ কাৰণে ভোটৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা উচিত| প্ৰত্যেক সমষ্টি আৰু প্ৰত্যেক ভোটাৰ কেন্দ্ৰৰ কাৰণে পৰ্যবেক্ষক নিয়োগ কৰা উচিত| ভোটদান কাৰ্যত বাধা দিয়াৰ ব্যৱস্থা নাইকিয়া কৰাৰ উদ্দেশ্যে নিৰ্বাচনী বিষয়া সকলক ক্ষমতা দিয়া উচিত|

৬) কোনো ৰাজনৈতিক দলে যাতে চৰকাৰী ক্ষমতা প্ৰয়োগ কৰি নিৰ্বাচনৰ সময়ত সুবিধা গ্ৰহণ কৰিব নোৱাৰে সেই উদ্দেশ্যে নিৰ্বাচনৰ আগতে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা উচিত|

৭) আমাৰ দেশৰ বেছি সংখ্যক লোক অশিক্ষিত, ফলত ভালেমান ভোট নষ্ট হয়| এই ব্যৱস্থা বন্ধ কৰাৰ উদ্দেশ্যে ইলেক্‌ট্ৰনিক ভোটিং মেচিন ব্যৱহাৰ কৰা উচিত|

৮) ৰাজনীতিৰ পৰা অপৰাধী সকলক বহিস্কাৰ কৰাৰ উদ্দেশ্যে অপৰাধত জড়িত ব্যক্তিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত| বাতৰি কাকতত প্ৰকাশ পোৱা মতে বিধানমণ্ডলৰ কিছুমান সমস্যাৰ বিৰুদ্ধে বিভিন্ন গোচৰ পঞ্জীভূত কৰা আছে| এনে ব্যক্তিয়ে নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি অপৰাধ মুক্ত হ’বলৈ চেষ্টা কৰিব পাৰে| সেয়েহে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা স্বাৰ্থৰ খাতিৰত অপৰাধত জড়িত ব্যক্তিক অপৰাধমুক্ত নোহোৱালৈকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত|

৯) নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হ্ৰাস কৰাৰ উদ্দেশ্যে আমানত ধন বৃদ্ধি কৰা উচিত| যিসকল প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হয়, তেনে প্ৰাৰ্থীক ভৱিষ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত|

১০) শাসনৰ দায়িত্বত থকা দলে যাতে চৰকাৰী শাসন যন্ত্ৰ প্ৰয়োগ কৰি নিৰ্বাচনত সুবিধা গ্ৰহণ কৰিব নোৱাৰে, সেই বিষয়ত সতৰ্কতা অৱলম্বন কৰা উচিত|

১১) ভোটৰ কেন্দ্ৰ যাতে কোনো লোকে বলপূৰ্বক ব্যৱহাৰ কৰিব নোৱাৰে,সেই উদ্দেশ্যে প্ৰয়োজনীয় সংখ্যক সশস্ত্ৰ পুলিচৰ ব্যৱস্থা কৰা উচিত| সম্ভৱস্থলত ওচৰ-চুবুৰীয়া ৰাজ্যৰ কৰ্মচাৰীক নিৰ্বাচনৰ কামত নিয়োগ কৰা উচিত| নিৰ্বাচনৰ আগে আগে ভোটাৰ তালিকা সংশোধন কৰা উচিত|

১২) মুখ্য নিৰ্বাচন আয়ুক্তই যাতে ৰাজনৈতিক হেঁচাৰ ওচৰত নতি স্বীকাৰ কৰি কাৰ্যনিৰ্বাহ কৰিব নালাগে, সেই উদ্দেশ্যে অকল প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্ত কৰাৰ পৰিৱৰ্তে উচ্চতম আদালতৰ প্ৰধান বিচাৰপতি, প্ৰধানমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ লগত আলোচনা কৰি মুখ্য নিৰ্বাচন আয়ুক্তক নিয়োগ কৰা পদ্ধতিৰ প্ৰচলন কৰা উচিত|

১৩) অৱসৰ গ্ৰহণ কৰাৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্তক আন কামত নিয়োগ কৰাটো বন্ধ কৰা উচিত|

১৪) সংবিধানত মুখ্য নিৰ্বাচন আয়ুক্তৰ কোনো ধৰণৰ অৰ্হতাৰ বিষয়ে উল্লেখ কৰা নাই| সেয়েহে চৰকাৰৰ প্ৰতি আনুগত্য থকা ব্যক্তিক আয়ুক্ত হিচাপে নিযুক্ত কৰাৰ সম্ভাৱনা নথকা নহয়| এই সম্ভাৱনাক আঁতৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিধানমণ্ডলে গ্ৰ্হণ কৰা আইনত মুখ্য নিৰ্বাচন আয়ুক্তৰ অৰ্হতা, চাকৰিৰ ম্যাদ আৰু চাকৰিৰ চৰ্তাৱলীক নিৰ্ধাৰণ কৰা উচিত|

ভাৰতীয় ভোটাৰৰ আচৰণ

গণতান্ত্ৰিক শাসন পদ্ধতিত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰি প্ৰতিনিধি নিৰ্বাচিত কৰা হয়| যিটো ৰাজনৈতিক দলে সদনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব পাৰে| সেই দলেই চৰকাৰ গঠন কৰাৰ সুবিধা পায়| চৰকাৰ গঠন কৰাৰ জোখাৰে কোনো দলে আসন লাভ কৰিব নোৱাৰিলে, দুই বা ততোধিক দলে লগ লাগি চৰকাৰ গঠন কৰিব পাৰে| এনে ধৰণৰ চৰকাৰক সংযুক্ত চৰকাৰ বোলে| যোগ্যতা সম্পন্ন ব্যক্তিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিব পাৰিলে তেনে প্ৰতিনিধিৰে গঠিত চৰকাৰে দক্ষতাৰে শাসনকাৰ্য পৰিচালনা কৰিব পাৰিব বুলি আশা কৰিব পাৰি| কিন্তু উপযুক্ত ব্যক্তি নিৰ্বাচিত নহ’লে শাসনৰ মানদণ্ড নিম্নগামী হোৱাৰ সম্ভাৱনা থাকে| সেয়েহে ভোটাৰ সকলে ক্ষুদ্ৰ স্বাৰ্থৰ জৰিয়তে পৰিচালিত নহৈ নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি উপযুক্ত প্ৰাৰ্থীক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিবলৈ চেষ্টা কৰা উচিত|

কিন্তু আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ বিশ্লেষণ কৰিলে দেখা যায় যে ভোটাৰ সকলে সকলো সময়ত নিজৰ বিচাৰ বুদ্ধি প্ৰয়োগ কৰি ভোটদান নকৰে| ভোটাৰৰ বয়স, পৰিয়ালৰ ৰাজনৈতিক ঐতিহ্য, বন্ধু-বান্ধৱীৰ ৰাজনৈতিক প্ৰভাৱ, ধৰ্ম, ভাষা, আঞ্চলিক স্বাৰ্থ, জাতি, ৰাজনৈতিক আদৰ্শ, আৰ্থিক ক্ষমতা আৰু প্ৰভাৱ, ৰাজনৈতিক নেতাসকলৰ ভাবমূৰ্তি আদি বিভিন্ন উপাদানে ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| আমাৰ দেশৰ ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা উপাদান সমুহৰ বিষয়ে তলত চমু আলোচনা কৰা হ’ল-

১) ধৰ্মৰ প্ৰভাৱ:- আমাৰ দেশত ধৰ্মীয় আদৰ্শই ভোটাৰ সকলৰ আচৰণৰ ওপৰত ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰে| ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ যদিও, নিৰ্বাচনৰ সময়ত এই ধাৰণাৰ ওপৰত ভোটাৰ সকলে গুৰুত্ব নিদিয়ে| প্ৰাৰ্থী নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ভোটদানৰ সময়লৈ ভোটাৰ সকলৰ আচৰণ পৰ্যালোচনা কৰিলে দেখা যায় যে তেওঁলোকে নিজৰ নিজৰ ধৰ্মৰ লোকক প্ৰতিনিধি নিৰ্বাচিত কৰি পঠোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে| ৰাজনৈতিক দলবোৰেও যিটো সমষ্টিত সংখ্যালঘিষ্ট সকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যালঘিষ্ট সকলৰ মাজৰ পৰা কোনো লোকক প্ৰাৰ্থী হিচাপে মনোনীত কৰে| সেইদৰে যিটো সমষ্টিত সংখ্যাগুৰুসকলৰ ভোটাৰৰ সংখ্যা বেছি সেই সমষ্টিত সংখ্যাগুৰুসকলৰ মাজৰ পৰা প্ৰাৰ্থী মনোনীত কৰে| প্ৰাৰ্থী মনোনয়নৰ সময়ত ধৰ্মীয় আদৰ্শ পাহৰি নাযায়| নিৰ্বাচনৰ আগৰ সময়ছোৱাত ধৰ্মগুৰুসকলৰ আশীৰ্ব্বাদ লবলৈ দলীয় নেতা সকলে পাহৰি নাযায়| ভোটাৰ সকলেও নিজৰ ধৰ্মৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে| অৰ্থাৎ ধৰ্মীয় আদৰ্শই আমাৰ দেশৰ ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে|

২) জাতিৰ প্ৰভাৱ:- আমাৰ দেশৰ মানুহৰ মাজত ধৰ্মৰ বিষয়ত বিভিন্নতা থকাৰ নিচিনা জাতিৰ বিষয়তো বিভিন্নতা আছে| সংবিধানত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বিষয়ে উল্লেখ কৰা আছে| যদিও মানুহৰ মাজৰ পৰা জাতিৰ ধাৰণা আঁতৰ হোৱা নাই| চহৰ-নগৰ অঞ্চলত জাতিৰ প্ৰভাৱ কিছু পৰিমাণে কমি আহিছে যদিও গাঁও অঞ্চলৰ লোকৰ মাজত জাতিভেদৰ প্ৰভাৱ কমি যোৱা নাই| আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ ভোটাৰৰ ওপৰত জাতিৰ ধাৰণাৰ প্ৰভাৱ আছে| উদাহৰণস্বৰুপে- উত্তৰ প্ৰদেশত ৰাজপুত, Braamhan ,যাদৱ, জাঠ, বিহাৰত ৰাজপুত, কায়স্থ, তামিলনাডুত Braamhan-abraamhan, অন্ধ্ৰপ্ৰদেশত কায়া আৰু ৰেড্ডি, কৰ্ণাটকত লিংগায়েত আৰু ভোকালিংগা, কেৰালাত নায়াৰ, Braamhan আদি জাতিৰ ভিত্তিত নিৰ্বাচনী আচৰণ নিয়ন্ত্ৰিত হয়| কিছুমান দলৰ প্ৰাৰ্থীয়ে জাতিক মুলধন হিচাপে ব্যৱহাৰ কৰি নিৰ্বাচনত জয়জুক্ত হবলৈ চেষ্টা কৰে|

৩) সম্প্ৰদায়ৰ প্ৰভাৱ:- সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| সাধাৰণ জাতি-ধৰ্ম-ভাষা আদিৰ ভিত্তিতেই সম্প্ৰদায়ৰ সৃষ্টি হয়| ভোটাৰ সকলেও নিজৰ সম্প্ৰদায়ৰ লোকক প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ কামনা কৰে| আমাৰ দেশৰ কোনো কোনো অঞ্চলত সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰচলন থকা দেখা যায়| উদাহৰণস্বৰুপে- অন্ধ্ৰপ্ৰদেশত তেলেগু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষা কৰাৰ উদ্দেশ্যে এন.টি.ৰামাৰাওৱে “তেলেগু দশম” দলৰ সৃষ্টি কৰিছিল| সম্প্ৰদায়ৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থীক মনোনীত কৰা আৰু নিৰ্বাচনী প্ৰচাৰ কৰাৰ উদাহৰণ নথকা নহয়| সংক্ষেপতে কবলৈ হ’লে সাম্প্ৰদায়িক চিন্তাধাৰায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰে|

৪) ভাষাৰ প্ৰভাৱ:- আমাৰ দেশৰ ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰাৰ বিষয়ত ভাষাৰ ভুমিকাও কম নহয়| ভাষাই প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ গঠন কৰাৰ উদাহৰণ আমাৰ দেশত নথকা নহয়| সেইদৰে ভাষাই নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাৰো উদাহৰণ আছে| উদাহৰণস্বৰুপে হিন্দী ভাষাৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ অনুকুল ধাৰণা আৰু এই ভাষাক সৰ্বভাৰতীয় ভাষা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰাৰ ফলত ১৯৬৭ চনত তামিলনাডুৰ নিৰ্বাচনত কংগ্ৰেছে শোচনীয় ভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছিল| ভাষাৰ কাৰণে অসমত আন্দোলন হোৱাৰ উদাহৰণ আছে| সেয়েহে ভাষায়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণৰ ওপৰত নিয়ন্ত্ৰণ চলায়|

৫) শ্ৰেণীৰ প্ৰভাৱ:- জাতি-ধৰ্ম-ভাষা আদিৰ নিচিনা শ্ৰেণীগত চিন্তাধাৰায়ো আমাৰ দেশৰ ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| উদাহৰণস্বৰুপে সাম্যবাদী আদৰ্শ সমৰ্থন কৰা দলসমুহে শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে| ধনী আৰু দুখীয়াৰ মাজত থকা অৰ্থনৈতিক ব্যৱধান কমাই অনা নীতিৰ প্ৰতি এই দলে সমৰ্থন জনায়| সেয়েহে শ্ৰমিক শ্ৰেণীৰ ভোটাৰ সকলে এনে ধৰণৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে| আনহাতে ধনীক শ্ৰেণীৰ লোকসকলে সমাজৰ দ্ৰুত পৰিৱৰ্তন সমৰ্থন নকৰে| তেওঁলোকে নিজৰ স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে| সেয়েহে এই শ্ৰেণীৰ ভোটাৰ সকলে পুঁজিবাদৰ প্ৰতি সমৰ্থন জনোৱা ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে| শ্ৰেণীৰ আদৰ্শই ভাৰতীয় ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত কিছু পৰিমাণে নিয়ন্ত্ৰণ চলায় যদিও আমাৰ দেশত এতিয়ালৈকে শ্ৰেণীগত মানসিকতা আৰু দৃষ্টিভংগীয়ে প্ৰাধান্য বিস্তাৰ কৰা নাই|

৬) পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ প্ৰভাৱ:- ভোটদাতাৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ ভুমিকাও কম নহয়| আন আন দেশৰ নিচিনা আমাৰ দেশতো পৰিয়ালৰ সদস্য সকলে পাৰিবাৰিক, ৰাজনৈতিক ধাৰাৰ প্ৰতি সমৰ্থন জনায়| কিছুমান পৰিয়াল কোনো নিৰ্দ্দিষ্ট ৰাজনৈতিক দলৰ লগত জড়িত থাকিব পাৰে| এনে ধৰণৰ পৰিয়ালৰ সদস্যই সেই ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰতি সমৰ্থন জনায়| সেইদৰে বন্ধু-বান্ধৱ সকলৰ প্ৰভাৱেও ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| কিন্তু সাম্প্ৰতিক কালত ভোটাৰৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণৰ বিষয়ত পৰিয়ালৰ প্ৰভাৱ হ্ৰাস পাই আহিছে| একোটা পৰিয়ালৰ সদস্যই বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতি সমৰ্থন জনোৱাৰ উদাহৰণ আছে|

৮) দলীয় কাৰ্যসূচী:- ৰাজনৈতিক দলসমূহৰ কাৰ্যসূচীৰ ভিত্তিতো কিছুমানে ভোটদানৰ সিদ্ধান্ত গ্ৰহণ কৰে| নিৰ্বাচনৰ আগতে ৰাজনৈতিক দলসমুহে নিজৰ নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে| এই ইস্তাহাৰত দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰা থাকে| শিক্ষিত আৰু ৰাজনৈতিক ভাৱে সচেতন ভোটাৰে দলৰ কাৰ্যসূচী, নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু দলৰ আগৰ কাৰ্য-কলাপ আদি বিশ্লেষণ কৰি ভোটদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে| ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ “গৰীৱি হটাও” ধ্বনিয়ে ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল| সেইদৰে ১৯৮৯ চনৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলৰ ব্যৰ্থতা আৰু চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগে ভোটাৰ সকলক নতুন দলৰ ওপৰত শাসনৰ দায়িত্ব দিবলৈ প্ৰেৰণা যোগাইছিল|

৯) নেতাৰ ভাৱমূৰ্তি:- দলীয় নেতা সকলৰ ব্যক্তিগত ভাৱমূৰ্তিয়েও ভোটাৰৰ ৰাজনৈতিক আচৰণ নিয়ন্ত্ৰণ কৰাত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰ্হণ কৰে| উদাহৰণস্বৰুপে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ভাবমূৰ্তিয়ে কংগ্ৰেছ দলক জয়লাভ কৰাত সহায় কৰিছিল| সেইদৰে কাশ্মীৰত শ্বেখ আব্দুলাৰ ভাবমূৰ্তিয়ে নেচনেল কনফাৰেন্স দলৰ কৃতকাৰ্যতাৰ প্ৰধান সম্বল আছিল, সেইদৰে কৰ্ণাটকত ৰামকৃষ্ণ হেগড়ে, অন্ধ্ৰপ্ৰদেশত টি.এন.ৰামাৰাও, তামিলনাডুত এম.জি.ৰাজচন্দ্ৰণৰ ব্যক্তিগত ভাবমূৰ্তিয়ে নিৰ্বাচনত জয়লাভ কৰাত সহায় কৰিছিল| এনেবোৰ উদাহৰণৰ পৰা সিদ্ধান্তলৈ আহিব পাৰি যে নেতৃস্থানীয় ব্যক্তিৰ ব্যক্তিত্বই ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে|

১০) ৰাজনৈতিক আদৰ্শ:- দলীয় ৰাজনৈতিক আদৰ্শয়ো ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| কোনো ৰাজনৈতিক দলে সমাজৰ দ্ৰুত পৰিৱৰ্তন বিচাৰিব পাৰে, কোনো দলে হয়তো ৰক্ষণশীল নীতিৰ প্ৰতি সমৰ্থন জনাব পাৰে, কোনো দলে গণতন্ত্ৰৰ প্ৰতি সমৰ্থন জনাব পাৰে, আৰু কোনো দলে হয়তো ফেচীবাদী ব্যৱস্থাৰ প্ৰতি সমৰ্থন জনাব পাৰে| কোনো দলে ধৰ্মনিৰপেক্ষ নীতিৰ প্ৰতি সমৰ্থন জনাব পাৰে| দলৰ এই আদশই ভোটাৰ সকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| কিন্তু দলীয় আদৰ্শই আমাৰ দেশৰ ভোটাৰ সকলৰ ওপৰত কিমানদূৰ প্ৰভাৱ বিস্তাৰ কৰে, সেই বিষয়ত বিতৰ্কৰ অৱকাশ নথকা নহয়| আমাৰ দেশৰ ৰজনৈতিক দল সমুহে গণতন্ত্ৰ, সমাজবাদ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সমৰ্থন জনায়| উমৈহতীয়া এই আদৰ্শৰ প্ৰতি সমৰ্থন থকা সত্বেও দলসমুহৰ মাজত প্ৰ্ভেদ আছে|

১১) আন আন উপাদানৰ প্ৰভাৱ:- ওপৰত উল্লেখ কৰা উপাদান সমুহৰ উপৰিও আন আন কিছুমান উপাদানেও ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে|

প্ৰথমতে, ভোটাৰৰ বয়সৰ ওপৰতো তেওঁলোকৰ আচৰণ নিৰ্ভৰ কৰে| সাধাৰণতে বয়সস্থ লোকসকল ৰক্ষণশীল স্বভাৱৰ; সেয়েহে তেওঁলোকে আগতে যি দলৰ প্ৰতি সমৰ্থন জনাইছিল, পিছতো সেই দলৰ প্ৰতি সমৰ্থন জনায়| কিন্তু কম বয়সৰ ভোটাৰ সকলে সমাজৰ দ্ৰুত পৰিৱৰ্তন বিচাৰে; সেয়েহে তেওঁলোকে সমাজৰ দ্ৰুত পৰিৱৰ্তন সমৰ্থন কৰা ৰাজনৈতিক দলৰ সমৰ্থনত ভোটদান কৰে|

দ্বিতীয়তে, পুৰুষ আৰু মহিলাৰ মাজত থকা প্ৰভেদেও ভোটাৰৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ চলায়| সাম্প্ৰতিক কালত মহিলা সকল তেওঁলোকৰ অধিকাৰৰ বিষয়ে সচেতন হৈ উঠিছে| মহিলা ভোটাৰে মহিলাৰ অধিকাৰ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া দলৰ প্ৰাৰ্থীৰ প্ৰতি ভোটদান কৰে| সেইদৰে মহিলা প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰাৰ তেওঁলোকৰ প্ৰৱণতা থাকে|

তৃতীয়তে, শিক্ষায়ো ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| শিক্ষিত ভোটাৰে ভোটদানৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰিলেও তেওঁলোকে সাধাৰণ ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে|

চতুৰ্থতে, ভোটাৰৰ নিৰ্বাচনী আচৰণ নিয়ন্ত্ৰণ কৰাত ধনৰ ভূমিকাও কম নহয়| যি প্ৰাৰ্থীয়ে ভোটাৰ সকলক ধন নাইবা অন্যান্য সামগ্ৰী দি সন্তুষ্ট কৰিব পাৰে, তেনে প্ৰাৰ্থীৰ জয়লাভ কৰাৰ সম্ভাৱনা থাকে|

পঞ্চমতে, আঞ্চলিক আৰু জাতীয় স্বাৰ্থয়ো ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| কোনো অঞ্চলৰ ভোটাৰে আঞ্চলিক দলৰ প্ৰতি সমৰ্থন জনালেও কেন্দ্ৰীয় নিৰ্বাচনত আন ৰাজনৈতিক দলৰ প্ৰতি সমৰ্থন জনাব পাৰে|

ষষ্ঠতে, কিছুমান ভোটাৰে কোনো দলৰ প্ৰতি সমৰ্থন নজনায়| দলীয় চৰকাৰৰ কৃতকাৰ্যতা বিচাৰ কৰি এই শ্ৰেণীৰ ভোটাৰে ভোটদান কৰে| এই শ্ৰেণীৰ ভোটাৰক Floating Voters হিচাপে জনা যায়| নিৰ্বাচনৰ ফলাফল নিৰ্ণয় কৰাত এই শ্ৰেণীৰ ভোটাৰৰ ভূমিকাও কম নহয়|

শেষত, স্থানীয় সমস্যা, দলৰ ভিতৰত দেখা দিয়া ভাঙোন আৰু তৎকালীন ৰাজনৈতিক ঘটনায়ো ভোটাৰৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে| উদাহৰণস্বৰুপে ১৯৮৪ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ আকস্মিক মৃত্যুই কংগ্ৰেছক জয়লাভ কৰাত সহায় কৰিছিল|

ওপৰত উল্লেখ কৰা বিভিন্ন উপাদানে ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে যদিও কোনটো উপাদানৰ প্ৰভাৱ কিমান তাক সঠিক ক’ব নোৱাৰি| ভোটাৰ সকল কোনো নিৰ্দ্দিষ্ট উপাদানৰ জৰিয়তে সদায় পৰিচালিত নহয়| পৰিৱেশ আৰু পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে ভোটাৰৰ আচৰণৰো পৰিৱৰ্তন হ’ব পাৰে| বিভিন্ন সময়ত বিভিন্ন উপাদানে ভোটদাতাৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ চলায়|

উৎস: ভাৰতীয় ৰাজনৈতিক ব্যৱস্থা।

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate