বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য আৰু ইয়াৰ বিচাৰ-বিশ্লেষণ কৰি ৰহস্য উদঘাটন কৰাই হৈছে বিজ্ঞান। বিশেষকৈ ঘটনাৰ কাৰণ ইয়াৰ সত্যাসত্য বিচৰ কৰা ঘটনাটোৰ সত্যানুসন্ধান কৰা, ঘটনাৰ কাৰণ, ইয়াৰ চৰিত্ৰ আদি পুংখানুপুংখভাৱে বিচাৰ-বিশ্লেষণ কৰি সিদ্ধান্তত উপনীত হোৱাটোৱে হৈছে বিজ্ঞান মনস্ক বা বৈজ্ঞানিক চিন্তা-চৰ্চা।
আমাৰ শিশু তথা নৱ প্ৰজন্মক বিজ্ঞান মানসিকতাৰে গঢ়ি তুলিবলৈ তেওঁলোকৰ যিকোনো কাৰ্য বা ঘটনা প্ৰবাহৰ বিষয়ে তথ্য-পাতি সংগ্ৰহ কৰি তাৰ সত্যাসত্য বিচাৰ কৰি সত্য, শুদ্ধ সিদ্ধান্তত উপনীত হ’ব লাগিব।
অন্ধভাৱে আনৰ কথাত বিশ্বাস নকৰি নিজ জ্ঞানেৰে কাৰ্য পদ্ধতি বিচাৰ-বিশ্লেষণ কৰা নিতান্ত প্ৰয়োজন।
সম্প্ৰতি আমাৰ সমাজত কু-সংস্কাৰ, অন্ধবিশ্বাস, উৰা বাতৰিয়ে এচাম লোকক আচ্ছন্ন কৰি তুলিছে। এচাম লোকৰ মনত ভূত-প্ৰেত, বীৰা, ডাইনী, অপদেৱতা, জীন আদি থকা বুলি বিশ্বাস কতি তন্ত্ৰ-মন্ত্ৰ, বেজ-বেজালিৰ আশ্ৰয় লোৱা দেখা যায়।
অসম তন্ত্ৰ-মন্ত্ৰৰ দেশ বুলি জনাজাত যদিও বেজ, বেজালি গোটেই ভাৰতবৰ্ষতে আজি মহাব্যাধি ৰূপে পৰিগণিত হৈছে।
গ্ৰামাঞ্চল বা চহৰ অঞ্চলৰ একাংশ লোকে ভূত-প্ৰেত, ডাইনী, বেজৰ দ্বাৰা জৰা-ফুকা কৰা দেখা যায়। বেমাৰ-আজাৰ হ’লে পূজা-পাতল কৰা, আলৌকিক শক্তিৰ জৰা-ফুকা কৰা দেখা যায়।
তন্ত্ৰ-মন্ত্ৰ আৰু বেজালিৰ চমক দেখুৱাই সৰ্বসাধাৰণ এচাম মানুহক ৰাম ঠগন দি ধন লুট কৰাৰ উদাহৰণ আছে।
এই অন্ধবিশ্বাস, কু-সংস্কাৰৰ পৰা মুক্ত কৰাৰ বাবে ১৯৫৪ চনৰ ৩০ এপ্ৰিলত ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ অধিনিয়ম জাৰি কৰা হৈছিল। জম্মু আৰু কাশ্মীৰৰ বাহিৰে অইন ৰাজ্যবোৰত এনে অন্ধবিশ্বাস দূৰ কৰি উন্নত আধুনিক চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
এই আইনখনৰ জৰিয়তে এই তন্ত্ৰ-মন্ত্ৰ আৰু বেজালিৰ বিৰুদ্ধে ‘মেজিক ৰিমেডিজ প্ৰহিবিচন এক্ট’ মতে এনে বেজ বা তান্ত্ৰিক লোকক দণ্ডনীয় কৰাৰ কথা কোৱা হৈছিল। কিন্তু আমাৰ সৰ্বসাধাৰণৰ সচেতনতাৰ অভাৱৰ বাবে ই প্ৰযোজ্য হোৱা দেখা নগ’ল।
সম্প্ৰতি আমাৰ সমাজত দেখ দিয়া প্ৰধান সমস্যা হৈছে কু-সংস্কাৰ আৰু অন্ধবিশ্বাস। এই অন্ধবিশ্বাসৰ ভয়ানক সমস্যাটো হৈছে ডাইনী সজাই এচাম নিৰীহ লোকক নিৰ্যাতন কৰা, আনকি হত্যা কৰা আদি অমানৱীয় কাৰ্য সংঘটিত হৈ আহিছে।
সভ্য সমাজৰ বাবে ই অতি লজ্জাজনক কথা। এনেবোৰ মৰ্মান্তিক কাৰ্যকলাপে আজি মানৱতাক ভুলুন্ঠিত কৰা নাইনে বাৰু?
গতিকে এনেবোৰ দুষ্কাৰ্য আঁতৰ কৰি এক বিজ্ঞান মানসিকতা গঢ়ি তুলিবলৈ আমাক লাগিব-
ক)বৈজ্ঞানিক চিন্তাধাৰা,
খ)বৈজ্ঞানিক মনোভাৱ,
গ)বৈজ্ঞানিক পদ্ধতি,
ঘ)ঘটনাৰ সত্যাসত্য প্ৰমাণ,
ঙ)বিচাৰ-বিশ্লেষণ।
মানুহে অন্ধবিশ্বাস, কু-সংস্কাৰবোৰ মনৰ পৰা দূৰ কৰি প্ৰতি কথাৰ, কাৰ্যৰ, ঘটনাৰ যুক্তিযুক্ততা প্ৰতীয়মান হ’ব লাগিব। অপদেৱতাৰ ভাৱনা হৈছে দুৰ্বল মানুহৰ সম্পূৰ্ণ কাল্পনিক মনে সজা কথা। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। মানুহে কেতিয়াও ভাগ্যক ধিয়াই বহি নাথাকি কৰ্ম কৰি সুস্থ চিন্তা-চৰ্চাৰে থাকিব লাগে।
কিন্তু ইয়াৰ পৰিৱৰ্তে মধ্যযুগীয় ধ্যান-ধাৰণাৰে পৰিচালিত হৈ ডাইনী হত্যাৰ দৰে অমানৱীয় কাৰ্য কৰি আহিছে। গতিকে এনেবোৰ কাৰ্য আঁতৰ কৰি সম্প্ৰতি বিজ্ঞানৰ যুগত ছাত্ৰ-ছাত্ৰী তথা প্ৰতিজন লোকে মনৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰ কৰি নতুন জ্ঞান, নতুন প্ৰগতিশীল চিন্তা-চৰ্চা, নৱ চেতনা, নতুন সিদ্ধান্ত, নতুন আৱিষ্কাৰ কৰাৰ বাবে আগবাঢ়ি আহিব লাগিব।
সকলো কাৰ্য আৰু ঘটনা প্ৰবাহ বিচাৰ-বিশ্লেষণ কৰি চালি-জাৰি চাই ভাল দিশটোৰ প্ৰতি অগ্ৰসৰ হ’ব লাগিব। ভাগ্যক ধিয়াই হাত সাবটি কৰ্মফলক দোহাই দি থাকিলে মানুহৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। প্ৰত্যেকেই উপলব্ধি কৰা উচিত যে কৰ্মই ধৰ্ম।
সেই কাৰণে নিজৰ জীৱন সমৃদ্ধ আৰু সমাজৰ প্ৰগতি সাধন কৰিবলৈ মনৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাসবোৰ আঁতৰ কৰিবই লাগিব। এখন আদৰ্শ প্ৰগতিশীল সমাজ গঢ়িবলৈ হ’লে আমাৰ প্ৰত্যেকৰে মন-মস্তিষ্কত বৈজ্ঞানিক চেতনা, বৈজ্ঞানিক চিন্তা-ভাৱনা গঢ় দিব লাগিব। কিয়নো বিজ্ঞানে মানুহক প্ৰগতি আৰু সভ্যতাৰ শিখৰলৈ ধাৱমান কৰিব পাৰে।
মানৱ সভ্যতা হৈছে বিজ্ঞানৰ প্ৰতিশ্ৰুতি, বিজ্ঞান, মানসিকতাই মানুহক জ্ঞানৰ জখলাত উঠিবলৈ বা আগবাঢ়ি যাবলৈ, সুসভ্য অৱস্থাত উপনীত হ’বলৈ প্ৰেৰণা দিয়ে। গভীৰভাৱে অধ্যয়ন কৰিলে বুজিব পৰা যায় যে নিজৰ বিচাৰ-বুদ্ধি পৰীক্ষা আৰু পৰ্যালোচনৰ যোগেদি মানুহৰ মগজুৰ কৰ্ষণ হয় আৰু প্ৰগতিৰ ন দিগন্তলৈ আগবাঢ়ি যাব পাৰে। কিয়নো বিজ্ঞান মনস্কতাই মানুহক প্ৰগতিৰ স্বৰ্ণ জখলাৰে আগুৱাই নিয়ে।
বিজ্ঞান মানসিকতা আৰু চিকিৎসা বিজ্ঞানৰ নতুন তথ্য আৰু প্ৰযুক্তি জ্ঞানে মানুহৰ মনৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰ কৰিব পাৰিব। চিকিৎসা বিজ্ঞানৰ দ্ৰুত সম্প্ৰসাৰণৰ ফলতে আজি সমাজৰ পৰা বৰআই, যক্ষ্মা, কুষ্ঠ আদি ৰোগ নিৰ্মূল হৈছে, এয়া চিকিৎসাৰ উল্লেখনীয় পদক্ষেপ।
প্ৰতি অশিক্ষিত বা শিক্ষিত লোকে বুজিব লাগিব যে অপদেৱতা, ডাইনী আই গোসাঁনী লেঠাৰ বাবে বিভিন্ন ৰোগ নহয়। ই এবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰাহে সৃষ্টি হয়।
গতিকে অন্ধবিশ্বাস আঁতৰ কৰি প্ৰতিজন মানুহৰ মন বিজ্ঞান মানসিকতাৰে ভৰাই তুলিব লাগিব।
বেমাৰ-আজাৰ হ’লে ডাক্তৰী চিকিৎসা কৰা নতুন দৃষ্টিভংগী, পৰ্যবেক্ষণ, পৰ্যালোচনা কৰা, সুন্দৰ মন গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। সত্য-অসত্য, ভাল-বেয়া উচিত-অনুচিত এইবোৰে বিশ্লেষণ কৰি এখন সুন্দৰ আদৰ্শ সমাজ গঢ়িব লাগিব।
কু-সংস্কাৰ আঁতৰ কৰি এক সংস্কাৰধৰ্মী মনোভাৱ গঢ়ি তুলিব লাগিব। মানুহে মানুহৰ বাবে ভাবিব লাগিব। ড° ভূপেন হাজৰিকাই কোৱাৰ লেখীয়া ‘মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে কোনেনো ভাবিব কোৱা…..’ আমি মানুহে মানুহৰ মানুহৰ বাবে ভাবিব লাগিব।
মানুহ যে অমৃতৰ সন্তান তাক উপলব্ধি কৰিব লাগিব। সেইবাবেই তলৰ কথাবোৰৰ প্ৰতি মনোযোগ দিব লাগিব।
ক)শিশুসকলক সৰুৰে পৰাই বিজ্ঞান মনস্ক কৰি গঢ়ি তুলিব লাগিব।
খ)পিছপৰা জনজাতি অঞ্চলৰ যাতায়াত, শিক্ষা আৰু চিকিৎসা ব্যৱস্থাৰ দ্ৰুত উন্নয়ন সাধন কৰিব লাগিব।
গ)কু-সংস্কাৰ, অন্ধবিশ্বাস আঁতৰ কৰাৰ বাবে গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত কৰি মানুহক সচেতন কৰি গঢ়ি তুলিব লাগিব।
ঘ)স্বেচ্ছাসেৱী অনুষ্ঠান, আত্মসহায়ক গোট, মহিলা সমিতিবোৰে এই অন্ধবিশ্বাস আঁতৰ কৰাৰ বাবে এক গণ আন্দোলন গঢ়ি তুলিব লাগিব।
ঙ)বিদ্যালয়ৰ পাঠ্যপুথিত কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আদিৰ কুফলৰ কথা সন্নিৱিষ্ট কৰা উচিত।
চ)শিক্ষক, সমাজকৰ্মী সকলোৱে অন্ধবিশ্বাসৰ দৰে মহাব্যাধি স্বৰূপ ৰোগটো নিৰ্মূল কৰাৰ প্ৰচেষ্টা চলাব লাগিব।
ছ)অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ কৰা অপকৰ্মবোৰ ৰোধ কৰিবলৈ প্ৰত্যেকেই সজাগ প্ৰহৰীৰ দৰে কাম কৰিব লাগিব।
জ)নৱ নৱ চিন্তা, নৱ প্ৰেৰণা আৰু নৱ চেতনাৰ উন্মেষ ঘটাবলৈ প্ৰত্যেকে চেষ্টা কৰিব লাগিব।
ঝ)মানুহৰ নৈতিক শিক্ষা আৰু আধ্যাত্মিক জ্ঞানৰ উন্মেষ ঘটাব লাগিব।
সমাজৰ পৰা কু-সংস্কাৰ আৰু অন্ধবিশ্বাস আঁতৰ কৰি এখন সুস্থ-সবল, প্ৰগতিশীল সমাজ গঠনৰ দিশত আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি যাওঁ আহক।
লেখক: ধনেশ্বৰ হুজুৰী(ৰাইজৰ বাতৰি)
শেহতীয়া উন্নীতকৰণ: : 6/5/2020