অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ বিদ্যালয় ভীতি আৰু অভিভাৱকৰ কৰণীয়:

শিশুৰ বিদ্যালয় ভীতি আৰু অভিভাৱকৰ কৰণীয়:

 

নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ লগে লগে অভিভাৱকসকল নিজ সন্তানৰ নামভৰ্তিৰ লগতে শিশুটিক বিদ্যালয়লৈ পঠোৱাৰ বাবে ব্যস্ত হৈ পৰে। কিন্তু নতুন বিদ্যালয়লৈ যাবলৈ ওলোৱা শিশুৰ ক্ষেত্ৰত প্ৰায়ে দেখা যায় একাংশ শিশুৱে বিদ্যালয়লৈ যাবলৈ অনিচ্ছুক হৈ অভিভাৱকক সমস্যাত পেলায়। এনে শিশুৱে বিদ্যালয়লৈ যাবলৈ ওলোৱাৰ আগ মুহূৰ্তত বমি, পেটৰ বিষ, পাতাল পায়খানা, মূৰৰ বিষ, শৰীৰৰ উত্তাপ বৃদ্ধি আদি নানা ধৰণৰ শাৰীৰিক অসুস্থতাৰ অজুহাত দেখুৱাই বিদ্যালয়লৈ যোৱাৰপৰা ৰেহাই পাব বিচাপে। শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ হোৱাৰ পিছতো যদি শিশুৱে এনেধৰণৰ লক্ষণ প্ৰদৰ্শন কৰে, তেন্তে ইয়াক মনোবৈজ্ঞানিক সমস্যা হিচাপে ধৰি সমস্যাটো সমাধানৰ চেষ্টা কৰাটোৱে হ’ব অভিভাৱকৰ বাবে উত্তম পন্থা। কি কাৰণতনো শিশু এটিয়ে এনে ধৰণৰ বিদ্যালয় ভীতি প্ৰদৰ্শন কৰিব পাৰে প্ৰথমে তাকে জানি লওঁ আহক।

  • শিশুটিয়ে অভিভাৱকৰ সান্নিধ্যৰপৰা আঁতৰি থাকিব লগা হোৱা বাবে।
  • বিদ্যালয়ৰ শিক্ষকে অথবা বন্ধুবৰ্গৰ সৈতে নিজকে খাপ খুৱাবলৈ অসমৰ্থন হ’লে।
  • কৰ্মব্যস্ত অভিভাৱকক নিজৰফালে শিশুটিয়ে মনোযোগ আকৰ্ষণৰ বাবে।
  • একে শ্ৰেণীৰ বন্ধুৰপৰা পোৱা বেয়া ব্যৱহাৰৰ বাবে।
  • কিছুমান অভিভাৱকৰ নিজৰ শিশুটিক লৈ অতিমাত্ৰা চিন্তাৰ ফলত শিশুটিৰ মনত ‘টেপাৰেচন এংজাইটি’ৰ লক্ষণ বিকশিত হয় আৰু তেনে শিশুৱে বিদ্যালয়লৈ যাবলৈ পছন্দ নকৰে।

কিদৰে সকাহ পাব

  • প্ৰথমেই শিশুটি শাৰীৰিকভাৱে সঁচাকৈয়ে অসুস্থ নেকি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি লোৱা দৰকাৰ। যদি শাৰীৰিকভাৱে সুস্থ হোৱাৰ পিছতো শিশুটিয়ে বিদ্যালয় ভীতি প্ৰদৰ্শন কৰি থাকে তেন্তে মনোৰোগ চিকিৎসকৰ পৰামৰ্শ লৈ সমস্যাটো সমাধানৰ চেষ্টা কৰিব পাৰে।
  • যদি সহপাঠী বন্ধুৰ দুৰ্ব্যৱহাৰৰ বাবে শিশুটিয়ে বিদ্যালয়লৈ যাব নিবিচাৰে তেন্তে বিদ্যালয়ৰ শ্ৰেণী শিক্ষকৰ সহযোগত বিষয়টো সমাধান কৰিব পাৰি।
  • অভিভাৱক হিচাপে নিজৰ শিশুটিৰ লগত সময় কটোৱাৰ বাবেও কিছু সময় ধাৰ্য কৰি লওক।
  • বিদ্যালয়লৈ যাবলৈ শিশুটিক মানসিকভাৱে প্ৰস্তুত কৰি লওক। ইয়াৰ বাবে নতুনকৈ নামভৰ্তি কৰাৰ এমাহ-দুমাহ আগৰপৰাই শিশুটিক অন্য শিশু বিদ্যালয়লৈ যোৱা দৃশ্য দেখুৱাই অথবা সম্ভৱ হ’লে মাজে-সময়ে বিদ্যালয়লৈ লৈ গৈ তাক উৎসাহিত কৰিব পাৰে।

শিশুৰ ক্ষেত্ৰত অতিমাত্ৰা শিথিলতা কিম্বা অতিমাত্ৰা কঠোৰতা কোনোটো ব্যৱহাৰেই সঠিক নহয়। আপোনাৰ সন্তুলিত ব্যৱহাৰৰ দ্বাৰাহে শিশুটিৰ ক্ষেত্ৰত দেখা দিয়া এনে সমস্যাৰপৰা সহজেই সকাহ পাবলৈ সক্ষম হ’ব।

লেখিকা:জ্যোৎস্না গোস্বামী(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate