অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ খোৱা-বোৱা, আমাৰ জীৱন :

আমাৰ খোৱা-বোৱা, আমাৰ জীৱন :

 

চিকিৎসা-বিজ্ঞানৰ উন্নতিৰ লগে লগে আমাৰ অসুখ-বিসুখবোৰো যেন হু হুকৈ বাঢ়িবলৈ লৈছে। মন কৰিবচোন, আজিকালি সকলো মানুহৰ কিবা নহয় কিবা এটা অসুখ দেখোন থাকেই। কিবা এটা হ’লেও অসুখ-বিসুখ নথকা মানুহ কমহে দেখিবলৈ পোৱা যায়। হাস্পতাল, নাৰ্ছিং হোমৰ সকলো বিভাগৰ ডাক্তৰৰ চেম্বাৰতে ৰোগী, মাথোঁ ৰোগী। সমাজখনেই যেন ৰুগীয়া হৈ উঠিছে তেনে ভাব হয়। কিন্তু মন কৰিব জন্মগত বা বংশগত কিছুমান অসুখৰ বাহিৰে আমাৰ দেহত অধিকাংশ ৰোগ সৃষ্টি কৰাৰ বাবে বহু সময়ত আমি নিজেই দোষী। বিশেষকৈ খোৱা-বোৱাৰ ক্ষেত্ৰত আমাৰ অজ্ঞতা, অসাৱধানতা। আনহাতে মানি চলিব নজনা জীৱন শৈলীয়ে আমাৰ দেহত যে লাহে লাহে নানা অসুখ-বিসুখ সৃষ্টি কৰে, সেয়া মানি নোলোৱাকৈ নোৱাৰি, অথচ প্ৰথম অৱস্থাৰ পৰাই সচেতন হ’লে হৃদৰোগ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, পেটৰ নানা অসুখ, শৰীৰৰ পৰা বিষ-কোপ, বাত বিষ, আৰ্থ্ৰাইটিছ, অৰ্থিয়’ পৰোছিছ, আনকি কেন্সাৰৰ দৰে ৰোগো প্ৰতিহত কৰি ৰাখিব পাৰি। ক’বলৈ গ’লে খোৱা-বোৱাৰ ক্ষেত্ৰত আমাৰ প্ৰায় মানুহৰ ধাৰণা স্বচ্ছ নহয়। সমীক্ষাৰ পৰা দেখা যায় বেছি ভাগ অসুখৰ কাৰণ হকে-বিহকে খোৱা-বোৱা। প্ৰকৃততে শৰীৰৰ পুষ্টি আৰু ক্ষয় পূৰণৰ বাবেহে খোৱাটো প্ৰয়োজন। কিন্তু বেছিভাগ মানুহেই যেন জীয়াই থাকে। জিভাৰ তৃপ্তিৰ বাবে খোৱা অত্যধিক তেল-মছলাযুক্ত খাদ্যই যে আমাৰ শৰীৰৰ কিমান ক্ষতি কৰে, সেই কথা কিমানে অনুভৱ কৰে। শৰীৰৰ সুস্থতাৰ বাবে যিসকলে চিন্তা-ভাবনা কৰে, সেইসকলৰ বাবে এই কথাখিনি আগবঢ়ালো।

আমাৰ সমাজত গাখীৰ খোৱাৰ প্ৰতি এটা দুৰ্বলতা দেখা যায়। সৰু ল’ৰা-ছোৱালীৰ প্ৰধান খাদ্যই গাখীৰ। সৰুতে বহুতক গাখীৰৰ বাহিৰে তেনেকৈ একো খুওৱা নহয়। তেনে ক্ষেত্ৰত কেৱল গাখীৰ খাই থকা শিশুৰ এনিমিয়াসহ অপুষ্টিজনিত অসুখ হোৱা পৰিলক্ষিত হয়। ডেৰ-দুবছৰ বয়সৰ পৰাই শিশুক বিবিধ শাক-পাচলিৰ সৈতে স্বাভাৱিক আহাৰ খুওৱা উচিত। আমাৰ দেশত বহুতৰে ‘মিল্ক এলাৰ্জী’ আছে। সেয়েহে গাখীৰৰ সলনি ছানা আৰু দৈ খুৱাব পাৰি। ডাঙৰৰ ক্ষেত্ৰত যিসকলে গাখীৰ খাব পাৰে, কোনো অসুবিধা নহয়, সেইসকলে ৰাতি শুবলৈ যোৱাৰ আগে আগে একাপ বা এগিলাছ কুহুমীয়া গাখীৰ খাই শুব পাৰে। অৱশ্যে উচ্চ ৰক্তচাপ থকাসকলে গাখীৰ নোখোৱাতোহে ভাল হ’ব। এটা বয়সৰ পাছত আমাৰ শৰীৰৰ কেলচিয়াম ক্ষয় হয়। তেতিয়া হাড়ৰ নানা অসুখে (বাত, অষ্টিঅ’পৰেছিছ) দেখা দিব পাৰে। ৪০ বছৰৰ ওপৰ হ’লে নিয়মিত এগিলাছ গাখীৰ খালে এনে সমস্যা হোৱাৰ আশংকা নিশ্চয় কম থাকে। শৰীৰৰ ওজন নাবাঢ়িবলৈ খোৱা-বোৱাৰ প্ৰতি হ’ব লাগিব অতি সংযত। মাছ-মাংস, কণী খোৱাৰ প্ৰতিও আমাৰ ভুল ধাৰণা। আমাৰ শৰীৰৰ বাবে প্ৰ’টিনৰ প্ৰয়োজন আছে সঁচা, কিন্তু মাছ-মাংসজাত প্ৰ’টিনৰ দ্বাৰা শৰীৰত ইউৰিক এচিড বৃদ্ধি পাই নানা হানি-বিঘিনি ঘটাব পাৰে সমীক্ষাৰ পৰা দেখা গৈছে, আমেৰিকানসকলে অতিৰিক্ত মাংস খোৱাৰ ফলত তেওঁলোকৰ পেটৰ কেন্সাৰত আক্ৰন্তৰ অংখ্যা বহু বেছি। মাংসৰ অপাচন অংশবোৰ পাকস্থলীত জমা হৈ থাকি সেইবোৰেই কেন্সাৰ ৰোগৰ সৃষ্টি কৰে বুলি বিশেষজ্ঞসকলে ঠাৱৰ কৰিছে। মাছ-মাংস-কণী প্ৰায় সকলোৰে প্ৰিয়। কিন্তু মাত্ৰাৰ প্ৰতিহে লক্ষ্য ৰাখিব লাগে। এইবোৰ অধিক প্ৰ’টিনযুক্ত আৰু এইবোৰ ৰান্ধিবলৈ যথেষ্ট মা-মছলা প্ৰয়োগ কৰা হয়। দুয়োটাই মানৱ শৰীৰৰ বাবে ভাল নহয়। মাছ-মাংস, কণী আমি কেনেদৰে খোৱা উচিত, কিমান বয়সত কি পৰিমাণে গ্ৰহণ কৰা উচিত, চিকিৎসকৰ লগত আলোচনা কৰিহে লোভ পূৰণ কৰিব লাগে।

আজিকালি খাদ্য তালিকা ঠিক কৰি দিবলৈ ডায়েটিচিয়ানৰ পয়োভৰ। গতিকে সেই সুবিধাও গ্ৰহণ কৰিব পাৰি। নিয়মিত সতেজ শাক পাচলি খালে বহুতো ৰোগ দূৰতে ৰাখিব পাৰি। শাক-পাচলি ভালদৰে ধোৱা উচিত। নহ’লে বীজাণু, দূষিত পদাৰ্থ শৰীৰতে প্ৰৱেশ কৰে। বতৰৰ ফল-মূল, শাক-পাচলি খোৱাতহে গুৰুত্ব দিব লাগে। আজিকালি অবতৰত কৰা পাচলিতকৈ বতৰৰ পাচলি খালেহে উপকাৰ পোৱা যায়। বতৰৰ ফল-মূল, পাচলিত গুৰুত্ব দিলে ফাৰ্মাচীৰ মাল্টিভিটামিন, টেবলেট, কেলচিয়াম টেবলেট কিনি খোৱাৰ দৰকাৰেই নাথাকিব।

আগৰ দিনৰ মানুহে তেনেদৰেই স্বাস্থ্য ৰক্ষা কৰিছিল। এই ক্ষেত্ৰত চহৰতকৈ গাঁৱৰ মানুহ ভাগ্যৱান- যিসকলৰ ঘৰৰ সৈতে যুক্ত হৈ থাকে শাক-পাচলিৰ, ফল-মূলৰ এখন ডাঙৰ বাৰী, য’ৰ পৰা মন গ’লেই বুটলি আনিব পাৰি এমুঠি খুতুৰা, ব্ৰাহ্মী শাক, জিলমিল শাক, কচু শাক, চেঙেৰী টেঙা, মানিমুনি ইত্যাদি। ফল বুলি ক’লে বহুতে আপেল-আঙুৰৰ কথা ভাবে। কল, অমিতা, বেল, মধুৰিআম, নাচপতি এইবিলাকো অতি উপকাৰী। নিয়মিতভাৱে বেল আৰু পকা অমিতা খালে ক’লন কেন্সাৰৰ ভয় নাথাকে বুলি খাদ্য বিশেষজ্ঞসকলে জনাইছে।

কম বয়সৰ পৰা খোৱা-বোৱা ঠিকে ৰাখিলে বহুতো স্ব-সৃষ্ট অসুখ নোহোৱাকৈ ৰাখিব পাৰি। আজিকালি যোগ-প্ৰাণায়ামৰ যুগো সৃষ্টি হৈছে। সু-খাদ্যাভ্যাস, শাৰীৰিক ব্যায়াম, যোগ-প্ৰাণায়াম, মন ভালে ৰখা আদি সুস্থ জীৱনশৈলীৰে দেহ-মন সুন্দৰ আৰু সুস্থ কৰি ৰাখিব পৰা যায়।

লেখিকা: দীপমণি হাজৰিকা(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate