হাৰপিছ (Herpes) শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক ভাষাৰ পৰা, যাৰ অৰ্থ হৈছে বগাই যোৱা (creep বা crawl) আৰু প্ৰায় ওঠৰ শতিকাৰ পৰাই এই ৰোগৰ বিষয়ে প্ৰাচীন চিকিৎসা বিশাৰদসকল জ্ঞাত। পাছলৈ সেই শব্দটোৰেই আঁত ধৰি এক বিশেষ শ্ৰেণীৰ ভাইৰাচৰ নামকৰণ কৰা হ’ল – যাক কোৱা হয় হাৰপিছ ভাইৰাছ। এই গোত্ৰৰ অন্তৰ্ভুক্ত কেইবা প্ৰকাৰো ভাইৰাছৰ সংক্ৰমণত মানৱ দেহৰ ছাল, ওঁঠ, মুখ গহ্বৰ, চকু আৰু যৌনাংগৰ কেতবোৰ গুৰুত্বপূৰ্ণ ৰোগ বা উপসৰ্গৰ উৎপত্তি হয়। হাৰপিছ বুলিলে এই ৰোগ সম্পৰ্কে কিছু পৰিমাণে অৱগত প্ৰায়সকল মানুহৰ মনতে বিষ-কোপেৰে জৰ্জৰিত এক কষ্টদায়ক ৰোগাৱস্থাৰ ছবিকে মনলৈ আহে।
হাৰপিছ জ’ষ্টাৰ (Herpes Zoster) বা বৰ হাৰপিছৰ জীৱাণুক কোৱা হয় ভেৰিচেলা ভাইৰাছ। ই হাৰপিছ ভাইৰাছ শ্ৰেণীযুক্ত এবিধ ডি এন এ প্ৰজাতিৰ ভাইৰাছ। জীৱাণুবাহক ব্যক্তিৰ উশাহ-নিশাহ, হাঁচি-কাহ আদিত নিৰ্গত হোৱা শ্বাস-প্ৰশ্বাসৰ জৰিয়তে এই ভাইৰাছ প্ৰৱেশ কৰে। প্ৰথমে মুখ গহ্বৰ, তালু আৰু আৰু ফেৰিংছত থকা শ্লৈষ্মিক আৱৰণত খামুচি ধৰি লাহে লাহে ৰক্ত প্ৰবাহ আৰু ৰক্ত কণিকাৰ জৰিয়তে ভাইৰাছ হাওঁফাওঁ, যকৃত, প্লীহা আদিলৈ বিয়পি পৰে। স্বাভাৱিকতে ভাইৰাছৰ বংশ বিস্তাৰ আৰম্ভ হয়। শৰীৰৰ ৰোগ প্ৰতিৰোধক প্ৰণালী আৰু এণ্টিবডিৰ সহায়ত আমাৰ দেহেও ভাইৰাছৰ বিপক্ষে যুদ্ধ ঘোষণা কৰে। যদিহে সেই যুদ্ধত ভাইৰাছ পৰাভূত হয়, তেন্তে সিহঁত তাপ মাৰে আৰু যদিহে প্ৰতিৰোধ তন্ত্ৰক পৰাভূত কৰিব পাৰে, তেনেহ’লে তেজৰ প্ৰবাহত ভাইৰাছৰ উজান উঠে আৰু দুসপ্তাহমানৰ পৰা ৰোগীৰ দেহত লক্ষণ প্ৰকাশ পায়। এটা কথা মন কৰিবলগীয়া যে ভেৰিচেলা ভাইৰাছৰ আক্ৰণ হ’লে প্ৰাথমিক অৱস্থাত হাৰপিছ জ’ষ্টাৰৰ লক্ষণ প্ৰকাশ নাপায়। যদি শৰীৰ সক্ষম আৰু সবল নহয়, তেনেস্থলত প্ৰথম লক্ষণ হ’ল মাজু আইৰ (chiken pox)। মাজু আিৰ বিষয়ে আমি সকলোৱে জানো। আৰম্ভণিৰ সময়ত ৰোগীৰ চকু ৰঙা পৰা, কাহ, পানী লগা, ডিঙিৰ বিষ, জ্বৰ, আভোক লগা, সহজে ভাগৰুৱা হোৱা ইত্যাদি লক্ষণ প্ৰকাশ পায়। দুই-তিনিদিনমানৰ পাছৰ পৰা ছালত ৰঙা পৰি সৰু-বৰ দাগ আৰু পৰ্যায়ক্ৰমে জোলা বন্ধা আৰম্ভ হয়। ছয়-সাত দিনলৈ জোলা ওলোৱাৰ প্ৰক্ৰিয়া চলি থাকে আৰু দেহৰ মধ্যম ভাগৰ পৰা সৰ্বাধিক প্ৰসাৰিত হৈ হাত-মুখ-উৰু আদিলৈ বিয়পি পৰে। একৰ পৰা দুই সপ্তাহৰ ভিতৰত জোলাবোৰ শুকাই কৰাল মাৰে আৰু তিনি সপ্তাহৰ পাছত সৰু সৰু দাগ হিচাপে সামৰণি পৰে। এই সংক্ৰমণকে সমাজত আই বুলি ধৰ্মীয় দৃষ্টিকোণেৰে চোৱা হয়।
আমি দেখিলোঁ ভাইৰাছৰ সংক্ৰমণ হ’লে মাজু আইৰ লক্ষণ ওলায় আৰু শৰীৰে তাক প্ৰতিহত কৰি ৰোগ নিয়ন্ত্ৰণ কৰে। তেনেকৈ শৰীৰ সক্ষম হ’লে মাজু আই নোহোৱাকৈয়ে ভাইৰাছক নিয়ন্ত্ৰণ কৰে। চিত্তাকৰ্ষক কথা হ’ল – এখন যুদ্ধত পৰাস্ত হ’লে যেনেকৈ সকলো সৈন্য মৰা নপৰে, কিছুমান পলৰীয়া সৈন্যও থাকে, তেনেকৈ শৰীৰৰ সৈতে যুদ্ধৰ কিছুমান পৰাস্ত ভাইৰাছ নমৰাকৈ পলাই যায়। ছাল আৰু শ্লৈষ্মিক আৱৰণৰ সৈতে সংযুক্ত স্নায়ুৰে সেই পলৰীয়া ভাইৰাছবোৰে নিৰাপদ আশ্ৰয় লয়গৈ। সেই স্নাযুবোৰৰ কেন্দ্ৰ বা আদি বিন্দুত, যাক কোৱা হয় ডৰচেল ৰুট গেংলিয়ন। শক্তিহীন ভাইৰাছবোৰ তেনে সুপ্ত অৱস্থাত বহু বছৰ কিম্বা জীৱনজুৰি আত্মগোপন কৰি থাকে। যেতিয়া প্ৰতিকূল পৰিৱেশত শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ তন্ত্ৰ সোপাঢিলা হৈ পৰে তেতিয়া সেই ভাইৰাছবোৰে বংশ বৃদ্ধি কৰি আক্ৰমণৰ বাবে উদ্যত হৈ পৰে। সিহঁতৰ আশ্ৰয়স্থলত সংলগ্ন স্নায়ুৰ দ্বাৰা ক্ৰমশঃ ভাইৰাছ বাহিনী ছালৰ উপৰিভাগলৈ বিয়পি পৰে। ভাইৰাছৰ এনে পুনৰ উদগীৰণ আৰু প্ৰত্যাঘাতৰ ফলত স্নায়ু আৰু ছাল উভয়েই আক্ৰান্ত হয়। এনে প্ৰক্ৰিয়াৰ পৰিণতিত উৎপন্ন হোৱা উত্তেজক ৰাসায়নিক পদাৰ্থই বিষানুভূতি বাহক স্নায়ু অগ্ৰবোৰক উত্তেজিত কৰাত প্ৰচুৰ বিষ অনুভূত হয়। লগতে স্নায়ু আৰু ছালৰ কোষবোৰ ধ্বংসৰ গৰাহত পৰাৰ বাবে বিভিন্ন উপসৰ্গৰ জন্ম হয়। এই লক্ষণাৱলীয়েই বৰ হাৰপিছ বা হাৰপিছ জ’ষ্টাৰ।
ছালৰ উপৰিভাগত ৰোগৰ লক্ষণ চকুত পৰা কিছুদিন আগৰে পৰা অংশখিনিত বিষ হোৱা, পোৰণি অনুভৱ হোৱা, খামুচি ধৰা যেন লাগে বা বিক্ষিপ্ত অতি অনুভৱ প্ৰৱণতাৰ সৃষ্টি হয়। প্ৰথমাৱস্থাত সেয়া মাংসপেশী বা অস্থিৰ পৰা উদ্ভুত বিষ বুলি ভবাৰ থল থাকে। এনে লক্ষণ শৰীৰৰ এটা দিশৰ এটা অঞ্চল বিশেষতহে হয়। উদাহৰণস্বৰূপে ৰাজহাড়ৰ একাষৰ পৰা এফালেদি বুকুৰ কাষেদি সমুখৰ ফাললৈ এছোৱা। অৰ্থাৎ আক্ৰান্ত স্নায়ুডালে যি অংশলৈকে যোগান ধৰে। সেইকাৰণে প্ৰায়ে স্নায়ুৰ বিস্তৃতি অনুসৰি মুখমণ্ডলৰ এফালৰ ওঁঠ, গাল, চকু, চকু পতা, কপাল, তালু, কঁকালৰ এফালৰ পৰা আৰম্ভ হৈ সেই দিশৰ তপিনা আৰু উৰু, ডিঙিৰ আৰু কান্ধৰ পৰা বাউসীলৈ এছোৱা আদি বিভিন্ন শৰীৰৰ অংশত হাৰপিছৰ বিষ-পোৰণি অনুভৱ। কেতিয়াবা ‘ৰেফাৰড্ পেইন’ৰ বাবে বিষয়ৰ স্থান পেটৰ ভিতৰ বা বুকুৰ কোনোবাখিনিত যেনো লাগিব পাৰে। তেনে পৰিস্থিতিত আন আভ্যন্তৰীণ ৰোগ বুলি ৰোগী শংকিত হৈ পৰে। সি যি নহওক, বিষ বা জ্বলা-পোৰা অনুভৱৰ পিছৰ পৰ্যায়ত ছালৰ ওপৰত থূপ পাতি থকা সৰু-বৰ বিষযুক্ত জোলাৰ সৃষ্টি হয় আৰু সিহঁত লাহে লাহে স্নায়ুৰ অৱস্থানৰ আশে-পাশে সিঁচৰতি হৈ পৰে। লাহে লাহে জোলাবোৰত পূঁজ জমা হয় আৰু সাতৰ পৰাদহ দিনমানৰ ভিতৰত সেইবোৰ ফাটি গৈ শুকান খমলা বান্ধে। দুই-তিনি সপ্তাহৰ ভিতৰত নিজনি পৰি সৰু সৰু দাগ ৰয়গৈ। যদিহে উপৰুৱাকৈ বেক্টেৰিয়াই আক্ৰমণ কৰে বা চিকুটি ভাঙি ক্ষতি কৰা হয়, তেনেহ’লে তাত উখহা বা দ-বিধৰ স্কাৰ বা ক্ষত হোৱাৰ সম্ভাৱনা থাকে। দহৰ পৰা পোন্ধৰ শতাংশৰ ক্ষেত্ৰত চকু আক্ৰান্ত হোৱা দেখা যায়। যাৰ ফলত কৰ্ণিয়াত ঘাঁ হোৱাৰ ফলত দৃষ্টি ক্ষমতাত প্ৰভাৱ পৰাৰো শংকা থাকে।
জীৱাণুৰ ব্যাপক আৰু দ্ৰুত বংশ বৃদ্ধিৰ পৰিণতিত কেতিয়াবা নিউম’নিয়া, যকৃতৰ সংক্ৰমণ, পেৰিকাৰ্ডাইটিছ, এনকেফেলাইটিছ আদি জটিলাৱস্থা হ’ব পাৰে।
বৰ হাৰপিছৰ পৰৱৰ্তী বিষ (Post Herpetic Neuralgia)
ছালৰ উপসৰ্গবোৰৰ পৰা আৰোগ্য লভাৰ পাছতো আক্ৰান্ত অংশত অনুভূত হোৱা বিষ সম্পূৰ্ণৰূপে নোহোৱা হ’বলৈ সময় লাগে। আক্ৰান্ত অংশত গাৰ কাপোৰখন বা বতাহছাটি লাগিলেও ৰমৰমনি বা পোৰণি অনুভৱ হয়। ৰাতি শুবৰ পৰত ইকাটি সিকাটি হ’বলৈও বিষৰ প্ৰতাপত অসুবিধা হয়। মুখমণ্ডলত হোৱা হাৰপিছৰ পাছৰ বিষয়ৰ চিৰিঙলি মূৰৰ ভিতৰ পায়গৈ আৰু টোপনিতো ব্যাঘাত জন্মায়। কেতিয়াবা বমি ভাবো হয় বিষৰ প্ৰকোপত। এনে বিষয় অৱশ্যম্ভাৱী। সুস্থ শৰীৰৱান মানুহৰ ক্ষেত্ৰতো এনে বিষ দুই-তিনি মাহ থাকি নোহোৱা হয়গৈ। ভাইৰাছৰ আক্ৰমণে তচনচ কৰি থৈ যোৱা স্নায়ুকলাবোৰে গা টঙাবলৈ সময় লয়। সেই সময়কণলৈকে এনে বিষে বাৰুকৈয় জীয়াতু ভুঞ্জায়। অত্যধিক বৃদ্ধ লোকৰ বা মধুমেহ, লিম্ফমা বা আন তীব্ৰ ঔষধ গ্ৰহণ কৰিব লগা হোৱা ব্যক্তিৰ দেহৰ এনে বিষে কিছু দীঘলীয়াকৈ গা কৰাৰ সম্ভাৱনা থাকে।
বৰ হাৰপিছৰ সম্ভাৱনা কেতিয়া বাঢ়ে
সুস্থ-সক্ষম শৰীৰত হাৰপিছে সততে আক্ৰমণ কৰিব নোৱাৰে। দেখা যায় যে অস্ত্ৰোপচাৰৰ পাছত, প্ৰসৱৰ পাছত, ৰক্তক্ষৰণৰ পাছত, ৰেডিঅ’ বা কেম’থেৰাপিৰ পাছত, দুৰ্ঘটনাৰ পাছত, তীব্ৰ জ্বৰ বমি বা ডায়েৰিয়াৰ পাছত, টোপনিৰ বিস্তৰ ক্ষতি বা মানসিক চাপৰ সময়ত অথবা অত্যধিক বিৰামহীন শাৰীৰিক পৰিশ্ৰমৰ পাছত হাৰপিছ জ’ষ্টাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। সেই হেতু এনে প্ৰেক্ষাপটত শৰীৰৰ ৰোগ প্ৰতিৰোধ ব্যৱস্থাটো সবল কৰাৰ প্ৰয়াস কৰিব লাগে।
বহু ছালৰ ৰোগকে আই বুলি চিকিৎসা বিলম্ব কৰাৰ প্ৰৱণতা সমাজত বহুতৰে থাকে। হাৰপিছৰ ক্ষেত্ৰত উপযুক্ত চিকিৎসা সৰ্বাধিক বাসত্তৰ ঘণ্টাৰ ভিতৰত আৰম্ভ কৰিব পাৰিলে ভাইৰাছৰ বৃদ্ধিৰ হাৰ, আক্ৰান্ত অংশৰ পৰিসৰ আৰু ৰোগৰ তীব্ৰতা আৰু পৰৱৰ্তী বিষ আৰু আন জটিলতা ভালেখিনি লাঘৱ কৰিব পৰা যায়।
ৰোগীৰ কৰণীয়
ৰোগটোৰ গতি-গোত্ৰ সম্পৰ্কে এনে ধৰণেৰে কিছু পৰিমাণে অৱগত আৰু সতৰ্ক হৈ, সেই অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিলে এই আপদীয়া বুলি বহুতে ভবা ৰোগটোৰ কষ্টদায়ক অভিজ্ঞতাৰ পৰা বহুখিনি পৰিত্ৰাণ পাব পৰা যাব।
লেখক: ডাঃ প্ৰাঞ্জল জ্যোতি দত্ত, যোৰহাট চিকিৎসা মহাবিদ্যালয়
শেহতীয়া উন্নীতকৰণ: : 3/7/2020
ইয়াত হাৰপিছ ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।
ইয়াত যৌন সংক্ৰমিত ৰোগৰ বিষয়ে আলোচনা কৰা হৈছে।