অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অৱসাদ দূৰ কৰিবলৈ :

অৱসাদ দূৰ কৰিবলৈ :

 

পুৱা সোনকালে শোৱাপাটী এৰাটো স্বাস্থ্যৰ কাৰণে যে খুবেই উপাদেয় এই কথা ন-কৈ দোহৰাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। অতি শেহতীয়াকৈ সোনকালে শুই উঠাৰ আন এটা সুফলৰ বিষয়ে জানিবলৈ সক্ষম হৈছে আমেৰিকাৰ ক’ল’ৰাডো বোলডাৰ ইউনিভাৰ্ছিটীৰ গৱেষক ছেলিন ৱেটাৰে। সেয়া হ’ল- এই সু-অভ্যাসে অৱসাদত ভোগাৰ আশংকা হ্ৰাস কৰে। গৱেসক ৱেটাৰে ক্ৰন’টাইপ(নিশা জাগি থকা) আৰু মনোবিকাৰৰ মাজত কিবা সম্বন্ধ থাকিব পাৰে নেকি সেই কথা জানিবলৈ ৩২ হেজাৰ নাৰ্ছৰ ডাটা বিশ্লেষণ কৰিছিল অধ্যয়নৰ কালছোৱাত। অধ্যয়নৰপৰা গৱেষক ৱেটাৰে জানিব পাৰে যে যিসকল লোকে নিশা দেৰিকৈ শোৱে তেওঁলোক অৱসাদত ভোগাৰ আশংকা দুগুণ বেছি হয়। এনে ব্যক্তিৰ অকলশৰীয়াকৈ জীৱন কটাবলগীয়া হোৱাৰ সম্ভাৱনাও বাঢ়ি যায়।

তদুপৰি এনে ব্যক্তি ধূমপানৰ লগতে অনিয়মীয়া নিদ্ৰা ‘পেটাৰ্ণ’ৰ গ্ৰাসত পৰাৰো আশংকা থাকে। গৱেষকগৰাকীয়ে লগতে এই কথাও জানিব পাৰে যে পৰ্যাপ্ত নিদ্ৰা নোহোৱা, ব্যায়াম নকৰা আৰু দিনৰ পোহৰত কম সময় অতিবাহিত কৰা লোকৰো অৱসাদত ভোগাৰ বহু বেছি আশংকা থাকে। এনে ক্ৰন’টাইপ ব্যক্তিসকলে পুৱা সোনকালে উঠাৰ উভাস কৰি তাৰ মানসিক দশাৰ ওপৰত যাদুকৰী সুফল লক্ষ্য কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে গৱেষক ছেলিন ৱেটাৰে।

শৰীৰত পৰ্যাপ্ত মাত্ৰাত ভিটামিব ‘ডি’ৰ উপস্থিতিয়ে যে কেৱল হাৰৰেই উপকাৰ সাধে এনে নহয়, ই মাংসপেশীও মজবুত হোৱাত সহায় কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নৰ জৰিয়তে এই কথা জানিব পাৰে ছাউদাৰ্ণ ডেনমাৰ্ক ইউনিভাৰ্ছিটীৰ গৱেষক আৰ ফৰিছ অল-জাবাদীয়ে। অধ্যয়নৰ কালত গৱেষকগৰাকীয়ে জানিব পাৰে যে যিসকল যুৱতীৰ দেহত উচ্চ মাত্ৰাত ভিটামিন ‘ডি’ পোৱা যায় তেওঁলোকৰ মাংসপেশী বেছ সবল হয়।

তদুপৰি এনে যুৱতী হাড় দুৰ্বল হোৱাৰ ফলত দেখা দিয়া অষ্টিঅ’প’ৰ’ছিছৰ সমস্যাত ভোগাৰ আশংকাও হ্ৰাস পায়। অধ্যয়নৰ জৰিয়তে গৱেষক জাবাদীয়ে জানিব পাৰে যে ভিটামিন ‘ডি’ৰ উচ্চস্তৰে শৰীৰৰ বৃদ্ধিৰ কাৰক আই জি এফ-১ৰ স্তৰ বঢ়াই দিয়ে। এই আই জি এফ-১এ মাংসপেশীৰ ক্ষমতাৰ শ্ৰীবৃদ্ধি ঘটায়। অধ্যয়নৰ কালত গৱেষক আৰ ফৰিছ অল-জাবাদীয়ে লক্ষ্য কৰা আটাইতকৈ ব্যতিক্ৰম কথাটো হ’ল এই যে যুৱতীৰ বেলিকা ভিটামিন ‘ডি’ উচ্চস্তৰে যি প্ৰভাৱ পেলায় যুৱকৰ বেলিকা কিন্তু সেই একে প্ৰভাৱ নেপেলায়।

উৎস: দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 1/6/2019



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate