আমাৰ সম্পূৰ্ণ জীৱনকালত চাহ চামুচৰ এচামুচতকৈও কম আয়’ডিনৰ প্ৰয়োজন। প্ৰতিদিনে আমাক বেজিৰ আগত লগাব সমান আয়’ডিন শৰীৰত লাগে। সেই কাৰণে আমাক এনে এবিধ খাদ্যবস্তুৰ প্ৰয়োজন যিবিধে আমাক সদায় আয়’ডিনৰ যোগান ধৰিব পাৰে।
প্ৰতি সাঁজতে খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে হজম হ’বলৈ আমি নিমখ খাওঁ। এই নিমখ হৈছে এনে এবিধ দ্ৰব্য যি আমাক আয়’ডিন যোগান ধৰিব পাৰে। আকৌ আমাৰ শৰীৰে যিমানখিনি প্ৰয়োজন সমানখিনিহে আয়’ডিন গ্ৰহণ কৰে। বেছি হোৱাখিনি প্ৰস্ৰাৱৰ দ্বাৰা বাহিৰ কৰি দিয়ে। গতিকে শৰীৰ সতেজ, কৰ্মক্ষম কৰিবলৈ আয়’ডিনে আমাক সহায় কৰে।
এটা প্ৰশ্ন হয়তো আমাৰ মনলৈ আহিব পাৰে- আয়’ডিনযুক্ত নিমখ কেনেকুৱা?
দেখাত বা সোৱাদত সাধাৰণ নিমখ আৰু আয়’ডিনযুক্ত নিমখৰ মাজত একো পাৰ্থক্য নাই। আয়’ডিন হৈছে এক প্ৰাকৃতিক তত্ত্ব যি আমাৰ শৰীৰৰ বাবে উপকাৰী। শৰীৰ আৰু মগজুত বিকাশ, বৃদ্ধি আৰু সঞ্চালনৰ বাবে আয়’ডিনৰ প্ৰয়োজন।
আয়’ডিনৰ অভাৱত গৰ্ভৱতী মহিলা আৰু গৰ্ভত থকা সন্তানৰ বিপদ হ’ব পাৰে। গৰ্ভপাত হোৱাৰ ভয় থাকে। নাইবা সন্তান সময়তকৈ আগেয়ে মৃত হৈ উপজিব পাৰে। অথবা অস্বাভাৱিক সন্তান জন্ম হ’ব পাৰে।
প[অঢ়া-শুনা ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত শৰীৰত আয়’ডিন কম হ’লে পঢ়া-শুনা, খেলা-ধূলা সকলোতে অমনোযোগী হৈ পৰা দেখা যায়। বয়ষ্ক লোকৰ ক্ষেত্ৰত আয়’ডিনৰ অভাৱ হ’লে কাম-কাজৰ প্ৰতি আগ্ৰহ কমে। এলাহ বেছি হয়। ইয়াৰ কাৰণ হৈছে আহাৰৰ পৰা শক্তি নোপোৱা হয়। সেয়ে সকলো সময়তে ভাগৰ অনুভৱ কৰে।
কেৱল মানুহৰ ক্ষেত্ৰতে নহয়। আয়’ডিনৰ অভাৱ হ’লে পশুৰ ক্ষেত্ৰতো নানা ধৰণৰ উপসৰ্গই দেখা দিব পাৰে। যেনে- প্ৰজনন ক্ষমতা কমে, হাঁহ-মুৰ্গী আদিয়ে কমকৈ কণী পাৰে।
কৃষিকৰ্মত লগোৱা জন্তুবোৰৰ কাৰ্যক্ষমতা হ্ৰাস পায়। গতিকে যিকোনো প্ৰাণীকে নিজকে সতেজ, কাৰ্যক্ষম কৰি ৰাখিবলৈ আয়’ডিনৰ প্ৰয়োজন।
লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 2/28/2024