অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আচাৰ(Pickle):

আচাৰ(Pickle):

ভাতৰ লগত অলপমান যদি আচাৰ থাকে তেন্তে বৰ জুটি লাগে আৰু দুগৰাহমান বেচিকৈয়ে পেটলৈ যায়,তাতে গৰমৰ দিন আহি পালেহি।

এই আচাৰ খাবলৈ যিমান সোৱাদলগা সিমানে আমাৰ বাবে ক্ষতিকাৰকো।
কিমান ক্ষতিকাৰক জানেনে?
ঘৰুৱাভাবে প্ৰস্তত কৰা বা বজাৰৰ পৰা কিনি অনা আচাৰেই হওক আমি সকলোৱে জানো আচাৰ প্ৰস্তুত কৰোতে সাধাৰণতে তেল,নিমখ,মছ্লা,ভিনেগাৰ ব্যৱহাৰ কৰা হয়েই ইয়াৰ ওপৰি মিঠা আচাৰত অধিক মিঠাৰ বাবে চেনী,গুৰ আদি। ইয়াৰ ফলত দৈনিক আৰু অধিক পৰিমাণত আচাৰ খালে আমাৰ শৰীৰত বহুত প্ৰভাৱ পৰে নানান ৰোগৰ sriti হয়।আনকি কেন্সাৰ(cancer) হোৱাৰো সম্ভাৱনা থাকে।

(১)অধিক আৰু নিয়মিয়াকৈ আচাৰ খালে আমাৰ দেহৰ পাচন প্ৰ্ণালীত প্ৰ্ভাৱ পৰে,কাৰন আচাৰত নিমখ,তেল,মছ্লা অধিক পৰিমানত ব্যৱহাৰ কৰা বাবে শিশুৰ লগতে বয়সীয়া ব্যক্তিৰো পেট ওফন্দি থকা,দায়েৰিয়া,বদহজমী,গেছ আদি বেমাৰ হয়।
(২)আচাৰত ব্যৱহাৰ কৰা নিমখে উচ্চৰক্তচাপ(Blood presure) বঢ়োৱাত সহায় কৰে। এনে ৰুগীৰ বাবে বিপদজনক।
(৩)বৈছিকৈ মছ্লা দিয়া আচাৰে গেছৰ সমস্যা বঢ়াই তোলে।গ্ৰেট্ৰিক আলচাৰ হোৱা লোকে ভুলতো আচাৰ নাখাব।
(৪)গৱেষণাত পোৱা গৈছে অধিক নিমখ দিয়া আচাৰ বা তেধৰনৰ খাদ্য খালে stomach cancer বা উদৰ কেন্সাৰ হয়।
(৫)নিমখত থকা চডিয়ামে আমাৰ কিডনী আদিটো প্ৰভাৱ পেলায়।
(৬)অধিক মিঠা দিয়া আচাৰ খালে ডায়েবেটিছ,হিদৰোগ,আদি হব পাৰে। cholesterol বঢ়াই ।
ইয়াৰ উপৰি মাইগ্ৰেন ৰোগত ভোগা ৰুগী,শিশু,সন্তান সম্ভৱা মহিলা,সন্তান প্ৰসৱ কৰা maatri,স্নায়ুৰুগত ভোগা,লিভাৰ সমস্যা আদি বহুতো ৰোগৰ ৰুগীয়ে এই আচাৰ খোৱাৰ পৰা বিৰত থাকক।

লেখক: তপন হাজৰিকা

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate