দৃষ্টিশক্তিৰ প্রয়োজনৰ হেতুকেই বা সৌন্দৰ্যৰ খাতিৰত যিকোনো বয়সৰ বহু ব্যক্তিয়ে ব্যৱহাৰ কৰে কন্টেক্ট্ লেন্স। বহু লোকে চকুৰ বিভিন্ন সমস্যাৰ (মায়য়’পিয়া অথবা হাইপাৰপিয়া) বাবে এই লেন্স ব্যৱহাৰ কৰিলেও বহু লোকে বিশেষকৈ ছোৱালীয়ে আকৌ চকুৰ সৌন্দৰ্য ফুটাই তুলিবৰ বাবে নানান ৰঙৰ কণ্টেক্ট্লেন্স ব্যৱহাৰ কৰে। পিচে এই লেন্স সঠিকভাবে ব্যৱহাৰ নকৰিলে হিতেই বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে। প্ৰতিজন ব্যক্তিৰ শৰীৰৰ খুবেই স্পর্শকাতৰ অংগ হৈছে চকু। সেয়েহে চকুত কন্টেক্ট্ লেন্স ব্যৱহাৰৰ কিছু খুঁটি-নাটি আৰু সচেতনতাৰ বিষয়ে জনাটো খুবেই প্রয়োজনীয়।
দৃষ্টিশক্তিৰ সমস্যা থাকিলেই কণ্টেক্ট্ লেন্স ব্যৱহাৰ কৰাটো অনুচিত। কিয়নো, নিয়মিতভাৱে এই লেন্স ব্যৱহাৰ কৰিলে চকুৰ বিভিন্ন ধৰণৰ সমস্যাইয়ো দেখা দিব পাৰে। এজন ব্যক্তিয়ে এই লেন্স ব্যৱহাৰ কৰাটো একেবাৰেই অনুচিত যদিহে তেওঁৰ-
(ক) সঘনে (কিছুদিনৰ মূৰে মূৰে) চকুৰ সংক্রমণ হোৱাৰ সমস্যা থাকে।
(খ) চকুৰ এলাৰ্জিৰ সমস্যা থাকে।
(গ) চকু শুকাই যোৱাৰ সমস্যা থাকে (ড্রাই আই প্রব্লেম/ইম্প্রোপাৰ টিয়েৰ ফিল্ম)।
(ঘ) কর্মস্থান অত্যাধিক ধূলি-বালিযুক্ত।
(ঙ) সঠিকভাবে কন্টেক্ট্ লেন্স তথা চকুৰ যত্ন ল’ব নাজানে।
কাহানিও হুৰমূৰকৈ কন্টেক্ট্ লেন্স ব্যৱহাৰ নকৰিলে চকুৰ কৰ্ণিয়াৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে। মহিলাৰ ক্ষেত্ৰত এই সম্ভাৱনা প্ৰবল, কিয়নো চকুৰ মেক্আপ আৰু কন্টেক্ট্ লেন্স সঠিককৈ ব্যৱহাৰৰ কথা বহুতেই নাজানে। এই লেন্স ব্যৱহাৰৰ কিছু নিয়ম এনে ধৰণৰ-
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 1/18/2023