অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদৰ দৃষ্টিত আহাৰ গ্ৰহণৰ সঠিক বিধি

আয়ুৰ্বেদৰ দৃষ্টিত আহাৰ গ্ৰহণৰ সঠিক বিধি

 

বৰ্তমান ব্যস্ততাৰ যুগত খোৱা-বোৱা আৰু জীৱন শৈলীৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম অনুসৰণ কৰিব লাগে সেইবোৰ আমি মানি নচলো বা চলাটো কঠিন। কিন্তু আয়ুৰ্বেদত দৈনন্দিন জীৱনত কেনেদৰে খাদ্য গ্ৰহণ কৰি সুস্বাস্থ্যৰ অধিকাৰী হব পাৰি, সেই বিষয়ে সুন্দৰ আৰু বিস্তৃত ভাৱে বৰ্ণনা কৰা আছে। আমাৰ ব্যস্ত জীৱন ধাৰাত আমি যদি এই নিয়ম সমূহ কিছু পৰিমানে হলেও মানি চলিব পাৰো, স্বাভাৱিকতেই আমি বিভিন্ন ৰোগৰ পৰা নিজকে বচাই ৰাখিব পাৰিম। সেই উদ্দেশ্যেই এই লিখনিটো আপোনালোকলৈ আগবঢ়ালোঁ।
খাদ্যৰ সৰ্বোচ্চ লাভালাভ পাবলৈ আৰু সঠিকভাৱে পাচন হবলৈ আচাৰ্য্য সকলে আহাৰ প্ৰস্তুত কৰা, পৰিবেশন কৰা আৰু গ্ৰহণ কৰাৰ নিয়মসমূহ সুন্দৰ ভাৱে বৰ্ণনা কৰিছে। এনে বিধিসমূহ থুলমূলকৈ তলত উল্লেখ কৰা হল।


উষ্ণ খাদ্য গ্ৰহণ কৰা -


আহাৰ প্ৰস্তুত কৰাৰ পিছত ইয়াক গৰমে গৰমে খোৱা উচিত। এনে কৰিলে পাচক অগ্নি বৃদ্ধি হৈ পাচন প্ৰক্ৰিয়াটো সঠিক সময়ত সম্পূৰ্ণ হোৱাত সহায় হয়। কিন্তু খুব বেছি উষ্ণ খাদ্য খোৱাটোও ক্ষতিকাৰক। ইয়াৰ ফলত শৰীৰত পোৰণি অনুভৱ হোৱা, বেছিকৈ পিয়াহ লগা, শাৰীৰিক শক্তিনাশ আৰু কিছুমান মানসিক অস্থিৰতাই দেখা দিয়ে। ইয়াৰ বিপৰীতে বেছি ঠাণ্ডা খাদ্য খালে অগ্নি নাশ হৈ অৰুচি, কৌষ্ঠকাঠিন্য, বমি বমি ভাৱ আদি হয়।

স্নিগ্ধ খাদ্য গ্ৰহণ কৰা -


স্নিগ্ধ খাদ্য খালে অগ্নি দীপ্ত হৈ সহজে হজম হয় আৰু বল, বৰ্ণ তথা ইন্দ্ৰিয় শক্তি বৃদ্ধি হয়। ইয়াৰ ফলত বার্ধক্য ৰোধ হয়। ইয়াত স্নিগ্ধ খাদ্য মানে কেৱল তেলযুক্ত বা ঘীযুক্ত খাদ্যকেই বুজোৱা হোৱা নাই। গেহু, শালিধানৰ চাউল আদিও স্নিগ্ধ দ্ৰব্যৰ অন্তৰ্ভুক্ত। কিন্তু অতি স্নিগ্ধ বা অতি শুকান বস্তু খালেও পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। বেছি স্নিগ্ধ আহাৰ খালে অৰুচি, অৱসাদ, মুখেৰে বেছি পৰিমানে লেলাউতি ওলোৱা আদি সমস্যাই দেখা দিয়ে। আনহাতে বেছি শুকান আহাৰ খালেও বাত বৃদ্ধি, বলনাশ, ছালৰ ৰুক্ষতা আৰু কৌষ্ঠকাঠিন্যতা দেখা দিয়ে।

সঠিক মাত্ৰাত আহাৰ গ্ৰহণ কৰা -


খোৱা খাদ্য সদায় এনেকুৱা এটা মাত্ৰাত খাব লাগে; যিমানখিনি খালে মানুহ এজনে পেটত কোনো অসুবিধা অনুভৱ নকৰে, শৰীৰটো বেছি ওজন ওজন লগা যেন অনুভৱ নকৰে, উঠা-বহা আৰু খোজকঢ়াত কোনো অসুবিধা অনুভৱ নকৰে, ভোক আৰু পিয়াহ নিৰ্মূল হয়,  সিমানখিনি খাদ্যই তেওঁৰ বাবে সঠিক মাত্ৰাৰ খাদ্য। অৱশ্যে প্ৰতিজন মানুহৰে খাদ্যৰ সঠিক মাত্ৰা বেলেগ বেলেগ হয়।

জীৰ্ণতাৰ পিছত খাদ্য গ্ৰহণ কৰা -


নতুন খাদ্য গ্ৰহণ কৰাৰ আগতে ইয়াৰ পূৰ্বতে খোৱা খাদ্য সঠিক ভাৱে হজম হৈছে নে নাই নিজে অনুমান কৰি লোৱা দৰকাৰ। কিয়নো অজীর্ণ অৱস্থাত পুনৰ খাদ্য খালে নতুন খাদ্যৰ লগত আগৰে পৰা জমা হৈ থকা অৱশিষ্ট খাদ্য মিহলি হৈ শৰীৰৰ বাত, পিত্ত আদিক দূষিত কৰি ৰোগ উৎপন্ন কৰে। মুখেৰে কোনো ধৰণৰ গোন্ধ নোহোৱাকৈ শুদ্ধ উগাৰ অহা, শৰীৰত উৎসাহ আৰু লঘুতা অনুভৱ কৰা, সঠিক ভাৱে মল মূত্ৰ আদিৰ বেগ অহা, সদায় খোৱা সময়ত সঠিক ভাৱে ভোক লগা আদি খাদ্য সঠিক ভাৱে জীৰ্ণ হোৱাৰ লক্ষণ। সেয়েহে খোৱা সময় হৈছে বুলিয়েই খাদ্য নাখাই চাইছিটিহে খোৱা উচিত।

খাদ্যৰ বীৰ্য্য অনুসৰি খাদ্য গ্ৰহণ কৰা -


বেলেগ বেলেগ আহাৰৰ নিজা নিজা ৰস, গুণ, বীৰ্য্য থাকে আৰু ইয়াৰ পৰিপাক প্ৰক্ৰিয়াও ভিন্ন ভিন্ন। সেই অনুসৰি এইবোৰৰ নিজা নিজা গুণাগুণ থাকে। সাধাৰণ ভাষাত খাদ্যৰ বীৰ্য্য হল ইয়াৰ কাম কৰাৰ শক্তি। কেতিয়াবা একাধিক সুকীয়া দ্ৰৱ্য মিহলি কৰি খাদ্য প্ৰস্তুত কৰিলে নতুনকৈ প্ৰস্তুত হোৱা খাদ্যৰ গুণ একক ভাৱে প্ৰস্তুত কৰাতকৈ সম্পূৰ্ণ পৃথক হৈ পৰে আৰু কেতিয়াবা ই শৰীৰৰ বাবে হানিকাৰক হৈ উঠে। উদাহৰণ স্বৰূপে ঘী আৰু মৌ পৃথক ভাৱে গ্ৰহণ কৰিলে শৰীৰৰ বাবে অত্যন্ত উপযোগী। কিন্তু যদি দুয়োটাকে সমান পৰিমানে মিহলি কৰা হয় তেন্তে ই বিষ তুল্য হৈ পৰে আৰু শৰীৰৰ বাবে ক্ষতিকাৰক বিবেচিত হয়। একেদৰে গাখীৰ আৰু মাছ একেলগে কেতিয়াও গ্ৰহণ কৰিব নালাগে। আমি সদায় কৰা কিছুমান ভুল খাদ্যাভ্যাস পৰিহাৰ কৰা উচিত। যেনে- মৌ গৰম কৰি বা গৰম বস্তুৰ লগত খাব নালাগে। মৌ খোৱাৰ পিছমুহূৰ্ততে গৰম পানী খাব নালাগে। গ্ৰীষ্ম কালত কটু ৰস প্ৰধান আৰু শীত কালত শীত দ্ৰৱ্য খাব নালাগে। ৰাতি দৈ খাব নালাগে। খাদ্য খোৱাৰ আৰম্ভণিতে কটু আৰু তিক্ত ৰস প্ৰধান খাদ্য গ্ৰহণ কৰিব নালাগে। সেইদৰে খোৱাৰ শেষৰ ফালে মধুৰ ৰস প্ৰধান খাদ্য খাব নালাগে। ফলৰ চালাদ আৰু গাখীৰ নাইবা কল আৰু গাখীৰ একেলগে খাব নালাগে। গৰম চাহ বা কফি খোৱাৰ পিছমুহূৰ্ততে ঠাণ্ডা পানী খাব নালাগে।
কেৱল মাত্ৰ সোৱাদৰ বাবে খাদ্য প্ৰস্তুত নকৰি গুণাগুণ নষ্ট নোহোৱাকৈ প্ৰস্তুত কৰিব পাৰিলে বেছি ভাল।

মনৰ অনুকুল পৰিবেশ আৰু উপকৰণ -

খাদ্য খোৱা ঠাইখিনি(সহজ ভাষাত ডাইনিং টেবুল থকা ঠাই খিনি) সদায় পৰিষ্কাৰ পৰিচ্ছন্ন তথা বীজানুমুক্ত হোৱা উচিত। খঙ, ভয়, চিন্তা, দুখ আদি উৎপন্ন কৰিব পৰা স্থানত কেতিয়াওঁ খাদ্য খাব নালাগে। উদাহৰণ স্বৰূপে আয়ুৰ্বেদত আচাৰ্য সকলে গছৰ তলত, বিছনাৰ ওপৰত, প্ৰখৰ ৰদত, অন্ধকাৰ ঠাইত কেতিয়াও খাদ্য খাব নালাগে বুলি উল্লেখ কৰিছে। এনে কাৰক সমূহে নিশ্চয়কৈ মানসিক অৱস্থাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

খাদ্য পৰিবেশন কৰোতেও কিছুমান কথা অনুকৰণ কৰিব পাৰিলে ভাল। কিছুমান খাদ্য দ্ৰব্যৰ বিপৰীতে নিৰ্দিষ্ট পাত্ৰৰ ব্যৱহাৰ কৰিলে বেছি ভাল ফল পাব পাৰি। উদাহৰণ স্বৰূপে ঘী লোৰ পাত্ৰত ৰাখিব লাগে। ফলমূল জাতীয় আৰু অন্য লঘু অহাৰ কলপাত, ধাতকী পাত আদিৰ ওপৰত লব লাগে। এনে কৰিলে খাদ্য দ্ৰব্য আৰু পাত্ৰৰ উপাদানৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি শৰীৰৰ উপযোগী পদাৰ্থৰ সৃষ্টি হয় আৰু সোনকালে নষ্ট নহয়। একেদৰে ইয়াৰ বিপৰীতে টেঙা খাদ্য কেতিয়াও তামৰ পাত্ৰত ৰাখিব নালাগে কিয়নো ইয়াৰ ফলত ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা বিষাক্ত দ্ৰব্যৰ সৃষ্টি হৈ স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হৈ পৰে।
আচাৰ্য সুশ্ৰুতৰ মতে ৰান্ধনি ঘৰ সদায় আহল বহল আৰু ভালদৰে পোহৰ আৰু বতাহ সোমাব পৰা হব লাগে। খোৱা বস্তু সদায় অচিনাকী মানুহে নেদেখাকৈ আছুতীয়া ভাবে ভালদৰে ঢাকি ৰাখিব লাগে। আচলতে আমাৰ পাচন প্ৰক্ৰিয়া আৰু মস্তিষ্কৰ মাজত পোনপটীয়া সম্পৰ্ক আছে। সাধাৰণতে মানসিক চাপ পালে মস্তিষ্কৰ পৰা পাকস্থলী আৰু খাদ্যনলীলৈ অহা স্বাভাৱিক সংকেতবোৰৰ ব্যতিক্ৰম হয়। ফলত বুকু জ্বলাপোৰা কৰা আদি লক্ষণ দেখা দিয়ে। যেতিয়া এই মানসিক চাপ অতি বেছি হয় তেতিয়া অন্ত্ৰনলীৰ ভিতৰত কিছুমান ৰাসায়নিক দ্ৰব্য নিঃসৰণ হৈ নলীৰ ভিতৰখন উখহি উঠে। ফলত শৰীৰে খাদ্যৰ পৰা প্ৰয়োজনীয় অংশসমূহ গ্ৰহণ কৰিব নোৱাৰে আৰু বিভিন্ন ধৰণৰ অপুষ্টিজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ।

খৰখেদা নকৰাকৈ খাদ্য গ্ৰহণ কৰা -


খাদ্য কেতিয়াও খৰখেদাকৈ খাব নালাগে। এনে কৰিলে খাদ্যনলীৰ সলনি খোৱা খাদ্য শ্বাস নলীৰে সোমাই গৈ বিপদ ঘটাব পাৰে। আয়ুৰ্বেদত কাস ৰোগৰ(সাধৰণতে আমি কাহ বেমাৰ বুলিয়ে কওঁ) এটা কাৰণ খাদ্যৰ বিমাৰ্গ গমন বুলি স্পষ্টকৈ উল্লেখ কৰিছে। এনেদৰে খালে খোৱা বস্তুখিনিৰ সোৱাদ, গোন্ধ আৰু গুণাগুণ ভালদৰে গম পোৱা নাযায় আৰু পৰিমানৰো হেৰফেৰ হয়। ফলত আগতে উল্লেখ কৰা ধৰণে মানসিক সন্তুষ্টি নোহোৱা হয় বাবে আৰু বাত আদি দোষৰ বিকৃতিৰ বাবে অগ্নি বিকৃত হয়। সাধাৰণতে খৰখেদাকৈ খালে বেছি পৰিমানে খোৱা যায়। খাই থাকোতে আমাৰ অন্ত্ৰনলীৰ ভিতৰত এবিধ হৰমন নিঃসৃত হয় যিয়ে পেট ভৰ্তি হোৱা অনুভৱটো দিয়ে। এনেকৈ খালে এইবিধ হৰমন কিছু কমকৈ নিঃসৃত হয়। সেয়েহে খোৱা খাদ্যৰ পৰিমাণ বাঢ়ি যায় যিটো আমাৰ বাবে অপকাৰী।

অত্যধিক ধীৰ গতিত খাদ্য গ্ৰহণ নকৰা:-
অতি লাহে লাহে খালে খাদ্যখিনি ঠাণ্ডা হৈ পৰে। ফলত পাচন প্ৰক্ৰিয়াত ব্যাঘাত জন্মে। এনেদৰে খোৱাৰ ফলত কেতিয়াবা প্ৰয়োজনতকৈ অধিক আহাৰ গ্ৰহণ কৰা হয় আৰু ফলত অগ্নি বিকৃতিজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।

একাগ্ৰ চিত্তে খাদ্য গ্ৰহণ কৰা -


খাওঁতে সদায় খাদ্যৰ প্ৰতি মনোযোগ দি আৰু শ্ৰদ্ধা তথা তৃপ্তিৰ ভাৱেৰে খাব লাগে। কেতিয়াও কথা পাতি, হাঁহি খিকিন্দালি কৰি খাব নালাগে। আজিকালি টেলিভিছন চাই বা মোবাইল ফোনৰ পৰ্দাত চকু ৰাখি খোৱাৰ অভ্যাস আৰম্ভ হৈছে । এনে কৰাও অনুচিত। অন্যথা খাদ্য পাচন কৰা পাচক অগ্নিৰ কাৰ্য বাধা প্ৰাপ্ত হয় আৰু পাচক ৰস নিঃসৰণত হোৱা বিসমতাৰ ফলত শাৰীৰিক অসুস্থতা আহি পৰে। তাৰোপৰি ইয়াৰ ফলত আহাৰৰ টুকুৰা কেতিয়াবা শ্বাসনলীত সোমাই পৰিব পাৰে আৰু অবাঞ্ছনীয় বিপদ হব পাৰে।

আচলতে পাচন প্ৰক্ৰিয়া হল সম্পূৰ্ণৰূপে শাৰীৰিক আৰু মানসিক অৱস্থাৰ ওপৰত নিৰ্ভৰশীল প্ৰক্ৰিয়া। সেয়েহে মনৰ সুস্থতাই পাচন ক্ৰিয়াকো সুস্থ কৰি ৰাখে। এতিয়া আমি আটায়ে নিজকে এবাৰ প্ৰশ্ন কৰি চাওঁচোন যে আমি আহাৰ খোৱাৰ ওপৰোক্ত বিধিসমূহ মানি চলোঁনে? এই বিধিবোৰ দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ গুণাগুণ কিন্ত অসাধাৰণ। আয়ুৰ্বেদত আহাৰ গ্ৰহণৰ আৰু বহুতো বিধান উল্লেখ আছে। ইয়াত আমি সততে অনুকৰণ কৰিব পৰা কেতবোৰ বিধিহে উল্লেখ কৰা হল।

লেখক :- ডাঃ মৃণাল বৈশ্য

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate