অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উচ্চ ৰক্তচাপ প্ৰতিৰোধ :

উচ্চ ৰক্তচাপ প্ৰতিৰোধ :

 

বৰ্তমান যুগৰ মানুহৰ সুস্বাস্থ্যত প্ৰত্যাহ্বান সৃষ্টি কৰা ৰোগসমূহৰ ভিতৰত উচ্চ ৰক্তচাপ অন্যতম। বৰ্তমান যুগত চিকিৎসা বিজ্ঞানে মানুহৰ প্ৰায় সকলো ৰোগৰে চিকিৎসা সম্ভৱ কৰি তুলি জয়যাত্ৰা অব্যাহত ৰাখিছে যদিও উচ্চ ৰক্তচাপ ৰোগবিধে চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰাত এক প্ৰত্যাহ্বান সৃষ্টি কৰাটো পৰিলক্ষিত হৈছে। সাধাৰণতে এই সমস্যাত চল্লিশোৰ্দ্ধ বয়সৰ পুৰুষ-মহিলা উভয়ে আক্ৰান্ত হোৱা দেখা যায় যদিও মহিলাতকৈ পুৰুষ বেছিকৈ আক্ৰান্ত হয়। চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে উচ্চ ৰক্তচাপ ৰোগৰ কাৰণসমূহ উদঘাটন কৰাৰ লগতে ইয়াৰ চিকিৎসা পদ্ধতিও সম্ভৱ কৰি তুলিছে যদিও এই ৰোগবিধক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণাধীন কৰিব পৰা হোৱা নাই।

উচ্চ ৰক্তচাপ হৈছে আমাৰ ৰক্তসঞ্চালন তন্ত্ৰত ঘটা বিসংগতিৰ ফলত সৃষ্টি হোৱা এবিধ ৰোগ। আমাৰ হাতৰ মুঠিটোৰ সমান আকাৰৰ হৃদযন্ত্ৰ আৰু আনুষংগিক ৰক্তবাহী নলীসমূহক লৈয়েই মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰ গঠিত হৈছে। শৰীৰৰ বিভিন্ন অংগ-প্ৰতংগলৈ অক্সিজেন আৰু পুষ্টি দ্ৰব্যসমূহ কঢ়িয়াই নিয়া আৰু বিভিন্ন অংগ-প্ৰত্যংগৰ কোষসমূহে উলিয়াই দিয়া অলাগতিয়াল বা বৰ্জনীয় দ্ৰব্যবোৰ কঢ়িয়াই আনি নিষ্কাসন কৰাত সহায় কৰাই হৈছে এই তন্ত্ৰৰ মূল কাম। তেজক মাধ্যম হিচাপে লৈ অৰ্থাৎ তেজ সঞ্চালনৰ জৰিয়তে ৰক্ত সঞ্চালন তন্ত্ৰই এক স্বয়ংক্ৰিয় পদ্ধতিৰে এই কাম সম্পন্ন কৰে। আমাৰ হৃদযন্ত্ৰই পাম্প বা সংকোচন প্ৰসাৰণৰ জৰিয়তে শৰীৰৰ বিভিন্ন সিৰা-উপসিৰা আৰু ধমনীয়েদি বিভিন্ন অংগ-প্ৰত্যংগলৈ অহৰহ ৰক্ত সঞ্চালন কৰি থাকে।

হৃদপিণ্ডই এজন প্ৰাপ্তবয়স্ক মানুহৰ ক্ষেত্ৰত মিনিটত ৭০-৮০ বাৰ সংকুচিত হৈ জমা হৈ থকা অক্সিজেনযুক্ত বিশুদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশলৈ সঞ্চালিত কৰে। এই সংকোচন প্ৰক্ৰিয়াত ৰক্তবাহী নলীয়েদি তেজ প্ৰবাহিত হওঁতে ৰক্তবাহী নলীৰ বেৰত চাপৰ সৃষ্টি হয়, অৰ্থাৎ প্ৰতিটো সংকোচন প্ৰক্ৰিয়াত হৃদপিণ্ডৰ ভিতৰত যি চাপ উৎপন্ন হয় তাকেই চিষ্ট’লিক ৰক্তচাপ বুলি কোৱা হয়। এই সংকোচন প্ৰক্ৰিয়াত হৃদপিণ্ডৰ সংযোগী বিভিন্ন ৰক্তবাহী নলীয়েদি তেজ শৰীৰৰ বিভিন্ন অংগলৈ সঞ্চালিত হওঁতে অৰ্থাৎ সৰু সৰু সিৰা-উপসিৰাইদি তেজ বাগৰি যাওঁতে ৰক্তচাপ লাহে লাহে কমি এটা নিৰ্দিষ্ট মানত সিৰা-উপসিৰাইদি প্ৰবাহিত হয়। ইয়াকে ডায়েষ্টলিক ৰক্তচাপ বুলি কোৱা হয়। পোনপটীয়াভাৱে ক’বলৈ হ’লে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াত হৃদযন্ত্ৰটো সংকুচিত হওঁতে সৃষ্টি হোৱা চাপক চিষ্ট’লিক ৰক্তচাপ আৰু সংকোচনৰপৰা পূৰ্বৰ অৱস্থাপ্ৰাপ্ত অৱস্থাত সৃষ্টি হোৱা চাপক ডায়েষ্ট’লিক ৰক্তচাপ বুলি কোৱা হয়। ৰক্তচাপ অতি বেছিও ক্ষতিকাৰক, সেয়ে দুয়োবিধকে ৰোগ হিচাপে গণ্য কৰা হয়। মানুহৰ বয়স, লিংগ, মানসিক অৱস্থাৰ ওপৰতো ৰক্তচাপৰ পৰিমাণ নিৰ্ভৰ কৰে যদিও উচ্চ ৰক্তচাপ ৰোগৰ মূল কাৰণটোৱেই হৈছে ৰক্ত সঞ্চালন তন্তৰ বিসংগি। গতিকে আমাৰ ৰক্তচাপ সঠিক অৱস্থাত ৰাখিবলৈ হ’লে ৰক্ত সঞ্চালন তন্ত্ৰৰ সৈতে জড়িত সকলো অংগই সঠিক আৰু সুস্থ অৱস্থাত থকাটো নিতান্তই প্ৰয়োজনীয়।

মানৱ সভ্যতা যিমানে যান্ত্ৰিকতাৰ দিশে আগবাঢ়ি গৈছে, মানুহৰ উচ্চ ৰক্তচাপ ৰোগবিধৰ প্ৰকোপ সিমানেই বাঢ়ি গৈছে। অৰ্থাৎ মানুহে যিমানেই যান্ত্ৰিক যুগৰ সৈতে মিলিবলৈ চেষ্টা কৰিছে, সিমানেই উচ্চ ৰক্তচাপৰ চিকাৰ হ’বলগা হৈছে। ইয়াৰ পৰা আমি বুজিব লাগিব যে যান্ত্ৰিক যুগ আমাৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ বাবে হিতকৰ নহয়।

সেইবাবে চিকিৎসা বিজ্ঞানীসকলে উচ্চ ৰক্তচাপ ৰোগক জীৱনশৈনীজনিত ৰোগ বুলি ক’ব খোজে। বয়সৰ লগে লগে খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, চিন্তাধাৰা আদি সঠিকভাৱে গ্ৰহণ নকৰিলে আমাৰ ৰক্তসঞ্চালন তন্ত্ৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে আৰু ইয়েই উচ্চ ৰক্তচাপ ৰোগৰ কাৰণ হৈ পৰে। দেখা গৈছে যে চল্লিশোৰ্দ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত কিছুমান বিশেষ খাদ্যৰ চৰ্বিভাগ, যেনে- ছাগলীৰ মাংসৰ চৰ্বিভাগ কলেষ্ট’ৰলৰ ৰূপত ৰক্তবাহী নলীত জমা হৈ ৰক্তবাহী নলীবোৰ ঠেক কৰি তোলে আৰু ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ সৃষ্টি কৰে। সাধাৰণতে তেজত কলেষ্টে’ৰল জমা হোৱা প্ৰক্ৰিয়াটো বংশগত আৰু বয়স বৃদ্ধিৰ বাবেই হয় যদিও সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতো তেজত ক্ষতিকাৰক কলেষ্ট’ৰল জমা হোৱাৰ প্ৰৱণতা বৃদ্ধি পায়। আমাৰ শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়াটো এক স্বয়ংক্ৰিয় প্ৰক্ৰিয়া যদিওও মানসিক অৱস্থায়ো এই প্ৰক্ৰিয়াৰ ওপৰত প্ৰভাৱ পেলায়। কোনো কাৰণত আমাৰ মানসিক অৱস্থা অস্থিৰ হৈ পৰিলে ৰক্ত সঞ্চালন প্ৰক্ৰিয়াও অস্থিৰ আৰু দ্ৰুত হৈ পৰে।

অৱশ্যে ক্ষণস্থায়ী মানসিক অস্থিৰতাই বিৰূপ প্ৰভাৱ নেপেলালেও দীৰ্ঘদিনীয়া মানসিক অস্থিৰতাই ৰক্তসঞ্চালন তন্ত্ৰৰ ওপৰত স্বাভাৱিকতে বিৰূপ প্ৰভাৱ পেলায়। বৰ্তমান যুগৰ মানুহে অধিক সুখৰ সন্ধানত যিদৰে অস্থিৰ হৈ পৰিছে, সেই অস্থিৰতাই মানুহৰ ৰক্ত সঞ্চালন তন্ত্ৰৰ ক্ষতিসাধন কৰি উচ্চ ৰক্তচাপ ৰোগৰ সৃষ্টি কৰিছে বুলি চিকিৎসা বিজ্ঞানীসকলে মতামত ব্যক্ত কৰিছে। তদুপৰি যিসকলে লোকে নিচাযুক্ত দ্ৰব্যৰ প্ৰতি, যেনে- মদ, ভাং, চিগাৰেট, ধঁপাত, তামোল-পাণ ইত্যাদিৰ প্ৰতি আসক্ত হৈ পৰিছে, সেইসকল লোকৰ ৯৫ শতাংশই উচ্চ ৰক্তচাপৰ চিকাৰ হ’বলগা হৈছে।

মানুহে যিকোনো ৰোগৰে কাৰণ সম্পৰ্কে জানিলে অৰ্থাৎ ৰোগবিধ সম্পৰ্কে মানুহৰ মাজত সচেতনতাৰ সৃষ্টি হ’লেহে ৰোগবিধক প্ৰতিৰোধ কৰিব পৰা যায়। ৰোগ হোৱাৰ পিছত চিকিৎসাৰদ্বাৰা আৰোগ্য লাভ কৰাতকৈ ৰোগত প্ৰতিৰোধ কৰিব পাৰিলেহে বেছি ভাল।

গতিকে উচ্চ ৰক্তচাপ ৰোগবিধৰ কাৰব সম্পৰ্কে ৰোগবিধক প্ৰতিৰোধ কৰিব পৰা যাব বুলি আশা কৰিব পাৰি। যিহেতু মানুহে সঠিক জীৱনশৈলী গ্ৰহণ নকৰাৰ ফলতে উচ্চ ৰক্তচাপত ভুগিব লগা হয়, গতিকে আমি সঠিক জীৱনশৈলী গ্ৰহণ কৰি উচ্চ ৰক্তচাপৰ দৰে মাৰাত্মক ব্যাধিক নিশ্চয় প্ৰতিৰোধ কৰিব পাৰো।

সঠিক জীৱনশৈলীনো কি? জীৱনশৈলী বা জীৱন ধাৰণ পদ্ধতি বুলিলে মানুহৰ বসবাস, খাদ্যাভ্যাস, শাৰীৰিক পৰিশ্ৰম, চিন্তাধাৰা, জিৰণি, আচাৰ-ব্যৱহাৰ ইত্যাদি জীৱনৰ উপাদানসমূহকে বুজোৱা হয় আৰু জীৱনৰ এই উপাদানসমূহ যিভাৱে গ্ৰহণ কৰিলে সুস্বাস্থ্য ৰক্ষা হোৱাৰ লগতে মনুষ্যত্বৰ বিকাশ সম্ভৱ হৈ উঠে, সেইভাৱেহে গ্ৰহণ কৰা উচিত। জীৱন যাত্ৰাত মানৱতা, নৈতিকতা, নিয়মানুৱৰ্তিতা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আদিক অধিক গুৰুত্ব দিলেহে জীৱন সঠিক দিশত আগবাঢ়ে আৰু উচ্চ ৰক্তচাপৰ নিচিনা জীৱনশৈলীজনিত ৰোগক প্ৰতিৰোধ কৰিব পাৰি।

উচ্চ ৰক্তচাপৰ আক্ৰান্ত ব্যক্তিৰ গা বেয়া লগা, মূৰ ঘূৰণি, মূৰৰ বিষ, কাণ বজা, বুকুৰ বিষ, টোপনি কম হোৱা ইত্যাদি লক্ষণে দেখা দিয়ে। অৱশ্যে, কেতিয়াবা উচ্চ ৰক্তচাপত আক্ৰান্ত ব্যক্তিৰ এই লক্ষণবোৰ দেখা নিদিবও পাৰে। সেইবাবে উচ্চ ৰক্তচাপক নীৰৱ ঘাতক ৰোগ বুলিও কোৱা হয়। ৰোগৰ লক্ষণসমূহ দেখা নিদিয়াৰ ফলত ৰোগৰ চিকিৎসা পলম হৈ যায় বাবে শৰীৰ অধিক ক্ষতিগ্ৰস্ত হৈ পৰে বা চিকিৎসা গ্ৰহণ নকৰাকৈ মৃত্যুমুখত পৰিবলগা হ’ব পাৰে। সেইবাবে চল্লিশোৰ্দ্ধ ব্যক্তিয়ে অন্তত: ছমাহৰ অন্তৰে অন্তৰে ৰক্তচাপ চেক কৰাটো অত্যন্ত জৰুৰী আৰু উচ্চ ৰক্তচাপ ধৰা পৰিলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

লেখক: গোপেশ মজুমদাৰ(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 2/13/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate