এজন মানুহৰ স্বাভাৱিক ৰক্তচাপ ১১০-১২০/৭০-৯০ mmHg আৰু ইয়াতকৈ বেছি হ'লে উচ্চ ৰক্তচাপ বোলা হয়।
(১) মানসিক চিন্তাৰ পৰা বিৰত থাকিব।
(২) টোপনি ক্ষতি নকৰিব।
(৩) মূৰত নাৰিকল তেল নাসানিব। নাৰিকল তেল সানিলে মূৰটো গৰম হয় আৰু তেতিয়া ৰক্তচাপ বাঢ়ে।
(৪) বহুসময়ত অনভিজ্ঞ ব্যক্তিয়ে প্ৰথম বাৰতেই এজন সুস্থ ব্যক্তিৰ ৰক্তচাপ বেছি বুলি কোৱাৰ ফলত মানসিক দু:চিন্তাৰ কাৰণে সচাকৈয়ে উচ্চ ৰক্তচাপত আক্ৰান্ত হয়। সেয়েহে অভিজ্ঞ আৰু ভাল মেচিনৰে প্ৰেচাৰ জুখিব লাগে ৷
(৫)ধপাত জাতীয় বস্ত আৰু মাদকদ্ৰব্য নাখাব। ধপাতত থকা নিক'টিনে সিৰা-ধমনীত এথেৰোস্ক্লেৰোচিচ উৎপত্তি কৰাৰ পৰিপ্ৰেক্ষিতত উচ্চ ৰক্তচাপ আৰু নানানটা হৃদৰোগ হ'ব পাৰে।
(৬) প্ৰাত:ভ্ৰমন আৰু সাধ্যানুযায়ী শাৰীৰিক শ্ৰম কৰিব। পূৱাবেলা বায়ুমণ্ডলত ঋণাত্মক আয়ন থাকে বাবে সুস্বাস্থ্যৰ কাৰণে বিশেষ লাভদায়ক ৷
(৭) নিমখ আৰু শৰ্কৰা কমকৈ খাব । নিমখ বেছিকৈ খালে তেজৰ গাঢ়তা বাঢ়ে বাবে ৰক্তচাপ বৃদ্ধি হয়। শৰ্কৰা বেছিকৈ খালে টোপনি ভালদৰে নহয় আৰু পৰোক্ষ ভাৱে ৰক্ত চাপ বাঢ়িব পাৰে।
(৮) মাংস, কণী ইত্যাদি জীৱ-জন্তু ৰ পৰা উৎপাদিত প্ৰোটিন খাদ্য নাখাব , খালেও কমাই খাব । ঘিউ , মাখন , বনস্পতি ঘি , পনীৰ আদি সম্পৃক্ত আহাৰ নাখাব । মাহজাতীয় শস্যৰ প্ৰোটিন যেনে চয়াবিন, লেচেৰা আদি খালে কোনো ধৰণৰ অপকাৰ নহয়।
(৯) চাহ বেছিকৈ খাব । একাপ চাহত ১০০মিলি গ্ৰাম এছপিৰিন থাকে। চাহত থকা এছপিৰিনে তেজৰ গাঢ়তা কমাই আৰু ৰক্তসন্চালন নিয়মীয়া কৰি ৰাখে।
(১০) মটৰ মাহ উপকাৰী। মটৰ মাহত "আৰ্জেনিন"থাকে আৰু আৰ্জেনিনে হৃদপিণ্ড শক্তিশালী কৰি ৰক্তচাপ নিয়ন্ত্ৰিত কৰি ৰাখে।
(১১) ৰাতিপুৱা খালি পেটত ৪-৫ ফুটা নহৰু বাকলিৰ সৈতে গিলি খাব । ক্ষুদ্ৰান্ত্ৰত নহৰু তেল শোষণ হয় । নহৰু তেলে কলেষ্টৰল কমাই ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে।নহৰুৰ বাকলি আৰু সাৰ অংশৰ মাজত থকা তেল (Volatile oil) বাকলি এৰুৱাই দিয়াৰ লগে লগেই বাস্পীভূত হৈ যায় আৰু নহৰুৰ ওপৰত গন্ধকৰ চামনি পৰে বাবে নহৰু গোন্ধায়। সেয়েহে বাকলি এৰুৱাই নহৰু খালে গন্ধকৰ পাৰ্শ্বক্ৰিয়াৰ বাবে বমিভাৱ , বুকু জ্বলা-পোৰা কৰে।
(১২) প্ৰতিদিনে দুই-চাৰিটা কল খাব । কলত থকা মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল আতৰ কৰে আৰু তেজত কলেষ্টৰল নিয়ন্ত্ৰণ কৰে। সেয়েহে কল খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা নাথাকে।
(১৩) ৰাতিপুৱা ১০-১৫ টা বৰমানিমুনি পাত চোবাই খালে টোপনি ভালহয়, মানসিক চিন্তা আৰু উৎকন্ঠা কমাৰ উপৰিও উচ্চ ৰক্তচাপ কমে । মানিমুনিয়ে স্মৃতি শক্তি বঢ়াই আৰু পেটৰ গেছ উপসম কৰে।
(১৪) অৰ্জুনৰ বাকলি ১ কেজি ৪ লিটাৰ পানীত সিজাব । পানী কমি ১ লিটাৰমান হলে নমাব । ঠাণ্ডা হলে ছেকি লব আৰু এইদৰে প্ৰস্তুত কৰাক ক্বাথ বোলা হয় ।অৰ্জুনৰ ক্বাথ ২০ মিলি লিটাৰকৈ ৩ বাৰ খালে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ ভাল হয় ।
(১৫) উচ্চ ৰক্তচাপ ৰোগীয়ে উত্তৰ দিশত মূৰ আৰু দক্ষিণ দিশত ভৰি দি শুব। ৰাতি ভাল টোপনিৰ উপৰিও ৰক্তচাপ স্বাভাৱিক অৱস্থালৈ আহে।
(১৬) বাহু বা ভকুৱা মাছ উচ্চ ৰক্তচাপ ৰোগীৰ বাবে উপকাৰী । বাহু মাছৰ ছালৰ ভিতৰ অংশ কোমল , বগা আৰু তেলেতীয়া। ইয়াত ওমেগা-৩ ফেটি এচিড থাকে । ওমেগা-৩ ফেটি এচিডে তেজত থকা অতিৰিক্ত কলেষ্টৰল কমায় । সেয়েহে ছালসহ বাহুমাছ খালে উচ্চ ৰক্তচাপ হোৱাৰ সম্ভাৱনা নাথাকে।
(১৭)এদিনত দুই-তিনিবাৰৰ পৰিৱৰ্তে পাচ-ছবাৰ আহাৰ কম পৰিমাণে খাব । পাৰিলে সপ্তাহত এদিন উপবাস ৰাখিব।
লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 2/28/2024