পিঠাগুড়িৰে বনোৱা পিঠা খালে কেতিয়াবা টেঙাপানীৰ উগাৰ আহে। আমি ইয়াকে এচিডিটী হোৱা বুলি কওঁ। এইটো ডাঙৰ বেমাৰ নহ’লেও ভুক্তভোগীয়ে এই সমস্যাৰ বিষয়ে ভালদৰে বুজি পাব। কেইটামান সাধাৰণ স্বাস্থ্যবিধি মানি চলিলেই এই সমস্যাৰ পৰা হাত সাৰিব পাৰি।
*আহাৰ নিয়মীয়াকৈ গ্ৰহণ কৰাটোত গুৰুত্ব আৰোপ কৰক।
*অধিক মচলা বা তেলযুক্ত আহাৰ পৰিত্যাগ কৰক।
*স্কুলীয়া বা কলেজীয়া ল’ৰা-ছোৱালীৰ ফাষ্ট ফুডৰ প্ৰতি আসক্তি থাকে। পৰাপক্ষত এইবোৰ এৰাই চল্ক।
*মাদক দ্ৰব্য পৰিহাৰ কৰক। এনে দ্ৰব্য সেৱনে পেটত টেঙাপানী সৃষ্টি হোৱাটো সুযোগ বৃদ্ধি কৰে।
*নিশাৰ আহাৰ কমাই খাবলৈ অভ্যাস কৰক।
*পুৱা শুই উঠি দুগিলাচ গৰম পানী খাওক। আহাৰ খোৱাৰ লগে লগে পানী নাখাব। আধা ঘন্টামানৰ পিছত পানী খোৱাৰ অভ্যাস কৰক। এই নিয়মকেইটা মানি চলিলে দেখিব আপোনাৰ টেঙাপানীৰ সমস্যাটো নোহোৱা হৈছে।
উৎস: নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 1/21/2019