মহিলাৰ মুখখনৰ লগতে অন্যতম ওঁঠযুৰিও সৌন্দৰ্য বৰ্দ্ধনৰ অংগ। ধুনীয়া, কোমল আৰু শৰীৰৰ ৰঙৰ লগত খাপ খোৱা ৰঙেৰে বোলোৱা ওঁঠযুৰিয়ে স্বাভাৱিকতে মহিলাৰ সৌন্দৰ্য বঢ়ায়। মুখৰ মেকআপ, শৰীৰৰ ৰ্ং আৰু পোছাকৰ ৰঙৰ লগত মিহলাইহে ওঁঠত বোলোৱা লিপষ্টিকৰ ৰ্ং নিৰ্বাচন কৰিব লাগে। যদি লিপষ্টিক সঠিকভাবে লগোৱা নহয়, তেনেহ’লে মহিলাৰ সমস্ত সৌন্দৰ্যই নষ্ট হোৱা বুলি ক’ব লাগিব। লিপষ্টিক লগোৱাৰ আগতে প্ৰথমে কপাহেৰে ওঁঠযোৰ পৰিস্কাৰ কৰি ল’ব। তাৰ পিছত ক্লিনজিং মিল্কেৰে পুনৰ এবাৰ পৰিস্কাৰ কৰি ল’ব। পিছত ফাউণ্ডেচন ক্ৰীম সানি শুকাবলৈ দিয়ক। তাৰ পিছত ওঁঠযোৰৰ আউট লাইন আঁকি লিপষ্টিক ব্ৰাছৰ সহায়ত ওঁঠত সনা উচিত। যদি লিপষ্টিক ওঁঠত বিয়পি যায়, তেনেহ’লে আগতে অলপ পাউডাৰ লগাই লওক। লিপষ্টিক লগোৱাৰ সময়ত হাতৰ কিলাকুটি কিহবাৰ ওপৰত ভৰ দি হাতখন যিমান পাৰি নকঁপাকৈ বা অপ্ৰয়োজনীয় ভাৱে লৰচৰ নকৰাকৈ ৰাখিব। নহ’লে হাত লৰচৰ হৈ ওঁঠৰ বাহিৰতো অবাঞ্চিতভাৱে ৰ্ং লাগি যাব পাৰে।
লিপষ্টিক সদায় প্ৰথমে ওপৰৰ ওঁঠত লগাব। তাৰ পিছতহে তলৰ ওঁঠত লগাব। যদি পাতল আৰু গাঢ় দুটি ৰঙৰ লিপষ্টিক লগোৱাৰ প্ৰয়োজন হয় তেনেহ’লে আগতে পাতল ৰ্ংটো সানি দুয়োটি ওঁঠৰ মাজত এখন টিছু পেপাৰ ৰাখি লওক। এনে কৰিলে অতিৰিক্ত অনাৱশ্যক লিপষ্টিকখিনি উঠি যাব। তাৰ পিছত গাঢ় ৰঙৰ লিপষ্টিক লগাওক।
লিপষ্টিকৰ সহায়ত পাতল ওঁঠ ডাঠ আৰু ডাঠ ওঁঠ পাতল কৰিব পাৰি। তেনেদৰে সৰু ওঁঠযোৰকো ডাঙৰ ওঠলৈ ৰুপান্তৰিত কৰিব পৰা যায়। যদি মুখখন সৰু হয়, তেনেহ’লে ওপৰৰ ওঁঠত গাঢ় ৰ্ং আৰু তলৰ ওঁঠত পাতল ৰঙৰ লিপষ্টিক লগোৱা উচিত। যদি ওঁঠ পাতল হয়, তেনেহ’লে ওপৰৰ ওঁঠত পাতল ৰ্ং আৰু তলৰ ওঁঠত গাঢ় ৰ্ং লগাব লাগে। ডাঠ ওঁঠযোৰক পাতল কৰিবলৈ হ’লে ওঁঠৰ আকৃতিৰ ভিতৰে ভিতৰে আউটলাইন কৰি লিপষ্টিক লগোৱা উচিত। এই ধৰণৰ পাতল ওঁঠক ডাঠ কৰাৰ কাৰণে ওঁঠৰ গঠনৰ বাহিৰে বাহিৰে আউটলাইন কৰা উচিত। ৰাতি শোৱাৰ আগে আগে ওঁঠযোৰ পৰিস্কাৰ কৰি ৰাখিবই লাগে। বয়স, পৰিৱেশ আৰু আপোনাৰ সাজ-পোছাকৰ ৰঙৰ লগত খাপ খুৱাইহে লিপষ্টিকৰ ৰ্ং নিৰ্বাচন কৰিব লাগে।
কোনে কি ৰঙৰ লিপষ্টিক লগাব-
মেক-আপ, সাজ-পোছাকৰ ডিজাইন, সাজ-পোছাকৰ ৰ্ং আদিৰ নিৰ্বাচনে এগৰাকী মহিলাৰ গৰিমা বঢ়াই তুলিব পাৰে। তেনেদৰে সঠিক ৰঙৰ লিপষ্টিক নিৰ্বাচন কৰি সঠিকভাবে ব্যৱহাৰ কৰাৰ কৌশলেও এগৰাকী মহিলাৰ ৰুপ-লাবণ্য বহুগুণে বৃদ্ধি কৰিব পাৰে। সেয়ে সঠিক ৰঙৰ লিপষ্টিক নিৰ্বাচন কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাম।
কিশোৰীসকলে নেচাৰেল ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰাই ভাল। ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ মহিলাই পাতল ৰঙৰ লিপষ্টিকহে ব্যৱহাৰ কৰিব।
লিপষ্টিকৰ ৰ্ং কেনেকুৱা হ’লে মহিলাগৰাকীক শুৱাব, সেই কথা নিৰ্ভৰ কৰিব তেওঁৰ চকুৰ ৰ্ং আৰু চুলিৰ ৰঙৰ ওপৰত। যিসকলৰ চুলিৰ ৰ্ং ক’লা, তেওঁলোকে কমলা ৰঙৰ আৰু যাৰ চুলি পকিছে বা চুলি সম্পূৰ্ণৰুপে বগা হৈছে, তেওঁলোকে গুলপীয়া ৰঙৰ লিপষ্টিক লগালে ভাল দেখি।
মুখৰ আকাৰ অনুসৰি ব্যৱহাৰ কৰিব লগা লিপষ্টিকৰ ৰ্ং নিৰ্বাচনৰ দুটিমান কিটিপ-
যদি আপোনাৰ মুখখন সৰু, তেনেহ’লে গাঢ় ৰ্ং দি আউট লাইন কৰি পাতল ৰঙৰ লিপষ্টিক লগাওক।
যদি আপোনাৰ মুখৰ আকৃতি বহল, তেনেহ’লে পাতল ৰঙৰ আউট লাইন দি ডাঠ ৰঙৰ লিপষ্টিক লগাব।
ওঁঠত লগোৱা লিপষ্টিক দীৰ্ঘস্থায়ী যদি নহয়-
লিপষ্টিক লগোৱাৰ আগে আগে ওঁঠযুৰি ভালদৰে ক্লিনজাৰ দি পৰিস্কাৰ কৰি ওঁঠত ভেচলিন বা কোলড্ ক্ৰীম লগাব লাগে। পোন্ধৰ বিছ মিনিটৰ পিছত তিয়াই লোৱা কপাহেৰে মুচি ক্ৰীমবোৰ আঁতৰাই লিপ লাইনাৰ দি সম্পূৰ্ণ ওঁঠ দুটা ভালদৰে আঁকি ল’ব। তাৰ পিছত পৰিস্কাৰ লিপ ব্ৰাছেৰে লিপষ্টিক লগাব। ব্ৰাছৰ ষ্ট্ৰোকটো ওপৰৰ ওঁঠত ওপৰৰ ফালে আৰু তলৰ ওঁঠত তলৰ ফালে টানি সানিব। ইয়াৰ পিছত টিছু পেপাৰৰ সহায়েৰে অতিৰিক্ত লিপষ্টিকখিনি শুহি লব’লৈ দিয়ক। ইয়াৰ পিছত পাউডাৰৰ পাফটো পাতলকৈ ওঁঠযোৰৰ ওপৰত বোলাই পুনৰ তাৰ ওপৰত লিপষ্টিক লগাওক। এনেদৰে লিপষ্টিক লগালে দেখিবলৈ ভাল লাগিব আৰু ৰ্ংটোও দীৰ্ঘস্থায়ী হ’ব।
ওঁঠৰ পৰিচৰ্যা
কুহেলী ঘোষ, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 7/3/2020