ওজন কমাবলৈ তলত দিয়া খাদ্যসমূহ খাওক।।
দালচিনি:
ওজন কমাবলৈ দালচিনি সকলোতকৈ বেছি কার্যকৰী। ই শৰীৰৰ শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰে। নিয়মিত দালচিনি খালে উলটাপুলটা খাদ্য খোৱাৰ প্ৰৱণতা কমি আহে আৰু শৰীৰৰ মেদ গলি যোৱাত সহায় কৰে। পেটৰ ৰোগ, ইনফ্লুয়েঞ্জা, টাইফয়েড, যক্ষ্ণা ও কেঞ্চাৰ ৰোগীৰ বাবেও দালচিনি উপকাৰী।
আদাঃ
ওজন কমাবলৈ সদায় আদা খাবলৈ অভ্যাস গঢ়ি তোলক। গৱেষণাত দেখা গৈছে,ডায়বেটিছৰ সমস্যাত আদা খুব কাৰ্যকৰী। পেট পৰিষ্কাৰ কৰিবলৈও ই বহু উপকাৰী। আদাই পাচনতন্ত্রত জমা হৈ থকা খাদ্য হজম কৰাত সহায় কৰে। ই শৰীৰত জমা হোৱা চর্বি নিৰ্মূল কৰি ওজন কমোৱাত সহায় কৰে।
জলকীয়াঃ
জলকীয়াত কেপছিকাম নামৰ যৌগ থাকে,যিয়ে ওজন কম কৰাৰ লগতে ভোক-ক্ষুধা নিয়ন্ত্রণ কৰে। গৱেষণাত দেখা গৈছে জলকীয়াই শৰীৰৰ প্ৰয়োজনীয় মেটাবলিজম বঢ়াই দিয়ে, যাৰ ফলত শৰীৰত উৎপন্ন অতিৰিক্ত কেলৰি বাৰ্ণ হয়।
জিৰাঃ
বদহজম,পেট ফুলা আৰু খাদ্যৰ প্ৰতি অনিহা আহিলে জিৰা খাওক।পাইলস্ হলেও জিৰা মিহলি তৰকাৰী খালে উপকাৰ পোৱা যায়।
নাৰিকল তেলঃ
গৱেষণাত দেখা গৈছে, যিসকলে ১২ সপ্তাহ ধৰি প্রতিদিন দুই চামুচ(চাহ) কৰি নাৰিকল তেল খায় তেখেত সকলৰ তলপেটৰ চর্বি কমি যায়। নাৰিকল তেল খালে মেটাবলিজম বাঢ়ি যায় যাৰ ফলত ওজন নিয়ন্ত্রণত থাকে।
সেউজীয়া চাহঃ
সেউজীয়া চাহ ওজন কমাবৰ কাৰক হিচাপে খুবেই সহায়ক।ইয়াৰ প্রতিটো কণিকাত মানুহৰ শৰীৰৰ ওজন কমোৱাৰ সহায়ক পলিফেনল ও কোৰ'জেনিক এছিড থাকে।এইবাৰে হজম ক্ষমতা বৃদ্ধি কৰে যি শৰীৰৰ ওজন কমোৱাৰ প্রধান কাৰক।
কুহুমহীন কণীঃ
সম্প্রতি এক গৱেষণাত দেখা গৈছে যে, ৰাতিপুৱাৰ লঘু খাদ্য তালিকাত কুসুমহীন কণী খালে শৰীৰৰ ওজন কমোৱাত সহায় কৰে।কণীত ভিটামিন বি ১২ থাকে, যি দ্রুত চর্বি কমোৱাত সহায়তা কৰে। যিসকলে নিয়মিত ডায়েট কৰে,তেখেত সকলে প্রতিদিনেই খাদ্য তালিকাত এটা কৰি কণী খাব পাৰে।
অলিভ অয়েলঃ
অলিভ অয়েল হল ৮৫ শতাংশ যুক্ত অয়েলিক এছিড, যি পাচন প্রক্রিয়াক ত্বৰান্বিত কৰে। প্রতিদিন ৰাতিপুৱা খালি পেটত এক চামুচ অলিভ অয়েল খোৱাৰ অভ্যাস কৰিলে সেয়াই শৰীৰৰ মেটাবলিজম বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যি ওজন কমোৱাত সাহায্য কৰে।
নেমুঃ
নেমু শৰীৰৰ মেদ কমোৱাত সাহায্য কৰে। গৰম পানীত নেমুৰ ৰস মৌৰ লগত মিহলি কৰি খালে শৰীৰৰ দ্ৰুত ওজন কমি যায়।
জোৱাৰ-যবঃ
যবত প্রচুৰ পৰিমাণে ফাইবাৰ থাকে,যি দ্রুত ওজন কমোৱাত সহায় কৰে।যিসকলে খুব বেছি ওজন কমোৱাৰ সমস্যাত ভুগি আছে তেখেত সকলে প্রতিদিনে যব খোৱাৰ অভ্যাস গঢ়ি তোলক।
আপেলঃ
প্ৰতিটো আপেলত ৪-৫ গ্রাম ফাইবাৰ থাকে যি চর্বি কমোৱাত সাহায্য কৰে। ই ক্ষুধা কমাবও সহায় কৰে।
আখৰোটঃ
আখৰোটত প্রচুৰ পৰিমাণে ওমেগা-৩ ফ্যাট আলফা-লিনোলেনিক এছিড থাকে যি শৰীৰৰ মেদ কমোৱাত সহায় কৰে।
এলাইচিঃ
এলাইচিত টর্পিন, টর্পিনিনোল, ছিনিওল, টর্পিনিল এছিটেট নামক ৰাসায়নিক দ্ৰব্য থাকে যি শৰীৰৰ ওজন কমোৱাত সহায় কৰে।
লেখক: ডাঃ শ্বাহিদুল প্ৰীতম
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নম্বৰ: 9707738197
শেহতীয়া উন্নীতকৰণ: : 2/20/2024