সচৰাচৰ আমি দেখিবলৈ পাঁও যে, বয়সৰ লগে লগে আমাৰ শৰীৰৰ লগতে মগজুৰ কাৰ্যক্ষমতাও হ্ৰাস পাবলৈ ধৰে। আৰু বিজ্ঞানে আমাক মগজু কাৰ্যক্ষম কৰি ৰাখিবলৈ ঔষধৰো যোগান ধৰিছে। কিন্তু ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে আমি সকলোৱে জানো। সেয়ে এটা বয়সলৈকে ঔষধ সেৱন নকৰাকৈয়ে মগজু কাৰ্যক্ষম কৰি ৰখাৰ কৌশল নতুন নতুন গৱেষণাত আৱিষ্কাৰ হৈছে।
খেলা-ধূলা, পাজ্ল আৰু অন্যান্য মগজুৰ কচৰতে এটা সময়লৈ মগজুক কাৰ্যক্ষম কৰি ৰখাৰ লগতে অন্যান্য মানসিক সমস্যাৰ পৰাও আমাক আঁতৰত ৰাখে। অলপতে ৬৫ বছৰৰ ঊৰ্ধৰ ২,৮০০ ব্যক্তিক লৈ এটি গৱেষণা চলোৱা হৈছিল। ৫ ৰ পৰা ৬ সপ্তাহৰ এই মগজু অনুশীলনত দিনটোত প্ৰায় দহ ঘন্টাৰ প্ৰশিক্ষণ দিয়া হৈছিল। যিসকল ব্যক্তিয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিল, তেওঁলোকক সেই বয়সৰ অন্যান্য ব্যক্তিতকৈ ঘৰুৱা কাম-কাজ বা হিচাপ-নিকাচৰ ক্ষেত্ৰত অধিক ক্ষিপ্ৰ হোৱা দেখা গৈছিল। অন্য এটা গৱেষণাত দেখা গৈছিল যে, মগজুৰ প্ৰশিক্ষণ বা ব্যায়ামে বয়সিয়াল লোকসকলৰ মাজত সচৰাচৰ দেখা দিয়া স্মৃতিবিভ্ৰমৰ দৰে ৰোগৰ পৰাও তেওঁলোকক আঁতৰত ৰাখে। মগজুৰ কিছুমান বিশেষ ব্যায়ামে বয়স বঢ়া সত্বেও আমাৰ মগজু সক্ষম কৰি ৰাখে। অৱশ্যে ব্যক্তিবিশেষে এই ব্যায়াম ভিন্ন হ’ব পাৰে। প্ৰথম কথাটো হ’ল আমি আমাৰ মগজু অনবৰতে কাৰ্যক্ষম তথা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ দিব লাগিব। সেয়ে বয়স বঢ়াৰ লগে লগে আমি নতুবা কিবা শিকি নিজকে ব্যস্ত ৰখাৰ চেষ্টা কৰিব লাগে। নতুন ভাষা শিকাৰ প্ৰশিক্ষণ বা বাদ্যযন্ত্ৰ বজোৱাৰ প্ৰশিক্ষণেও আপোনাৰ মগজুক অধিক শক্তিশালী কৰি ৰাখিব পাৰে। নাতি-নাতিনীৰ লগত লুডু, কেৰম দাবা আদি খেলিও নিজৰ মগজু সক্ৰিয় কৰি ৰাখিব পাৰে। সামাজিক কামৰ ব্যস্ততাইও আপোনাৰ মগজু সজীৱ কৰি ৰাখিব পাৰে। পাজ্ল খেলতো ব্যস্ত হৈ মগজু সক্ৰিয় কৰিব পাৰে। পঢ়া-শুনা বা লেখা-মেলাত নিজকে ব্যস্ত ৰাখিবলৈ দূৰ সংযোগৰ শিক্ষা ব্যৱস্থাত নামভৰ্তি কৰিব পাৰে। এনে ধৰণৰ কামবোৰে আপোনাৰ মগজু সক্ৰিয় কৰি ৰখাৰ লগতে ঔষধ সেৱন নকৰাকৈ আপোনক ‘ডিমনেচিয়া’ৰ পৰা আঁতৰত ৰাখিব।
উৎস: সাদিন।
শেহতীয়া উন্নীতকৰণ: : 2/15/2024