অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কীটনাশক প্ৰয়োগ কৰি উত্পাদিত খাদ্যবস্তু খাওঁতে সাৱধান হওকঃ

কীটনাশক প্ৰয়োগ কৰি উত্পাদিত খাদ্যবস্তু খাওঁতে সাৱধান হওকঃ
  • কীটনাশক প্ৰয়োগ কৰা বিভিন্ন শস্য, ফলমূল, শাক-পাচলি আদি ভালদৰে ধুই বা ৰান্ধিহে খাব লাগে। ফলমূলবোৰ নিমখ মিহলি পানীত চাৰি-পাঁচ মিনিট তিয়াই ৰাখি পাছত ভালদৰে ধুই খাব লাগে।
  • শাক-পাচলি ধুই ৰন্ধাৰ আগতে তাত অকণমান ভিনেগাৰ ছটিয়ালে ঔষধৰ প্ৰভাৱ কমে। ফলমূলতো অলপ কোৱা ছ’ডা দি ভালদৰে খোৱাৰ আগতে ধুলেও বিষক্ৰিয়া বহুখিনি কমে।
  • বাকলিযুক্ত শাক-পাচলিৰ বাকলি গুচাই খাব বা ৰান্ধিব লাগে। ভাপত সিজালেও ফল বা পাচলিত থকা ঔষধৰ অৱশিষ্ট কমে।

কীটনাশক ঔষধৰ পাৰ্শ্বক্ৰিয়াসমূহৰ প্ৰতি লক্ষ্য ৰাখি পৰাপক্ষত এইসমূহ ব্যৱহাৰ নকৰি অন্য উপায়েৰে শস্য ৰক্ষাৰ ব্যৱস্থা কৰিব পাৰিলে ভাল। একান্তই জৰুৰী হ’লেহে বিজ্ঞানসন্মতভাৱে সঠিক পৰিমাণত, সঠিক সময়ত এইসমূহ প্ৰয়োগ কৰিব লাগে।

উৎসঃ অসমীয়া খবৰ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate