অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেঁচুৱাক গা ধুৱাবলৈ কি চাবোন ব্যৱহাৰ কৰিব?

কেঁচুৱাক গা ধুৱাবলৈ কি চাবোন ব্যৱহাৰ কৰিব?

কেঁচুৱাক গা ধুওৱাৰ সময়ত সাধাৰণতে প্ৰতিগৰাকী মাতৃৰ মনলৈ আহে- কি চাবোন ব্যৱহাৰ কৰিব? পাউদাৰ, ক্ৰীম আদি ব্যৱহাৰৰ প্ৰয়োজন আছে নে নাই? নতুন কেচুঁৱাৰ ছালখন কোমল, সেয়ে বেছি ক্ষাৰযুক্ত চাবোন ব্যৱহাৰ কৰা অনুচিত। কেঁচুৱাৰ গাত মৃদু চাবোন আৰু মালিচৰ বাবে অলিভ অইল বা নাৰিকল তেল ব্যৱহাৰ কৰিব। কেঁচুৱাৰ স্বাস্থ্য ভালে ৰখাৰ ওপৰত চাফ-চিকুণকৈ ৰখাটো অতি প্ৰয়োজন প্ৰস্ৰাৱ- পাইখানা কৰাৰ লগে লগে লেতেৰা কাপোৰবোৰ সিহঁতৰ গাৰ পৰা আঁতৰাই ভালদৰে চাফা কৰি দিব লাগে। এনে কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। গা ধুই প্ৰায় সকলো কেচুঁৱাই ভাল পায়। বেছিভাগ কেচুঁৱাই গা ধোৱাৰ সময়কণ পানীৰ লগত খেলি ভাল পায় বাবে সিহঁতক সেই উপভোগ কৰিবলৈ দিব লাগে। সাধাৰণতে কেঁচুৱাৰ শৰীৰটো প্ৰতিদিনে লেতেৰা নহয় যদিও গা ধুৱাই ছালৰ উপৰিভাগত জমা হোৱা পুৰণি নিৰ্জীৱ কোষবোৰ আঁতৰাবলৈ গা ধুৱাব লাগে। গা ধুৱাওঁতে কাণৰ পিছফাল, ডিঙি, কাষলতিৰ তলৰ আৰু কৰঙনৰ চুক আদি ভালদৰে চাফা  কৰি দিবক্লাগে। শীত কালত গা ধুৱাওঁতে বন্ধ ৰুমত দুৱাৰ-খিৰিকী বন্ধ কৰি ধুৱাব লাগে, যাতে গা ধুওৱাৰ সময়ত সিহঁতে ঠাণ্ডা নাপায়। গা ধুওৱা গামলাটোত এনেদৰে পানী ল’ব লাগে, যাতে সিহঁতক গামলাটোত এৰি দিলেও মুখখন ডুব নাযায়। কেঁচুৱাৰ ছালৰ বাবে উপযোগী চাবোন ব্যৱহাৰ কৰি ভালদৰে গা ধুৱাই  পানীৰ পৰা তুলি অনাৰ লগে লগে শুকান কাপোৰেৰে মেৰিয়াই ল’ব লাগে। সিহঁতৰ শৰীৰৰ উত্তাপ খুব সোনকালে তললৈ নামি যায় বাবে ঠাণ্ডা পালে ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সেই কাৰণেই কোনো কাৰণতে সিহঁতৰ শৰীৰত ঠাণ্ডা অনুভৱ হ’বলৈ দিব নালাগে।

উৎস: জি এনআৰচি স্বাস্থ্য

শেহতীয়া উন্নীতকৰণ: : 2/15/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate