অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেলৰি বাৰ্ন কৰো আহক

 

মহিলাসকল নিজৰ সৌন্দৰ্য আৰু ফিটনেছৰ ক্ষেত্ৰত খুব সচেতন হ’লেও কিন্তু প্ৰায়ে ঘৰ আৰু বাহিৰ উভয় ক্ষেত্ৰৰ কামৰ মাজত তেওঁলোকে পাহৰিয়ে যায় যে ব্যায়াম তেওঁৰ ফিটনেছৰ কেনে মহত্ত্বপূৰ্ণ অংগ । দিনটোৰ আধা ঘন্টা নিজৰ বাবে উলিয়াওক আৰু কিছুমান ব্যায়াম দৈনিক কাৰ্য তালিকাত অন্তৰ্ভুক্ত কৰি লওক । তেতিয়াহ’লে শ্লিম তথা সুগঠিত শৰীৰ এটি সদায় অটুট ৰাখিব পাৰিব । ব্যস্ত জীৱনশৈলী আৰু অনিয়মিত খাদ্যাভ্যাসৰ হেতু আমাৰ শৰীৰৰ বাহু, পেট, কৰঙন আদিত অতিৰিক্ত চৰ্বি জমা হ’বলৈ ধৰে । ইয়াৰ ফলস্বৰুপে কেৱল যে শৰীৰটোৱে গোলাকাৰ হৈ পৰে এনে নহয়, বৰঞ্চ শাৰীৰিক ক্ষমতাও কমি আহিবলৈ ধৰে । এনে যাতে নহয় ইয়াৰ বাবে কিছুমান সহজ ব্যায়ামৰ বিষয়ে জানি থোৱা ভাল, যাৰ যোগেদি অতি সহজতে কেলৰি বাৰ্ন কৰিব পাৰিব ।

চাইক্লিঙেৰে কৰক শুভাৰম্ভ -

যদি আপোনাৰ চাইকেল চলোৱাৰ অভ্যাস আছে, তেন্তে ইয়াৰ যোগেদি অতি সোনকালে চৰ্বি কমাব পাৰে । এইধৰণৰ অভ্যাস ফিট হৈ থকাৰ বাবেও উত্তম । প্ৰতিদিনে পুৱা আধা ঘণ্টাৰ চাইক্লিঙৰ জৰিয়তে আপুনি মাহটোত সহজে দুইৰ পৰা তিনি কিলো ওজনৰ কমাব পাৰে । ইয়াৰ বাবে আপুনি বাটলৈ গৈ চাইকেল চলোৱাৰ প্ৰয়োজন নাই । চাইকেল অবিহনেও চাইক্লিঙৰ প্ৰভাৱ পেলাব পাৰে । অৰ্থাৎ কঠ এখনত চিত হৈ শোৱক । হাত দুখন কোঁচাই মূৰৰ পিছ ফাললৈ নি দুহাতেৰে মূৰটো কিছু ওপৰলৈ দাঙক । আঁঠু দুটা কোঁচাই আনি বুকুত লগাওক আৰু পিছত ভৰিৰে চাইকেল চলোৱাৰ নিচিনা কৰক । প্ৰথমতে বাওঁ ভৰিৰে আৰু পিছত সোঁভৰিৰে এনেভাৱে অভ্যাস কৰক ।

এৰ’বিকছ কৰাও লাভদায়ক -

লঘু ব্যায়াম আৰু সংগীত দুয়োকে যদি আপোনাৰ দৈনিক ৰুটিনৰ অংশ কৰি লয়, তেতিয়াহ’লে সহজে পেটৰ চৰ্বি কমাব পাৰে । এৰ’বিকছক লঘু ব্যায়াম হিচাপে গণ্য কৰা হয় আৰু এইধৰণৰ কৌশল বহু মানুহে পচন্দ কৰে । এনে কৌশলেৰে ভাগৰুৱা ভাবো কমকৈ অনুভৱ কৰা হয় । এই কাৰণতে যিকোনো ব্যায়ামৰ অভ্যাস কৰাৰ পূৰ্বে এৰ’বিকছৰ অভ্যাস কৰক । প্ৰতিদিনে আধাঘণ্টাকৈ কৰিলেও ৫০০ ৰ পৰা ৮০০ কেলৰি অৱশ্যেই বাৰ্ন কৰিব পাৰিব ।

নৃত্যৰ অভ্যাসেৰে কমাওক ওজন -

আপুনি যদি ব্যায়াম কৰি আহি বিৰক্ত হৈ পৰিছে আৰু আপোনাৰ নৃত্য কৰি ভাল লাগে, তেন্তে নিজৰ ফিটনেছৰ চিন্তা কৰাৰ মুহূৰ্তত নৃত্যক অন্তৰ্ভুক্ত কৰি হাঁহিমুখে শৰীৰটোক স্বাভাৱিক অৱস্থালৈ আনিব পাৰে । সাধাৰণতে মহিলাসকলৰ কঁকালৰ ওপৰ অংশত যিমান সোনকালে চৰ্বি বাঢ়ি আহে, সিমান সোনকালে চৰ্বি কমোৱাৰ কাৰণে শৰীৰৰ ওপৰভাগৰ ব্যায়াম কৰিলে সু-পৰিণাম সহজে পোৱা যায় । যদি আপোনাৰ নৃত্যৰ প্ৰতি সঁচাকৈয়ে চখ আছে, তেন্তে সংকোচ এৰি ইয়াক দৈনন্দিন কাৰ্য তালিকাত স্থান দিয়ক । অতিৰিক্ত চৰ্বি কমোৱাৰ ই এক সুন্দৰ উপায় । ইয়াৰ যোগেদি আপুনি নিজৰ চখ পূৰাবও পাৰিব আৰু অতিৰিক্ত কেলৰি বাৰ্ন কৰিবও পাৰিব । নৃত্যই শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি দাহ কৰাত বিশেষ ভূমিকা লয় । যদি নিয়মিত সঠিক পদ্ধতিৰে নৃত্য কৰা হয়, তেন্তে ইয়াৰ দ্বাৰা অতি কম সময়ৰ ভিতৰত ৫০০-১০০০ কেলৰি বাৰ্ন কৰিব পৰা যায় ।

সাঁতোৰ অন্য এক কৌশল -

কেলৰি বাৰ্ন কৰি সম্পূৰ্ণ শৰীৰটোক সুগঠিত কৰাৰ বাবে সাঁতোৰ অন্য এক উপযুক্ত মাধ্যম । দৈনিক চল্লিশ মিনিটকৈ সাঁতোৰাৰ অভ্যাস কৰিলে প্ৰায় ৬০০ কেলৰি বাৰ্ন কৰিব পৰা যায় । মনত ৰাখিব- পানীত কৰা যিকোনো ব্যায়ামে দুৰ্বল পেশীসমূহকো শক্তিশালী কৰি তোলে । গাঁঠিৰ বিষৰ পৰাও আৰা, পাব পৰা যায়, লগতে ই উদ্বিগ্নতাও দূৰ কৰাত সহায় কৰে ।

আউটড’ৰ ব্যায়াম -

চৰ্বি অতি সোনকালে হ্ৰাস কৰিবলৈ নিয়মিত আউটড’ৰ গেমছ খেলা অতি আৱশ্যক । ই হতাশামুক্ত কৰে , লগতে ৫০০-১০০০ কেলৰিও বাৰ্ন কৰিব পাৰে । সেয়ে প্ৰতিদিনে কিছু সময় বেডমিণ্টন খেলাটো আপোনাৰ পক্ষে লাভদায়ক হ’ব । ইয়াৰ দ্বাৰা পেটৰ উপৰি বাহু আৰু কৰঙনত জমা হোৱা অতিৰিক্ত চৰ্বি কমাব পাৰি । ইয়াৰোপৰি সদায় পুৱা খোজ কাঢ়ি আৰু জগিং কৰিও চৰ্বি কমাই আনিব পৰা যায় । দ্ৰুতগতিৰে সদায় ৪৫-৫০ মিনিট খোজ কাঢ়ক । জগিং কৰি ভাল পায় যদি ইয়াৰ দ্বাৰা আপোনাৰ হৃৎপিণ্ডৰ গতি স্বাভাৱিক হোৱাৰ ক্ষমতাও বাঢ়িব । সদায় দুই কিলোমিটাৰ জগিং কৰি যথেষ্ট চৰ্বি বাৰ্ন কৰিব পাৰি ।

সাৱধানতা -

যিকোনো ব্যায়াম আৰম্ভ কৰাৰ পূৰ্বে নিজৰ শাৰীৰিক সমস্যা সম্পৰ্কে ব্যায়াম প্ৰশিক্ষকজনৰ সৈতে আলোচনা কৰক । যাতে তেওঁ সেই অনুসাৰে আপোনাক ‘গাইড’ কৰিব পাৰে ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

 

শেহতীয়া উন্নীতকৰণ: : 6/26/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate