আধুনিক সমাজৰ অভিশাপ জীৱনশৈলীজনিত ৰোগ। মেদবহুলতা, হৃদৰোগ, মধুমেহ জীৱনশৈলীজনিত ৰোগ। আনকি বহুলাংশে কৰ্কটো জীৱনশৈলীজনিত ৰোগ। কিন্তু প্ৰতিদিনে মাত্ৰ ৩০ মিনিটৰ পৰা ৪০ মিনিট খোজ কাঢ়িলে এই ৰোগসমুহ দুৰতে বিদুৰ কৰিব পাৰি। সহজ অৰ্থত ক’বলৈ গ’লে জীৱনশৈলী ৰোগকে ধৰি আন বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে দৈনিক খোজ কঢ়া এক মহৌষধ। আধুনিক জীৱন-যাত্ৰাত মানৱ জাতি অত্যন্ত যন্ত্ৰনিৰ্ভৰ হৈ পৰিছে। স্বাভাৱিকতে এই যন্ত্ৰনিৰ্ভৰতাই মানুহৰ শাৰীৰিক কাৰ্যকলাপ আৰু কচৰৎ অভাৱনীয়ভাৱে সীমিত কৰিছে। বিশেষকৈ মানুহৰ খোজ কঢ়াৰ পৰিমাণ উদ্বেগজনকভাৱে হ্ৰাস হৈছে। শাৰীৰিক কাৰ্যকলাপ হ্ৰাস পোৱাৰ কাৰণেই নানান শাৰীৰিক কাৰ্যকলাপ হ্ৰাস পোৱাৰ কাৰণেই নানান শাৰীৰিক অসুস্থতা আৰু ৰোগে মানুহৰ শৰীৰত থিতাপি লৈছে। কোনো ধৰণৰ দৰব সেৱন নকৰাকৈ দৈনিক খোজ কাঢ়িলে মানুহে বহু ৰোগৰ পৰা ৰক্ষা পাব পাৰে।
খোজ কঢ়াই হৃদযন্ত্ৰৰ সবল আৰু শক্তিশালী কৰে। আইৰিছ বিজ্ঞানীৰ এক গৱেষণাত প্ৰকাশ পাইছে যে সকলো ধৰণৰ ব্যায়ামৰ ভিতৰত দৈনিক খোজ কঢ়াই হৈছে শ্ৰেষ্ঠ ব্যায়াম। দৈনিক নিয়মিতভাৱে কমেও ৩০ মিনিট খোজ কাঢ়িলে হৃদৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। আমেৰিকান জেৰিয়াট্ৰিকছ ছ’চাইটিৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে, আনকি ৬৫ বা তাতোকৈ ঊৰ্ধ্বৰ পুৰুষ-মহিলায়ো যদি সপ্তাহত কমেও ৪ ঘণ্টা খোজ কাঢ়ে, তেন্তে হৃদজনিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৫০ শতাংশ কম। সেয়ে নিয়মিতভাৱে ৩০ ৰ পৰা ৪০ মিনিট খোজ কাঢ়ি যিকোনো ধৰণৰ হৃদৰোগৰ পৰা আঁতৰি থাকক।
উৎস: জি এনআৰচি স্বাস্থ্য
শেহতীয়া উন্নীতকৰণ: : 2/28/2024