গৰমৰ দিনকেইটা বৰ অসহ্যকৰ দিন। এনে দিনত দেহত সতেজতা নাথাকে, সোনকালে ভাগৰুৱা হওঁ। দেহত ঘাম ওলায়। গৰমৰ দিনৰ ঘাম পিছে ততালিকে নুশুকায়। ঘামৰ গোন্ধে আনকো দিয়ে অশান্তি তথা যন্ত্ৰনা। কিন্তু গৰমৰ ঘামৰ গোন্ধ নাইকিয়া কৰিবলৈ কেৱল গা ধুলেই যথেষ্ট নহয়। কিছুমান পন্থা মানি চলিলেহে গৰমত গাৰ গোন্ধৰ পৰা হাত সাৰি থাকিব পাৰি।
গা ধোওঁতে সদায় ডেটল, ছেভলন, চিন্থল, মাৰ্গো, নিম আদিৰ দৰে বেক্টেৰিয়ানাশক চাবোন ব্যৱহাৰ কৰিব পাৰি। গা ধোৱা পানীত পাতলীয়াকৈ নিমখ আৰু নেমুৰ ৰস মিহলাই ল’লে অধিক সুফল আশা কৰিব পাৰি। নিমখ মিহলোৱা বাবে চুলি বা নোম পকিব বুলি ভয় খোৱাৰ প্ৰয়োজন নাই। কাষলতিৰ তলত নেমু টেঙা ঘহিলেও গাৰ গোন্ধ নোলায়। এনে নকৰি ঠাইটুকুৰা ডেটল পানীৰে প্ৰতিদিনে দুই-তিনিবাৰ ধুই পেলালেও একেই ফল পাব।
গৰমৰ দিনত কপাহী বা পাতল ৰঙৰ কাপোৰ পিন্ধিলে গাৰ গোন্ধৰ পৰা ৰক্ষা পাব পাৰি। বৰকৈ গা ধোৱাৰো প্ৰয়োজন নাই- দুবাৰকৈয়ে যথেষ্ট। গা ধুই উঠি কাষলতিৰ তল, ডিঙি, পেট আদিত সুগন্ধি ব’ডি স্প্ৰে লগাব পাৰে। টেলকম পাউদাৰ নলগাব, কিয়নো এই পাউদাৰে ঘামবোৰ শুহি নিয়ে যদিও ছালতে জমা ৰাখে বাবে গাৰ গোন্ধ অতি বেছিহে হোৱাৰ উপৰি চৰ্মৰোগো হোৱাৰ সম্ভাৱনা নথকা নহয়। কাপোৰত পাৰফিউম লগাব পাৰে। হাৰ্ড নহয় ছফট পাৰফিউম ব্যৱহাৰ কৰিব। মছলাযুক্ত বা ভজা পোৰা খাদ্য এই দিনকেইটাত নোখোৱাই ভাল। নেমুৰ চৰবত, কুঁহিয়াৰৰ ৰস, ডাবৰ পানী তথা তৰমুজ, তিয়ঁহ আদি বতৰৰ ফল-মূলবোৰ খালে গৰমৰ দিনকেইটাত দেহটো সতেজ হৈ থাকিব। গৰমৰ দিনত নিতৌ দহৰ পৰা বাৰ গিলাচকৈ পানী খোৱা উচিত। দেখিব, আপোনাৰ গাৰ পৰা দুৰ্গন্ধ আতঁৰাব সমান্তৰালভাৱে আমাৰ চকুত গৰমৰ দিনকেইটাতো হৈ আছে ফিট...কিউট।
লেখিকা: বৰ্ণালী শৰ্মা বৰ্মন, প্ৰিয় সখী।