আহাৰ আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু। আদিম যুগৰে পৰা মানুহে য’তেই খাদ্য উৎপাদন কৰিব পৰা যায় ত’তেই বাস কৰিবলৈ লৈছিল। মানুহে খাদ্য উৎপাদন কৰিবৰ কাৰণে নিতৌ নিতৌ নতুন কৌশল উদ্ভাৱন কৰিছে। আমাৰ দৈনিক খাদ্যত চাউল, আটা, ময়দা আদিৰ পৰা আৰম্ভ কৰি মাহ, তেল, গুড়, চেনি, গাখীৰ, মাছ, মাংস, কণী আদিৰ প্ৰয়োজন নাই। বজাৰৰ দিনে দিনে বাঢ়ি অহা দামলৈ লক্ষ্য ৰাখি মাছ, মাংস, কণী, গাখীৰ আদি দামী বস্তুবিলাক কিনি খাই পুষ্টিকাৰিতাৰ চাহিদা পূৰণ কৰাৰ ক্ষমতা সকলোৰে নাই। সেই কাৰণে যিবোৰ বস্তু ঘৰতে উৎপাদন কৰিব পাৰি সেইবিলাক ঘৰতে উৎপাদন হ’লে পুষ্টিকাৰিতাৰ চাহিদা পূৰণ হ’ব। লগতে ইয়াৰ যোগেদি নিম্ন আয়ৰ লোকসকলে উৎপাদনৰ কিছু বস্তু বজাৰত বিক্ৰি কৰি কিছু উপাৰ্জন কৰিবলৈও সক্ষম হ’ব।
ঘৰতে গৰু, ছাগলী, হাঁহ, পাৰ আদি পুহিলে ইহঁতৰ পৰা প্ৰয়োজনীয় খাদ্য-সামগ্ৰী পোৱা সম্ভৱ হ’ব। গৰু, ছাগলী, ম’হৰ পৰা উৎপাদন হোৱা গাখীৰ এক পৰিপূৰ্ণ আহাৰ। শিশু আৰু বৃদ্ধৰো প্ৰধান আহাৰ হ’ল গাখীৰ। গতিকে ঘৰতে এইবোৰ পুহিলে নিৰ্ভেজাল গাখীৰকণ ঘৰতে খাবলৈ পোৱাৰ উপৰি কিছু উপাৰ্জন কৰিব পাৰিব। হাঁহ, কুকুৰা, পাৰ, ছাগলী আদি পুহিলে শৰীৰৰ কাৰণে অতি লাগতিয়াল বস্তু মাংস, কণী খাবলৈ পোৱা যাব। মাছ মানুহৰ প্ৰধান খাদ্য। ঘৰৰ বাৰীতে থকা পুখুৰীটোত ডাঙৰ সৰু বিভিন্ন মাছ জীয়াই থো ডাঙৰ হ’লে যেতিয়াই মন যায় তেতিয়াই খাব পৰা যায়। মাছ প্ৰ’টিনৰ এটা গুৰুত্বপূৰ্ণ উৎস। সৰু সৰু মাছত কেলছিয়াম পোৱা যায়। এনেধৰণে ঘৰতে মাছ উৎপাদন কৰিলে কম খৰচতে সময়মতে মাছ খাব পৰা যাব।
তদুপৰি ঘৰৰ পিছফালে বাৰীত নানা তৰহৰ ফল-মূলৰ গছ, যেনে-আম, কঁঠাল, জামু, কল, নাৰিকল, মধুৰিআম, বগৰী, আমলখি আদি গছ ৰুই ঘৰতে প্ৰয়োজনীয় আহাৰ উৎপাদন কৰিব পাৰি। ফল-মূল আমাৰ শৰীৰৰ কাৰণে অতি লাগতিয়াল খাদ্যসামগ্ৰী। ডাকৰ বচনত আছে-‘তিনিশ ষাঠি জোপা ৰুবা কল মাহেকে-পষেকে চিকুণাবা তল, পাত-পটুৱা লাভত খাবা, লংকাৰ বণিজ ঘৰতে পাবা।‘ তিনিশ ষাঠি জোপা নুৰুলেও অন্তত: বাৰীত কেইজোপামান কল ৰুলেও তাৰ পৰা সকলোৰে প্ৰিয় ফল কল, ভাজি তৰকাৰীৰ কাৰণে কলডিল, পচলা, পূজা-পাৰ্বণ, নাম-প্ৰসংগত ব্যৱহাৰ কৰিবৰ কাৰণে কলপাত, পটুৱা, কলগছৰ গুৰিৰ পৰা খাৰ(খোৱা খাদ্য ৰুপে) তৈয়াৰ কৰিব পাৰি।
শাক-পাচলি, যেনে- লাই, লফা, চুকা, পালেং, ধনিয়া, মৰিচা, মূলা, পদিনা, মচন্দৰী, বাবৰী শাক, গাজৰ, কবি, তিয়ঁহ, উৰহি, ৰঙালাউ, জাতি লাউ, ভোল, জিকা, কোমোৰা, ধুন্দুলী, কুন্দুলি, বিলাহী, অমিতা, জলকীয়া, পূৰৈ শাক, চজিনা, জলফাই, নেমু, বেঙেনা, কাঠ আলু, কচু, আদা, হালধি আদি বতৰৰ শাক-পাচলি ঘৰতে খেতি কৰিলে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে অতিৰিক্তখিনি বজাৰত বেছিলে ধন উপাৰ্জনৰ বাটো মুকলি হ’ব। শাক-পাচলি আৰু ফল-মুলেৰে পৰিপূৰ্ণ এখন বাৰীয়ে পৰিয়ালৰ সকলোৰে মনত আনন্দ দিয়াৰ উপৰি বতৰৰ ফল-মূল আৰু শাক-পাচলি নিৰ্ভয়ে যথেষ্ট পৰিমাণে খাব পাৰি। ঘৰতে এইবোৰ খাদ্য উৎপাদন কৰিলে ব্যয় কমাই আয়ৰ পথো মুকলি কৰে। শাক-পাচলিৰ খেতি কৰোতে যিখিনি পৰিশ্ৰম হয় তাৰ পৰা মানুহৰ স্বাস্থ্য ভালে থাকে। ফলে-ফুলে, শাকে-পাচলিয়ে জাতিস্কাৰ এখন বাৰীয়ে ঘৰখনৰ পৰিয়ালৰ লোকসকলৰ আনন্দ যোগোৱাৰ লগতে ঘৰৰ চৌদিশে এটা পৰিস্কাৰ পৰিৱেশৰ সৃষ্টি কৰে।
ঘৰৰ গৃহিণীগৰাকীয়েই পৰিয়ালৰ সকলোৰে মন বুজি বিধে বিধে ৰান্ধি আহাৰৰ যোগান ধৰে। আজিকালি প্ৰায়ভাগ মহিলাই চাকৰিজীৱী। ঘৰ পৰিচালনাৰ লগতে চাকৰীৰ দায়িত্বও আহি পৰে। গতিকে ৰন্ধা বঢ়াত বেছি সময় খৰচ কৰিবলৈ সময় নহয়। সেই কাৰণেই বেছিভাগ মহিলাই সুবিধাজনক আহাৰ ব্যৱহাৰ কৰে। এনেধৰণৰ আহাৰ বজাৰত বিভিন্ন ধৰণে পাব পাৰি। যেনে-টিনৰ আহাৰ, পেকেট কৰা আহাৰ আৰু গোট মৰা আহাৰ। এনেবোৰ আহাৰৰ এয়ে সুবিধা যে খুব কম সময়ৰ ভিতৰতেই পেকেট খুলিয়েই ৰান্ধিব আৰু পৰিৱেশন কৰিব পাৰি। এনে আহাৰ বছৰৰ বিভিন্ন সময়ত পোৱা যায় আৰু স্ংৰক্ষণ কৰিবলৈও সহজ। এনে ধৰণৰ আহাৰ হ’ল- বিভিন্ন ধৰণৰ শিশুৰ আহাৰ, চেৱৈ, মেগী, কাষ্টাৰ্ড, পনীৰ, গুড়ি গাখীৰ, আচাৰ, চাটনি, জাম, জেলি, ফলৰ ৰস, চৰবত ইত্যাদি। এইবোৰ আহাৰ কিনোতে বৰ সাৱধান হোৱা দৰকাৰ।
চৰকাৰী প্ৰতিঠানসমূহে চৰকাৰৰ স্বীকৃত গৱেষণাগাৰসমূহত পূৰ্বপ্ৰস্তুত আহাৰৰ ওপৰত গুণাগুণ ভালদৰে পৰীক্ষা কৰি খাদ্যৰ মান নিৰ্ণয় কৰি খাদ্যৰ পেকেটৰ মোহৰ(মাৰ্ক) মাৰে। এই মাৰ্ক বিলাক ‘এগমাৰ্ক, আই অছ আই, এফ পি অ’ পেকেট, টিন আৰু বটলৰ খাদ্যসমূহৰ ওপৰত এইবিলাক মাৰ্ক থকা খাদ্য উচ্চমান বিশিষ্ট বুলি চিহ্নিত কৰা হয়। এইবিলাক খাদ্যবস্তুৰ দাম অলপ বেছি হয়। কিন্তু এইবোৰ খাদ্যবস্তু ভেজাল নহয়। কাৰণ পেকেট কৰা খাদ্য-সামগ্ৰীত বিক্ৰেতাই সহজে ভেজাল কৰিব নোৱাৰে। গতিকে বস্তু কিনোতে এনে মোহৰ থকা খাদ্যহে কিনিব লাগে। আহাৰেই জীৱ। খাদ্যৰ উপযুক্ত বাছনিৰ যোগেদিয়েই সুদীৰ্ঘ জীৱন লাভ কৰিব পাৰে।
ৰেণু বৰা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন
শেহতীয়া উন্নীতকৰণ: : 4/3/2020
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
আহাৰৰ দ্বাৰা বিষ নিৰাময়
আহাৰ আৰু স্বাস্থ্য
কোমোৰা আৰু ইয়াৰ বিশেষ গুণাগুণৰ বিষয়ে ইয়াত দিয়া হৈছ...