অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰতে পেটৰ চৰ্বি কমোৱা ৪টা ব্যায়াম

ঘৰতে পেটৰ চৰ্বি কমোৱা ৪টা ব্যায়াম

 

পুৰুষেই হওক বা মহিলাই হওক পেটুৱা মানুহক সকলোৱে আপচু দেখে। বিশেষকৈ আজিকালি আধুনিক যুগত পেটুৱা হোৱাটো এটা ডাঙৰ সমস্যা।

যি মন যায় তেনেধৰণৰ ফেশ্বনেবল কাপোৰ পিন্ধিব নোৱাৰি আৰু যি মন যায় ৰুচিকৰ খাদ্য খাবও নোৱাৰি। মুঠৰ ওপৰত পেটৰ চৰ্বিয়ে মনৰ সুখ বহুখিনি হ্ৰাস কৰে।

লগতে এই কথাও ঠিক যে পেটৰ চৰ্বি হ্ৰাস কৰাটো সকলোতকৈ কঠিন।

মূলতঃ পেটৰ চৰ্বি তিনি ধৰণৰ হয়-

১)লুজ ফেট:

এই চৰ্বি মূলতঃ কোমল হয় আৰু ইয়াক হ্ৰাস কৰা বহুলাংশে সহজ।

২)ছাগি ফেট:

গৰ্ভাৱস্থাত সাধাৰণতে মহিলাসকলৰ পেটত এই ধৰণৰ চৰ্বি জমা হয়। এই চৰ্বি সাধাৰণতে কোমল আৰু থুলথুলীয়া হয়।

৩)টাইট টামি:

সাধাৰণতে পুৰুষৰ ক্ষেত্ৰত এনেধৰণৰ চৰ্বি দেখা যায়। এই চৰ্বি যথেষ্ট টান হয় বাবে ইয়াক হ্ৰাস কৰা বহু কষ্টকৰ।

উল্লিখিত এই তিনি ধৰণৰ চৰ্বি হ্ৰাস কৰাৰ বাবেই বেলেগ বেলেগ ধৰণৰ ব্যায়াম আছে। আমি ইয়াত ঘৰতে কৰিব পৰা তথা সোনকালে চৰ্বি হ্ৰাস কৰা চাৰিটা ব্যায়ামৰ বিষয়ে উল্লেখ কৰিছোঁ।

ক্ৰাঞ্চেছ:

মজিয়াত ওপৰলৈ মুখ কৰি শুই পৰক। দুয়োখন ভৰি আঁঠুত সামান্য ভাজ কৰি লওক।

এইবাৰ দুয়োখন হাতৰ তলুৱা মূৰৰ তলত লৈ মূৰটো লাহে লাহে কঁকাললৈকে তোলক।

তাৰ পিছত তেনে অৱস্থাতে কেইছেকেণ্ডমান ৰৈ পুনৰ মূৰটো লাহে লাহে তললৈ নমাই। কিন্তু চাব যাতে মূৰটো মজিয়াত নালাগে।

এনেদৰেই যিমানবাৰ পাৰে এই ব্যায়ামৰ অনুশীলন কৰিব।

প্লাংক:

দুয়োখন হাতৰ কিলাকুটিত ভেজা লৈ তললৈ মুখ কৰি শোৱক।

এতিয়া কিলাকুটি আৰু ভৰিৰ আঙুলিত ভৰ দি গোটেই শৰীৰটো সমান্তৰালভাৱে ওপৰলৈ তুলি ধৰক।

এনে অৱস্থাত অতি কমেও ২ মিনিট স্থিৰেৰে থাকিবলৈ চেষ্টা কৰক।

যিমান দেৰি থাকিব পাৰিব সিমানে ভাল। দেখিবলৈ সহজ এই ব্যায়াম যথেষ্ট কষ্টসাধ্য অৰু ফলপ্ৰসূ।

লেগ ৰাইজিং:

মজিয়াত ওপৰ মুৱাকৈ চিৎ হৈ শোৱক আৰু হাত দুখন কঁকালৰ কাষত মজিয়াত লগাই থওক।

ইয়াৰ পিছত দুয়োখন ভৰি লাহে লাহে ৯০° কোণত ওপৰলৈ তোলক।

এনেদৰে কিছুসময় থাকি পুনৰ ক্ৰমান্বয়ে তললৈ নমাই আনক।

সম্পূৰ্ণ ৯০° কোণত প্ৰথম অৱস্থাত দাঙিব নোৱাৰিলেও যিমানলৈকে পাৰে দুয়োখন ভৰি একেলগে সমান্তৰালকৈ দাঙিবলৈ চেষ্টা কৰক।

লেগ ৰাইজ হলডিং:

লেগ ৰাইজিঙৰ দৰেই একেই পদ্ধতিতে দুয়োখন ভৰি ৯০° কোণত ওপৰলৈ তোলক।

আৰু যিমান সময় পাৰে সিমান দুয়োখন ভৰি স্থিৰ কৰি ৰাখক।

তাৰ পিছত নমাই আনক।

ওপৰত উল্লেখ কৰা চাৰিটা ব্যায়ামেই কেইবাবাৰকৈ কৰিবলৈ চেষ্টা কৰক।

উৎস: নিয়মীয়া বাৰ্তা

শেহতীয়া উন্নীতকৰণ: : 3/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate