ৰাতিপুৱা একাপ চাঁহ খাবলৈ নাপালে কাৰনো বাৰু ভাল লাগে ? কিছুমানে শোৱাপাতিত(bed tea) খোৱা অভ্যাস, কিছুমানে মুখ খন ধু্ইয়ে খোৱা অভ্যাস, কিচুমানৰ চাঁহ নাখালে শৌচ নলগা অভ্যাস, বহুতে আকৌ চাঁহকাপ নাখালে মুৰ বিষোৱা ,মন ভাল নলগা বা কোনো এটা কামতে হাত দিব নোৱাৰা এনে নানা জনৰ নানা অভ্যাস । আনহাতে দিনৰ বিভিন্ন সময়ত বিভিন্ন জনৰ ২/৪/৮/১০ কাপ পৰ্য্যন্ত চাঁহ খোৱা অভ্যাস , বন্ধু ২/৩জন লগ লগিলেই চাঁহ খোৱা , কাৰোবাৰ কিবা কৰি দিলেই চাঁহ খোৱা , আলহী জন আহিলেই চাঁহ খুউৱা , মেল মিটিঙত খোৱা,অফিচাৰ কেৰানী হঁতক চাহ খুউৱা ইত্যাদি দিনটোৰ নানা সময়ত আমি চাঁহ খাও বা আনকো খুৱাওহঁক।
মুঠতে চাহকাপ আমাৰ জীৱনৰ এক অপৰিহাৰ্য্য পানীয় যাক নাখালে আমাৰ (১/২জনক বাদ দি)এটা দিনো নচলে।
লোকৰ ৰক্তচাপ সাধাৰনতে নিম্ন তেনে লোকৰ বাবে চাঁহ বা কফি কিছু হিত কাৰক বা অতি চেচা পৰিৱেশ নাইবা ঠান্ডা অনুভৱ কৰা মুহুৰ্তত চাহকাপে দেহৰ উত্তাপ/উত্তেজনা অনাত কিচু সহায় কৰে । অতি শীতপ্ৰধান আমেৰিকা, ইউৰোপ,ফ্ৰান্স,'জাৰ্মান, কানাডা আদি ঠাইৰ লোকৰ ৰক্তচাপ প্ৰায়েই নিম্ন । সেয়ে তেনে ঠাইৰ তথা আমাৰ ভাৰতৰো অতি শীত প্ৰধান ঠাই বিষেশৰ লোকৰ বাবে চাঁহ কফি বা দেহ উত্তেজক সুৰা আদিয়ে দেহৰ উত্তাপ ৰক্ষাত সহায় কৰে । সেয়ে ইংৰাজ সকলেও ভাৰতলৈ আহি ১৭শতাব্দিত আমাৰ ইয়াত চাহৰ খেতি কৰিবলৈ লয় আৰু বিদেশৰ বিভিন্ন শীতপ্ৰধান দেশলৈ ৰপ্তানী কৰি বৃহৎ মুনাফা আদায় কৰে ।
১৭শতিকাৰ আগতে ভাৰতীয় কোনো লোকে চাঁহ বা কফিৰ বিষয়ে নাজানিছিল। আয়ুৰ্বেদ শাস্ত্ৰতো চাহৰ বিষয়ে কোনো উল্লেখ নাই । অৱশ্যে তাৰ বিপৰীতে আয়ুৰ্বেদিক দ্ৰব্যগুণযুক্ত অন্য পানীয়ৰ ব্যৱহাৰ নথকা নহয় :সেইবোৰ দেহৰ বাবে যথেস্থ উপকাৰী আছিল ।
ভাৰতত চাঁহ খেতিয়ে যথেস্থ সংস্থাপন বা মুনাফা দিছে যদিও বাগিচা সমুহৰ লগত জৰিত বৃহদ বিদেশী ব্যবসায়িক কোম্পানি সমুহেও লাভৱান হৈছে । লাভৱান যোনেই নহওক , ভাৰতৰ শীতপ্ৰধান দুই এখন ৰাজ্যৰ বাহিৰে গ্ৰীষ্মপ্ৰধান অসম বা অন্য ৰাজ্যসমুহৰ বাবে চাঁহ, কফি আদি উত্তেজক পানীয়বিধ খোৱাতো কোনোপধ্যে স্বাস্থ্যসন্মত নহয়।
১। ইয়াত থকা নিকোটিন আদিকে ধৰি ওঠৰ বিধ
ৰসায়ন থাকে যিবোৰ গ্ৰীষ্মপ্ৰধান লোকৰ দেহৰ বাবে প্ৰতিবিধেই ক্ষতিকাৰক।
২। ৰক্তচাপ বৃদ্ধি কৰে ।
৩। পেটৰ ভোক আৰু ৰুচী কমায় ।
৪। চাঁহ অতি অম্লধৰ্মী । গাখীৰ মিহলোৱা চাহ তাতোকৈ বেচি অম্লধৰ্মী । শীতপ্ৰধান অঞ্চলত বসতি কৰা লোকৰ পেটে অম্লতা সহিব পাৰে যদিও গ্ৰীষ্ম ৰাজ্যত বসতি কৰা লোকৰ পিত্ত , অম্ল পিত্ত ,ৰক্তপিত্ত, গেছ বাএচিডিতিৰ প্ৰভাৱ অতিকে বেচি । আমি খোৱা চাঁহকাপে এনে বোৰ ৰোগ বঢ়োৱাত যথেস্থ ইন্ধন যোগায় ।
আপুনি জানেনে? চাঁহৰ পৰা হোৱা অম্লপিত্ত তেজত ৰক্তপিত্তলৈ পৰিৱৰ্তিত হৈ দেহত কব নোৱাৰাকৈ ৮০বিধ বেমাৰ হব পাৰে !কোনোবা এটাই হয়তো গোটেই জীৱন ৰুগীয়া বা তিলতিলকৈ অকাল মৃত্যুও ঘটাব পাৰে ।
আচলতে চাঁহ খোৱাটো এটা নিচা মাত্ৰহে :-
অধিক চাহ খোৱাতো বেয়া বুলি সকলোৱে জানো । তথাপি সৰুৰে পৰা মৰনকাললৈ খায়েই আছো। চাহৰ পৰা বেমাৰ হলেও ভুগিয়েই আছো ,ডক্তৰ কবিৰাজক পইচা দিয়েই আছো । ৮০ বিধ নহয় যিমানেই ৰোগ নহওক সৰুৰে পৰা খোৱা চাহৰ নিচা কোনোপধ্যে এৰিব নোৱাৰো ।
ভাৰতত বছৰি কমেও ৭০ কোটি কিলোগ্ৰাম চাহপাত বিক্ৰী হয় । খুচুৰা ভাওত গড়ে ২০০ টকাকৈ হিচাব কৰক । নিজে কেইকাপকৈ খায় আৰু বছৰি বা জীৱনটোত কিমান টকাৰ চাহ খাব পাৰে অংক কৰক (নাস্তাৰ কথা নকও বাৰু) এইবাৰ ভাবক আপুনি কিমান টকাৰ দেহৰ ক্ষতি কাৰক অম্লীয় বিষ খাই আছে আৰু নজনাকৈ কিমান টকাৰ চিকিৎসা ব্যয় হৈ আছে । সেয়ে বন্ধুসকল পাৰিলে লাহে লাহে চাহৰ নিচা এৰক । চাহেই হৈছে এচিডিতিৰ বাহক ।আপুনি যদি কোনো ৰোগত ভুগী আছে ১মাহ এৰিলেই গম পাব আপোনাৰ ৰোগ উপসম হোৱাত কিমান সহায়ক হৈছে ।
কিছুমান্ চিকিৎসকে ৰোগ বিশেষে চাঁহ খাবলৈ পৰামৰ্শ দিয়ে যদিও বনদৰৱ মিশ্ৰিত আয়ুৰ্বেদিক চাঁহ বা হাৰ্বেল টি বহুগুণে , বহুবিধ ৰোগৰ বাবে উৎকৃষ্ট । আগৰ দিনত ভাৰতীয় তথা আমাৰ ককা আইতা হঁতে অৰ্জুন চাল , বেলৰ শুঠ ,তুলসী,আদা,জালুক, দালচিনি ,নেমু ৰস আদিবোৰ সিজাই গুড়েৰে চাহ বনাই খাইছিল । সেইবোৰে একো অন্যায় নকৰিছিল ,বেমাৰ আদিও নহৈছিল । আয়ুৰ্বেদিক দোকানতো বিভিন্ন বনদ্ৰব্য যুক্ত চাহ (হাৰ্বেল টি)পোৱা যায় । এনেবোৰ চাহে দেহৰ বা একো নহলে গাখীৰ খাব । চৰবত খাব, গুড় খাব ,ফল খাব । তাকো নাপালে গৰম পানী কেইঢোকমান খাব তাতো উপকাৰ পাব । যথেস্থ উপকাৰ কৰে বা গেছৰ প্ৰব্লেম আদিও হোৱাৰ আশংকা নাথাকে ।
লেখক: যতীন দাস
শেহতীয়া উন্নীতকৰণ: : 2/6/2019