আধ্যাত্মিকতা, শান্তি আৰু শুদ্ধতাৰ প্ৰতীক বুলি মানি লোৱা হয় ধূপ কাঠি। প্ৰায় সকলো ধৰণৰ ধৰ্মীয় অনুষ্ঠানতে মানুহে ধূপ জ্বলায়। জ্বলোৱা ধূপৰ পৰা নিৰ্গত হয় সুগন্ধি ধোঁৱাৰ। ধূপৰ সুগন্ধই সমগ্ৰ পৰিৱেশটোকেই সুখদায়ক কৰি তোলে। সেয়ে যিকোনো ধূপ জ্বলাই মনবোৰ পবিত্ৰ কৰি লোৱা হয়। দোকান, বজাৰ, অফিচ, কাৰষানা পুৱা খোলাৰ লগে লগে আৰাধ্য দেৱতাৰ সমুখৰ বেদীত ধূপ কাঠি কেইডালমান বিশুদ্ধ অন্তঃকৰণেৰে জ্বলোৱা হয়। চৌদিশে বিয়পি পৰা সুগন্ধিয়ে মনলৈ এক প্ৰশান্তিৰ ভাব আনে। কিন্তু ধূপৰ এই সুগন্ধি ধোঁৱা মানুহৰ শৰীৰৰ কাৰণে অতি বিষতুল্য হ’ব পাৰে বুলি এক অধ্যয়নত গৱেষকসকলে প্ৰমাণ পাইছে। এই ধোঁৱা চিগাৰেটৰ পৰা নিৰ্গত হোৱা ধোঁৱাতকৈও বিষাক্ত হ’ব পাৰে বুলি এই অধ্যয়নত প্ৰমাণ পোৱা গৈছে। গতিকে ধূপৰ ধোঁৱা মানুহৰ বাবে কিবা দুৰাৰোগ্য ৰোগৰ কাৰক হ’ব পাৰে নেকি জাতি লওঁ আহকচোন।
কোৱা হয় যে সুগন্ধি ধোঁৱা নিৰ্গত ধূপে আমাৰ মনলৈ পবিত্ৰতা আৰু মংগলবাৰ্তা কঢ়িয়াই আনে। কিন্তু গৱেষকসকলে কৈছে যে এনে পবিত্ৰতা আনি পৰা ধূপে আমাৰ কাৰণে কিবা ৰোগৰ সম্ভাৱনাও কঢ়িয়াই আনিব পাৰে। ধূপৰ সুগন্ধি ধোঁৱা চিগাৰেটৰ ধোঁৱাতকৈও মাৰাত্মক হ’ব পাৰে। দীৰ্ঘসময় ধৰি ধূপৰ ধোঁৱাৰ ঘ্ৰাণ লৈ থাকিব লগা হ’লে মানুহৰ দেহত ‘শ্ব পয়জন’ৰ দৰে প্ৰতিক্ৰিয়া কৰি থাকে আৰু মানুহৰ দুৰ্বল কৰি আনে।
অধ্যয়নটোৰ ফলাফলৰ পৰা জানিব পৰা গ’ল যে এডাল ধূপ যেতিয়া জ্বলোৱা হয়, তেতিয়া ধূপডালত লগাই থোৱা অত্যন্ত মিহি সুগন্ধি মিশ্ৰিত উপাদানবোৰো জ্বলে আৰু ধোঁৱাৰ লগত মিহলি হৈ পৰে। সুগন্ধি ধূপৰ পৰা বিষাক্ত ৰাসায়নিক গুড়িবোৰ উৰি আহে আৰু সেই বিষাক্ত দ্ৰব্যবোৰ পোনপটীয়াকৈ আহি শৰীৰৰ শ্বাস নলীত সোমায়।
এই অধ্যয়নটোৰ মতে ধূপৰ ধোঁৱাত তিনিপ্ৰকাৰৰ বিষাক্ত দ্ৰব্য মিহলি হৈ থাকে। এইবিলাক দ্ৰব্য শৰীৰত সোমাই সঞ্চিত হ’লে কেন্সাৰ ৰোগৰ আশংকা বঢ়ায়। এই বিষাক্ত দ্ৰব্যবিলাকৰ ভিতৰত মিউটাজেনিক, চাইটোটক্সিক আৰু জিনাট’ক্সিক নামৰ ৰাসায়নিক যৌগই প্ৰধান। ধূপৰ পৰা ওলোৱা ধোঁৱা আমাৰ শৰীৰলৈ সোমোৱাৰ পিছত এইবিলাকে শৰীৰৰ হাওঁফাওঁত কেন্সাৰ সৃষ্টি কৰিব পাৰে দ্ৰব্যলৈ পৰিৱৰ্তিত হয় আৰু শৰীৰটো যিকোনো মুহূৰ্ততে ৰুগীয়া কৰি তুলিব পাৰে।
যেতিয়া ধূপৰ পৰা ওলোৱা ধোঁৱা শ্বাসৰ যোগেদি হাওঁফাওঁ পায়গৈ আৰু তাৰ ফলত বহুতো লোকৰ বুকু জ্বলা-পোৰা হ’ব পাৰে। ধূপত ব্যৱহাৰ কৰা কৃত্ৰিম সুগন্ধি দ্ৰব্যই শৰীৰৰ বাবে বিপদ মাতিব পাৰে।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 3/1/2024