অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি উজ্জ্বল আৰু কমনীয় কৰি ৰখাৰ উপায়

আজকালি অকল মহিলাসকলেই নহয়, পুৰুষসকলেও চুলিৰ বিশেষ যত্ন লয়। উজ্জ্বল একোচা চুলি হৈছে সৌন্দৰ্যৰ আধাৰ। সেয়ে চুলি স্বাস্থ্যবান আৰু সুন্দৰ সতেজ কৰি তুলিবলৈ কেইটিমান পৰামৰ্শ আগবঢ়োৱা হ’ল-

আহাৰ

ঘন সেউজীয়া শাক-পাচলি যেনে- ব্ৰুক’লি, লাই-পালেং আদি পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’, ভিটামিন ‘চি’ পোৱা যায়। দেহত থকা প্ৰাকৃতিক হেয়াৰ কণ্ডিচনাৰ চৰ্বি উতপাদন হ’বলৈ ভিটামিন ‘এ’, ভিটামিন ‘চি’ৰ্ প্ৰয়োজন হয়। চুলিৰ বাবে নাৰিকল অতি উত্তম খাদ্য। ইয়াৰ উপৰি দৈ, গাখীৰ আদি খালে চুলি মজবুত হোৱাৰ লগতে চুলিৰ উজ্জলতা বাঢ়ে। প্ৰচেছড আৰু টেমাত ভৰাই ৰখা খাদ্য নাখাব। যদি আপুনি সুষম আহাৰ গ্ৰহণ কৰে, তেতিয়া চুলিও স্বাস্থ্যবান হয়।

নিয়মীয়াকৈ মূৰ ফনিয়াব

চুলি শ্বেম্পু কৰাৰ আগতে ভালকৈ মূৰটো ফনিয়াব। ইয়াৰ ফলত চুলিৰ গুৰিলৈ ৰক্ত সঞ্চালন বৃদ্ধি পায়। ৰক্ত্ৰ সঞ্চালন বৃদ্ধি পালেচুলিৰ গুৰি অংশত জমা হোৱা বৰ্জ্য পদাৰ্থবোৰ তেজৰ সোঁতে আঁতৰাই পেলায়। উল্লেখ্য যে চুলিৰ তিতি থকাৰ সময়ত নফনিয়াব। এই অভ্যাসে চুলি নষ্ট কৰে। কেতিয়াও প্লাষ্টিক, ধাতু বা নাইলনৰ ফনিৰে মূৰ নফনিয়াব।

হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ নকৰিব

হেয়াৰ ড্ৰায়াৰ বা ফেনৰ তলত বহি চুলি লগে লগে নুশুকুৱাব। এনে অভ্যাসে চুলি ঠুনুকা কৰে। চুলিৰ আগবোৰ ফাটি যায়। গা ধোৱাৰ পিছত টাৱেল এখনেৰে পানীখিনি টুকি লৈ স্বাভাৱিকভাবে শুকাবলৈ দিব। যদি হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ কৰে, অতি কম উত্তাপ আৰু প্ৰেচাৰ দি ল’ব।

মানসিক চাপে চুলিৰ ওপৰত সাংঘাতিক প্ৰভাৱ পেলায়। ই চুকিৰ গুণাগুণ একেবৰে নষ্ট কৰে। সেয়ে পৰাপক্ষত মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিব। মনটো প্ৰফুল্লিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। টোপনি ক্ষতি নকৰিব। ৭-৮ ঘণ্টা গভীৰ টোপনি গ’লে মনটো সতেজ লাগি থাকে।

চুলিত তেল দিয়াৰ লগতে কণ্ডিচনিং কৰিব

দুসপ্তাহৰ মূৰে মূৰে চুলিখিনি কণ্ডিচনিং কৰিলে চুলিখিনি শক্তিশালি হয়। ইয়াৰ উপৰি সপ্তাহত দুবাৰ-তিনিবাৰ মূৰত সানিবলগীয়া তেলখিনি গৰম কৰি চুলিৰ গুৰিত মালিচ কৰিলে চুলিখিনি মইশ্বাৰাইজ হোৱাত সহায় হয়। তেল দিয়াৰ পিছত নিশাটো ৰাখিও পিছদিনা পুৱা ভাল চেম্পুৰে মূৰটো ধূৱাই পেলাব। যদি এৰাতি তেল সানি ৰখাটো সম্ভৱ নহয়, তেনেহ’লে শ্বেম্পু কৰাৰ এঘণ্টা পূৰ্বে এনেদৰে সামান্য গৰম কৰি লোৱা তেল সানি মূৰটো মালিচ কৰিব। নিয়মিতভাৱে কণ্ডিচনিং কৰি চুলিৰ গুৰিত তেল লগালে চুলি সৰা বন্ধ হোৱাৰ লগতে চুলি উজ্জ্বল আৰু স্বাস্থ্যবান হয়।

অলকানন্দা, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন।

শেহতীয়া উন্নীতকৰণ: : 5/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate