অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চুলি গজোৱাৰ নতুন উপায়

চুলি গজোৱাৰ নতুন উপায়

চুলিৰ মাজত এডাল দুডাল পকিলে পকা চুলি কেইডাল সৰাই পেলোৱাটো একো ডাঙৰ কথা নহয়। কিন্তু যিসকলৰ চুলিৰ সংখ্যা কম তেওঁলোকৰ ক্ষেত্ৰত এনেকৈ চুলি সৰোৱা এক বিৰক্তিকৰ অৱস্থাৰ সৃষ্টি কৰে। কিন্তু এনেকুৱা পকা চুলি সৰাই পেলোৱাৰ ফলত যদি নতুনকৈ চুলি গজে তেনেহ’লে সকলোৱে হয়তো আনন্দৰে এই কাম কৰিব ভাল পাব।  সাম্প্ৰতিক চুলি বিষয়ক এক গৱেষণাত এনে সম্ভাৱনাই প্ৰকাশ পাইছে। এই গৱেষণাত জড়িত হৈ থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলে জনাইছে যে, চুলি সৰাই পেলোৱাৰ পিছতো অধিক হাৰত চুলি গজাই তুলিব পৰা নতুন বিজ্ঞানসন্মত ব্যৱস্থাৰ সম্ভাৱনা তেখেত সকলে লাভ কৰিছে।

দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে নিগনিৰ শৰীৰত এই পৰীক্ষা চলাই চাইছে। এক বিশেষ ধৰণে একোটা নিগনিৰ দুশডাল নোম সৰাই পেলোৱাৰ পিছত প্ৰায় ১৩০০ নতুন নোম গজি উঠিছে। বিবিচি এ এক বাৰ্তাৰ গৱেষকসকলে এই প্ৰতিবেদনখন প্ৰকাশ কৰি চুলি গজোৱাৰ এই পদ্ধতিটোক “সুন্দৰ বিজ্ঞান” বুলি অভিহিত কৰিছে।

এডাল চুলি উঘালি পেলোৱাৰ পিছত চুলিৰ গ্ৰন্থিত থকা কোষবিলাকে কিদৰে সেই অংশ মেৰামতি কৰিবলৈ আন কোষৰ লগত যোগাযোগ ৰক্ষা কৰে এই বিষয়টোৰ ওপৰত গৱেষকসকলে অধ্যয়ন কৰিছিল। অৱশ্যে তপা মানুহৰ ক্ষেত্ৰত এই সমস্যা সমাধান হ’বনে নহয় সেই বিষয়ে গৱেষকসকলে এতিয়াও নিশ্চয়তা প্ৰদান কৰিব পৰা নাই।

এই গৱেষণাত বিজ্ঞানীসকলে নিগনিৰ ছালৰ এক বৃত্তাকাৰ অংশ নিৰ্দিষ্ট কৰি তাৰ পৰা দুশ চুলি উঘালি পেলায়। এই ক্ষেত্ৰত দেখা গৈছিল যে, ৬ মিলিমিটাৰ বৃত্তৰ ঘনত্বত ২০০ ডাল চুলি চিঙি পেলোৱাৰ ফলত তাত কোনো ধৰণৰ নতুন চুলি গজি নুঠাতো প্ৰত্যক্ষ কৰিলে কিন্তু  ৫ মিলিমিটাৰ বৃত্তৰ ঘনত্বত ২০০ চুলি উঘালি পেলোৱাৰ ফলত নতুনকৈ ১৩০০ চুলি গজি উঠিল। আকৌ, ৪ মিলিমিটাৰ বৃত্তৰ ঘনত্বৰ পৰা ২০০ চুলি উঘালি পেলোৱাৰ পিছত নতুনকৈ ৭৮০ ডাল নতুন চুলি গজি উঠাতো প্ৰত্যক্ষ কৰে। গৱেষকসকলে এইটোত প্ৰত্যক্ষ কৰিলে যে, উক্ত বৃত্তৰ সকলোবোৰ চুলি উঘালি পেলালেও নতুনকৈ চুলি গজে যদিও চুলিৰ সংখ্যা বৃদ্ধি নহয়।

কোষৰ পৰা চুলিডাল উঘালি পেলালে ছালৰ ভিতৰত যি প্ৰদাহৰ সৃষ্টি হয়। সেয়াই আন চুলিৰ কোষসমূহক এটা ৰাসায়নিক বাৰ্তা পঠিয়ায়। এই বাৰ্তাৰ ফলত প্ৰতিডাল চুলিয়ে নিজস্ব প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে নতুনকৈ চুলি গজাৰ বিষয়টো নিয়ন্ত্ৰিত হয়। গৱেষকসকলে সহজ ভাষাত বিষয়টো এনেদৰে বুজাই দিছে যে, প্ৰতিডাল চুলি এনেদৰে উঘালি পেলোৱাৰ পিছতেই ইয়াৰ চাৰিওকাষে থকা প্ৰতিডাল চুলিয়ে নতুন চুলি গজোৱাৰ বাবে একোটাকৈ মত প্ৰদান কৰে আৰু এনেদৰে বাৰ্তা পঠিয়াই থকাৰ ফলত এটা সময়ত গৈ এক বিশেষ পৰিস্থিতিত নতুনকৈ চলি গজি উঠে। এই ব্যৱস্থাটোক গৱেষকসকলে “কোৰাম চেনচিং” বা “থুল সংবেদনশীলতা” বুলি অভিহিত কৰিছে।

গৱেষক দলটোৰ মুৰব্বী চেং-মিঙ-চৌং য়ে বক্তব্যত কয় যে, আমি সম্ভাৱনাপূৰ্ণ নতুন গৱেষণাৰ বাবে মৌলিক গৱেষণাৰ পৰা এক নতুন মাত্ৰা পোৱাটো এই গৱেষণাৰ এক উল্লেখযোগ্য উদাহৰণ। এই গৱেষণাৰ পৰাই পিছলৈ হয়তো এল’পেছিয়া চিকিৎসাৰ কাম কৰাৰ সুযোগ পাব পৰা হ’ব পাৰে।

উৎস: ইন্টাৰনেট।

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate