চুলিত যদি উফি থাকে আৰু বহু চেষ্টা কৰিও আপুনি উফি নাইকিয়া কৰিব পৰা নাই, তেনেহ’লে আপুনি ত্ৰিফলা লগাওক । ত্ৰিফলা মানে হৈছে আমলখি, ভোমোৰা আৰু শিলিখাৰ মিশ্ৰণ পৃথকে পৃথকেও গুড়ি কৰি মিহলাই ল’ব পাৰি । ইয়াৰ পৰিমাণ হ’ল আমলখি দুচামুচ, শিলিখা দুচামুচ আৰু ভোমোৰা এচামুচ । এই মিশ্ৰণত দৈ এচামুচ ভালদৰে মিহলাই এনিশা থৈ দিব লাগে। পিচদিনা গাখীৰৰ লগত এই মিশ্ৰণখিনি চুলিৰ গুৰিত লগাব লাগে আৰু প্ৰায় ২০ মিনিটৰ পৰা আধা ঘণ্টালৈকে তেনেকৈ লগাই ৰাখি থৈ দিব লাগে । তেতিয়াহ’লে ইয়াৰ ফলত চুলিৰ উফি একেবাৰে নাইকিয়া হৈ যায় আৰু কাৰোবাৰ যদি চুলি সৰি আছে ভাল হোৱা নাই, তেতিয়া গাখীৰত বৃন্দা নামৰ এবিধ বন পাতৰ শিপা এনিশা তিয়াই থ’ব।বৃন্দাৰ শিপা যদি আমি দহটা তিয়াওঁ তেনেহ’লে ২৫০ গ্ৰাম গাখীৰত তিয়াব লাগিব আৰু সেই গাখীৰ সদায় গা ধোৱাৰ আগতে আধা ঘণ্টা লগাই মূৰটো ধুই দিব লাগিব । এনেদৰে কৰিলে চুলি সৰাটো বন্ধ হ’ব আৰু নতুনকৈ চুলি গজিব । চুলিৰ গুৰিত কেতিয়াবা শালমইনাৰ দৰে কিছুমান গুটি হয় । ফণিয়ালে দুখ পোৱা যেন লাগে । তেতিয়া আমাৰ এই সমস্যা হয় । খুব বিষায় বেছি চিন্তা হ’লে এই সমস্যাৰ সৃষ্টি হয় । কেৱল বৈদিক পদ্ধতিৰেহে ইয়াক নিৰাময় কৰিব পাৰি । ঘোঁৰা নিমৰ ৰস আৰু নাৰিকলৰ গাখীৰ দুয়োটা সমান পৰিমাণৰ মিহলাই চুলিৰ গুৰিত আধা ঘণ্টামান লগাই থৈ দিব লাগে। পিচত মূৰটো ধুই দিব লাগে । এইখিনি কৰি থাকিলে আমাৰ চুলিৰ বহুখিনি সমস্যা নাইকিয়া হ’ব আৰু যদি কাৰোবাৰ চুলি একেবাৰে নাইকিয়া হৈছে, তেন্তে তেওঁলোকে বক্ৰধাৰা নাইবা ৰাজধাৰা কৰিব লাগে । এই দুটা কৰিলেও চুলি নতুনকৈ গজে ।
উৎস : দেওবৰীয়া সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 3/10/2020