অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চেনিৰ বিকল্প মিঠা প্ৰ’টিন

চেনিৰ বিকল্প মিঠা প্ৰ’টিন

ডায়েবেটিছ ৰোগীৰ বাবে চেনি যেতিয়া বিষতুল্য হ’ল, আৱিষ্কাৰ হ’ল ছেকাৰিন আৰি চাইক্লামেট। বহু বছৰ পাছত গৱেষকে পালে যে এই দুয়োবিধ পদাৰ্থই মানুহৰ মূত্ৰাশয়ৰ কেন্সাৰ সৃষ্টি কৰিব পাৰে। ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই এক অধিসূচনাযোগে চাইক্লামেটৰ ব্যৱহাৰ নিষিদ্ধ কৰি দিলে। আনহাতে, ছেকাৰিনৰ ব্যৱহাৰ অব্যাহত থাকিল। এই দুইবিধ মিঠা পদাৰ্থৰ উপৰি অৱশ্যে আন কেতবোৰ পদাৰ্থ আৱিষ্কাৰ হৈছিল। তেনে পদাৰ্থসমূহৰ ভিতৰত হ’ল ডাইপেপটাইড, এছপাৰটেম, এল-এলানাইন, ডি-হিষ্টাডাইন এল ট্ৰি প্ত’ফেন, এল-টাইৰ’ছিন ইত্যাদি। এই আটাইবোৰ পদাৰ্থই মিঠা। কিন্তু ব্যৱহাৰৰ ক্ষেত্ৰত বিশেষকৈ ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বিজ্ঞানীসকল সন্দিহান হৈ থাকিল। পাছত তেওঁলোকে দিনে-ৰাতিয়ে গৱেষণাত ব্যস্ত থাকি এদিন নতুন মিঠা প্ৰদায়ক পদাৰ্থ আৱিষ্কাৰ কৰিলে। সেয়া হ’ল মিঠা প্ৰ’টিন। বিজ্ঞানীসকলৰ গৱেষণাত পোৱা মিঠা প্ৰ’টিন তিনিবিধ হ’ল ম’নেলিন, থাইমেটিনছ আৰু মিৰাকুলিন। এই তিনিওবিধ মিঠা প্ৰ’টিনৰ উৎস হ’ল উদ্ভিদৰ ফল।

বিশ্বৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত হোৱা এবিধ উদ্ভিদ হ’ল ডায়স্কৰিঅ’ ফাইলাম, কামিনচাই। এই উদ্ভিদৰ ফলবোৰ মিঠা আৰু এনে ফলৰ পৰাই মনেলিন নামৰ মিঠা প্ৰ’টিনবিধ আৱিষ্কৃত হৈছে। পশ্চিম আফ্ৰিকাত এবিধ গুল্মজাতীয় উদ্ভিদ পোৱা যায়। উদ্ভিদজোপা হ’ল থাউমেট’ককাছ ডেনিয়েলাই। এই উদ্ভিদৰ ফল ৰঙা আৰু তিনিকোণীয়া। এনে ফলৰ পৰাই থাউমেটিনছ নামৰ মিঠা প্ৰ’টিনবিধ আৱিষ্কাৰ কৰা হৈছে। বিশেষজ্ঞসকলৰ অধ্যয়নৰ পৰা জনা যে এই প্ৰ’টিনসমূহ আগতে উনুকিয়াই অহা উদ্ভিদ তিনিজোপাৰ ফলত সঞ্চিত খাদ্য হিচাপে থাকে আৰু ৰাসায়নিক প্ৰক্ৰিয়াৰে বাহিৰ উলিয়াই আনিব পাৰি। তেওঁলোকৰ মতে, ম’নেলিন থাউমিটিনছ আক মিৰাকুলিনৰ আণৱিক ওজন ক্ৰমে ১০,৭০০, ২৮,০০০, ২১,০০০ আৰু ৪৪,০০০। সাধাৰণতে যিকোনো প্ৰ’টিন অণু অসংখ্য এমাইন’ এচিডৰ অৱশিষ্টৰে বান্ধ খাই থাকে। তাৰে ভিতৰত এবিধ এমাইন’ এচিডৰ কাৰ্ব’ক্সিল গ্ৰুপ আৰু আনবিধ এমাইন’ এচিডৰ কাৰ্ব’ক্সিল গ্ৰুপ আৰু আনবিধ এমাইন’ এচিডৰ এমাইন গ্ৰুপ। মুঠতে প্ৰতিবিধ প্ৰ’টিনতে বিশেষ সংখ্যক এমাইন এচিড এক বিশেষ ক্ৰমত এডাল শৃংখলত সজোৱা থাকে। এই গঠনৰ সামান্যতম পৰিৱৰ্তনে অৰ্থাৎ যদি আন এমাইন’ এচিড সংযোগ কৰা হয়, তেনেহ’লে প্ৰ’টিনবিধৰ গঠন সলনি হয়। যিহেতু ম’নেলিন থাউমেটিনছ আৰু মিৰাকুলিন উদ্ভিদ প্ৰ’টিন, গতিকে ইহঁতৰ ক্ষেত্ৰতো একে কথাই খাটে। বিশেষজ্ঞৰসকলৰ মতে, ম’নেলিন গঠিত কৰা পৃথক পৃথক এমাইন’ এচিডসমূহ মিঠা নালাগে। কিন্তু যেতিয়া একেলগে সংযোগ কৰা হয়, তেতিয়াহে প্ৰকৃততে ম’নেলিন গঠিত হয় আৰু খাবলৈ সোৱাদ লাগে। পৰীক্ষা-নিৰিক্ষা কৰি বিশেষজ্ঞসকলে পাইছে যে ছালফিড্ৰাইল গ্ৰুপ যদি ম’নেলিনত সংযোগ কৰা নহয়, তেনেহ’লে ম’নেলিনৰ পৰা মিঠা গুণটো নাইকিয়া হয়। তাৰমানে বুজিব পৰা যায় যে প্ৰকৃত ম’নেলিন গঠিত হোৱা নাই কিম্বা এক বিশেষ আকাৰ লৈছে। যাৰ ফলত প্ৰ’টিনবিধ মিঠা নালাগে। চাইন’জেন ব্ৰমাইড সংযোগ কৰিলে ম’নেলিনত থকা মেথিঅ’নাইন ধ্বংস হয়। ফলত ম’নেলিনত থকা মিঠা গুণ নোহোৱা হয়, ঠিক একে ধৰণৰ গুণাগুণ থাউমেটিনছত দেখিবলৈ পোৱা যায় বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে, উচ্চ চাপত ম’নেলিন আৰু থাউমেটিনছৰ আকাৰৰ পৰিৱৰ্তন ঘটে। ফলত ইহঁতৰ মিঠা গুণ নাইকিয়া হয়। তিনিওবিধ প্ৰ’টিনৰ স্বাদ সম্পৰ্কে বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে যে ম’নেলিন আৰু থাউমেটিনছ মিঠা আৰু মিৰাকুলিন হ’ল সোৱাদৰ ৰূপান্তৰ কৰোঁতা। সেয়ে মিৰাকুলিয়ে জিভাত লোৱা টেঙা বস্তুকো মিঠালৈ ৰূপান্তৰ কৰিব পাৰে। আৰু এই মিঠা মিঠা ভাব বহু ঘন্টালৈ থাকে। ম’নেলিন চেনিতকৈ প্ৰায় ৩০০০ গুণ মিঠা আৰু থাউমেটিনছ ছুক্ৰ’জৰ তুলনাত ৭৫০১৬০০ গুণ মিঠা। এতিয়া ডাঙৰ প্ৰশ্ন হ’ল এইকেইবিধ মিঠা প্ৰ’টিন কেনেদৰে ব্যৱহাৰ কৰিব পৰা যায়? ডায়েবেটিছ ৰোগীয়ে এই মিঠা প্ৰ’টিন নিৰাপদে গ্ৰহণ কৰিব পাৰিবনে? ইত্যাদি বহুতো প্ৰশ্নই বিজ্ঞানীসকলকো জুমুৰি দি ধৰিছে। বিজ্ঞানীসকলেও অনেক পৰীক্ষা-নিৰীক্ষাৰ অন্তত জনাইছে যে এইকেইবিধ মিঠা প্ৰ’টিন নিৰাপদ আৰু ডায়েবেটিছ ৰোগীয়ে নিৰ্ভয়ে ব্যৱহাৰ কৰিব পাৰিব। সেয়ে যদি হয়, তেনেহ’লে বিজ্ঞান জগতত এক অভাৱনীয় নতুন সম্পদৰ আৱিষ্কাৰ হ’ল।

ড° পৱিত্ৰ কুমাৰ পাটোৱাৰ, কটন কলেজৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক।

শেহতীয়া উন্নীতকৰণ: : 6/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate