আধুনিক বিজ্ঞানৰ ক্ষেত্ৰখনৰ বৈপ্লৱিক বিকাশ সাধন হৈছে যদিও এতিয়াও বহু ৰোগ নিৰাময় সাধ্য হৈ উঠা নাই। আনহাতে ন ন ৰোগ তথা মানৱ দেহত ৰোগ সৃষ্টিকাৰী কেতবোৰ ভয়াবহ জীৱাণু প্ৰতিনিয়ত আৱিষ্কাৰ হৈ আছে। অৱশ্যে বিজ্ঞানীসকল হাত সাৱটি বহি থকা নাই। তেওঁলোকে জটিল তথা দুৰাৰোগ্য ৰোগ নিৰাময়ৰ উপায় উদ্ভাৱনৰ বাবে নিৰলস গৱেষণা চলাই আছে।এই গৱেষণাবোৰৰ ফচল ৰুপে কেতবোৰ আশাব্যঞ্জক প্ৰক্ৰিয়া উদ্ভাৱন হৈ আছে। শেহতীয়াকৈ উদ্ভাৱন হোৱা এনে এক প্ৰক্ৰিয়া হ’ল –‘চেল বেছ্ড থেৰাপী’(Cell based therapy) বা কোষৰ আধাৰত কৰা।শৰীৰত নিহিত হৈ থকা বিশেষ শক্তিৰ বিকাশ ঘটাই নব্য প্ৰযুক্তিৰ মাধ্যমেৰে ৰোগৰ বিৰুদ্ধে যুঁজত সেই শক্তি প্ৰয়োগ কৰাটোকেই চেল বেছ্ড থেৰাপী বোলা হয়। কেইবাবিধ জটিল ৰোগৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া ফলপ্ৰসূ হিচাপে বিবেচিত হৈছে। চেল বেছ্ড থেৰাপীৰ মূলত: দুটা প্ৰক্ৰিয়া আছে; ইয়াৰে এটা হ’ল বি এম এ চি (Bone marrow aspirate concentrate) আৰু আনটো হ’ল পি আৰ পি (Platelet rich plasma)। শৰীৰৰ বিশেষ শক্তিসমূহৰ ভিতৰত মেৰামতিৰ ক্ষমতা (Regerative power)আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা (Immune power)-ক প্ৰক্ৰিয়াত প্ৰয়োগ কৰিব পাৰি। চেল বেছ্ড থেৰাপীত শৰীৰৰ এই দুই বিশেষ শক্তি ব্যৱহাৰ কৰা হৈছে।চেল বেছ্ড থেৰাপী বিশেষকৈ শাৰীৰিক অৱক্ষয়জনিত বিসংগতি (Degerative disorder-অষ্টিঅ’আৰ্থৰাইটিছৰ দৰে মৃত কোষৰপৰা উদ্ভৱ হোৱা ৰোগ) আৰু কৰ্কট ৰোগৰ ব্যৱহাৰ কৰা হৈছে। এই ধৰণৰ সাধাৰণতে ৰোগীৰ নিজৰ দেহৰ ৰক্ত বা অস্থিমজ্জা(Bone marrow)-ৰ দ্বাৰা কৰা হয়। সম্প্ৰতি বিজ্ঞানৰ ক্ষেত্ৰখনত আলোড়নৰ সৃষ্টি কৰা চেল বেছ্ড থেৰাপীৰ ব্যৱহাৰ আমাৰ দেশতো হ’বলৈ ধৰিছে।বিজ্ঞানীসকলে কৰ্কট ৰোগ নিৰাময়ৰ উপায় উদ্ভাৱনৰ বাবে সুদীৰ্ঘ কাল ধৰি ব্যাপক গৱেষণা চলাই থাকিও এতিয়ালৈ আশানুৰূপ সফলতা লাভ কৰা নাই। সম্প্ৰতি এই ক্ষেত্ৰত ‘টি- চেল থেৰাপী আৰু ‘ডেণ্ড্ৰাইটিছ চেল ভেক্সিন’-এ আশাৰ বতৰা কঢ়িয়াই আনিছে; এয়া হ’ল শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সঠিক প্ৰয়োগৰ প্ৰকৃষ্ট উদাহৰণ।
বিশেষকৈ ‘টি-চেল থেৰাপী’য়ে চেল বেছ্ড থেৰাপীৰ ফলপ্ৰসূতাক প্ৰত্যয়জনক কৰি তুলিছে। আনহাতে, বৰ্তমান অস্থিৰোগ (Orthopaedic), স্নায়ুৰোগ(Neurology), সৌন্দৰ্যবৰ্দ্ধক অস্ত্ৰোপচাৰ(Cosmetic surgery)আৰু বিপাকীয় ৰোগ(Metabolic disease যেনে-টাইপ ২ ডায়েবেটিছ)ত চেল বেছ্ড থেৰাপী ব্যৱহাৰ কৰা হৈছে।শৰীৰৰ মেৰামতিৰ ক্ষমতা বা ‘ৰিজেনেৰেটিভ পাৱাৰ’ এতিয়াবহুলভাৱে ব্যৱহাৰ কৰিছে কছমেটিক আৰু প্লাষ্টিক ছাৰ্জনসকলে।তেওঁলোকে চুলি গজা বৃদ্ধি কৰা(Hair Rejuvenation)-ত পি আৰ পি ব্যৱহাৰ কৰিছে। তদুপৰি মুখৰ ছাল শোটোৰা পৰা বা ঢিলা হোৱা দূৰ কৰিবলৈ চৰ্বিৰপৰা প্ৰাপ্ত ‘গ্ৰ’থ ফেক্টৰ’(মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি কৰা)আৰু ‘ফাইব্ৰ’ব্লাষ্ট’(ছাল নিমজ কৰা কলা)প্ৰয়োগ কৰা হৈছে। চেল বেছ্ড থেৰাপীৰ অধিক প্ৰয়োগ আৰু গৱেষণাই ইয়াৰ উপযোগিতা নিশ্চয় বৃদ্ধি কৰিব। অনেক ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য এই পদ্ধতি সৰ্বসাধাৰণৰ পক্ষে সহজলভ্য হৈ উঠটোও আমাৰ কাম্য।
লেখক: অমল ভাগৱতী, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 7/8/2020