পুৰণিকালত মানুহে ভাবিছিল শকত হোৱা মানে স্বাস্থ্য ভাল হোৱা। কিন্তু এতিয়া চৰ্বিযুক্ত শকত ব্যক্তিক স্বাস্থ্যৱান বুলি নকয় আৰু তেনে স্বাস্থ্য কোনেও নিবিচাৰে। চৰ্বি জমা হৈ লোদোৰ-পোদোৰ চেহেৰা হোৱা মানে নানা বেমাৰৰ ভড়াললৈ ৰূপান্তৰিত হোৱা। বেছি শকত হোৱাৰ বাবে বহুমূত্ৰ, ৰক্তচাপ(উচ্চ নিম্ন) হৃদৰোগ আদিক আমন্ত্ৰণ কৰা হয়।
গতিকে গাত চৰ্বি জমা কৰি কুৰূপ হোৱা চেহেৰা আধুনিক মানুহৰ বাবে মূৰৰ কামোৰণি। তথাপি খাদ্য খোৱাৰ লোভতে মানুহে বদ অভ্যাসৰ পৰা হাত সাৰিব নোৱাৰে। পাকঘৰত বিভিন্ন জুতি লগা খাদ্যৰ যোগাৰ থাকে, যাক নাখাই থাকিব নোৱাৰি। ভাত আমাৰ প্ৰধান আহাৰ যদিও বৰ্তমান ঘিউ, মাখন সানি তৈয়াৰ কৰা আলু পৰঠা, মেগি, চাও চাও আদি, মুখৰ জুতি লগা আহাৰে যদিও এইবিলাকে শৰীৰৰ একো উপকাৰ নকৰে।
গতিকে শৰীৰৰ উপকাৰ হোৱা কিন্তু চৰ্বিৰ পৰা ৰক্ষা পোৱা কেইবিধমান আহাৰৰ বিষয়ে আলোচনা আগবঢ়োৱা হৈছে।
বিখ্যাত চিকিৎসক বিজ্ঞানী, এলিক কেৰেলে ‘Man the unknown’ (ন’বেল বিজয়ী ১৯১২) গ্ৰন্থত লিখিছে যে মানুহে যি কোনো পৰিৱেশতে অতি সহজে হজম হোৱা খাদ্য খোৱা উচিত। আধুনিক চিকিৎসা বিজ্ঞানৰ বাটকটীয়া হিপোক্ৰেটিছে(৪৬০ খৃঃ পূঃ) এই একেখিনি কথাকে কৈ গৈছে।
মানুহ পৰিৱেশৰ দাস। যিকোনো পৰিৱেশতে মানুহে নিজকে খাপ-খুৱাই ল’ব পাৰে। বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত। মানুহে জীয়াই থাকিবলৈহে খায়। খাবলৈ জীয়াই নাথাকে। গতিকে বাছ-বিচাৰ কৰি খাব লাগে। উপকাৰী আহাৰ কেইবিধ হ’ল-
কণী:
কণীত বহু পৰিমাণে প্ৰোটিন থাকে, যি অতি দ্ৰুত গতিত চৰ্বি হোৱাত বাধা দিয়ে। ইয়াত ভিটামিন ‘বি’-১২’(B12) আঠবিধ খনিজ লৱণ, লো, কেলচিয়াম আৰু শক্তিবৰ্ধক খাদ্য উপাদান থাকে। কণী খালে চৰ্বি নাবাঢ়ে, ই ভেজাল কৰিব নোৱাৰা উৎকৃষ্ট খাদ্য। শৰীৰ মজবুত কৰে।
মাছ:
কণীৰ দৰে মাছো উৎকৃষ্ট প্ৰোটিন যুক্ত খাদ্য। ই চৰ্বি নবঢ়ায়। বিশেষকৈ সৰু মাছ, পুঠি, শিঙৰা আদিত ওমেগা ৩() ফেটি এছিড থাকে কাৰণে শৰীৰত উৎপন্ন হোৱা হানিকাৰক ৰাসায়নিক দ্ৰব্য নাশ কৰি ৰোগ মুক্ত কৰে। মাছৰ জোল, মুৰ্গীৰ জোলতকৈ বেছি উপকাৰী।
সেউজীয়া চাহ(Green tea):
সেউজীয়া চাহে শৰীৰত যাদুকৰী(magical) শক্তিৰ কাম কৰে। প্ৰতি দিনে এই চাহ একাপকৈ খালে চৰ্বি কমায়। গাখীৰ বিহীন হ’লে বেছি ভাল। ই সকলো ফালৰ পৰা ৰোগ প্ৰতিৰোধ কৰে।
ওটমিল(Oatmeal):
আৱিষ্কাৰ হৈছিল স্কটলেণ্ডত। শস্যৰ গুটিৰ পৰা তৈয়াৰী। ইয়াত থকা কোমল আঁহ জাতীয় পদাৰ্থই শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰে। হজম হওঁতে সময় লয় বাবে ভোক কমায়। অতি ভোজনৰ পৰা ৰক্ষা কৰে। ঘনাই আহাৰ খালে শৰীৰৰ উপকাৰ নহয়। চাউল আদিতকৈ ওটমিল শক্তিদায়ক। শৰীৰত চৰ্বি জমা হোৱাত বাধা দিয়ে। দুগ্ধজাত খাদ্য(Dairy Product) ঘিউ, মাখন, দৈ, ক্ৰীম আদিত অধিক মাত্ৰাত কেলচিয়াম(টেক্ট) থাকে বাবে ই শৰীৰত বেছিকৈ কেলচিয়াম জমা হোৱা মানে ই চৰ্বি হোৱাত বাধাৰ সৃষ্টি কৰে।
ষ্ট্ৰবেৰী(Berris):
সকলো প্ৰকাৰৰ ফলমূল শৰীৰৰ বাবে উপকাৰী। ষ্ট্ৰবেৰী জাতীয় ফলত আঁহ বেছি থাকে বাবে ই আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰে। ভিটামিন ‘চি’(Vitamin C) শৰীৰৰ সকলো অংগৰে বাবে দৰকাৰ। টেঙা, মিঠা, ফলত ভিটামিন ‘চি’ থাকে। যেনে- আম, নেমু, সুমলথিৰা, মৌচুম্বী আদি।
সেউজীয়া শাক-পাচলি:
ঘিউ, মাখন, নাখালেও শাক-পাচলি খাই মানুহে জীৱন ধাৰণ কৰিব পাৰে। অতীতত কেঁচা মঙহ খোৱা কালত মানুহে ভোক গুচাবলৈ যি কোনো শাক(ঘাঁহ) খাইছিল। অৱশ্যে তেতিয়া মানুহৰ শৰীৰৰ গঠন বেলেগ আছিল। হজম শক্তিৰ কাৰক যকৃতৰ(Liver) গঠন বেলেগ আছিল। বন্ধা কবি, বিন, উৰহী, পালেং আদি সিজাই বা কেঁচা চালাড কৰি খাব পাৰি। আমাৰ বাৰীত গজা মৰলীয়া, দোৰোণ, মানিমুনি, পনৌনোৱা, ভেদাইলতা, কচুশাক, ঢেকীয়া আদি উপযুক্ত শাক। শাকৰ আঞ্জাত সৰু মাছ পেলাই দি সিজাই খাব পাৰি। এনে আঞ্জা শৰীৰৰ বাবে উপদেয় আৰু শক্তিবৰ্দ্ধক। কথাটো ভাবি বহুতে মুখ কোচাব পাৰে। আধুনিক আচাৰ-ব্যৱহাৰে শৰীৰৰ বহুতো ক্ষতি কৰে। এষাৰ কথা আছে ‘বাছি খাবা, জাগি শুবা’। কিমান অৰ্থবহ।
উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন
শেহতীয়া উন্নীতকৰণ: : 2/20/2024