- গৰম দিনত ছালত যি ছানবাৰ্ন হয়, তাৰ বাবে এটা লেপ দিয়া হ’ল| ক’লা তিল পিহি লৈ, গৰুৰ গাখীৰৰ লগত মিহলাই যি অংশত ক’লা পৰে, সেই ঠাইত দিনটোত ৩/৪ বাৰকৈ লগাব|
- গৰম দিনত গাত হোৱা ঘামচি, খজুৱতি এইবোৰৰ হাত সাৰিবলৈ নিমপাত পানীত সিজাই সেই পানীৰে গা ধুব| মচুৰ দাইলৰ গুৰিৰ লগত নিমপাত মিহলাই পেষ্ট বনাই ৰ’দে পোৰা দাগত সানিলে দাগ নাইকিয়া হয়|
- গৰম দিনত যি সকলৰ হাইপ্ৰেছাৰত বেছিকৈ মূৰ ঘুৰায়, তেনে লোকে ছালকুঁৱৰীৰ বীজ গোটেই মূৰত সানি প্ৰলেপ দিব, মূৰ ঠাণ্ডা হৈ থাকিব|
- গৰমত ডাৱৰ পানী, নেমুৰ চৰবত, তৰমুজ, মৌচম্বিৰ ৰস আদি খাব| ত্ৰিফলা দুই চামুচ পানীত মিহলাই খাব| দিনে দুবাৰকৈ| বিশেষকৈ বয়সিয়াল লোকসকলেও এনে ত্ৰিফলা খোৱাটো ভাল| মূৰত ঔ টেঙাৰ মাজৰ বীজখিনি সানি ২০ মিনিটমান থ’ব, ই কণ্ডিচনাৰৰ দৰে কাম কৰে|
- গৰমত ছালত কেতিয়াবা সৰু সৰু ফোহাৰ দৰে হোৱা দেখা যায়| তেনে ঠাইত কেঁচা হালধিৰ ৰস প্ৰথমে সানিব| তাৰ ওপৰত ১০ মিনিটৰ পিচত নহৰুৰ ৰস সানিব| আকৌ তাৰ ওপৰত পুনৰ হালধি ৰস সানিব| আধা ঘণ্টা ৰখাৰ পিচত পানীৰে ধুই দিব| যিসকলৰ ফোহা উঠি খজুৱতি হয়, তেনে লোকৰ খজুৱতি নাইকিয়া হ’ব|
উৎস:- সম্ভাৰ
শেহতীয়া উন্নীতকৰণ: : 6/30/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.