আমাৰ সুস্বাস্থ্যৰ বাবে আমাৰ শৰীৰৰ ছাল এটা অতি প্ৰয়োজনীয় অংগ। কাৰণ ছালে আমাৰ শৰীৰটো দূষিত পদাৰ্থ আৰু বিভিন্ন বীজাণুৰ পৰা ৰক্ষা কৰে। সুস্থ ছাল এটা নিৰোগী স্বাস্থ্যৰ সূচক। আমাৰ দৈনন্দিন খাদ্যই আমাৰ ছালৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায় বুলি বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে। অতীজৰে পৰা ছালৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মানুহে নানা ধৰণৰ বস্তু ব্যৱহাৰ কৰি আহিছে। বৰ্তমান যুগত ছালৰ সৌন্দৰ্য বঢ়াবলৈ হাজাৰ হাজাৰ বিভিন্ন প্ৰসাধন সামগ্ৰীৰে বজাৰ ভৰি পৰিছে। বহুতে বিউটী পাৰ্লাৰ বা স্পাত গৈ যথেষ্ট টকা খৰচ কৰি নিজৰ ছালৰ সৌন্দৰ্য বঢ়াবলৈ চেষ্টা কৰে। কিন্তু সকলোৱে জনা উচিত যে প্ৰকৃততে ছালৰ সৌন্দৰ্য আমাৰ খাদ্যৰ পৰাহে আৰম্ভ হয়।
বিলাহী:
বিলাহী লাইক’পেন নামৰ এবিধ শক্তিশালী এন্টিঅক্সিডেন্টেৰে সমৃদ্ধ, যি ছালৰ সূৰ্যৰ পৰা হ’ব পৰা ক্ষতি প্ৰতিৰোধ কৰে। তদুপৰি বিলাহীত ভিটামিন এ, কে, চি আৰু বি থাকে। বিলাহীত থকা কেৰ’টিনইডছে ছাল শোটোৰা পৰা ৰোধ কৰে।
গাজৰ:
গাজৰত খুব বেছি পৰিমাণে বিতা কেৰ’টিন থাকে। বিটা কেৰ’টিনৰ পৰা ভিটামিন এ প্ৰস্তুত হয়। গাজৰে ছালৰ পৰা ওলোৱা তেলৰ পৰিমাণ হ্ৰাস কৰে।
গ্ৰীন টী:
গ্ৰীন টীয়ে ছাললৈ ৰক্তৰ প্ৰবাহ বৃদ্ধি কৰি অধিক অক্সিজেন যোগাৰ ধৰে আৰু ছালৰ ৰং সুস্থকৈ ৰাখে। জাৰ্নেল অৱ নিউট্ৰিচিনত প্ৰকাশিত এটা সমীক্ষা মতে যিসকল ব্যক্তিয়ে ১২ সপ্তাহ দৈনিক গ্ৰীন টী সেৱন কৰে তেনে ব্যক্তিৰ ছাল কোমল আৰু নমনীয় হয়। তদুপৰি গ্ৰীন টীয়ে সূৰ্যৰ পৰা হ’ব পৰা ছালৰ ক্ষতি প্ৰতিৰোধ কৰে।
চয়াবিন:
এটা সমীক্ষাত দেখা পোৱা গৈছে যে ৩০ৰ পৰা ৪০ বছৰৰ মহিলাই ৮ৰ পৰা ১২ সপ্তাহ চয়াবিন খোৱাৰ পিছত ছালৰ খুব মিহি শোটোৰা পৰা(ৰিংকল) দূৰ হৈছে আৰু ছালৰ সতেজতা বৃদ্ধি পাইছে। চয়াবিনে ছাল শুকাই যোৱাত বাধা দি ছাল মিহি আৰু কোমল কৰি ৰাখে।
আখৰোট(ৱালনাট):
আখৰোট ওমেগা থ্ৰী ফেটি এচিডেৰে সমৃদ্ধ, যি ছালকে ধৰি গোটেই শৰীৰৰ প্ৰদাহ প্ৰতিৰোধ কৰে। তদুপৰি আখৰোটত জিংক, ভিটামিন ই, ভিটামিন চি, চেলেনিয়াম আৰু প্ৰ’টিন যথেষ্ট পৰিমাণে থাকে। সেইবাবে আখৰোটে ছালৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰাখে।
চৰ্বিযুক্ত মাছ:
চৰ্বিযুক্ত মাছ যেনে চাৰডিনছ, মেকেৰেল, চেলমন আদি ছালৰ বাবে উৎকৃষ্ট খাদ্য। এনেবোৰ মছত থকা ওমেগা থ্ৰী ফেটি এচিডে ছাল নমনীয় কৰে আৰু ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰে। ওমেগা থ্ৰী ফেটি এচিডে ব্ৰণ ৰোগ(একনি) প্ৰতিৰোধ কৰে। চৰ্বিযুক্ত মাছত থকা প্ৰ’টিন, ভিটামিন ই আৰু জিংকে ছাল সতেজ কৰি ৰাখে। ওমেগা থ্ৰীৰ অভাৱ হ’লে ছাল শুষ্ক হৈ পৰে।
চকোলেট:
চকোলেট কোকোআ গছৰ গুটি গুড়ি কৰি তৈয়াৰ কৰা হয়। কোকোৱাত খুব বেছি পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। কোকোআই ছালৰ তেজ চলাচল বৃদ্ধি কৰি ছালৰ আৰ্দ্ৰতা বৃদ্ধি কৰে, ছাল মজবুত কৰে আৰু ছালৰ সৌন্দৰ্য বৃদ্ধি কৰে। চকোলেট কিনিবৰ সময়ত চাব যাতে চকোলেটত কোকোআৰ পৰিমাণ কমেও ৭০ শতাংশ থাকে।
ব্ৰকলী:
ব্ৰকলী বিভিন্ন ভিটামিন, খনিজ পদাৰ্থ আৰু কেৰ’টিনেৰে সমৃদ্ধ। যিবিলাকে ছাল সুস্থ কৰি ৰাখে। ইয়াৰ উপৰি ব্ৰকলীত ছালফ’ৰাফেন নামে এবিধ পদাৰ্থ আছে, যি কিছুমান ছালৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে বুলি ভবা হৈছে।
ৰেড ৱাইন:
ৰেড ৱাইনত থকা ৰেচভেৰাট্ৰল ছালৰ কাৰণে বিশেষ উপকাৰী। কিন্তু ছালৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ৰেড ৱাইন আৰম্ভ কৰাৰ আগতে জানি থ’ব যে ৰেড ৱাইন এবিধ সুৰা। যদিও প্ৰথমতে কম পৰিমাণেৰে আৰম্ভ কৰা হয়, কিন্তু লাহে লাহে পৰিমাণ বাঢ়ি যায়। অত্যধিক সুৰা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
ডালিম:
সকলো ফলমূল ছালৰ স্বাস্থ্যৰ বাবে উপকাৰী। ডালিমে ছালত ৰক্তৰ সঞ্চালন বৃদ্ধি কৰি ছালৰ উজ্জ্বলতা আনে। ডালিমত যথেষ্ট পৰিমাণে আঁহজাতীয় পদাৰ্থ(ফাইবাৰ) থাকে, যি শৰীৰ স্বাস্থ্যৱান কৰাত সহায় কৰে।
পানী:
ছাল সুস্থ ৰাখিবলৈ আটাইতকৈ প্ৰয়োজনীয় খাদ্য হৈছে পানীফ। পানীয়ে ছাল সতেজ কোমল আৰু উজ্জ্বল কৰি ৰাখে। পানী খোৱাৰ পৰিমাণ কমি গ’লে ছাল শুষ্ক হৈ পৰে আৰু শোটোৰা(ৰিংকল) দেখা দিয়ে। সেইবাবে দৈনিক ২ৰ পৰা ৩ লিটাৰ পানী খাবলৈ অভ্যাস কৰক।
উৎস: নিয়মীয়া বাৰ্তা(ডাঃ চন্দন বৰুৱা)
শেহতীয়া উন্নীতকৰণ: : 2/9/2023