অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছাল-চুলিৰ সৌন্দৰ্যত কফি পাউদাৰ

ছাল-চুলিৰ সৌন্দৰ্যত কফি পাউদাৰ

 

১)আমি গা ধোৱাৰ আগতে চাৰি চামুচ নাৰিকলৰ তেল আৰু আধা চামুচ কফি পাউদাৰ মিহলাই ল’ব পাৰি । ইয়াৰ লগত আধা চামুচ পাউদাৰ নিমখ গুড়ি কৰি শৰীৰত স্ক্ৰাব হিচাপে ব্যৱহাৰ কৰিব পাৰি । ই ছালৰ উজ্জ্বলতা বঢ়ায় । ছালৰ পৰা মৃত কোষসমূহ পৰিষ্কাৰ কৰে । ছালৰ বৰণ সুন্দৰ কৰে ।

২) নিয়মিত চাবোনৰ ব্যৱহাৰ সলনি উল্লেখিত মিশ্ৰণটো প্ৰস্তুত কৰি ব্যৱহাৰ কৰিব পাৰি ।

৩) আধা কাপ তিল বটি মথি পাউদাৰৰ লগত মিহলাব । প্ৰয়োজন অনুসৰি মৌ মিহলাই শৰীৰত ২০ মিনিটৰ বাবে লগাব আৰু পিচত ঘঁহি ঘঁহি ধুই দিব ।

৪) কফি পাউদাৰ আৰু চাউলৰ গুড়ি মিহলাই ল’ব । একাপ চাউলৰ গুড়িৰ লগত দুই চামুচ কৰি পাউদাৰ মিহলাই লগত দৈ প্ৰয়োজন অনুসৰি মিহলাব । লগতে এচামুচ মৌ মিহলাব । ই ছালৰ উজ্জ্বলতা বঢ়াব । নিয়মিত চাবোনৰ সলনি এই মিশ্ৰণ কৰি প্ৰলেপ ব্যৱহাৰ কৰিলে ছালৰ বৰণ বগা আৰু দাগবিহীন হয় ।

৫) গাখীৰৰ ক্ৰীম আধা কাপত এচামুচ কফি পাউদাৰ মিহলাই ল’ব । লগতে কণী এটাও মিহলাব পাৰে । কণী বেয়া পালে মৌ এচামুচ মিহলাই গোটেই মুখত, গাত আৰু হাত-ভৰিত ঘঁহি ঘঁহি ধুই দিব । ই ছালৰ দাগ নিৰ্মূল কৰাত সহায় কৰিব ।

৬) শালমইনাৰ দাগ আঁতৰাবলৈ কণীৰ বগা অংশৰ লগত আধা চামুচ কফি পাউদাৰ মিহলাই ল’ব । দুই টোপালমান তুলসী পাতৰ ৰস মিহলাব । নিয়মিত শালমইনা থকা ছালত ব্যৱহাৰ কৰিলে শালমইনা কমি যাব আৰু ছালৰ  ৰং বগা হ’ব । শালমইনাৰ দাগো কমি যাব । এই প্ৰলেপ ব্যৱহাৰ কৰি আঙুলিৰে ঘঁহি ঘঁহি ধুই দিব । শেষত পানীৰেই ধুই দিব আৰু ছালত টি টি ট্ৰি অইল এটোপাল হাতৰ পতাত মোহাৰি ছালত লগাব । এনেকৰিলে ছালৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়ায়ো আক্ৰমণ কৰিব নোৱাৰিব । কফিয়ে ছালক সুৰক্ষা দিব ।

৭) চুলিৰ গুৰিত বহুতৰে অতিৰিক্ত তেল নিৰ্গত হৈ চুলি সৰাত আৰু আঠালেতীয়া উফি হোৱাত সহায় কৰে । এনেকুৱা হ’লে চুলিৰ গুৰিত কফি গুৰিত কফি পাউদাৰ হাতৰ তলুৱাত লৈ চুলিৰ গুৰিত ঘঁহি দিব । প্ৰায় ১০/১৫ মিনিটৰ পিচত ধুই দিব । এনে কৰিলে চুলিৰ গুৰিৰ অতিৰিক্ত তেলসমূহ কফি পাউদাৰে শুহি ছালৰ অৱস্থা সাধাৰণ কৰিব । ছালৰ গুৰি পৰিষ্কাৰ কৰি অক্সিজেন প্ৰবাহত সহায় কৰিব । সদায় ছালফেট ফ্ৰি শ্বেম্পু কৰিব । য’ত ক্ষাৰ বেছি নাথাকে । ই চুলিৰ গুৰি আৰু চুলিক সুৰক্ষা দিব । চুলিৰ গুৰিত তেজ চলাচল হৈ চুলি দীঘল হোৱাত সহায় কৰিব ।

৮) কফি পাউদাৰ হৈছে এণ্টি অক্সিডেণ্টযুক্ত । ই ছালক পৰিষ্কাৰ কৰি জাকতজিলিকা কৰে । সচেতন ছালৰ বাবে উপকাৰী ।

৯) যি সকলৰ নোমছিদ্ৰসমূহ বহল হৈ গৈছে, তেওঁলোকে কফি পাউদাৰ এচামুচত গ্ৰীন টিৰ পানী (সিজাই লোৱা) মিহলাই বৰফ তৈয়াৰ কৰি ছালত ঘঁহিব । নিতৌ ঘঁহিলে বহল নোমছিদ্ৰসমূহ কমি যাব ।

১০) কফি পাউদাৰ এচামুচ আৰু তিল চাৰি চামুচ, চাউলৰ গুড়ি এচামুচ গুড়ি কৰি এটা আইনাৰ বটলত ভৰাই থ’ব । গা ধোৱাৰ সময়ত তাৰ পৰা দুই চামুচ উলিয়াই দৈৰ লগত মিহলাই ঘঁহি ঘঁহি ধুই দিব । ই ছালৰ বৰণ মিহি, বগা আৰু আকৰ্ষণীয় কৰিব । কম দিনৰ ভিতৰত ছালৰ বৰণ সলনি হ’ব ।

১১) ব্ৰাউন ছুগাৰৰ লগত কফি পাউদাৰ মিহলাই ভৰি দুখন ঘঁহি ঘঁহি ধুই দিব । ভৰিৰ ছালৰ লেতেৰাসমূহ পৰিষ্কাৰ হ’ব । ভৰিৰ মৃতকোষবোৰ পৰিষ্কাৰ হ’ব । এই মিশ্ৰণৰ লগত অলিভ অইল আৰু এচিকুট হালধিৰ পাউদাৰ মিহলাব । ই ছালৰ বীজাণু নাশ কৰাত সহায় কৰিব ।

১২) যেতিয়া আমাৰ চুলি এডাল বা দুডাল পকি থাকে, তেতিয়া সেই পকা চুলি কণ্ডিচনাৰৰ লগত মিহলাই চুলিত ১০ মিনিটমান লগাই ধুই দিব । এনে কৰিলে চুলি কোমল আৰু পকা চুলিৰ ৰং সলনি কৰিব ।

১৩) কেতিয়াবা চুলিৰ অৱস্থা ভাল কৰাৰ বাবে তিল তেল এচামুচ আৰু দৈ আধা কাপ, মিথি পাউদাৰ এচামুচ, ত্ৰিফলা পাউদাৰ দুই চামুচ মিহলাব । প্ৰয়োজন অনুসৰি এই উপকৰণত চাহৰ পানী মিহলাই প্ৰলেপ প্ৰস্তুত কৰি চুলিত লগাব । ই চুলিৰ অৱস্থা সবল আৰু স্বাস্থ্যৱান কৰি তুলিব ।

১৪) কুঁহিয়াৰৰ ৰসৰ লগত কফি পাউদাৰ মিহলাই লগালে ছালৰ ৰং বগা আৰু বয়সৰ ছাপ কম কৰাত সহায় কৰে ।

১৫) চুলি দীঘল হোৱাত কফি পাউদাৰে সহায় কৰে । ই চুলিৰ ফলিকলছসমূহ উত্তেজিত কৰি চুলি দীঘল হোৱাত সহায় কৰে । আমাৰ বন্ধ হোৱা কোষসমূহ ইয়াৰ ব্যৱহাৰে উত্তেজিত কৰি চুলিক সবল আৰু দীঘল হোৱাত সহায় কৰে ।

এইদৰেই আমি আমাৰ শৰীৰ স্বাস্থ্যসন্মত কৰি ৰখাৰ বাবে ছাল, চুলিৰ যত্ন ল’ব লাগে । ছাল, চুলিৰ স্বাস্থ্য ভাল মানেই আমাৰ মনটোও ভাল লাগি থাকিব । ফলত বহু বেমাৰৰ পৰা হাত সাৰিব পৰা যাব । দেহ, মন ভালে থাকিলে আমাৰ জীৱনৰ কামসমূহ অধিক ভালদৰে কৰিবলৈ আগবাঢ়ি যাব পাৰি ।

লেখিকা :- ভানু শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

 

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate