স্বাস্থ্যৰ যত্নৰ লগতে সৌন্দৰ্য চৰ্চা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। সুন্দৰ হৈ থাকিবলৈ সকলোৰে মন যায়। ' Best foundation you can wear is healthy glowing skin'। কিন্তু সমস্যাবিহীন ছালৰ গৰাকী কেইগৰাকী আছে বাৰু? কাৰোবাৰ হয়তো শালমন,ক'লা দাগৰ সমস্যা আৰু আন কাৰোবাৰ হয়তো বয়সৰ চাপ, হোৱাইট হেডছ, ব্লেকহেডছৰ সমস্যা। সঠিক খাদ্যাভ্যাস, সুনিদ্ৰা, সুন্দৰ এটা মন আৰু ছালৰ সঠিক যত্নই হৈছে সুন্দৰ হোৱাৰ মুলমন্ত্র। প্ৰকৃতি প্ৰদত্ত এনে কিছুমান উপাদান আছে যিয়ে আমাৰ ছালৰ বিভিন্ন সমস্যা দূৰ কৰি এখন সুন্দৰ ছালৰ গৰাকী হোৱাত সহায় কৰে। তেনে এক উপাদান হৈছে আলু। আলুত প্ৰচুৰ পৰিমাণে ভিটামিন B, ভিটামিন C, ভিটামিন K, কপাৰ, ছালফাৰ আছে যাৰ বাবে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে, বয়সৰ চাপ কমায়, ক'লা দাগ দূৰ কৰে আৰু ছালৰ মৃত কোষ আঁতৰোৱাত সহায় কৰে। সেয়েহে ছালৰ পৰিচৰ্যাত আলুৰ গুৰুত্ব অপৰিসীম। ছালৰ বিভিন্ন সমস্যাত আলু কেনেকৈ ব্যৱহাৰ কৰিব পাৰি তলত কেইটামান টিপচ দিয়া হৈছে। আশাকৰো আপোনালোক উপকৃত হব।
(১)মুখৰ ক'লা দাগ(dark spot, hyperpigmentation, scar mark) আদিত এটা আলুৰ ৰস, এচামুছ নেমুৰ ৰস আৰু মূলতানি মাটিৰ ফেচপেক লগাই 15 মিনিটৰ পিছত ধুই পেলাওক। এই পেক তৈলাক্ত ছালৰ (oily skin)বাবে উপকাৰী।
*শুকান ছালৰ(dry skin) গৰাকী সকলে আলুৰ ৰস, গোলাপ জল আৰু মৌৰ মাস্ক ব্যৱহাৰ কৰিলে সুফল পাব।
*কেৱল কেঁচা আলুৰ ৰস লগালেও সুফল পাব।
(২)চকুৰ তলৰ ক'লা দাগৰ(under eye dark circle) বাবে
*আলু পাতল পাতল কৈ চকলিয়াই লৈ চকুৰ পতা দুখন জপাই লগাওঁক 15 মিনিট মান। তাৰ পিছত ধুই পেলাওক। সপ্তাহত দুই তিনিদিন কৰিব পাৰিব।
*বেছি শুকান ছালৰ গৰাকী সকলে অন্য এটা দিহা ব্যৱহাৰ কৰিব পাৰে। এটা আলু পেষ্ট বনাই তাৰ লগত মৌ মিহলাই কপাহেৰে চকুৰ তলৰ ক'লা পৰা অংশত লগাওক। সপ্তাহত দুদিন কৰক।
*আলুৰ ৰসৰ লগত সম পৰিমানে নেমুৰ ৰস লগালেও চকুৰ তলৰ কলা দাগ কমি যায়।
(৩)বয়সৰ চাপ কমাবলৈ(antiaging mask):-
সম পৰিমাণে আলুৰ পেষ্ট আৰু দৈৰ মাস্ক 15 মিনিটৰ বাবে লগাওঁক। শুকান ছালৰ বাবে ইয়াৰ লগত সম পৰিমানে অলিভ অইল মিহলাই মাস্ক হিচাপে ব্যৱহাৰ কৰক।
(৪)চকুৰ তলৰ বয়সৰ আঁচোৰ আৰু চকুৰ গুৰি ফুলাত(Under eye fine lines and puffiness) আলুৰ ৰসৰ লগত তিয়ঁহৰ ৰস নাইবা নেমুৰ ৰস মিহলাই লগালে সুফল পোৱা যায়।
(৫)ৰ'দে পোৰা ছালৰ(sun burn) সমস্যাত আলুৰ ৰস, তিয়ঁহৰ ৰস, বিলাহীৰ ৰস মিহলাই লগাই 15 মিনিটৰ পিছত ধুই পেলাওক।
বি:দ্ৰ:-
স্পৰ্শকাতৰ ছালৰ (sensitive skin) গৰাকী সকলে প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰোতে সাৱধান হোৱা উচিত। এলাৰ্জি হলে নলগাব।
লেখক: ডাঃ ৰেইনী দেৱী(আয়ুৰ্বেদিক চিকিৎসক)
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
ফোন নং: 7399114617
শেহতীয়া উন্নীতকৰণ: : 3/9/2020