লেখিকা: ৰাণু দাস চৌধুৰী, অসম বাণী।
ছাল, চুলি, সুন্দৰ মুখমণ্ডল আদিৰ লগতে এগৰাকী মহিলাৰ হাত দুখন সুন্দৰ হোৱাটো আৱশ্যক হৈ পৰে। আনহাতে হাত দুখনৰ সৌন্দর্য নিৰ্ভৰ কৰে নখৰ সঠিক সুন্দৰ স্বাস্থ্যৰ ওপৰত। সুন্দৰ নখৰ অধিকাৰী এগৰাকীয়ে নিৰ্ভৰ কৰিব নালাগে কোনো নেইল আর্টৰ ওপৰত। পৰিস্কাৰ নখকেইটাই এগৰাকী মহিলাৰ ব্যক্তিত্ব ফুটাই তোলাত অনেক সহায় কৰে। একে সুন্দৰ নখৰ বাবে পাতল ৰঙৰ গ্ল'ছৰ প্রলেপেই যথেষ্ট। তথাপিও কেতিয়াবা কোনো বিশেষ অনুষ্ঠান আৰু পোছাক অনুসৰি কেতিয়াবা লগোৱা নেইল পলিচৰ কোটটোৱে এক বিশেষ ধৰণৰ গাম্ভীর্য প্রদান কৰে।
সাধাৰণতে ক’বলৈ গ’লে প্রায় মহিলাৰে নেইল পলিচ লগোৱা নখেই অধিক পছন্দৰ। আকৌ মাজে মাজে নেইল পলিচ সলনি কৰি থকা আৰু প্রচলিত নেইল আর্টসমূহেই আমাৰ ভাল লাগে। কিছু মহিলাই প্রতিযোৰ সাজৰ লগতে নেইল পলিচ সলনি কৰে। কিন্তু আমি এবাৰ ভাবি চাইছেনে তেনে কৰাটো আমাৰ নখৰ বাবে কিমান উপকাৰী? আমি বহুতেই ভাবিব পাৰো নখকেইটাত নো কি স্বাস্থ্যৰ কথা আছে? কিন্তু নহয়। আমাৰ শৰীৰৰ ছাল, চুলিৰ দৰে নখকো সমানে গুৰত্ব দিয়া উচিত।
আমাৰ নখবোৰ কেৰাটিন নামৰ এবিধ প্ৰ’টিনৰ লেয়াৰেৰে তৈয়াৰী। কিউটিকেল বেচত নতুন ছে’ল জন্ম হোৱাৰ লগে লগে পুৰণি চেলবোৰ টান হৈ ফিংগাৰ টিপলৈ আউটয়ার্ডলৈ গ্রো কৰে। স্বাস্থ্যৱান নখ হয় মসৃণ আৰু সুন্দৰ ৰঙৰ। সঠিক যত্নৰ অভাৱত নখ হৈ পৰে ক্ষণভংগুৰ, ডিচকালাৰ আৰু কোনো কোনো ক্ষেত্ৰত মসূণো দেখা পোৱা নাযায়। সেয়ে আমাৰ শৰীৰৰ আন আন অংগ-প্রত্যংগৰ দৰে নখৰো সঠিক যতন লোৱা উচিত।
টিপছ— নেইল পলিচ ৰিম’ভাৰ কমকৈ ব্যৱহাৰ কৰক। অধিক ব্যৱহাৰৰ ফলত নখ শুষ্ক হয়। চাবোনেৰে হাত ধোৱাৰ পাছত যিকোনো হেণ্ডক্রীম লগাওক। চাবোনে নখত ময়শ্ব’ৰাইজাৰ নষ্ট কৰে।
লেখিকা: শ্ৰুতি জৈন, অসম বাণী।
‘সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ,
অণু মাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ’
‘যোগ্য ভোগ্য বসুন্ধৰা”— এই পৃথিৱীখন হ’ল যোগ্যজনৰ উপভোগৰ ঠাই। ইয়াত অযোগ্যজনৰ স্থান নাই। সংসাৰত নিজকে যোগ্য কৰি ৰাখিবলৈ সুস্বাস্থ্যৰ প্রয়োজন আছে। স্বাস্থ্য অবিহনে সকলো মিছা। জীয়াই থকা দিনকেইটাত মানুহে প্রতি মুহূর্ততে সংগ্রাম কৰিবলগীয়া হয়। এই সংগ্রাম নিয়তিৰ বিৰুদ্ধে জীয়াই থকাৰ সংগ্রাম, জীৱন যুঁজত শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ সংগ্রাম। এই সংগ্রাম অব্যাহত ৰাখিবলৈ মানুহক লাগে এটি সুস্থ সবল শৰীৰ আৰু মন।। ৰুগীয়া, দুর্বল শৰীৰেৰে এই যুঁজত অংশগ্রহণ কৰিব নোৱাৰি। সুস্থ শৰীৰেহে আমি যুঁজত অৱতীৰ্ণ হৈ সফলতা লাভ কৰিব পাৰিম। সেয়ে কোৱা হয়- ‘দেহা থাকিলেহে বেহা’।
সুস্থ শৰীৰতহে এটি সুস্থ মন থকাটো সম্ভৱ। ৰুগীয়া মানুহ এজন কেতিয়াও সুখী মনৰ গৰাকী হ’ব নোৱাৰে। যিমানেই টকা পইচাৰে চহকী নহওক কিয়, দেহটো সুস্থ নহ’লে মানুহৰ সুখ-শান্তি দূৰতে বিদূৰ হয়। শৰীৰটোক সুস্থ-সবল কৰি ৰাখিবলৈ ভালেমান নীতি-নিয়ম পালন কৰিবলগীয়া হয়। এই নীতি-নিয়ম থকা-মেলা, খোৱা-বোৱা সকলোতে প্ৰযোজ্য হয়। এনে ক্ষেত্ৰত সৰুৰে পৰাই স্বাস্থ্য ৰক্ষাৰ নিয়মসমূহ মানি চলিবলৈ শিকোৱাটো নিতান্তই প্রয়োজনীয়। ঘৰখনৰ পিতৃ-মাতৃৰ উপৰি বিদ্যালয়ৰ শিক্ষকে এই ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব পাৰে। ছাত্র-ছাত্ৰীৰ শাৰীৰিক স্বাস্থ্যৰ লগতে মানসিক স্বাস্থ্য অটুট ৰখাত শিক্ষকে কেতবোৰ সহপাঠ্যক্ৰমিক কাৰ্যৱলীৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে।
স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ অপৰিসীম। পৰিস্কাৰ-পৰিচ্ছন্নতা পৰিৱেশত থাকিলে আমি যিকোনো ৰোগৰ পৰা হাত সাৰি থাকিব পাৰো। পিন্ধা কাপোৰৰ উপৰি খোৱা-বোৱাৰ ক্ষেত্ৰতো পৰিস্কাৰ-পৰিচছন্নতাৰ প্রয়োজন। একেদৰে আমাৰ শৰীৰটোও সদায় পৰিস্কাৰ কৰি ৰখা উচিত। অপৰিস্কাৰ শৰীৰত ৰোগৰ বীজাণুৱে সহজে বাহ লয়। খোৱা আহাৰ সদায় নির্দিষ্ট সময়ত খাব লাগে। খোৱা-বোৱাত অনিয়মীয়া লোকৰ বিভিন্ন ৰোগ হোৱাৰ উপৰি শৰীৰ দুৰ্বল হৈ পৰে। তদুপৰি বিভিন্ন বেমাৰ-আজাৰৰ প্ৰাৰম্ভিক লক্ষণ, কেনেধৰণৰ অসাৱধানতাই বেমাৰ মাতি আনিব পাৰে, ৰোগ সম্পৰ্কীয় অন্ধবিশ্বাস আদিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব পাৰে শিক্ষকে। এনেবোৰ কথা শিক্ষকে ছাত্র-ছাত্ৰীসকলক শিকাব লাগে। কোমলমতীয়া ছাত্ৰৰ মনত শিক্ষকৰ উপদেশে শিলৰ ৰেখাৰ দৰে প্ৰভাৱ পেলায়। তাৰেই সুযোগ গ্রহণ কৰিব লাগে শিক্ষকে।
স্থাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ব্যায়ামৰো উল্লেখযোগ্য ভূমিকা আছে। বিদ্যালয়ৰ সহপাঠ্যক্ৰমিক কাৰ্যসূচীৰ অন্তর্গত খেলা-ধূলা, ব্যায়াম, যোগাসন আদিয়ে ছাত্র-ছাত্রীক সুস্বাস্থ্য প্রদান কৰে। খেলা-ধূলা, ব্যায়ামে আমাৰ শৰীৰৰ লগতে মনকো সতেজ কৰি তোলে আৰু ই উচ্ছৃংখল মনোভাব আঁতৰাই ক্রীড়াসূলভ মানসিকতাৰ অধিকাৰী কৰি তোলে। গতিকে দেখা যায় ছাত্র-ছাত্রীৰ সুস্বাস্থ্য গঢ়ি তোলাত বিদ্যালয়ৰ শিক্ষকসকলে সহ-পাঠ্যক্ৰমিক কাৰ্য্যাৱলীসমূহ সফলভাৱে ৰূপায়ণ কৰি ছাত্র-ছাত্রীক ভৱিষ্যতৰ এজন স্বাস্থ্যৱান সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে।
লিখক: গৌতম বৰা, অসম বাণী।
শেহতীয়া উন্নীতকৰণ: : 1/10/2023