অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

টুথপেষ্টৰ ব্যৱহাৰ :

টুথপেষ্টৰ ব্যৱহাৰ :

প্ৰতিটো পুৱাতে আমাক টুথপেষ্টৰ দৰকাৰ হয় । সুন্দৰকৈ আমাৰ দাঁতকেইটা পৰিষ্কাৰ কৰিবলৈ টুথপেষ্ট অবিহনে গত্যন্তৰ নাই । কিন্তু দাঁত পৰিষ্কাৰৰ উপৰিও টুথপেষ্ট যে অনেক কামত ব্যৱহাৰ হয় ।

জানেনে -

১) ফুলি উঠা শালমইনাৰ ওপৰত পোন্ধৰ-বিশ মিনিটমান সময় লগাই থওক । ফুলা কমিব ।

২) কাপোৰৰ ওপৰত চিঁয়াহীৰ দাগ লাগিলে তাৰ ওপৰত টুথপেষ্ট লগাই থওক । কিছু সময়ৰ পিছত ধুই পেলাব । দাগ গুচিব ।

৩) পিতল, ৰুপ আদিৰ বাচন বা চামুচ চকচকীয়া কৰিবলৈ টুথপেষ্ট ব্ৰাছৰ সহায়েৰে লগাই থওক । কিছু সময়ৰ পিছত এখন শুকান কাপোৰৰ সহায়েৰে মচি দিয়ক । পুনৰ পানীৰে ধোৱক ।

৪) এনেকৈ চছমা পৰিষ্কাৰ কৰিবলৈও অকণমান টুথপেষ্ট লগাই মচি দিব । সুন্দৰকৈ পৰিষ্কাৰ হ’ব ।

৫) কাঠৰ টেবুল, চকীৰ ওপৰত চাহৰ দাগ লাগিলে অলপ পেষ্ট সানি কিছুসময় থৈ ঘঁহি মচি পেলাব, দাগ নোহোৱা হ’ব ।

৬) পাকঘৰত কাম কৰি থকা অৱস্থাত হাত জ্বলিলে প্ৰথমে জ্বলা অংশ পানীৰে ধুই তাৰ ওপৰত টুথপেষ্ট লগাই দিব ।

৭) মহ বা কোনো পোকে কামুৰিলে তাত টুথপেষ্ট লগাওক । বিষ কমিব ।

৮) বাথৰুমৰ পানীৰ টেপত মামৰে ধৰিলে টুথপেষ্ট লগাই ঘঁহি দিব ।

৯) আপোনাৰ নিজৰ নখকেইটাক প্ৰাকৃতিক সৌন্দৰ্য প্ৰদান কৰিবলৈ নখৰ ওপৰত টুথপেষ্ট সানি লাহে লাহে ব্ৰাছ কৰি পৰিষ্কাৰ কৰি লওক ।

উৎস :- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 4/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate