গাত টেটু কৰা মানুহ বিচাৰি আজিকালি আৰু হাবাথুৰি খাব নালাগে৷ ১৮ৰ পৰা ৩০বছৰ বয়সৰ প্ৰতি ৪জন ব্যক্তিৰ ভিতৰত এজনৰ (পুৰুষ মহিলা নিৰ্বিচাৰে) গাত টেটু দেখা যায়৷ ১৮শতিকাত ‘টেটু’ শব্দৰ উৎপত্তি গ্ৰীক ভাষাৰ পৰা হোৱা বুলি ঠাৱৰ কৰা হৈছে৷ ব্ৰিটিছ পৰিব্ৰাজক কেপ্তেইন জেমচ কুকে টাহিটি আৰু নিউজিলেণ্ডৰ যাত্ৰাৰ বৰ্ণনা কৰোতে টেটুৰ কথা উল্লেখ কৰিছে৷ জাপানী লোকসকলে পৰম্পৰাগতভাবে শৰীৰত অংকন কৰা চিত্ৰকলাক ‘হৰিমনো’ আৰু অনা-জাপানী চিত্ৰকলাক ‘টেটু’ আখ্যা দি আহিছিল৷ ১৯০০চনত অষ্ট্ৰেলিয়াৰ হেনৰি লিং ৰথে শৰীৰৰ ছালৰ ওপৰত অংকন কৰা চিহ্নৰ ৪টা প্ৰকাৰ নিৰূপিত কৰে৷ সেইকেইটা হ’ল-টেটু, ম’কো, চিকাট্ৰিচ আৰু কিলইড৷ ১৯শতিকাত জাপান দেশৰ চৰকাৰে সুদীৰ্ঘ ৭০বছৰ কাল (১৯৪৮চনলৈকে) টেটু নিষিদ্ধ কৰি ৰাখিছিল৷জাপানৰ বাণিজ্যিক নগৰী ওকাচাত ২০১২চনৰ পৰা সকলো ধৰণৰ টেটু নিষিদ্ধ কৰা হয়৷চীন দেশত অপৰাধীৰ গাত টেটু কৰি দিয়া হয় সেয়ে সেইদেশত টেটুক ভাল চকুৰে চোৱা নহয়৷ ৰোমান, ব্ৰিটিছ, নাজী,আমেৰিকা আদি বহুতেই এটা সময়ত যুদ্ধবন্দী বা অপৰাধীৰ শৰীৰত টেটু অংকিত কৰি দিছিল৷আকৌ নিজৰ ধৰ্মীয় পৰিচয় চিনাক্ত কৰিবলৈকো খ্ৰীষ্টান আৰু বৌদ্ধসকলে এটা সময়ত টেটু অংকিত কৰিছিল বুলি জনা যায়৷
প্ৰাচীনকালত ছালত টেটু অংকিত কৰিবলৈ বেজী বা জোঙা ধাৰ থকা সঁজুলি,ছাই,চিঞাহী বা আন ৰঙীন পদাৰ্থ ব্যৱহাৰ কৰাহৈছিল৷সেয়া স্বাস্থ্যসন্মত মুঠেই নাছিল৷ দিন বাগৰাৰ লগে লগে নানান অত্যাধুনিক সা-সৰঞ্জাম ইয়াৰ বাবে আবিষ্কৃত হ’ল৷ পুৰুষ-মহিলা উভয়ৰ মাজতেই টেটু কৰাৰ পেশাদাৰী লোক গঢ়লৈ উঠিল৷ টেটুৰ প্ৰতি সমাজৰ দৃষ্টিভংগীও সলনি হৈ আহিব ধৰিলে৷ তাৰ ফলত আজিকালি প্ৰফেচনেল লোকে টেটু কৰা ষ্টুডিঅ’ বিভিন্ন ডাঙৰ ডাঙৰ চহৰত স্থাপিত হ’ব ধৰিছে৷
যি কোনো শাৰীৰিক অসুস্থতাত ভূগি থকা সময়ত টেটু নকৰাব৷ টেটু কৰাবৰ কমেও ১২ঘন্টা আগৰ পৰা মদ আৰু এচপ্ৰিন সেৱন নকৰিব৷ মাত্ৰ এবাৰ ব্যৱহাৰ কৰা ডিচপজেবল বেজী আৰু ভালকৈ ষ্টেৰিলাইজড কৰা সৰঞ্জাম যাতে টেটু কৰোঁতে ব্যৱহৃত হয় সেই দিশলৈ চকু দিব৷
জীৱানুৰ সংক্ৰমন- টেটু কৰা সঁজুলি ভালদৰে বীজানুমুক্ত কৰা নহলে ছালৰ ভিতৰেদি শৰীৰলৈ নানাবিধ ৰোগ বিয়পিব পাৰে৷তাৰ ভিতৰত বিপদজনক কিছুমান হ’ল – হেপাটাইটিচ বি, হেপাটাইটিচ চি, এইচ আই ভি, টিবি, টিটেনাচ, ষ্টেফাইলোকক্কাচ বেক্টেৰিয়াৰ সংক্ৰমণ৷ টেটুৰ বাবে ব্যৱহাৰ কৰা চিঞাহীৰ মাধ্যমৰে অনিষ্টকাৰী বেক্টেৰিয়াই শৰীৰত প্ৰৱেশ কৰি চকু,হাওঁফাওঁ বা আন আন অংগৰ ক্ষতি সাধন কৰিব পাৰে৷ আকৌ টেটুৰ বাবে ব্যৱহাৰ কৰা ৰঙীন দ্ৰব্যৰ পৰাও কিছুমানৰ এলাৰ্জি হোৱা দেখা যায়৷ আনকি কিছুমান তেনে ৰং কৰা ৰাসায়নিক দ্ৰব্যৰ পৰা কেন্সাৰ হোৱাৰো সম্ভাৱনা থাকে৷ বহুতৰ আকৌ পৰৱৰ্তী সময়ত টেটু কৰা ঠাইত নানাধৰণৰ চৰ্মৰোগ (যেনে এক্সিমেটাচ ডাৰ্মেটাইটিচ,লুপাচ,গ্ৰেনুলমা, কেলইড, হাইপাৰকেৰাটচিচ, আদি) দেখা দিয়ে৷টেটু কৰোতে তেজৰ নলীত জখম কৰিলে হেমাটমা হ’ব পাৰে৷ লিম্ফৰ প্ৰণালীত প্ৰভাৱ পৰিলে গাঙঠি উঠিব পাৰে৷
স্বাস্থ্যজনিত কাৰণত বা আইনৰ হেঁচাত পৰি টেটু আঁতৰাবলগীয়া হলে চৰ্মৰোগ বিশেষজ্ঞ বা প্লাষ্টিক চাৰ্জনৰ সহায় লোৱাটো ভাল৷ লেজাৰ, ক্ৰায়’চাৰ্জাৰী, স্কিনগ্ৰাফ্টিং আদিৰ সহায়ত টেটু আঁতৰ কৰিব পাৰি৷ ক’লা বৰণৰ টেটু অন্যান্য ৰঙীন টেটুৰ তুলনাত গুছাবলৈ কিছু সহজ৷ টেটু গুছাবলৈ চেষ্টা কৰোতেও এলাৰ্জি বা পানীজ্বলা হ’ব পাৰে৷কেতিয়াবা ছাল সোতোৰা-সোতোৰ (Scaring) হ’ব পাৰে৷
ধৰ্মীয় বা গোষ্ঠীগত পৰিচয় বৰ্তাই ৰাখিবলৈ, সৌন্দৰ্য্যবৰ্ধন কৰিবলৈ, ছালৰ বগা বা ক’লা দাগ ঢাকি ৰাখিবলৈ, ওঁঠত বা চেলাউৰিত স্থায়ী ৰং বজাই ৰাখিবলৈয়ো বহুতে টেটুৰ আশ্ৰয় লয়৷আনকি বহুতে মূৰৰ চুলি বুজাবলৈয়ো টেটু অংকিত কৰে৷ আকৌ বহুতে মেডিকেল কাৰণত নিজৰ শৰীৰত টেটু কৰায়৷ তেনে লোক ডায়েবেটিজৰ বা এলঝাইমাৰৰ ভুক্তভোগী হ’ব পাৰে৷ডায়েবেটিজৰ ৰোগীয়ে ‘মই ইনচুলিন লোৱা লোক’ লিখাব পাৰে৷ আনহাতে স্মৃতি শক্তি কমা এলঝাইমাৰৰ ৰোগীৰ গাত নাম ঠিকনা লিখা থাকিব পাৰে৷অপৰাধী বা আন বন্দীৰ গাত টেটুৰ দাগ বহোৱাৰ কথা আগতে কোৱা হৈছেই৷
ডা° ভূপেন শইকীয়া
শেহতীয়া উন্নীতকৰণ: : 9/13/2018
খাদ্য সংৰক্ষণ- প্ৰয়োজনীয়তা আৰু গ্ৰহণ কৰিবলগীয়া সাৱ...
গ্ৰন্থ অধ্যয়ণৰ প্ৰয়োজনীয়তা
“আন্তৰ্জাতিক মাতৃভাষা দিৱস”ৰ প্ৰয়োজনীয়তাৰ বিষয়ে
অসমত ঘাঁহশস্যৰ প্ৰয়োজনীয়তা আৰু সম্ভাৱনীয়তা