ব্লাড প্ৰেছাৰৰ পৰা ছুগাৰলৈ ,ডায়েবেটিছৰ পৰা কেঞ্চাৰলৈ বহু ৰোগৰ মহৌষধ তিচি।এক চামুচ তিচি গুটিত থাকে প্ৰচুৰ পৰিমাণৰ প্ৰটিন।একেদৰে তিচিৰ তেলৰ গুণৰ কথা কৈ শেষ কৰিব নোৱাৰি।ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিডৰ লগতে আঁহৰ প্ৰধান উৎস হৈছে তিচি।এশ গ্ৰাম তিচিৰ বীজত ৫৩৪ কেলৰি,১৮.২৯ গ্ৰাম আমিষ,২৭.৩ গ্ৰাম স্নেহ,২৮.৮৮ গ্ৰাম শৰ্কৰা ,১.৬৪ মিলিগ্ৰাম থায়ামিন,০.১৬১ মিলিগ্ৰাম ৰিবফ্লেভিন,৩৯২ মিলিগ্ৰাম মেগনেছিয়াম,৬৪২ মিলিগ্ৰাম ফছফৰাছ,৮১৩ মিলিগ্ৰাম পটাছিয়াম,৪.৩৪ মিলিগ্ৰাম জিংক,০.১৭৪ মিলিগ্ৰাম মেংগানিজ,৬ মাইক্ৰ’গ্ৰাম ফলেট পোৱা যায়।তিচিত উপলব্ধ ফেট আৰু আঁহে বহু সময়লৈ পেট ভৰাই ৰাখে।গৱেষকসকলৰ মতে শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰে তিচিৰ গুটিয়ে।একেদৰে তিচিৰ গুটিয়ে তেজত চেনিৰ পৰিমাণ হ্ৰাস কৰে।মধুমেহ নিয়ন্ত্ৰণত ৰাখে।শৰীৰৰ দুষিত পদাৰ্থ বাহিৰ কৰি দিয়ে তিচিয়ে।অতিৰিক্ত মেদ বাহিৰ কৰে তিচিয়ে।ইয়াৰ উপৰি তিচিত প্ৰচুৰ পৰিমাণে ফাইট’ এষ্ট্ৰোজেনিক লিগান্স পোৱা যায়,যিয়ে শৰীৰত কৰ্কট কোষ গঠনত বাধা দিয়ে।স্তন,প্ৰষ্টেট,অভাৰিয়ান আৰু কলন কৰ্কটৰ শংকা হ্ৰাস কৰে।তিচিৰ গুটিত থকা আলফা লিনলিক এচিডে হৃদৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
উৎস:নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 2/2/2023