তেজৰ বিকল্প ? তেজৰো বাৰু বিকল্প থাকিব পাৰেনে ? যি তেজ আমাৰ জীৱন শক্তিৰ একমাত্ৰ প্ৰধান উপাদান। কথাটো অবাস্তৱ যেন লাগিলেও বাস্তৱত এই সম্ভাৱনাটো যথেষ্ট উজ্জ্বল। মানুহৰ শৰীৰৰ অসংখ্য সিৰা-উপসিৰাৰ মাজেদি তেজ প্ৰৱাহিত হয়, যাৰ ৰং ৰঙা। অৱশ্যে সকলো মানুহৰে তেজৰ ৰং ৰঙা হ’লেও সকলোৰে তেজৰ শ্ৰেণী একে নহয়। তেজ গঠিত হয় লোহিত কণিকা, শ্বেত কণিকা, অনুচক্ৰিকা আৰু তেজৰ ৰসেৰে (প্লাজমা)। লোহিত কণিকাৰ ওপৰৰ ফালে থাকে শৰীৰৰ বিষাক্ত পদাৰ্থ বিনাশকাৰী। একধৰণৰ বিশেষ পদাৰ্থৰ (এণ্টিজেন) অণুবোৰ, যিবোৰক অণুবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায়। এই উপস্থিতি প্ৰত্যেক মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় আৰু সেইবাবেই সেই প্ৰাৰ্থক্যই নিৰ্মাণ কৰে বিভিন্ন শ্ৰেণীৰ তেজৰ।
গুৰুতৰ পৰিস্থিতিত অতি প্ৰয়োজনীয় এই তেজৰ দুষ্প্ৰাপ্যতা মানুহৰ জীৱন হানিৰ কাৰণ হ’ব পাৰে। চিকিত্সালয়ত চিকিত্সকসকলৰ ওচৰত বিভিন্ন সময়ত এই তেজৰ চাহিদাই বহুত ক্ষেত্ৰত এক গুৰুতৰ সমস্যা হিচাপে দেখা দিয়ে। মানুহৰ শৰীৰৰ অংগ-প্ৰত্যংগ কৰ্মক্ষম আৰু সজীৱ কৰি ৰাখিবলৈ প্ৰায় ৩০০ আউণ্স তেজৰ প্ৰয়োজন। এজন সুস্থ-সবল স্বাভাৱিক মানুহৰ শৰীৰত প্ৰায় ৫ লিটাৰ পৰিমাণৰ তেজ থাকে। তেজৰ এই বিপুল চাহিদাৰ কথা চিন্তা কৰিয়েই বিশ্বৰ বিভিন্ন দেশত তেজৰ বিকল্প হিচাপে কৃত্ৰিম তেজ প্ৰস্তুতিৰ গৱেষণা দীৰ্ঘদিন ধৰি চলি আহিছে। বহু বছৰ পূৰ্বে কাৰ্বন ফ্লৰিনৰ যোগ ফ্লৰ’কাৰ্বনক তেজৰ বিকল্প হিচাপে ব্যৱহাৰ কৰাৰ চিন্তা কৰা হৈছিল। এই ফ্লৰ’কাৰ্বন যৌগটো ৰাসায়নিকভাৱে সম্পূৰ্ণ নিষ্ক্ৰিয় আৰু দ্ৰৱীভূত গেছ শোষণৰ কামতো যথেষ্ট সক্ষম। তেজৰ হিম’গ্লবিনৰ দৰে ঠিক একেধৰণেই এই দেহৰ বিভিন্ন স্থানত সুস্থভাৱে অক্সিজেন সৰবৰাহ হ’ব পাৰে। মাৰ্কিন বিজ্ঞানী লেইনাৰ্ড ক্লাৰ্ক এই কামত বিশেষভাৱে অগ্ৰণী ব্যক্তি আছিল।
এটা কুকুৰৰ শৰীৰৰ ৫০ শতাংশ তেজ বাহিৰলৈ উলিয়াই তাৰ পৰিৱৰ্তে এই ফ্লৰ’কাৰ্বন প্ৰৱেশ কৰোৱাই দি সেই কুকুৰটোক ভালেমান বছৰ ধৰি জীৱিত ৰাখিবলৈ সক্ষম হৈছিল। ফ্লৰ’কাৰ্বনৰ লগত বিশুদ্ধ গ্লুক’জ আৰু নিমখ পানী (চেলাইন) নিৰ্দিষ্ট পৰিমাণত মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰা হয় আৰু তাৰ পাছত সেই মিশ্ৰণ তৰংগৰ সাহায্যত ভালদৰে আলোড়িত কৰা হয়। তাৰ ফলত তৈয়াৰ হয় বগা আৰু তেলেতীয়া এবিধ পদাৰ্থ, যাৰ ভিতৰত ভাসমান অৱস্থাত থাকে অসংখ্য ফ্লৰ’কাৰ্বন অণু। এই অণুবোৰৰ আকাৰ তেজৰ লোহিত কণিকাৰ আকাৰৰ প্ৰায় এক দশমাংশ। এই অণুবোৰক কৃত্ৰিম উপায়েৰে মানুহৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱাৰ আগতে বিশুদ্ধ অক্সিজেন গেছ ভালদৰে সুমুৱাই দিয়া হয়, যাৰ ফলত অণুবোৰে প্ৰচুৰ পৰিমাণে অক্সিজেন শোষণ কৰিবলৈ সক্ষম হয়। গৱেষণাৰ প্ৰাথমিক পৰ্য্যায়ত এই কৃত্ৰিম আৰু বিকল্প ৰক্ত কণিকাবোৰে প্ৰাণীদেহত মাত্ৰ কেইঘণ্টামানহে অক্সিজেন সৰবৰাহ কৰিবলৈ সমৰ্থ হৈছিল। কিন্তু পৰৱৰ্তী কালত ব্যাপক গৱেষণাৰ ফলত এই সময়খিনি অপেক্ষাকৃতভাৱে দীৰ্ঘায়িত কৰা সম্ভৱ হৈছে। কেইদিনমানৰ ভিতৰত তেজৰ পৰা এই অণুবোৰ অন্তৰ্হিত হ’লেও অৱশিষ্ট অণুবোৰে দেহৰ কোনো ক্ষতিসাধন নকৰে। এইক্ষেত্ৰত গৱেষণাৰ কাম অৱশ্যে এতিয়াও সম্পূৰ্ণ হোৱা নাই। যদি বাস্তৱত এই গৱেষণাৰ কামে পৰিপূৰ্ণভাৱে সাফল্য লাভ কৰাত সমৰ্থ হয়, তেনেহ’লে এই বিকল্পৰ কৃত্ৰিম তেজে ব্লাড বেংকত সঞ্চিত স্বাভাৱিক তেজৰ তুলনাত অনেক বেছি পৰিমাণে প্ৰয়োজন পূৰণ কৰিবলৈ সমৰ্থ হ’ব। কাৰণ সাধাৰণ ৰক্ত-কণিকাৰ তুলনাত আকাৰত এই কৃত্ৰিম ৰক্ত কণিকাবোৰ অনেক সৰু হোৱাত শৰীৰৰ কোষৰ সৈতে সম্পৰ্কিত ৰক্তবাহী নলীবোৰৰ ভিতৰত কোনো জটিলতাৰ সৃষ্টি নহ’ব আৰু সহজেই ই প্ৰৱাহিত হ’ব পাৰিব। তদুপৰি তেজ উত্পাদনৰ ব্যয়ো হ’ব যথেষ্ট কম।
ব্লাড বেংকত তেজ সংগ্ৰহ, সংৰক্ষণ ইত্যাদি কামৰ মুঠ ব্যয়ৰ প্ৰায় এক তৃতীয়াংশ ব্যয়ত এই বিকল্প ৰক্ত-কণিকাৰ উত্পাদন আৰু সংৰক্ষণ কৰাটো সম্ভৱ হ’ব আৰু জৰুৰী অৱস্থাত তেজ সংগ্ৰহ কৰা, তাৰ গ্ৰুপ নাৰ্ধাৰণ কৰা নানা জটিল পদ্ধতিৰ আৰু কোনো প্ৰয়োজন নহ’ব, যদিহে এই কৃত্ৰিম আৰু বিকল্প কণিকা ব্যৱহাৰ কৰা হয়। কাৰণ এজনৰ শৰীৰৰ পৰা অন্য এজনৰ শৰীৰলৈ তেজ দিয়াৰ সময়ত দুয়োজনৰে তেজৰ গ্ৰুপ জনাটো অত্যন্ত জৰুৰী। নিৰ্দিষ্ট গ্ৰুপৰ তেজে সেই নিৰ্দিষ্ট শ্ৰেণীৰ তেজহে গ্ৰহণ কৰিব পাৰে। এই বিকল্প কৃত্ৰিম তেজে এই সমস্যা দূৰ কৰিবলৈ সক্ষম হ’ব। গৱেষণালব্ধ পৰীক্ষাৰ ফলত যদি এই কৃত্ৰিম আৰু বিকল্পত ৰক্ত-কণিকাবোৰক দীৰ্ঘসময় ধৰি সংৰক্ষণ কৰি ৰখা সম্ভৱ হয়, তেতিয়াহ’লে চিকিত্সা জগতত এক বৈপ্লৱিক যুগৰ সূচনা হ’ব তাত কোনো সন্দেহ নাই।
লেখকঃ উজ্জীৱন কুমাৰ দত্ত
উৎস:নিয়মীয়া বাৰ্তা
শেহতীয়া উন্নীতকৰণ: : 6/30/2020