অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দালচেনি

দালচেনি

দালচেনি হ’ল সকলোকে আকৰ্ষণ কৰিব পৰা সুগন্ধিযুক্ত মছলা। দালচেনি গছৰ পাতৰ তেজপাতৰ লগত সাদৃশ্য আছে। ইয়ৰ ফুল সৰু সৰু ধোঁৱাবৰণীয়া, কিন্তু সুগন্ধিযুক্ত। ফল মটৰ মাহৰ লেখীয়া। দালচেনিৰ গা-গছৰ বাকলি শুকাই সৰু সৰু টিউবৰ আকাৰত নাইবা গুড়ি হিচাপেও মছলাৰ বাবে প্ৰস্তুত কৰা হয়।এই সুগন্ধিযুক্ত মছলাবিধ অতীজৰেপৰা স্বাস্থ্যবৰ্দ্ধক হিচাপেও পৰিগণিত হৈ আহিছে। পূৰ্বতে চীন দেশ আৰু ইজিপ্টত্বহুলভাৱে ব্যৱহৃত হৈছিল। ভাৰত আৰু শ্ৰীলংকাত ইয়াৰ উতপাদন সৰ্বাধিক। বিশ্বৰ ৮০-৯০% দালচেনি কেৱল শ্ৰীলংকাতে উতপাদদন হয়। ভাৰতীয় আৰু মধ্যপ্ৰাচ্যৰ দেশসমুহত দালচেনি সুস্বাদু খাদ্য সম্ভাৰৰ এক জনপ্ৰিয় উপকৰণ। সধাৰণতে ই সতেজতা অনুভূতিৰ বাহক। ইয়াৰ সেৱনে গা-মন সতেজ কৰাৰ লগতে চৰ্দি, কাহ, জ্বৰ আদি উপশমভোৱাত সহায় কৰে। স্বাস্থ্যসন্মত ভাৱে উপকাৰী এইবিধ বনৌষধি বিভিন্ন আয়ুৰ্বেদিক ঔষধৰ এক অপৰিহাৰ্য উপাদান। ই হ’ল ভৰপুৰ আইৰণ, কেলচিয়াম আৰু ফাইবাৰৰ আকৰ। প্ৰাকৃতিকভাৱে গুণসমপন্ন বীজাণুনাশক দালচেনি বাতৰোগ আৰু ঋতুস্ৰাৱজনিত বিষ প্ৰশমনত উপকাৰী বুলি কোৱা হয়। দাঁতৰ সমস্যা আৰু মানৱ দেহৰ হৰম’নৰ ভাৰসাম্য ৰক্ষাতো সহায়ক হয়। ই কলষ্টেৰলৰ মাত্ৰা কমায়। তদুপৰি ই মধুমেহ ৰোগীৰ বাবেও লাভদায়ক বুলি পৰিগণিত হৈছে।

পূৰবী শৰ্মা,দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 5/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate